top of page

 SEARCH RESULTS 

606 results found with an empty search

  • দুঃসময়ৰ স্তৱক

    সযতনে ৰাখিছিলোঁ যদিও দুৰ্দিনৰ কোলাহোলত হঠাৎ হেঁৰাই গ’ল স্নেহৰ দোলেৰে বন্ধা আপোন মানুহ বোৰ। অস্হিত্ব নোহোৱা হ’ল জীৱন জগতৰ সময় হ’ল দুঃসময় মনৰ মাজত আবেগৰ খলকনি লগাই বিচাৰি ফুৰিছো প্ৰশান্তিৰ সেউজীয়া সুৰ আবেগৰ ধ্বজা উৰুৱাই। অচিনাকি জনে সভ্যতাৰ মুখা পিন্ধি বাট আগচি ধৰে এন্ধাৰৰ সুযোগত। প্ৰকৃতি বোৰেই আছে মোৰ সাক্ষী। দুহাত মেলি দিছোঁ পোহৰ বিচাৰি মোৰ হৃদয়ৰ এসাগৰ স্নিগ্ধ জোনাক আকাশৰ সীমনাত ডাৱৰে আছে ঢাকি তথাপি নাপাও বিছাৰি স্নেহৰ দোলেৰে বন্ধা আপোনবোৰক, পাহাৰ পৰ্বত একাকাৰ কৰি ভাগৰত জুৰুলা হৈ ঘিট মিট এন্ধাৰত উৰে ৰাতি আছো অকলশৰে মোৰ চোতালত ৰৈ জীৱনৰ ছবিকে আঁকি। #assamesekobita #assamesepoem #dukhhomoyar #SahityaChorcha

  • নাই ল’ৰাৰ নীতি শিক্ষা

    নাই কোনোফালে মানৱীয়তাৰ চিন, পুৰুষৰূপে নিজকে কৰিছোঁ বহুত ঘিণ। নাই ল’ৰাৰ নীতি শিক্ষা তেজত উতলা যৌনচেতনা, দানৱৰ বিকল মগজুৰ আৱেগিক উত্তেজনা। পিতৃ মাতৃয়ে ল’ৰাক নিদিয়ে কোনো সংস্কাৰ, নিৰ্যাতন-ধৰ্ষণ আদিৰে কৰে নাৰীক তিৰস্কাৰ। ধৰ্ষণ আৰু হত্যাৰ দিনক দিনে বৃদ্ধি, যৌনক্ষুদাত শিশুকো নেৰে ভ্রষ্ট পিশাসৰ বুদ্ধি। #assamesekobita #assamesepoem #nitisiksha #SahityaChorcha

  • “মৃত্যুৰ চিঞৰ”

    আগতে শুনিছিলোঁ কিতাপ-পত্ৰত পঢ়িছিলোঁ এতিয়া স্বচক্ষে দেখিছোঁ মৃত্যুৰ চিঞৰ চৌদিশে ৷ তুমিও শুনিছা ময়ো শুনিছোঁ এইয়াই নেকি মৃত্যুৰ বিভীষিকা মৰিম এদিন সঁচা কথা কিন্তু এনেকৈনো মানুহ মৰে মৰিবৰ মন নাই মোৰ এই দৰে, এনেকৈ মৃত্যুৰ ভয় জাগিছে মোৰ৷ মই মোৰ অন্তৰ-আত্মাত এতিয়া নিজেই শুনিছোঁ৷ মোৰ মৃত্যুৰ চিঞৰ৷ #assamesekobita #assamesepoetry #mrityursiyor #SahityaChorcha

