top of page

মই নাৰী

মইয়ে গংগা, মইয়ে সৰস্বতী, মইয়ে লক্ষ্মী, সত্যভামা, মইয়ে ৰাধা মইয়ে ৰুক্মিনী জগত কৰ্তাৰ মইয়ে পাৰ্বতী মহাদেৱ ভোলাবাবাৰ। মইয়ে দৈৱকী, মইয়ে যশোদা,

মইয়ে সত্যৱতী শান্তুনুৰ। মইয়ে কুন্তী জননী পাণ্ডৱৰ। মইয়ে গান্ধাৰ ৰাণী ধৃতৰাষ্টৰ।

মইয়ে দ্ৰুপদ কন্যা পঞ্চপতিৰ পাঞ্চালী। মোৰেই দীৰ্ঘ কেশীৰ প্ৰেমত বন্দী পাতালৰ নাগ বাসুকী। মইয়ে জনক নন্দনী সীতা শ্ৰীৰামৰ, মইয়ে মন্দোদৰী লংকা ৰাজৰ।

মইয়ে পুতনা , মইয়ে শূৰ্পনখা মইয়ে উৰ্বশী,ৰম্ভা,মেনকা। মইয়ে দেবেন্দ্ৰৰ জননী অদিতি, মইয়ে ইন্দ্ৰানী পাৰিজাত শশী।

মইয়ে মোহোনী মইয়ে কামিনী মইয়ে সংহাৰী মা কালী।

মইয়ে মনালিচা, মইয়ে ক্লিওপেট্ৰা, মইয়ে ৰাণী লক্ষ্মীবাঈ

মইয়ে উষা,সখি চিত্ৰলেখা, জানো মইয়ে হৰলুকি মায়া। মইয়ে জয়মতী জেৰেঙাৰ গদাপাণি মোৰ পতি, মইয়ে স্বামীৰ বাবে দিছিলোঁ চাউদাংৰ হাতত প্ৰান আহুতি। মইয়ে পাহাৰী নাগিনী ডালিমী, গদাৰ প্ৰেমত পৰি হ’লো বাউলি।

মইয়ে কনকলতা, উৰুৱাই ত্ৰিৰংগা, আনিলোঁ দেশৰ স্বাধীনতা। মইয়ে ৰোৱনি, দাৱনি, মইয়ে শিপিনী গৃহিণী, মইয়ে নাৰী, বিশ্বৰ জননী, বিশ্বৰ জননী।

0 views0 comments

Related Posts

See All

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page