top of page

 SEARCH RESULTS 

605 items found for ""

  • নৰকত নৱাগতৰ অভ্যৰ্থনা সভা (প্ৰথম খণ্ড)

    নৰকত প্ৰতি সপ্তাহৰ মঙ্গলবাৰৰ দিনটোত নৱাগত সকলক আদৰণি জনোৱা হয় ৷ এই দিনা স্বয়ং নৰকৰ ৰজা যম উপস্থিত থাকি ন’কৈ অহাসকলৰ লগত চা-চিনাকি হৈ তেওঁলোকক আদৰণি জনায় ৷ আন আন সপ্তাহৰ দৰে আজিও এক জাক-জমক পৰিবেশ ৷ ৰাজসভাত নৰকৰ গণ্যমান্য ব্যক্তিৰে ভৰি পৰিছে ৷ নৰকলৈ ন’কৈ অহাসকলক সভাঘৰৰ আছুতীয়া ঠাইত বহিবলৈ দিয়া হয় ৷ তাৰে পৰা এজন এজন কৈ গৈ চিনাকি দিয়াৰ নিয়ম ৷ যথাসময়ত যম ৰজা সভাঘৰত আহি উপস্থিত হ’ল ৷ যম ৰজাই তেওঁৰ নিজা পদমৰ্য্যাদাৰ ভঙ্গীমাৰে ৰাজসভাত পদাৰ্পণ কৰিলে ৷ মুছ পকাই পকাই গৈ সিংহাসনত বহিবলৈ লোৱাৰ আগতে সভাকক্ষত উপস্থিত সকলোৱে থিয় হৈ অদ্ভুত শব্দ এটা উচ্চাৰণ কৰি তেওঁক সম্ভাষণ জনালে ৷ যম ৰজাই হাত এখন ওপৰলৈ কৰি সকলোকে বহিবলৈ নিৰ্দেশ দিলে ৷ প্ৰাৰম্ভিক সকলো কাম সম্পাদনৰ অন্তত নিদিষ্ট সময়মতেই সভা আৰম্ভ হ’ল ৷ ডাঙৰকৈ ঘন্টাৰ শব্দ এটা বাজি উঠিল ৷ লগে লগে সভাকক্ষত হাই-উৰুমি বন্ধ হৈ নিজম পৰিল ৷ সকলোৱে কোৰ্টৰ কাঠগড়াৰ দৰে ওখকৈ সজোৱা স্থানলৈ চাই ৰ’ল ৷ নৱাগতসকলে চিনাকি দিয়াৰ সময়ত সভাকক্ষত উপস্থিত থকা সকলোৱে যাতে দেখা পাই তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷ নৱাগতসকল বহি থকা ঠাইৰ ওচৰত টকলা বৃহৎকায় অসুৰ এজন থিয়হৈ আছিল ৷ যম ৰজাৰ নিৰ্দেশ পোৱাৰ পিছত তেওঁ নৱাগতসকলক এজন এজনকৈ চিনাকি দিবলৈ নিৰ্দেশ দিলে ৷ চিনাকি দিয়াৰ পিছত আগফালে ৰাখি থোৱা খালি চকীত বহিবলৈ বুজাই দিলে ৷ নৱাগতা সকলৰ মাজৰ পৰা এজন এজনকৈ আগবাঢ়ি গৈ চিনাকি পৰ্ব আৰম্ভ কৰিলে ৷ নৱাগত : নমস্কাৰ হুজুৰ ৷ যমলৈ চাই সেৱা এটা জনালে ৷ যম : নাম কি তোৰ ? নৱাগত : টংকে বাহাদুৰ হুজুৰ ৷ যম : তই যে নৰকত আহিলি গম পাইছ কি নাই ? নৱাগত : হয় হুজুৰ ৷ গেলা গোন্ধ আৰু পৰিবেশ চাই অলপ ধৰিব পাৰিছোঁ ৷ যম : পাৰফিউমৰ গোন্ধ পাইছ ? সুন্দৰ, এয়া নৰকৰ পাৰফিউম ৷ বাৰু তই স্বৰ্গলৈ নগৈ নৰকত যে আহিলি তাৰ কাৰণ জাননে বাৰু ? নৱাগত : হয় হুজুৰ ৷ সৰুৰে পৰা ভগৱান বিশ্বাসী নাছিলো মানে নাস্তিক আছিলোঁ ৷ জীৱনত ভগৱানক পূজা কৰি নাপালোঁ ৷ সেই কাৰণে হব পৰে কিজানি হুজুৰ ৷ যম : বৰ সুন্দৰ, ভেৰী গুড ৷ তই তাৰ মানে ইনডাৰেক্টলি মোৰ ভক্ত আছিলি ৷ নৱাগত : নহয় হুজুৰ … মানে হ..য় … হয় . … হয় ৷ যম : স্বৰ্গলৈ যোৱাটো সহজ বুজিছ নৰকত অহাটোহে বৰ টান ৷ ভাগ্য লাগিব ৷ মানুহবোৰে অনবৰতে ভগৱানৰ নাম লয় ৷ ভগৱানক তেল মাৰি থকা দেখোঁ ৷ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভগৱানৰ নামত জীৱনৰ বহু সময় অযথা খৰছ কৰে ৷ গতিকে মৃত্যুৰ পিছত স্বৰ্গত স্থান পাবলৈ সহজ ৷ নৰকত স্থান পাবলৈ হে বৰ টান বুজিছ, তোৰ ভাগ্য ভাল সেইকাৰণে নৰকত আহিব পাৰিলি ৷ নৱাগত : হয় হুজুৰ ! যম : ঐ তই সব কথাতে হয় হুজুৰ, হয় হুজুৰ কৰি নাথাকিবি বুজিছ ৷ তোৰ মাইকী মানুহজনীয়ে তোক ডমিনেট কৰি ৰাখিছিলে হয় নে ? নৱাগত : হয় হুজুৰ ! সেই কাৰণে লগৰ বহুতে মোক মাইকীমুৱা বুলি নাম ধৰি মাতে হুজুৰ ৷ যম : সুন্দৰ , ভাল লাগিছে তোৰ কথাবোৰ শুনি ৷ নৰকলৈ অহা বাবে ধন্যবাদ দিছোঁ ৷ তই নৰকলৈ অহাৰ বহুতো কাৰন আছে বুজিছ ৷ আহিলি যেতিয়া কাৰনবোৰ জানি থোৱা ভাল নহয় জানো ৷ নৱাগত : নালাগে হুজুৰ জানি কি কৰিম এতিয়া ৷ হুজুৰ মই মৰততে বহু যতনা পাই আহিছোঁ ৷ বিয়াৰ আগতে যিমান দুখ, কষ্ট পাইছিলোঁ বিয়াৰ পিছত ডাবল দুখ, কষ্ট পালোঁ ৷ মাইকী মানুহজনীয়ে অনবৰতে উঠা বহা কৰোৱালে মোক হুজুৰ ৷ কন্দাৰ সুৰত কোৱা দি কৈ চকু পানী মচিব ধৰিলে ৷ যম : চুপ থাক কান্দিব আহিছ দুখ, কষ্ট, যতনা পাই আহিছ ৷ কথা কবলৈ আহিছ মাইকীমুৱা ক’ৰবাৰ ৷ মতা হৈ মাইকীৰ তলতীয়া হৈ থাকিলে যাতনা পাবিয়েই ৷ নৱাগত : নহয় মানে হুজুৰ ৷ নৰকত আহিলে বহু যতনা দিয়ে বুলি শুনিছিলো ৷ মৰততে বহু কষ্ট পাই আহিছোঁ হুজুৰ আৰু কষ্ট নিদিব ইয়াত ৷ যম : নৰকত যতনা দিয়ে হাঃ হাঃ ৷ ঐ মাইকীমুৱা তোৰ ভাগ্য ভাল তই নৰকত ঠাই পালি বুজিছ ৷ মৰতত দুখ-যতনা বেছি পোৱাবোৰেহে আমাৰ ইয়াত আহিবলৈ সুবিধা পায় ৷ তই মৰতত যে দুখঃ যতনাবোৰ পালি সেয়া তোৰ ৰিহাৰ্চেল মানে অভ্যাসে কৰোৱা হৈছিল ৷ কাৰন আমাৰ ইয়াৰ নিয়ম কানুনবোৰ কঠোৰ ৷ ইয়াত বৰ বেছি কষ্ট নাপাবৰ কাৰণে তহঁতক তাত ট্ৰেইনিং দিয়া হয় ৷ তই ট্ৰেইনিংত উৰ্ত্তীণ হোৱা বাবেহে আমাৰ নৰকত আহিবলৈ সুবিধাকন পালি বুজিছ ৷ তোক আমাৰ ইয়ালৈ অহাৰ বাবে স্বাগতম জনালোঁ ৷ বাৰু তই যা ৷ যম ৰজাই কলিংবেল বজোৱাদি ওচৰতে থকা ৰচী এডাল টান মাৰি দিলে ৷ টং টং কৈ ঘন্টা বজাৰ দৰে বাজি উঠিল ৷ আচলতে ৰচীডালৰ লগত মন্দিৰত ওলমাই থোৱা ঘন্টাৰ দৰে ঘন্টি এটা বান্ধি থোৱা আছিল ৷ যম ৰজাই ৰচীডাল টানি এইটো কলিংবেলৰ দৰে ব্যৱহাৰ কৰে ৷ নৱাগত সকলৰ ওচৰত ৰৈ থকা টকলা বৃহৎকায় অসুৰজনে নিৰ্দেশ দিলে ৷ নেক্সট যাব লাগে ৷ নৱাগতৰ মাজৰ পৰা অন্য এজন চিনাকি দিয়া নিদিষ্ট ঠাই ডোকৰলৈ আগবাঢ়ি গ’ল ৷ নৱাগত : যম ৰজালৈ নমস্কাৰ জনাই কৰযোৰে একেথিৰে চাই ৰ’ল ৷ যম : ঐ তই কি নৰকত ফুৰিবলৈ আহিলি ৷ কি নাম তোৰ ? নৱাগত : থত্‌মত খোৱাদি খাই হয় চাহাব মোৰ নাম জিতেন কুৰ্মি চাহাব ৷ যম : ঐ তই নৰকত আছ ৷ মই নৰকৰ ৰজা যম ৷ মানে যম ৰজা বুজিছ৷ নৱাগত : হয় চাহাব৷ যম : ঐ তই বাৰু বাগানিয়া নেকি? অনবৰতে চাহাব চাহাব বলকি আছ৷ এইখন নৰক বুজিছ নৰক৷ ব্ৰিটিছে তহঁতক এৰি কেতিয়াবাই গ’লগৈ৷ তহঁতৰ কিন্তু চাহাব মুখৰ পাৰ নুগুছিল৷ তই এতিয়া বাগানত আছ বুলি ভাবি আছ নেকি? নৱাগত : নাই চা.. হা… ব৷ মানে বাগানৰ লাইনত আছোঁ নে নৰকত আছোঁ ধৰিবই পৰা নাই চাৰ৷ আমাৰ চাহ বাগানৰ লাইনৰ অৱস্থা কিছুমান ঠাইত ইয়াতকৈ বেয়া চাহাব৷ যম: হ’ব বাৰু৷ তোৰো ভাগ্য ভাল নৰকত আহিবলৈ সুবিধা পালি৷ ইয়াত অলপ আৰাম পাবি বুজিছ৷ তই বাৰু হাড়িয়া বনাব পাৰ কি নাই? মোৰ ফেভাৰেট ড্ৰিংকচ এইটো৷ নৱাগত : হাড়িয়া বনাব জানো চাহাব ৷ হাড়িয়া নাখালে আমি থাকিবই নোৱাৰোঁ এইটো খালেহে আমি কাম কৰিব পাৰোঁ চাহাব। যম : হব যা এতিয়া এই নৰকতে অলপ আৰাম কক৷ বহুতো কষ্ট পাই আহিছ বুজিছোঁ৷ তই মোৰ কাৰণে হাড়িয়া বনালেই হ’ব৷ তোক বেলেগ আৰু দুচৰা কাম নিদিওঁ যা এতিয়া৷ ঘন্টাত বান্ধি থোৱা ৰচীডাল টান মাৰি দিলে৷ #assamesestory #assameseupanyas #Axomiyagolpa #SahityaChorcha