  • উপহাস

    উপহাস কৰিছা তুমি মোৰ প্ৰত্যেকটো কথাতে এতিয়া ৷ যিদিনা তোমাৰ হৃদয়ঙ্গম হ’ব সেই কথাৰ মৰ্যাদা তেতিয়া ৷৷ ভাবিবলৈ বাধ্য কৰাব তোমাক সময়ে মই কোৱা প্ৰতিটো কথা ৷ ভাগৰি পৰিবা সেইদিনা অনুসূচনা জাগিব হৃদয়ত তুমি যেনেকৈয়ে ভাবা ৷৷ মৰ্মেমৰ্মে উপলব্ধি কৰিবা মোক হেৰুৱাই পেলোৱা যাতনাত ৷ ৰন্ধে ৰন্ধে কম্পিত হ’ব তেজৰ চেকুৰা তুমি মোক দিয়া যন্ত্ৰণাত ৷৷ উপলব্ধি সেইদিনা কৰিবা যিদিনা তুমি প্ৰতাৰিত হ’বা আনৰ মৰমত হাবুডুবু খায় ৷ উপদেশ দিবলৈ তেতিয়া তোমাৰ কাষত নাথাকিম মই দুহাত মেলি তোমালৈ চাইচাই। #assamesekobita #axomiyakobita #SahityaChorcha #Upahakh

  • আন্ধাৰ বৰ প্ৰিয়

    সি দৌৰিছে প্ৰাণ টাকি বহু জোৰেৰে দৌৰিছে শৰীৰৰ সমস্ত শক্তি থুপ খুৱাই সি দৌৰিছে আন্ধাৰৰ ফালে। কাৰণ আন্ধাৰ বৰ প্ৰিয় পোহৰলৈ বৰ ভয় তাৰ বহুত ভয়। জীৱনত কষ্ট নকৰাকৈ গোটাই থোৱা ক’লা টকাবোৰ আন্ধাৰেহে ঢাকিব পাৰিব পোহৰত যে ই জিলিকি পৰিব। পোহৰত তাৰ আচল মুখাখন সুলকি পৰিব বুলি বৰ ভয় তাৰ। বাৰে বাৰে প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে প্ৰতাৰণা কৰা জনতাই আজি তাৰ চেহেৰাতো দেখিলে ঘিণ কৰিব। আন্ধাৰৰ লগত সহবাস কৰিবলৈ যিমানে প্ৰয়াস কৰিছে সিমানেই পোহৰে তাক খেদি ফুৰিছে। বগা পোচাক যোৰৰ আঁৰত থকা তাৰ ক’লা শৰীৰটো পোহৰত নগ্ন ভাৱে জিলিকি পৰিল। তথাপিও যেন সি দৌৰিব খুজিছে মাথো আন্ধাৰকে সাৱটি আন্ধাৰ বৰ প্ৰিয়। #aandharborpriya #assamesekobita #axomiyakobita #SahityaChorcha

  • আমাক এনে নেতাৰ প্ৰয়োজন

    নিকা চৰিত্ৰৰ ৰাজনৈতিক বিচক্ষণতা তন্ন তন্ন, নিৰপেক্ষ দৃষ্টিভংগী সবল ব্যক্তিত্বসম্পন্ন। জনগণৰ সতে প্ৰত্যক্ষ সম্পৰ্কত, দেশপ্ৰেমী-দেশহিতৈষী জাতীয় স্বাৰ্থত কৰ্মৰত। নিষ্ঠাৱান ব্যক্তি যি দিয়ে সকলো জাতিক সুৰক্ষা, আমাক এনে নেতাৰ প্ৰয়োজন সৰ্ব জনসাধাৰণৰ প্ৰত্যাশাপ্ৰত্যাশা। #assamesekobita #assamesepoetry #netarprayujon #SahityaChorcha

