top of page

ভোগালীৰ উৰুকা

  • Sahitya Chorcha
  • Jan 13, 2021
  • 1 min read

আহিছে বিহু ভোগালী, কুঁৱলীৰ আচ্ছাদন ফালি। সাজো গাওঁ,নগৰ, চহৰৰ ডেকা, গাভৰু, বোৱাৰী সকলো সাজো আনিব ভোগালীক আদৰি। অসমীয়াৰ চহাজীৱনৰ কৃষিভিত্তিক উৎসৱ ভোগালী। আঘোণৰ সোণোৱালী ধাননি চপাই কুচাই আনি ভঁড়ালত থয় সাঁচি, বছৰটোৰ ভাত-মুঠি। ঘৰে ঘৰে চলিছে চিৰা, পিঠা, সান্দহ খুন্দাৰ যেন প্ৰতিযোগিতা ঢেঁকীৰ শব্দত গাওঁত উঠিছে দপদপনি অসমৰ সকলোতে ভেলাঘৰ সাজি চলিছে যেন প্ৰতিযোগিতা এখনি।

বিহু বিনন্দীয়া, মন মতলীয়া আহি পালে ভোগালীৰ উৰুকা আজি গাত কাৰোৱেই যে নাই তৰণী, ল’ৰা ছোৱালী, বৃদ্ধ-বৃদ্ধা, বোৱাৰী, জীয়ৰী, ডেকা সকলো ব্যস্ত আজি। পথাৰৰ ধানৰ নৰা কাটি আনি সাজিছে ভেলা ঘৰৰ চালি খনি সাজি উলিয়াইছে ভেলাঘৰৰ বেৰাখনি ভোগালী বিহুৰ উৰুকাৰ নিশা ভোঁজৰ ভাত মুঠি খাব এই ভেলাঘৰতে মিলিজুলি। আজি ভোগালী উৰুকাৰ নামত বজাৰত চলিছে মাছ মাংসৰ কিনা-বেচা প্ৰতিযোগিতা এখনি। সকলো ব্যস্ত উৰুকা নিশা তৃপ্তিৰে খাম ভোগালীৰ ভাতমুঠি। ভেলা ঘৰৰ কাষতে পাতিব কাঠখৰিৰ মেজি,খেৰৰ মেজি ৰখাৰ নামত ৰাতি কটাব ভেলা ঘৰতে ল’ৰা, ডেকা মিলি পুৰণি ককা আইতাৰ দিনত ভেলা-ঘৰত নিশা লৈছিল নাম-প্ৰসঙ্গ এফাঁকি সেই পৰম্পৰা নাই যে আজি হেৰাই যাব খোজে পুৰণি ৰীতি-নীতি আধুনিকতাৰ গ্ৰাসত ভোগালীৰ উৰুকা নিশাটি উচ্চ স্বৰত বাদ্য-যন্ত্ৰৰ শব্দত টাল-ফাল গাওঁ, চহৰ, নগৰত। ভেলাঘৰত থকাৰ নামত উন্মাদ ডেকা জীয়ৰী আজি স্বক্ৰীয়তা হেৰাই যায় যেন লাগে ভোগালীৰ উৰুকা নিশাটি। মকৰ সংক্ৰান্তিত জ্বলাব ভীষ্মৰ চিতা মেজি সকলোৱে পুৱাই গা-ধুই সেৱা কৰি মেজি জুইৰ সেক লৈ জনাব ঠাণ্ডা দূৰ হওক বেমাৰ আজাৰ দূৰ হওক, কুশলে থাকক সকলোৰে সুখেৰে পাৰ হওক বছৰটি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page