  • প্ৰগতিৰ পথত জীৱনী

    বনৰীয়া জীৱন এৰি সভ্য মানৱীয়ৰ অনুভূতি, সুখ পিপাসু মানৱৰ জটিল প্ৰক্ৰিয়াৰে গতি। শৃংখলাবদ্ধ জীৱন মানৱ সভ্যতাৰ খুঁটি, মিত্ৰতা আৰু ভ্ৰাতৃত্ববোধ মানৱীয় প্ৰমূল্যবোধৰ ভেটি। ইতিবাচক ভাৱধাৰাৰে প্ৰগতিৰ পথত জীৱনী, আন্তৰিকতা সমাজৰ মূল সঞ্জীৱনী। শিক্ষা ব্যৱস্থা জীৱনত আধুনিকতাৰ সম্প্ৰসাৰণ, জ্ঞানৰ সন্ধানত বিজ্ঞানৰ বিবেক আলোড়ন। #assamesekobita #axomiyakobita #Pragitirpathatjiboni #SahityaChorcha

  • স্মৃতিৰ জোলোঙাত ভৰিছিল সপোন

    নিয়ৰ সনা দুবৰি জোপাত জিলিকিছিল মুকুতাৰ মালা আন্ধাৰত পোহৰ বিলাই সিক্ত কৰিছিল মন। শীতৰ সেমেকা ৰাতিৰ স্বপ্ন ভৰা দুচকুৱে বিচাৰিছিল তোমাৰ উমাল সান্নিধ্য। বাৰে বাৰে আমনি কৰা মন গহনত থিতাপি লৈছিল মাথো তোমাৰেই ছবি। পখিলা খেদা বয়সৰ স্মৃতিৰ জোলোঙাত ভৰিছিল সপোন। চিপচিপিয়া বৰষুণত লিপিত খাই পৰা তোমাৰ ফুটফুটিয়া ফ্ৰ’কত ভাহিছিল জোনাক। মোৰ চকুৱে মুখে সিঁচি দিয়া তাৰ সৌৰভ আজিও সজীৱ মোৰ হৃদয়ৰ কোঁহে কোঁহে। #assamesekobita #axomiyakobita #SahityaChorcha #Smritirjulungat

