নাৰী মই অপৰূপা
- Mar 9, 2021
- 1 min read
নাৰী মই মাতৃত্বৰ ভ্ৰুণ এস্তমান ৰূপহী বাসন্তীৰ বিন্দুজ্যোতি গতি মোৰ জগত জোঁকাৰি নিত্য নতুন যশস্যাৰ অনুৰাধা ঐশ্বৰিক মহামহিমাম্বিত ভাগ্যশ্ৰী হৃদয় মোৰ অসিতোৎপলৰ পদ্মপলাশ নমস্য নিৰ্মলা বিপদবিনাশী।
নাৰী মই সাগৰৰ সলিল সনাতন বৈ যাওঁ নিৰৱধি বিনোদিনী সুৰম্য সৌষ্ঠৱ বিভূষিত মন্দাকিনী ক্ষুদ্ধৱস্থাত সৃষ্টি মই আগ্নেয়স্ত্ৰৰ আগ্নেয়গিৰী।
নাৰী মই মায়াবিনী অপৰূপা প্ৰেয়সী আনৰ্গ আস্বাদপূৰ্ণ সুৱাসিত কামিনী জীৱন পথত তেজস্বী ৰমণী স্থিতপ্ৰজ্ঞা আৰাধ্য কল্যাণীৰ দ্বীপশিখা হৃদয় জুৰোৱা নাতিশীতোষ্মী।
নাৰি মই সদ্য অভস্ত প্ৰেমৰ অনুৰাগী মুৰ্ছিত হৃদয়ৰ সুৰৰ ৰাগিনী সংসাৰত আত্মত্যাগী জ্যোতিস্ময়ী অসুৰৰ অসূয়া অসুৰাৰি কালনাগিনী ৰূপী দংসনকাৰিণী।
নাৰী মই প্ৰেমৰ পূজাৰী সতী সাৱিত্ৰী নাৰী মই মহিয়সী অপৰূপা প্ৰেয়সী।




Comments