  • আজৰি

    আজি ৰাতিপুৱাই মালতীৰ অ’তবছৰে বিছনাত পৰি থকা শাহুৱেক গৰাকী একেবাৰে ঘুৰি নহা পথেৰেই গ’ল গৈ। পুতেক নথকা শাহুৱেকেও বোৱাৰীয়েককে মুখাগ্নি কৰিবলৈ কৈ থৈছিলে। সেইবাবেই ৰাইজক অনুৰোধ কৰি তাইয়েই মুখাগ্নি কৰিলে।মুখাগ্নি কৰি গা-পা ধুই আজৰি হৈ তাই কণ-কণ ল’ৰা-ছোৱালীহাল লৈ আগফালে বাৰান্দাতে বহি আছিল। তেনেতে গাঁৱৰে ৰমলাজেঠাই আহি তাইক কলে ,”তই দুখ নকৰিবি আই,শাহুৱেৰৰ কাৰণে তই বহুত কৰিলি। আজি তিনি বছৰে কম খিনি শৌচ-প্ৰস্ৰাব ধুলি নে? আজিৰ যুগত কোন বোৱাৰীয়ে কৰিব শাহুৱেকৰ কাৰণে? আজি ভাল হ’ল বুজিছনে, তইও আজিৰ পৰা আজৰি ।” ৰমলাজেঠাইৰ বুজনিয়ে মালতীৰ বুকুত শোকে খুন্দা মাৰি ধৰিলে। তাই আকাশখনলৈ চাই ভাবিলে “অত বছৰে গিৰিয়েক নথকা তাইজনীয়ে ল’ৰা-ছোৱালী দুটিক লৈ শাহুৱেকৰ পেন্সনৰ টকাকেইটাৰেই ঘৰখন চলাই আছিল। কিন্তু, আজিৰ পৰা তাই বাৰু সঁচাকৈয়ে আজৰি নে!!!” #aajori #assamesepoem #assamesepoetry #SahityaChorcha

  • জীৱনৰ কক্ষপথ

    জীৱনৰ কক্ষপথৰে যৌৱনৰ পদুলি মুখত ফুল ফুলাৰ সন্ধিক্ষণত প্ৰেমৰ সুগন্ধি সুৱাসে হিয়া মন আমোলমোলাই৷ জীৱনৰ মাদকতা প্ৰাপ্তিৰ শুভ লগ্নত ৰংমন চঞ্চল উৰি ফুৰাৰ মনে আকাশ চুবৰ মন প্ৰতিক্ষণ এভাৰেষ্ট শৃংগ বগাবৰ মন সাগৰৰ গভীৰলৈ যাবৰ মন প্ৰেমৰ নৈত উটি ভাঁহি সাত সাগৰ পাৰ হবৰ মন৷ জীৱনৰ কক্ষপথৰে যৌৱন জোৱাৰ ভাটাৰ পশ্চাৎগমনত ধোৱাই নিয়ে বালিৰ পজাঁঘৰ আশাৰ সপোনবোৰ স্মৃতি হৈ ৰয় ধূসৰিত হৈ অদৃশ্য হয় কালৰ বুকুত নিৰাশাৰে ভৰা দিঠকত প্ৰাপ্তি অপ্ৰাপ্তিৰ তুলাচনীত অস্ত যাবলৈ ধৰা সূৰুযৰ পৰশ সংগ্ৰাম মাথোঁ জীয়াই থকাৰ৷ #assamesekobita #axomiyakobita #jivonorkaxyapath #SahityaChorcha

  • বহাগৰ বতৰা

    পদূলিত উখলমাখল প্ৰাণৰে ৰঙালী বিহুৰে প্ৰাণোচ্ছল আখৰা৷ ৰঙাকৈ আঁচোৰে বুটা বচা গামোচা খনি তোমাৰ নামতে সামৰো৷৷ ঢেঁকীৰে চাবত কঁপিছে লিচিক লিচিকি কৈ লাহী কঁকালৰে ভাঁজ৷ জুৰুলি জুপুৰি কৈ তিতিছে লিপিট খাই দেহত ৰিহাৰ আঁচলৰে আগ৷৷ খুন্দিছো বকুল বৰা ধানৰে তেতেলী পটীয়া চিৰা৷ আহিবানে তুমি বিহুৰে দিনা খাবলৈ তিলৰে পিঠা৷৷ জুইশলাৰ আখলতে উলোমাই ৰাখিছো ম’হৰে আঠা দৈ৷ হেঁপাহেৰে খাবা কাঁহৰে বাটিতে মুঠি মৰা কোমল চাউল লৈ৷৷ আহোতে আনিবা কপৌফুল পাহি দিবা খোপাতে গুজি৷ ঘিলা কৈ খোপাতে জিলিকি পৰিব তোমাৰে পৰশ লাগি৷৷ দুটি ওঁঠতে বুলাই ল’ম টিকটিকিয়া ৰঙাকৈ বহমথুৰীয়ে বোল৷ দুহাতত বুলামে তুলবুলীয়া জেতুকাৰে ৰং দুচকুতে চকু ৰাখি যাম ভোল৷৷ গাতে মেৰিয়াম ৰিহাখনী সযতনে আচুঁৰি বান্ধিমে চুলি৷ তোমাৰে লগতে খোজে দিম বিহুৰে তলিলৈ হাততে হাত ধৰি৷৷ #assamesekobita #assamesepoem #bohagorbotora #SahityaChorcha