  • ডম্বৰু বাজিব এদিন

    পুৰাণত উল্লেখ থকা মতে এবাৰ মহাৰাজ ইন্দ্ৰই মৃত্যুলোকৰ জনগনৰ ওপৰত বিতুষ্ট হৈ বৰুন দেৱতাক মৃত্যুলোকৰ ধৰাত ১২বছৰলৈ বৰষুণ নিদিবলৈ আদেশ দিলে ৷ মহাৰাজ ইন্দ্ৰৰ এই কোপত বৰষুণৰ অভাৱত মৃত্যুলোক অৰ্থাত পৃথিৱীৰ নদ নদীসমূহ শুকাই তলি উদং হৈ পৰিল ৷ খেতিপথাৰবোৰো খৰাংত চিৰালফাট দিলে ৷ কেউদিশে দাৰিদ্ৰ্যতাৰ আৰু খাদ্যৰ অনাটনত মৃত্যুলোকৰ জীৱজন্তু আৰু গছ বিৰিখবোৰৰ ধ্বংসৰ গৰাহৰ যাহ যাবলৈ ধৰিলে ৷ সন্ত্ৰাসিত হৈ পৃথিৱীবাসীয়ে স্বৰ্গাধিপতি ইন্দ্ৰক এজাক বৰষুণৰ বাবে কাতৰ আহ্বান জনালে ৷ ইন্দ্ৰই পৃথিৱীবাসীৰ দুখত ঘৰিয়ালৰ চকুপানী টুকি প্ৰবোধ দি ক’লে , আচলতে এই জলন্ত সমস্যাটোৰ সমাধান মোৰ ওচৰত নাই ৷ মৃত্যুলোকত বৰষুণ একমাত্ৰ আদিযোগী ভগৱান ভোলানাথ শিৱৰ অনুগ্ৰহতহে সম্ভপৰ হ’ব ৷ দিগম্বৰ শিৱই ডম্বৰু নবজোৱালৈ পৃথিৱীত বৰষুণৰ হোৱাৰ কোনো সম্ভাৱনাই নাই ৷ মহাৰাজ ইন্দ্ৰৰ কথাত অমৰাৱতীৰ পৰা হতাশ হৈ মৃতলোকবাসী দেৱাদিদেৱ মহাদেৱক লগধৰিবলৈ কৈলাস পৰ্বত পালেগৈ ৷ কিন্ত ইফালে স্বৰ্গাধিপতি ইন্দ্ৰই আগতেই আদিযোগী ভোলেনাথক পৃথিৱীবাসীক এসেকা দিয়ালৈ কান ভৰাই ৰাখিছিল ৷ মৃত্যুলোকবাসীয়ে সকলো দূৰ্দশাপূৰ্ণ কথা বিস্তাৰি যেতিয়া বৰষুণ এজাক দিবলৈ অনুৰোধ কৰিলে দেৱাদিদেৱ কৈলাসপতিয়ে একেষাৰতে সেইটো অসম্ভব বুলি ক’লে ৷ তেওঁ ১২বছৰলৈ ডম্বৰু বজাবলৈ অপৰাগ বুলিও খাটাঙকৈ জনাই দিলে ৷ আৰু ইফালে ডম্বৰু নবজিলে বৰষুণ নহব ৷ ভগৱান ভোলানাথৰ উত্তৰ পাই মৃত্যুলোকবাসীয়ে নিজৰ ভাগ্যকে ধিয়াই ভগ্ন হৃদয়লৈ নিজ নিজ ঘৰলৈ উভতিল ৷ মৃত্যুলোকৰ খেতিয়ক সকলে পথাৰ খৰাং হৈ পৰাত কামবন এৰি অকৰ্মণ্য হৈ পৰিল ৷ কিন্ত সেই খৰাংৰ মাজতো এজন খেতিয়কে নিয়মিত ভাৱে পথাৰলৈ যাব নেৰিলে ৷ তেওঁ সদায়েই সময়ানুবৰ্তিতা মানি পথাৰলৈ গৈ হালবাই মাটি চহোৱা, বীজ সিঁচা আদি কাম কৰি গৈছিল ৷ খেতিয়কজনৰ কাৰবাৰবোৰ দেখি সকলোৱেই উপলুঙা কৰি হাঁহিছিল ৷ খৰাং পথাৰত গেবাৰি খাটি কাম কৰি কি ফল পাব বুলি ইতিকিং কৰিবও নেৰিছিল ৷ পাছে খেতিয়ক জনো নাচোৰবান্দা ৷ তেওঁ বন্ধু খেতিয়ক সকলক কৈছিল, ভাইহঁত হালৰ মুঠি এৰি নিদিবা ৷ ১২বছৰ ধৰি খেতিবাতি কাম নকৰিলে খেতিকৰা সকলো জ্ঞান পাহৰি যাবা ৷ তেতিয়া বৰষুণ পাইয়ো খেতি কৰিব নোৱাৰিবা ৷কিন্ত খেতিয়কজনৰ সেই আহ্বানত কোনেও গুৰুত্ব নিদিলে ৷ পাছে কৈলাসপতি ভোলানাথৰ পত্নী মাতা পাৰ্বতীয়ে খেতিয়কজনৰ তাৎপৰ্যপূৰ্ণ কথাষাৰ উৰুৱাই নিদি স্বামীক সকলো বিৱৰি ক’লে ৷ ১২ বছৰ ধৰি ডম্বৰু নবজোৱাকৈ থাকি নিজেও যাতে ডম্বৰু বজাবলৈ পাহৰি নাযায় তাকো সোৱৰাই দিলে ৷ মা পাৰ্বতীৰ মুখৰ কথাখিনি শুনি দেৱাদিদেৱ মহাদেৱে নিজেও ডম্বৰু বজাবলৈ পাহৰি গল বুলি বিভ্ৰাট হৈ পৰিল ৷ অৱশেষত নিজৰ শুদুৱনি মাৰিবলৈ মহাদেৱে ডম্বৰু হাতত তুলি বজাইদিলে ৷ শিৱৰ ডম্বৰুৰ শব্দ গুঞ্জৰিত হোৱাৰ লগেলগে মৃত্যুলোকত ধাৰাসাৰ বৃষ্টিপাত হবলৈ ধৰিলে ৷ জ্ঞানী খেতিয়কজনৰ দূৰদৰ্শিতাৰ ফলপ্ৰাপ্তি হ’ল ৷ যোজন যোজন পৰিসীমাৰ উদং পথাৰৰ মাজত একমাত্ৰ দূৰদৰ্শী খেতিয়কজনৰ পথাৰ খন নদনবদন হৈ উঠিল ৷ আমি আজি কৰোণা মহামাৰীৰ ভয়াবহতাৰ মাজত ঘৰৰ ভিতৰত আৱদ্ধ হৈ নিজক ক্ৰমান্বয়ে এলেহুৱা কৰি তুলিছো ৷ হ’ব পৰা আসন্ন বিপদৰ সন্দেহ কৰি কৰি আজি খেতিয়কে খেতিকৰিবলৈ, ব্যৱসায়ীয়ে ব্যৱসায কৰিবলৈ, ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ, শিক্ষকে শিক্ষাদান কৰিবলৈ, গায়কে গান গাবলৈ, লেখকে লিখিবলৈ তথা অন্যান্য পেশাদাৰী সকলে নিজৰ পেশাগত অধ্যাৱসায়ৰ প্ৰতি লাহে লাহে আগ্ৰহ হেৰুৱাব ধৰিছো ৷ কিন্ত বিশ্বাস ৰাখক এদিন এই ধৰা কৰোনা মুক্ত হৈ পৰিব, আকৌ নতুন প্ৰভাত হ’ব, কালৰাত্ৰিও নেথাকিব ৷ আমি সকলোৱেই নিজৰ নিজৰ জীৱনৰ পৰিক্ৰমাৰ মাজত সোমাই পৰিম ৷ আৰু তেতিয়াই আমাৰ মাজৰে দুৰদৰ্শী খেতিয়কজনৰ দৰে লোকসকল সাফল্যতাৰ শিখৰত থাকিব ৷ গতিকে আহক আমি এই কৰোনা দুৰ্যোগত ঘৰত সোমাই থকা সময়খিনিত আমি আমাৰ নিজৰ নিজৰ প্ৰতিভাৰ বিকাশত মনোনিৱেশ কৰো আৰু আমি সকলোৱেই দূৰদৰ্শী খেতিয়কজনৰ দৰে একলগে সফলতাৰ শিখৰত উপনিত হবলৈ প্ৰয়াস কৰো৷ #assamesekobita #axomiyakobita #domborubajibo #SahityaChorcha

