top of page

আঘোণৰ ধাননিডৰা

ধৰিত্ৰীৰ বুকুত ৰুইছিলো এডৰা সেউজীয়া; ঘাঁমৰ টোপালবোৰ মাটিত পৰি হৈছিল সোণবৰণীয়া: খেতিডৰাৰ ভৰসাতে মোৰ জীৱনযাত্ৰা; বিধি পথালি যাতে নহয় কৰিছিলো ঈশ্বৰক সদায় মই প্ৰাৰ্থনা; নালাগে মোৰ ৰাজ অট্ৰালিকাৰ অস্থায়ী সুখ! মাটিৰ মানুহ আমি মাটিয়ে হৰিব আমাৰ সকলো দুখ! আঘোণৰ পৰসত আশাৰ ফচলবোৰ সোণোৱালী হৈ পৰিল; লখিমী আইৰ নিৱাস মোৰ খেতি ডৰাত ! দাবলৈ যাওতে মাত লগালে,

সোণগুটি থবা যত মইও থাকিম তত ঘৰত লখিমীৰ প্ৰৱেশ ঘটিল ভঁৰালঘৰ কোনো দিনেই মোৰ উদং নহল খেতিয়কৰ ঘৰত লখিমীৰ চঞ্চলা চপলা কৈ বসতি হৈ ৰল!!

0 views0 comments

Related Posts

See All

Comments


bottom of page