  • কবিতাৰ বাবেই মই জীয়াই আছো

    মই হয়তো কবিতাৰ বাবেই জীয়াই আছো কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো সঁচা মানুহৰ সঁচা পৃথিৱীৰ সপোন ৰচো কবিতাৰ বাবেই মোৰ অন্তৰৰ অপাৰ তৃষ্ণা কাব্যৰসামৃততেই ডুবি থাকে নিতে মোৰ কাব্যৰসামৃত বিভোৰ অন্তৰ আত্মা মই কবিতা বিছাৰো মাথোন কবিতা অনিন্দ্যসুন্দৰ সূৰ্য্য বুলীয়া সুৰম্য কবিতা ষড়ৰসসিক্ত নৱৰসসিদ্ধ সেউজীয়া কবিতা তুমি মোক মাথোন কবিতা দিয়া তোমাৰ আত্মিক ভাষাৰে মই মোৰ আত্মাক চাব খোজো কবিতাৰ অপ্ৰতিম ৰসেৰেই জ্বলাব বিছাৰো আত্মোপম আত্মাৰ পৰমাত্মিক শলিতা আজীৱন মই কবিতাৰ অপ্ৰতিৰোধ্য প্ৰেমিক অবিৰল কবিতা প্ৰেম মোৰ নৈসৰ্গিক অভিনিৱিষ্ট ব্ৰহ্মময় অভিব্যঞ্জনা অলক্তৰাগী অৰিন্দম অৰবিন্দৰে সুশোভিত অৱমোচন প্ৰদানী মহা অববুদ্ধ মৃত্যুও অসমৰ্থ বিধ্বস্ত কৰিবলৈ মোৰ কাব্য প্ৰেমৰ প্ৰাৱল্য কবিতাই মোৰ জীৱনৰ লাৱন্য সবিতা প্ৰাণভৰি ভালপাওঁ কবিতা জীয়াই থাকিবলৈ লাগে মোক কবিতা আৰু কবিতা কাব্যশিল্পৰ ঝংকাৰী শব্দৰ মাজেৰে স্পন্দিত শব্দ বিচ্ছুৰিত ভাৱৰ লহৰে লহৰে বৈ যায় অনাবিল তৰঙ্গায়িত মধুময় মূৰ্চ্ছনাৰে অনন্য অপূৰ্ব মহত্ত্বমণ্ডিত আশ্চৰ্য মুগ্ধতা অনিবৰ্চনীয় য’ত সত্য সুন্দৰৰ প্ৰজ্ঞানী মালিতা কবিতাৰ প্ৰেমত পৰি পোৱাযদি কেতিয়াবা কণক কান্তি ক্ৰান্তদৰ্শনী কাব্যিক কৈৱল্যতা গূঢ় গ্ৰাঢ় অনন্ত ৰহস্য তাৰ তুমিও বুজি পাবা আজি দিয়া মোক মাথোন কবিতা সুখ দুখ নৱৰসদীপ্ত কবিতা অনিন্দ্য সুন্দৰ কৰুণা কান্তিময় কবিতা কবিতাৰ বাবেই মই জীয়াই আছো শান্তিৰে জীয়াই থাকিবলৈ বিছাৰো মাথোন কবিতাৰ সুষমা #assamesekobita #axomiyakobita #kobitarbabeimoi #SahityaChorcha