  • জীৱনটো আচলতে কি?

    মই বুজি নাপাও যে, জীৱনটো আচলতে কি জীৱনটোত যদি বহু দুখ পাব লগা হয়েই তেতিয়াহলে সেই দুখবোৰৰ মাজত অকনমান অকনমান সুখৰ প্ৰয়োজন কি? যদি এদিন আমি কান্দিব লাগেই, তেতিয়াহলে সেই অকনমান হাহিৰ প্ৰয়োজন কি? এই মানুহৰ জীৱনতো আচলতে কি? এদিন আমি সকলো মৰিবই লাগিব, তেন্তে আমি কৰা অহ্ংকাৰবোৰৰ প্ৰয়োজন কি? মানুহৰ প্ৰয়োজনৰ কেতিয়াও শেষ নাই। জীৱনত একোৰেই আমি সন্তুষ্ট নহও, লাখ লাখ টকা থাকিলেও, ডাঙৰ ডাঙৰ অট্টালিকা থাকিলেও আমাক কেৱল আৰু লাগে। মই কেতিয়াবা ভাবো যে আমাৰ দৰে দুখীয়া মানুহবোৰৰ বাবে জীৱন মানেই সংগ্ৰাম। আমি সংগ্ৰাম(কষ্ট) কৰিলেহে দুবেলা দুসাজ খাব পাম। আমাৰ দৰে মানুহবোৰে হাজাৰ দুখৰ মাজতো সুখ বিচাৰিব লাগিব, অলপতে সকলো আছে বুলি বুজিব লাগিব আচলতে এয়েই আমাৰ সুখী জীৱন। #assamesekobita #axomiyakobita #jivontuki #SahityaChorcha

  • বৰষা

    “পুৱা” বৰষুণ জাক বুকুত যেতিয়া সৰে ভাল লাগে সেই জাক বৰষুণত তিতিবলৈ উতনুৱা কলিজাখন শীতল কৰি আবেগ বোৰ উটাই লৈ যায় জান জুৰি নৈৰ বুকুলৈ পবিত্ৰ হয় মোৰ হৃদয় আশাৰ ভৰা এবুকু সোনালী সপোন। #assamesekobita #assamesepoem #Borokha #SahityaChorcha

  • নিবনুৱা সমস্যা আৰু সংস্থাপন

    নোৱাৰিছে অসমক আগুৱাব ব্যৰ্থ সকলো পৰিকল্পনা। থলুৱা কেঁচা বস্তুৰ অভাৱ অপৰ্যাপ্ত বিজুলী উৎপাদন, উদ্যোগিকৰণৰ গতিও ধীৰ নাই অসম উন্নতিৰ সাধন। অসমত বছৰে বছৰে ঘটে প্ৰাকৃতিক দুৰ্যোগ, প্ৰাকৃতিকভাৱে আকৰ্ষণীয় অসম পৰ্যটনৰ ব্যাপক সুযোগ। অতিথি আপ্যায়নৰ লক্ষণ অসমীয়াৰ শিৰে শিৰে, পৰ্যটক আকৰ্ষিত হব এনে যোগাত্মক চিন্তাধাৰাৰে। অসমৰ যুৱক যুৱতী যদিও বহু কামত প্ৰতিভাশালী, হয় প্ৰদূষিত মানসিকতা ঋণাত্মক চিন্তাধাৰাৰ বলী। যুৱক যুৱতী দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ লোৱাৰ দৰকাৰ, নিবনুৱাই কৰক যত্নেৰে আগন্তুক সুযোগৰ সদব্যৱহাৰ। #assamesekobita #assamesepoetry #Nibonua #SahityaChorcha

