The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- অযুত মৰমৰ নিযুত কণা
মিচিকিয়া হাঁহিৰে বাৰু কোন তুমি ৰূপহী ৰম্ভা, মেনকা কিম্বা আন অপেশ্বৰী। তোমাৰ দেহৰ ৰূপ লাবন্যই যৌৱন উতলা কৰে উঠন বুকুৰ কমনীয়তাই সোণত সুৱগা চৰে। প্ৰেম বিৰহত জৰ্জৰিত হৈ পোৱা নাই থাউনি উঠলি উঠিছে হৃদয়ত আজি যৌৱনৰ অগনি। হৃদয়ে বিচাৰে তোমাৰ মৰম হিয়া উজাৰি দিবানে বাৰু শান্তনা মোক নিৰাশা নকৰি। ৰমণী প্ৰজ্বলিত পতংগৰ লগত অগ্নিশিখাৰ আলিংগন পিয়াহৰ লগত পানীৰ যি মধুৰ মিলন যৌৱনে বিচাৰে তোমাৰ মৰম হৈ উচাটন দিবানে বাৰু অন্তৰত মোৰ চেনেহৰ আলিংগন। তোমাৰ প্ৰেমৰ সাগৰত মই উটি ভাঁহি ফুৰিম অযুত মৰমৰ নিযুত কণা তোমাৰ অন্তৰত ঢালিম। তোমাৰ মৰমত নিমজ্জিত হৈ সৰগৰ সপোন ৰচিম সুখ দুখৰ সংসাৰ খনি দুয়ো লগ হৈ পাতিম। #ajutmoromornijutkona #assamesekobita #axomiyakobita #SahityaChorcha
- অচিনাকী বনৰীয়া হাবি
শীতৰ সিক্ত পথত বনৰীয়া হাবিৰ মাজেৰে মোৰ অবিৰাম যাত্ৰা দুভৰিত লতা বোৰে মেৰিয়াই ধৰে। এচপৰা শুকুলা শিলৰ ফাঁকত শুকান পাতৰ বিননী, দুচকুৰ সপোন বোৰ অকালতে যায় মৰহি। কোনে নিব কাঢ়ি শুকান পাতৰ বেদনা সিক্ত এবুুকু দুখ। শুকান পাতৰ বিষাদ মনৰ দুমোজাত পৰি নিৰলে চাই ৰলোঁ, এচপৰা শুকুলা শিলত বহি। #assamesekobita #axomiyakobita #ochinakibonoriyahabi #SahityaChorcha
- বিৰক্তি
বহুত বেদনা বুকুত বান্ধি নিবেদিতা বিয়াত বহিবলৈ বাধ্য হ’ল। তাই শৈশৱৰে পৰা ভাল পোৱা নিকুক জীৱন সংগী ৰূপে পাবলৈ সংকল্প লৈছিল; কিন্তু তাৰ ঘৰৰ অৱস্থা ভাল নোহোৱাৰ বাবেই মাক-দেউতাকে তাৰ লগত বিয়া দিবলৈ অস্বীকাৰ কৰিলে। অনুপম ইঞ্জীনিয়াৰিং পাচ কৰি ভাল কম্পেনীত চাকৰি কৰে। তেওঁলোকৰ ঘৰৰ অৱস্থাও বহুত ভাল। তেওঁলোকৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ অহাৰ লগে লগে মাক-দেউতাকে সন্মতি জনালে। বিয়াৰ দিনা তাই কেৱল কান্দি কান্দিয়েই সময় কটালে। তাই অন্তৰৰ দুখ বুজিবলৈ কোনেও নাচালে ,কেৱল টকাক গুৰুত্ব দি তাইক ঠেলি দিলে চিৰন্তন দুখৰ মাজলৈ। #assamesekobita #axomiyakobita #Birakti #SahityaChorcha
- মৰম
