top of page

নীৰৱতা

  • Jan 6, 2021
  • 1 min read

নীৰৱতা এটা শব্দ যাৰ অৰ্থ নিৰ্জনতা অকলশৰে কেতিয়াবা নীৰৱতাৰ কোলাত বহি লিখি যাওঁ এটি কবিতা। বুকুৰ স্পন্দনত উঠা নমা কৰা আবেগভৰা বেদনা সঙ্গীবিহীন নিসংগতা লিখি যাওঁ হেৰাই যোৱা মৰমৰ আকুলতা। শেষ হৈ যোৱা এটা আধা স্বপ্নৰ আবেগ ভৰা নিশা বিচাৰি ফুৰিছো অলকানন্দা বিয়লি বলুকা বেলা যেতিয়া তোমাৰ, মৌ বৰষা মাতত ভঙ্গ হ’ব নীৰৱতা, লিখা শেষ হ’ব মোৰ কবিতা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page