  • স্তব্ধ সময়

    মৌন পৃথিৱী মৌন আকাশ স্তব্ধ সময়। জীৱন স্থৱিৰ ৰুস্ত প্ৰকৃতি ত্ৰস্ত জনতা। ধন ঐশ্বৰ্য আজি গৌণ মুল্যহীন প্ৰাণ। চন্দ্ৰ যান, মঙ্গল যানৰ নাই প্ৰয়োজন লাগে মাথো অক্সিজেন। ৰাফেল, পৰমাণু ৰকেত লঞ্চাৰ, এটোম মাথো এটি পুতলা একুৰিয়ামত সজাই ৰখা মুল্যহীন খেলনা্। আছে জানো কৰ’ণাতকৈ ভয়ানক মৃত্যুদুত পৃথিৱী কঁপাই শাসন কৰা। তেনেহ’লে লাগে কিয় অন্য অস্ত্ৰ বিশ্ব ধ্বংসৰ যজ্ঞ পাতিবলৈ? নোৱাৰোনে আমি সপোন দেখিবলৈ এখন সুন্দৰ সেউজীয়া পৃথিৱীৰ! য’ত সকলোৱে উশাহ ল’ব মুক্ত মনেৰে নিৰ্ভয়ে নিৰ্মলতাৰে।। #assamesepoem #assamesepoetry #SahityaChorcha #Stabdahomoy

  • হোমেন বৰগোহাঞিদেৱ

    বাল্য কালৰে পৰা সাহিত্য চৰ্চাত অনুৰক্ত, নৱীন সমসাময়িক লিখনিৰে উজ্জ্বলিত জ্যোতিষ্মান ব্যক্তিত্ব। অন্যতম সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য সমৃদ্ধ, তেখেতৰ বহুমূখী প্ৰতিভাত সাহিত্য প্ৰেমিক মন্ত্ৰমুগ্ধ। অসম সাহিত্য সভাৰ যদিও সমালোচক আজীৱন, সভাপতি হিচাপে নিৰ্বাচিত হৈ কৰে দায়িত্ব গ্ৰহণ। বৰগোহাঞিদেৱৰ জীৱন সাহিত্যৰ পৰিপুষ্টি সাধনত, তেখেতৰ সাহিত্য পুঁজিৰে জিলিকিছে অসম উচ্চ শিখৰত। তেখেত জাতিৰ অভিভাৱক মহান সাহিত্যৰ বৈৰাগী, শোকত স্তব্ধ মৰ্মাহত অসমীয়া সাহিত্যৰ অনুৰাগী। #assamesekobita #assamesepoem #Homenborghoain #SahityaChorcha