  • বিহংগম (নৱম খণ্ড) – যাদু আৰু সাধুৰ দেশৰ দিহিঙে দিপাঙে

    গাড়ীখনৰ পৰা নামি অভিনন্দন আৰু টেক্সিৰ ড্ৰাইভাৰজনে কি হৈছে মানুহৰ ভিৰ ঠেলি উমান লবলৈ চেস্তা কৰিলে ৷ পথৰ কাষৰ পৰা ত্রিশগজ মান তলত গড়খাৱৈত এখন হুণ্ডাই নেভেৰা গাড়ী ওলোটাখাই পৰি আছে৷ চকাফুটি চুচৰি গ’ল৷ গোটখোৱা মানুহখিনিয়ে ততাতৈয়াকৈ দূৰ্ঘটনাত পতিত গাড়ীখনৰ পৰা গুৰুত্বৰ ভাৱে আহত অৱস্থাত এজন বৌদ্ধ লামা উদ্ধাৰ কৰিব সমৰ্থ হ’ল৷ কিন্তু সন্তাপৰ কথাটো হ’ল দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ভূটীয়া ড্ৰাইভাৰজন আৰু আনজন ভাৰতীয় যাত্ৰী নিহত হৈছে ৷ নিহত ভাৰতীয় জন আৰু ভূটীয়া ড্ৰাইভাৰজনৰ শেঁতা পৰা মুখ দুখন দেখি অভিনন্দন মনত বিষাদ আৰু বিস্ময়ৰ উদয় হ’ল ৷ ধৰ্মাত্মা লামাৰ কথাবোৰ মনত পৰাত তাৰ মুৰটো আচন্দ্ৰাই কৰিলে৷ কোনোমতে সি আহি গাড়ীখনৰ পিছৰ ছিট টোত বহি পৰিল ৷ মৃত ভাৰতীয় জনৰ আধাৰ কাৰ্ড খনৰ নামটো পঢ়ি অভিনন্দন শিঞৰি উঠিল৷ অভিনন্দন কাকতি, বয়স ৪২ বছৰ শালমাৰা, ধুবুৰী ৷ তাৰ সম বয়সৰ একে নামৰ মৃত লৰাজনৰ শেঁতা পৰা মুখখন দেখি তাৰ বুকুখন শোকত ভাগি পৰাৰ লগে লগে এক বুজাব নোৱাৰা ৰহস্যত আতংকিত হৈ পৰিল ৷ তাৰ মানে সচাঁকৈয়ে ধৰ্মাত্মা লামাজনে আগজাননী দিয়া মতে তাহাঁতৰ গাড়ীখন এই অভাৱনীয় দূৰ্ঘটনাটোত পতিত হ’বলগীয়া আছিল ৷ একমাত্ৰ ধৰ্মাত্মা লামাজনে তাহাঁতৰ জীৱন ৰক্ষা কৰি যোৱাৰ কাৰণে সি লামাজনৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ল ৷ লামাজনক তাৰ খুব লগ পাবলৈ মন গ’ল ৷ সৌভাগ্যবশত: চাৰি ঘন্টা ধৰি লাভ কৰা ধৰ্মাত্মা লামাৰ সান্নিধ্য কন সুঁৱৰি তাৰ বুকুখন উৰুঙা হৈ পৰিল ৷ সন্ধিয়া প্ৰায় পাচমান বজাত ৰহস্য ভৰা বৰ্ণিল অভিজ্ঞতাৰে পৰিপুষ্ট দীঘলীয়া যাত্রাৰ অন্তত অভিনন্দন অৱশেষত থিম্ফুৰ চোটেন লেমৰ (লেম মানে জংখা ভাষাত পথ) কাষত থকা গালিংখা হোটেলত উপস্থিত হ’ল ৷ বেবেচাত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ভাৰতীয় মানুহজন আৰু