top of page

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু কিছু চিন্তা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰাচীন ভাৰতীয় জীৱন শৈলীৰ অংগ স্বৰূপ যোগৰ গুৰুত্ব সমগ্ৰ বিশ্বই ক্ৰমে উপলব্ধি কৰিব ধৰিছে বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই প্ৰতি বছৰৰ ২১ জুনৰ দিনটো “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস” হিচাপে পালন কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত লয়।

ৰোগ প্ৰতিৰোধৰ তিনিটা স্তৰ আছে, প্ৰাথমিক প্ৰতিৰোধ (Primary Prevention), দ্বিতীয় পৰ্যায়ৰ ৰোগ প্ৰতিৰোধ (Secondary Prevention) আৰু তৃতীয় পৰ্যায়ৰ ৰোগ প্ৰতিৰোধ (Tertiary Prevention)।

প্ৰাথমিক প্ৰতিৰোধ হ’ল সৰ্বোত্তম, ৰোগ শৰীৰত সোমাবলৈ দিয়াৰ পৰাই বিৰত ৰাখিব পৰাটোৱেই হ’ল প্ৰাথমিক প্ৰতিৰোধ। দ্বিতীয় প্ৰকাৰৰ প্ৰতিৰোধ হ’ল ৰোগে শৰীৰত থিতাপি লোৱাৰ পাছত প্ৰাৰম্ভিক অৱস্থাতেই তাক ধৰা পেলাই চিকিৎসা কৰা (Early Detection and Treatment)। তৃতীয় পৰ্য্যায়ৰ প্ৰতিৰোধ হ’ল ৰোগ হোৱাৰ পাছত ৰোগৰ লক্ষণ আৰু জটিলতাক নিয়ন্ত্ৰণ কৰা।

দুৰ্ভাগ্যজনক ভাবে আমি প্ৰথম আৰু দ্বিতীয় পৰ্যায় দুটা আওকান কৰি তৃতীয় পৰ্যায়তহে গুৰুত্ব দিওঁ, কাৰণ “টান পাৰিলেহে ৰাম” বোলাটো আমাৰ স্বভাৱগত বৈশিষ্ট্য। প্ৰকৃতাৰ্থত আমি সকলোৱে ৰোগৰ চিকিৎসাৰ কথাহে কওঁ কিন্তু প্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ অজ্ঞতাতকৈ অনীহাই বেছি ক্ৰিয়া কৰে। ৰোগ হ’লে চিকিৎসা কৰিম বুলি হাত সাৱটি বহি নাথাকি ৰোগক দুৰতে বিদূৰ কৰিব পৰা টোহে প্ৰকৃত বুদ্ধিমানৰ কাম।

প্ৰথম পৰ্য্যায়ৰ প্ৰতিৰোধৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দি শৰীৰক নিৰোগী কৰি ৰাখিব পৰাটোই সৰ্বোত্তম চিন্তা। ব্যস্ত দৈনন্দিন জীৱনৰ মাজত অন্ততঃ এঘণ্টা সময় ব্যায়াম, আসন আদিৰ বাবে ব্যৱহাৰ কৰিলেও বহুখিনি ৰোগ প্ৰতিৰোধ হব পাৰে। জীৱনযোৰা দৌৰা-দৌৰি , টকা-পইচা এই সকলোবোৰৰ অন্তৰ্নিহিত উদ্দেশ্য নো কি? অলপ মান “সুখ” ৰ সন্ধান নহয় জানো। কিন্তু আমি পাহৰি যাওঁ যে “पहला सुख निरोगी काया।” অসমীয়া কবিয়েও কৈছে “সুখ নাই, সুখ নাই চিৰ ৰোগীয়া”। আকৌ কথাতে কয় বোলে “দেহা থাকিলেহে বেহা”।

জন্মান্তৰবাদত বিশ্বাসী আমাৰ আধ্যাত্মিকতাৰ দৃষ্টিৰে কোটি কোটি জন্মৰ পুণ্যৰ ফলত হে লভিছো এই মানৱী দেহা। গতিকে দুৰ্লভ মনুষ্য দেহাক সযতনে ৰাখি মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক সৰ্বাংগীন বিকাশ সৰ্ব প্ৰথম আৰু সৰ্বপ্ৰধান মনুষ্য কৰ্তব্য হোৱা উচিত। মানৱ শৰীৰটো কেৱল শৰীৰ নহয়, ই এক মন্দিৰ; সুস্বাস্থ্য আৰু মগজুত সূচিন্তা প্ৰসূততাৰে ইয়াক পৱিত্ৰ কৰি ৰাখি সমাজলৈ সাধ্যানুসাৰে অৱদান আগবঢ়াই যাব পৰা আঁৰতে লুকাই আছে সফল মানৱ জীৱনৰ উদ্দেশ্য। সেয়েহে শাস্ত্ৰই কৈছে “শৰীৰ মধ্যং খলু ধৰ্ম সাধনম্।”