  • বিহংগম (দশম খণ্ড) – যাদু আৰু সাধুৰ দেশৰ দিহিঙে দিপাঙে

    মাজনিশাৰ থিম্ফু চহৰৰ দেহ শিৰশিৰাই যোৱা ঠান্ডা বতাহজাকৰ পৰশ লৈ অভিনন্দন হোটেল গালিংখাৰ ৰিচেপচন কাউন্টাৰ পালেগৈ৷ চকীত বহি টোপনিয়াই থকা ডেকা ৰিচেপচনিষ্ট জনক সি মাত দিয়াৰ লগে লগে থতমত খাই উঠিল ৷ ইংৰাজীতে সি ভাগৰত লালকাল দি শুই পৰাৰ বাবে ৰাতিৰ খাজ খাবলৈ নহ’ল বাবে তাৰ এতিয়া ভোক লাগিছে বুলি জনালে ৷ ৰিচেপচনিষ্ট জনে অভিনন্দনৰ কথাখিনি শুনাৰ পাছত কলে যে মই আপোনাৰ অসুবিধাৰ বাবে অতি দুঃখিত ৷ কিন্ত আমাৰ খানা বনোৱা ৰান্ধনিজন ৰাতি এঘাৰ বজাতেই গুচি যায় ৷ আপুনি যদি বিচাৰে মই আপোনাক অলপ বিস্কুট আৰু আপেল দিব পাৰো ৷ অলপ চাহৰ সতে খাই ললে কিছু পৰিমাণে আপোনাৰ ভোক আতৰিব ৷ অভিনন্দনে ৰিচেপচনিষ্ট জনক ধন্যবাদ জনাই মেগী বা কিবা তেনেকুৱা জাতীয় কিবা নুডলচ পোৱা যাব নেকি সুধিলে ৷ কাৰণ ময়দাৰ বিস্কুট খালেই তাৰ বুকুখন জ্বলাপোৰা কৰে ৷ ৰিচেপচনিষ্ট জনে তেনে কোনো বস্তু আছে যদিও ৰান্ধনিঘৰৰ আলমাৰিৰ চাবিকাঠী ৰান্ধনিজনৰ লগতহে থাকে বুলি জনোৱাত বিফল মনোৰথ হৈ নিজৰ ৰুমলৈ আহি পানী এগিলাচ পি বিচনাত বাগৰ দিলে ৷ হিম চেঁচা পানীটুপিয়ে তাৰ শৰীৰ জোকাৰি দিলে ৷ ঠান্ডাত কুচি মুচি হৈ সি কম্বলখন মেৰিয়াই বিচনাত বাগৰ দিলে ৷ ভাত জ্বাৰ,ভোক জ্বাৰ, ভুত, প্ৰলয় আৰু উৎপত্তি জ্বাৰ ৷ দেউতাকৰ মুখৰ কথাষাৰ অভিনন্দনৰ মনত পৰি গ’ল দেউতাকে সদায়েই কৈছিল শীতৰ দিনক বাদে মানুহৰ আৰু পাচোটা কাৰণত জ্বাৰ লাগে ৷ ভাত খালে , ভোক লাগিলে, ভুতৰ ভয় খালে, প্ৰলয় কাল আৰু জন্ম পোৱাৰ লগেলগে সন্তানটোৱে জীৱনৰ প্ৰথম জ্বাৰ অনুভব ৷ পেটৰ ক্ষুধাৰ জ্বালাত তাৰ আজি ভোক জ্বাৰ লাগি জ্বৰ নুঠিলেই ৰক্ষা ৷ মুৰৰ টিংটিঙনিটো বাঢ়ি অহাৰ বাবে পায়জামাৰ পকেটৰ পৰা অভিনন্দনে অলপ ভিক্স লগাই লৈ ইলেক্ট্ৰিক কেটলীটোত অলপ পানীকে গৰম হবলৈ দিলে ৷ উপায় নাই যিহেতু একাপ গৰমপানীৰ লগত দুখন বিস্কুট খালেই অলপ ভোক আতৰিব ৷ পানী কাপ গৰম কৰি বিস্কুটখনত কামোৰ মাৰিব লওঁতেই ডিং ডং কৈ তাৰ ৰুমৰ কলিংবেলটো বাজি উঠিল ৷ মাজনিশা খন আকৌ কোন আহিল বুলি দুৱাৰখন খুলি দিয়াত হাতত টিফিন বক্স এটা লৈ ৰিচেপচনিষ্ট জন আৰু এজন ভুটীয়া মানুহ তাৰ ৰুমলৈ সোমাই আহিল ৷ মহাশয়, আপোনাৰ অসুবিধাৰ বাবে আমি অত্যন্ত দুঃখিত ৷ আচলতে আপুনি শুই থকাৰ বাব চাগে নিশাৰ আহাৰ গ্ৰহণ কৰা নহল চাগে ৷ আপোনাৰ অসুবিধাৰ কথা ৰিচেপচনিষ্ট মি:ৰিনজিনে মোক ফোন কৰি ক’লে ৷ মই হোটেল গালিংখাৰ মেনেজাৰ কিনলে দৰজী ৷ আপুনি মেগী খাম বুলি কোৱাৰ কাৰণে ঘৰতেই বনাই লৈ আহিলো ৷ কিনলে দৰজীৰ কথাখিনি শুনি অভিনন্দন স্তম্ভিত হৈ পৰিল ৷ গালিংখাৰ ৰিচেপচনিষ্ট জনৰ তত্পৰতা আৰু মেনেজাৰ কিনলে দৰজীৰ সংবেদনশীল প্ৰতিক্ৰিয়াৰ কাৰণে কি বুলি শলাগিব সি ভাষা বিচাৰি নাপালে ৷ মাজৰাতি হোটেল গালিংখাৰ দুয়োজন লোকৰ আতিথ্যত অভিনন্দন গদ্ গদ্ হৈ পৰিল ৷ ধন্যবাদ জনাই সি মেগীখিনি পৰম সন্তোষেৰে গ্ৰহণ কৰিলে ৷ পেট ভৰাই মেগীখিনি খোৱাৰ পাছত বিছনাখনত বাগৰ দি অভিনন্দনে মনতে ভাবিলে, যোৱাৰ পোন্ধৰ বছৰত কৰ্ম সুত্রে সি কমেও শতাধিক বাৰ দেশী বিদেশী সাধাৰণ লজৰ পৰা পঞ্চ তাৰকা হোটেলত থাকিছে ৷ বহুবাৰ দিন অথবা ৰাতিৰ আহাৰ খাবলৈ পোৱা নাই ৷ কিন্ত ৰান্ধনি নথকা স্বত্বেও মাজৰাতি কোনোবা হোটেল মেনেজাৰে অতিথিৰ বাবে ঘৰৰ পৰা খোৱা বনাই অনা কথা সি ভাবিবই পৰা নাছিল ৷ এইয়া একমাত্ৰ ভূটানৰ দৰে সৰলমনা ধৰ্ম পৰায়ন দেশ এখনতহে চাগে সম্ভৱপৰ ৷ প্ৰথম দিনাখনেই অভিনন্দনে ভূটানৰ ভূমিত ভৰি দি ইমান বৰ্ণিল আৰু ৰঙীন অভিজ্ঞতাৰ সন্মুখীন হব বুলি সপোনটো ভবা নাছিল ৷ সি ভূটানলৈ আহিবলৈ পোৱা সুযোগকনৰ বাবে নিজকে ধন্য মানিলে ৷ এই কথা বোৰ ভাবি ভাবিয়েই এটা সময়ত অভিনন্দন টোপনিত লালকাল দিলে ৷ কৰবাৰ পৰা উটি অহা দেৱাল ঘড়ীৰ টংটংকৈ বজা ঘন্টাৰ শব্দত টোপনিত দেখি থকা এটা সপোনৰ মাজতে অভিনন্দন ঘকমকাই সাৰ পালে ৷ হাতৰ ঘড়ীটোলৈ চাই দেখিলে সাত বাজিছে ৷ অদ্ভূত সপোনটোৰ কথা কালি লগ পোৱা ধৰ্মাত্মা লামাক জনাবলৈ তাৰ বহুত মন গৈছিল ৷ কিন্ত সি ক’ত বিছাৰি পাব সেই সৰ্বজান্তা লামাজনক ? তেওঁক বিছাৰি উলিওৱাটো বহুত কঠিন হ’ব ৷ কিন্ত তাৰ এনে লাগিছে সি দেখা অদ্ভুত সপোনটোৰ আৰত যেন কিবা ৰহস্য লুকাই আছে ৷ গতিকে সেই সপোনটোৰ অৰ্থ কাৰোবাক সুধিবলৈ তাৰ খুব মন গ’ল ৷ বিছনাৰ পৰা উঠি গা মুৰ ধুই এপাক বাহিৰলৈ গৈ ওচৰ পাজৰে কোনোবা মন্দিৰ আছে নেকি সম্ভেদ লবলৈ মন গল তাৰ ৷ কাৰণ বেয়া সপোন দেখিলে সি সদায়েই মন্দিৰলৈ গৈ ভগৱানৰ ওচৰত সপোনটোৰ পৰা হব পৰা বিপদ আপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনাই ৷ কথাখিনি মনতে ভাবি গাত পানী মগ ঢালোতেই কোনোবাই তাৰ ৰুমৰ কলিং বেলটো বজোৱাৰ শব্দ তাৰ কানত পৰিল ৷ সি লৰা লৰিকৈ গাটো ধুই টাৱেলখন মেৰিয়াই বাথৰুমৰ পৰা ওলাই আহোঁতেই পুনৰ বাৰ তাৰ ৰুমৰ কলিংবেলটো বাজি উঠিল৷ #assamesekobita #assamesepoem #bihangam #SahityaChorcha