ভূটীয়া ড্ৰাইভাৰজনৰ কথা ভাবি ভাবি সি কেতিয়া আহি হোটেল পাই গ’ল গমেই নাপালে৷ সেই সময় চোৱাত বাৰে বাৰে ধৰ্মাত্মা লামাজনৰ কথাই তাৰ মনলৈ আহি আছিল৷ তাহাঁতক যদি মাজতে ৰখাই সময়ৰ ব্যৱধান নকৰিলে হেতেন হয়তো তাহাঁতৰ মৃত্যু অনিবাৰ্য্য আছিল ৷ এই সকলোবোৰ কথা ভাবি আহি থাকোতেই থিম্ফু চহৰখন চকু ফুৰাবলৈকে নহ’ল৷ ভাৰাক্ৰান্ত অৱস্থাত অভিনন্দনে কোনোমতে টেক্সি ড্ৰাইভাৰজনক বিদায় দি হোটেল গালিংখাৰ ৰিচেপচন কাউন্টাৰলৈ খোজ দিলে৷ জকমকাই থকা এযোৰ সেউজীয়া ৰঙৰ কিৰা পৰিহিত মৰম লগা অপৰূপ ভূটীয়া ছোৱালী তাৰ কাষলৈ আহি কৰযোৰে মুৰ দোৱাই অভিবাদন জনাই তাক ৰিচেপচনলৈ আগবঢ়াই লৈ গ’ল ৷ জেচিবি কোম্পানীৰ ডীলাৰ উগেন আৰ্থমোভাৰ্চৰ জেনেৰেল মেনেজাৰ মি: উগেন টেনজিঙে তাৰ নামত ইতিমধ্যেই ৰুম বুকিং কৰি ৰাখিছিল ৷ গতিকে পাচপৰ্ট খনৰ কপি এটা জমা দিয়াৰ পাছতেই তাক মৰম লগা ভূটীয়া ছোৱালীজনীয়ে পুনৰ তাক তাৰ ৰুমলৈ আগবঢ়াই লৈ গ’ল৷ অভিনন্দনে কিৰাৰ ওপৰত তাই পিন্ধি থকা পাতল হালধীয়া ৰঙৰ ওৱাংগো (ব্লাউজ) টোৰ ওপৰত লগাই থোৱা বেজটোৰ পৰা তাইৰ নাম টো অচাৰা বুলি গম পালে ৷ তাই ৰুমৰ দুৱাৰখন খুলিয়েই অভিনন্দনক অয়ল হিটাৰটোলৈ আঙুলিয়াই ৰাতি ঠান্ডা পৰিলে ছুইচ অন কৰি লবলৈ কলে ৷ মুখত লাগি থকা লাজ লাজ মিচিকিয়া হাঁহিটোৰে অচাৰাই তাক এফালৰ পৰা ফুড মেন্যু, টেলিফোন ডাইৰেক্টৰী, ৰাতিৰ ডীনাৰ আৰু পুৱাৰ আহাৰৰ বিবৰণ দি গ’ল ৷ ভোক আৰু ভাগৰত সি ক্লান্ত হৈ পৰিছিল ৷ ছোৱালী জনী ৰুমৰ পৰা ওলাই যোৱাৰ পাছতে সি একেকোবেই বাথৰুমত সোমাল গৈ ৷ ভৰি হাত কেইখন ধুই অলপ জিৰাই লব বুলি লাহেকৈ বিচনা খনত পৰি দিলে ৷ ধকধকীয়া বগা বিচনাচাদৰৰে পৰিপাটি কৈ পাৰি থোৱা বিচনাখনৰ একোনত আইনাৰ দুৱাৰ লগোৱা সৰু আলমাৰিৰ ভিতৰত এটা ইলেক্ট্ৰিক কেটলি,এটা সৰু বৈয়ামৰ ভিতৰত কেইখনমান বিস্কুট, এযোৰ কাপ প্লেট লগতে এখন কিতাপ সজাই থোৱা আছে ৷ আলমাৰিটোৰ ওপৰত ৰজা আৰু ৰাণীৰ যুগ্ম ফটোৰ লগতে এটা সুন্দৰ ফুলদানিও সজাই ৰাখিছে ৷ সি