ধৰিত্ৰী অম্বৰৰ মহামিলন
- Sahitya Chorcha
- Feb 1, 2021
- 1 min read
ধৰিত্ৰীৰ সৌন্দৰ্য্যত মুচকছ অম্বৰ বিচ্ছেদৰ দুখত সৰিল চকুলো ধাৰাসাৰ সম্বিত ঘূৰাই পাই থিতাতে সিদ্ধান্ত ললে মিঠা আলিঙ্গনৰ এবাৰ প্ৰাৰ্থনা জনালে মৰম আকলুৱা ধৰিত্ৰীয়েও সন্মতি দিলে অম্বৰেও পলম নকৰি তললৈ সৰি পৰিলে ধৰিত্ৰী অম্বৰৰ কিনো মহামিলন ঘটিল আনন্দত আত্মহাৰা ৰবিয়েও চকুলো টুকিল দশোদিশে সুমঙ্গলৰ শংখ, ঘণ্টা বাজিলে প্ৰকৃতি ন কন্যা ৰূপত দুগুণ ৰূপৱতী হৈ পৰিলে তৰাবোৰৰ চিকমিকনিত পখিলাৰ হালিজালি নাচোন বিহঙ্গমৰ সুললিত সুৰেৰে প্ৰকৃতিৰ সাজোন কাচোন ভোমোৰাৰ গুণগুণনিত বৃহস্পতিৰ টোপনি ভাঙে শনিৰ খঙৰ ভমকত ভোমোৰা লৰি পলালে বুধে আহি গহিনাই সমৰ্পনৰহে ইংগিত দিলে অৰ্ণৱৰ বিশাল জলৰাশিত ৰবিৰ অৱগাহন সহিব নোৱাৰি চন্দ্ৰমাই ১৫ দিনলৈ ৰবিৰ পোহৰকে কৰিলে প্ৰত্যাখ্যান সকলোৰে দুখহৰ্তা ৰবিয়ে আকৌ প্ৰেমানুভূতিৰ ভাগ দি চন্দ্ৰমাকো ললে আপোন কৰি দিনত সমুদ্ৰই ৰবিৰ উজ্বল জ্যোতিত বিলিনহৈ হয় প্ৰৱাহমান ৰাতি আকৌ চন্দ্ৰৰ লগত লুকাভাকু খেলি লয় বিশ্ৰাম জীৱকুলে এনে মহামিলনৰ হিয়াউজাৰি সোৱাদ লভে মানৱে আকৌ এইবোৰৰ পৰিত্ৰানৰহে উপায় বিচাৰে।
Comments