  • অসূৰ্য্যস্পৰ্শা এই প্ৰেম

    মোৰ প্ৰেমিকাক আজিলৈকে মই লগ পোৱা নাই শ্যামল বিমল বৰ্ণিল বাস্তৱত তেওঁক দেখো সোণোৱালী সপ্নৰ সুৰীয়া লহৰত কথা পাতো শ্যমলীমা বতাহৰ মধুৰ মূৰ্চ্ছনাময় মদিৰ তৰঙ্গত দিগন্ত বুলীয়া আকাশত হিয়া থ’লেই তেওঁ মোক প্ৰেম যাছে অধীৰ আৱেগত কবিতাৰ কল্পতৰুহৈ উজ্বলি থাকে অৰুনিম সুৰুজৰ দৰে মোৰ আত্মাৰ অন্তৰত উজ্জিতাপ্ৰেম উন্নীত এই প্ৰেম অতিপাত অনিবৰ্চনীয় অতুল্য অমূল্য অমূৰ্ত্ত অনঙ্গ সৰ্বকালে সূৰ্যৰ আলোকত #assamesekobita #assamesepoem #Ohujyasporkha #SahityaChorcha

  • দুঃসময়ৰ স্তৱক

    সযতনে ৰাখিছিলোঁ যদিও দুৰ্দিনৰ কোলাহোলত হঠাৎ হেঁৰাই গ’ল স্নেহৰ দোলেৰে বন্ধা আপোন মানুহ বোৰ। অস্হিত্ব নোহোৱা হ’ল জীৱন জগতৰ সময় হ’ল দুঃসময় মনৰ মাজত আবেগৰ খলকনি লগাই বিচাৰি ফুৰিছো প্ৰশান্তিৰ সেউজীয়া সুৰ আবেগৰ ধ্বজা উৰুৱাই। অচিনাকি জনে সভ্যতাৰ মুখা পিন্ধি বাট আগচি ধৰে এন্ধাৰৰ সুযোগত। প্ৰকৃতি বোৰেই আছে মোৰ সাক্ষী। দুহাত মেলি দিছোঁ পোহৰ বিচাৰি মোৰ হৃদয়ৰ এসাগৰ স্নিগ্ধ জোনাক আকাশৰ সীমনাত ডাৱৰে আছে ঢাকি তথাপি নাপাও বিছাৰি স্নেহৰ দোলেৰে বন্ধা আপোনবোৰক, পাহাৰ পৰ্বত একাকাৰ কৰি ভাগৰত জুৰুলা হৈ ঘিট মিট এন্ধাৰত উৰে ৰাতি আছো অকলশৰে মোৰ চোতালত ৰৈ জীৱনৰ ছবিকে আঁকি। #assamesekobita #assamesepoem #dukhhomoyar #SahityaChorcha

bottom of page