top of page

প্ৰত্যাহ্বান

মই নিজক আকিছোঁ এখন দাপোনত বিশ্বাস কৰিবলৈ হলে তুমি মই হব লাগিব, পাৰিবা?

পাৰিবা? আকাশত চাং পতা সপোন বোৰক দিঠকত মেলি দিবলৈ?

পাৰিবা? বৌথা বিহীন জীৱনটোক পাৰ দেখাব?

পাৰিবা? মোৰ সপোনৰ জোলোঙা খন কঢ়িয়াব, কাইটেৰে ভৰা জীৱন বাটত।

পাৰিবা? বিষাদ চকু পানীৰে লিখা, কবিতা বোৰ উচুপি উচুপি পঢ়িব।

কৰিব পাৰিবা? সুখত থকাৰ অভিনয়, মোৰ লগত।

পাৰিবা তুমি? বুকুত দাও দাও কৈয় জ্বলি থকা শোভৰ জুই কোৰাৰ পৰা মৰম বোৰ লব’লৈ।

#assamesekobita #axomiyakobita #Pratyahban #SahityaChorcha

0 views0 comments
bottom of page