আলমাৰিটোৰ পৰা কিতাপ খন উলিয়াই আনিলে বেটুপাতত এজন বৌদ্ধ সন্যাসীৰ ফটোৰ তলত ইংৰাজীতে লিখা আছিল Zhabdrung,The Father of Bhutan. সোতৰ শতিকাৰ ভুটানৰ গৃহযুদ্ধৰ ওপৰত লিখা কিতাপখন লৈ অভিনন্দন বিচনাত পৰি দিলে৷ কিতাপখনত লিখা প্ৰস্তাৱনা শিতানটো তাৰ বহুত ভাল লাগিল ৷ ভূটানৰ গৃহযুদ্ধৰ পটভূমিত লিখা কিতাপখন পঢ়ি থাকোতে তাৰ কেতিয়া টোপনি আহিল সি গমেই নাপালে৷ ৰাতি দুৰৈৰ পৰা উটি অহা দেৱাল ঘড়ীৰ টংটংকৈ বজাঘন্টাৰ শব্দত অভিনন্দনৰ টোপনি ভাঙিল৷ সাৰপোৱাৰ লগে লগে ভোকত তাৰ পেট কলমলাবলৈ ধৰিলে৷ হাতৰ ঘড়ীটোলৈ চাই দেখিলে ৰাতি বাৰটা বাজিছে৷ মোবাইলটো হাতত লৈ দেখিলে ১৫টা মান মিচকল ৷ গুৱাহাটীৰ পৰা আহোতেই ইন্টাৰনেচনেল ৰোমিঙ সেৱাৰ সুবিধাৰ কৰি আনিছিল যদিও কেইটামান গুৰুত্বপূৰ্ণ ফোনকল কৰিবলৈ ৰৈয়েই গ’ল ৷ তাৰ ভিতৰত মি: উগেন টেনজিঙো এজন ৷ তেওঁ চাগে বেয়াই পাইছে ৷ তেওঁৰ নম্বৰ ৰ পৰা সাতটা মিচকল ৷ বাৰু যিয়েই নহওঁক সদ্যহতে কিবা খাবলৈ পোৱা যাব নেকি খুধিবলৈ ডাইনিঙ আৰু ৰিচেপচনত ফোন কৰি কাকোৱেই নোপোৱাত সি দুষাৰ খন খুলি ৰুমৰ পৰা ওলাই যাব লৈ লওতেই বাহিৰৰ হিম চেঁচা বতাহ এজাকে ঠেৰেঙা লগাই দিলে ৷সি খৰধৰকৈ উইন্ড চিটাৰ এটা বেগৰ পৰা উলিয়াই পিন্ধি লৈ খাদ্যৰ সন্ধান তলৰ মহলাৰ ৰিচেপচনলৈ বুলি খোজ পেলালে৷ #assamesekobita #assamesepoetry #bihangam #SahityaChorcha

  • ভূমিকম্পৰ তাণ্ডৱ

    সঘনাই ভূমিকম্পিত জনসাধাৰণ শংকিত, ভূমিকম্পৰ তাণ্ডৱ অসমবাসী আতংকিত। মাৰিছো বাহিৰলৈ দৌৰ সন্ধান সুৰক্ষিত আশ্ৰয়, নোৱাৰিছো উভতিব ঘৰত বুকুত কম্পনৰ ভয়। চিঞঁৰি চিঞঁৰি মাতিছোঁ হৰি বল হৰি, জোকাৰি গল ৰাজ্য চূৰ্ণ – বিচূৰ্ণ কৰি। জনলোকৰ প্রাণহানি বাসুন্ধৰাৰ জোকাৰণিত, আমোদজনক জলধাৰা ভূগৰ্ভৰ পৰা নিগৰিত। কম্পন প্ৰৱন ভূমি অসমৰ দুৰ্বলতা, সম্পত্তিৰ বিস্তৰ ক্ষতি জীৱন কালৰ অভিজ্ঞতা। #assamesekobita #axomiyakobita #bhomikamportandav #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page