শৰীৰক সুস্থ সবল নিৰোগী কৰি ৰাখিব বাবে নিয়মানুৱৰ্তী জীৱন যাপন, স্বাস্থ্য সন্মত খাদ্যভাস, ৰাগীয়াল দব্যৰ বৰ্জন, নিয়মিত ব্যায়াম আৰু যোগাভ্যাস হ’ল মূল মন্ত্ৰ। শাৰীৰিক আৰু মানসিক সুস্থতা বৰ্তাই ৰখাত যোগাসনৰ প্ৰভূত ভূমিকা আছে। যোগাসন ঐতিয্যময় সুউচ্চ ভাৰতীয় মহান সংস্কৃতিৰ অন্য এক বৰ্ণিল ধ্বজাবাহক। মহাকাব্য সমূহৰ উল্লেখ অনুসাৰে প্ৰাচীন ঋষি মুনি সকলে ধ্যান আৰু যোগৰ বলত অসাধ্য সাধন কৰিছিল, সাধনাৰে মোক্ষ লভিছিল। হিন্দু ধৰ্মৰ উপৰিও বৌদ্ধ আৰু জৈন ধৰ্মৰ গন্থত যোগাসনৰ কথা উল্লেখ আছে। খ্ৰীষ্টপূৰ্ব ৫০০ বছৰৰ আগতেই মহৰ্ষি পতঞ্জলিয়ে ১৯৬ টা যোগ সূত্ৰৰে “পতঞ্জলি যোগ সূত্ৰ” উদ্ভাৱন কৰিছিল।

আমাৰ অধিকাংশ ৰোগ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ৰেক (Stress) জনিত। উদ্ৰেকৰ ফলশ্ৰুতিত কেটেকলামাইন (Catecholamines) নামৰ কিছুমান ৰাসায়নিক দ্ৰব্য নিৰ্গত হয়। অত্যধিক কেটেকলামাইন শৰীৰৰ বাবে অতি ক্ষতিকাৰক; ই হৃদপিণ্ডৰ স্পন্দনৰ গতি ত্বৰাণিত কৰি হৃদৰোগৰ আশংকা বঢ়াব পাৰে, ৰক্তচাপ বঢ়াব পাৰে, বহুমূত্ৰ ৰোগ বঢ়াব পাৰে আৰু আনুসংগিক অনেক ৰোগৰ উৎপত্তি আৰু জটিলতাৰ কাৰক বা অনুঘটক হব পাৰে এই “ষ্ট্ৰেছ” জনিত শৰীৰৰ আভ্যন্তৰীণ ৰাসায়নিক পদাৰ্থ বোৰ। যোগে “ষ্ট্ৰেছ” প্ৰসমন কৰি অংগ বোৰক ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে।

উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, শ্বাস জনিত ৰোগ, পাচনযন্ত্ৰৰ ৰোগ, গাঁঠিৰ বিষ, ডিঙিৰ বিষ, কঁকালৰ বিষ, মানসিক ৰোগ আদি বহুবোৰ ৰোগৰ প্ৰাথমিক প্ৰতিকাৰ তথা চিকিৎসাত যোগৰ মহৎ ভূমিকা অনস্বীকাৰ্য। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা ক্ষেত্ৰতো যোগৰ শক্তিশালী ভূমিকা আছে। বৰ্তমান কোভিড অতিমাৰীৰ পটভূমিত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু মানসিক চাপ দূৰ কৰাত যোগ অতীব প্ৰাসংগিক।

ভাৰতীয় এই প্ৰাচীনতম কলা আৰু বিজ্ঞানৰ সমাহাৰ সদৃশ যোগৰ মাজত নিহিত গুণৰাজিক আজি সমগ্ৰ বিশ্বই অনুধাৱন কৰিব পৰাটো ভাৰতীয় হিচাপে আমাৰ গৌৰৱ গাঁথা হৈ ৰ’ব। যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগেই “যোগ প্ৰশিক্ষক”, “ব্যায়াম প্ৰশিক্ষক” , “ফিটনেছ ট্ৰেইনাৰ” আদি ন ন কৰ্ম সংস্থাপনৰ পথো বিশ্বজুৰি উন্মোচিত হব পৰা সম্ভাৱনাময়তা অন্য এক ধনাত্মক চিন্তা হব পাৰে। যোগ মানে কেৱল যোগ, ধনাত্মক, কোনো ঋণাত্মক দিশ দৃশ্যমান হোৱা নাই। আহক যোগক জীৱনৰ লগত যোগ দিও। ব্যায়াম, যোগ আদিক জীৱন শৈলীৰ অংগভূত কৰি সুস্থ শৰীৰ আৰু সুস্থ মনেৰে এক সুস্থ জীৱনক উদযাপন কৰোঁ। সকলো সুস্থ থাকক, সকলো শান্তিৰে থাকক।

সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিৰাময়াঃ। সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ভবেৎ।।

May all be happy, May all be healthy, May all experience what is good and let no one suffer.

0 views0 comments
bottom of page