মৰম মৰম তুমি গুচি যোৱাৰে পৰা মই হৈ পৰিলোঁ বৰ অকলশৰীয়া জীয়াই থকাৰ হেঁপাহকন নোহোৱা হ’ল, তুমি নোহোৱাৰে পৰা। জানানে মৰম এনে এটি ক্ষণ নাই য’ত মই নকৰোঁ তোমাক স্মৰণ, মোক অকলশৰীয়া কৰি তুমি কিয় গ’লাগৈ গুচি। হাতত হাত থৈ খোজ দিম একেলগে কৈ, তুমি মোক জীৱনৰ আধাবাটতে এৰি থৈ গ’লাগৈ কোনো অচিন দেশলৈ বিলিন হ’লা দূৰ দিগন্তত। জানানে মৰম, দাপোনত যেতিয়া নিজকে চাওঁ, সেন্দুৰ বিহীন উঁকা কপাঁলখনে মোক বৰকৈ কন্দুৱাই মৰম জানানে মৰম, তুমি যে আগতে কৈছিলা, ৰঙীন সাজে মোক জিলিকাই তুলে বুলি এতিয়া তুমি যোৱাৰে পৰা শুভ্ৰ বগা সাজে হ’ল মোৰ একমাত্ৰ সাজ। এই বগা সাজজোৰে মোক বাৰুকৈয়ে বিন্ধে মৰম। এই সাজে মোক পলে পলে অনুভৱ কৰায় তুমি যে আৰু নাই মৰম। কেতিয়াবা দেখো সপোনত তোমাক মই যে কিমান আনন্দ পাওঁ শব্দৰে বুজাব নোৱাৰো সাৰ পোৱাৰ বহু পৰলৈ মোৰ এনে লাগে যেন তুমি মোৰ লগতেই আছা, কিন্তু কিন্তু যেতিয়া নিজৰ চেতনা ঘূৰাই পাওঁ মোৰ বগা সাজজোৰে আৰু উঁকা কপাঁলখনে কয় তুমি আৰু নাই মৰম তুমি নাই। তোমাক হেৰুৱাৰ বেদনাই বুকু ফাটি যায় মৰম, বুকু ফাটি যায়। তুমিটো নাজানা মৰম, তুমি বিহীন এই জীৱৰ কিমান যান্ত্ৰনাদায়ক। মই আজিও বান্ধ খাই আছো সংসাৰৰ মেৰপাকত মৰম। কিয় গ’লাগৈ মৰম তুমি মোক অকলশৰীয়া কৰি। #assamesekobita #axomiyakobita #Morom #SahityaChorcha
- “বিভ্রান্ত বাস্তৱ”
ৰাতিপুৱাৰ পৰা ঘৰত অশান্তি, হুলস্থুল… চকুহাল মোহাৰি মোহাৰি দুৱাৰখন খুলি বাহিৰলৈ ওলাই গলো ঘটনাৰ বুজ লবলৈ,… তই আমাৰ নাক কান চব শেষ কৰি দিলি, ঘৰৰ পৰা কতো ওলাই যাব নোৱাৰা হলো! সকলোৱে মোক হাঁহে, লেদিছটোৰ ককায়েক বুলি, তোৰ লাজ নালাগিব পাৰে আমি কিন্তু বিৰাত লাজ পাওঁ, ল’ৰা হৈ জন্ম লৈছ ল’ৰাৰ দৰে থাক, দাদাৰ কথাবোৰ ঘৰৰ সকলোৱে সমৰ্থন কৰিছিল আৰু মোক বকিবলৈ আৰম্ভ কৰিছিল, কিন্তু কি কৰিম! মই নিৰুপায়, কান্দি কান্দি মবাইলটো পিটিকি ৰূমতে সোমাই আছিলোঁ, নিজৰ ওপৰতে ঘৃণা উপজিছিল, খং উঠিছিল, নিজকে সলাবলৈ বহু চেষ্টা কৰিলো, মই নিজক সলনি কৰিব নোৱাৰিলো, মই….. মই হৈয়ে থাকি গলো! চুবুৰীয়াই হয়টো নাক কোচাইছিল, মোক সমালোচনা কৰিছিল, মই সেইবোৰ গুৰুত্ব দিয়া নাছিলো, যি মন যায়, যেনেকৈ মন যায় তেনেকৈ জীৱনটো সজাবলৈ শিকিলোঁ, জীৱনৰ বাটত বহুজন লগ পালো, দুই এজনে মৰমেৰে আঁকোৱালি ললে মোক বুজিবলৈ যত্ন কৰিলে, দুই একে অশ্লীল ইংগিত দিলে, বৰ বিৰক্ত হৈছিলোঁ মই, সময় অতিবাহিত কৰিবৰ বাবেই এটা ফেচবুকত একাউন্ট খুলিলো, চিনাকি অচিনাকি বহুজনকেই বন্ধুত্বৰ এনাজৰীয়ে বান্ধিলোঁ, তেনেকৈয়ে লগ পাইছিলোঁ দুলিয়াজানৰ এজন বন্ধু, প্ৰথমে hi, helo. তাৰ পাছত ক্ৰমে ইজনে সিজনৰ প্ৰতিটো কথা মুকলিকৈ ভাগবতৰা কৰিলোঁ, দুই তিনিমাহ পাৰ হৈ যোৱাৰ পিছত ফোনত কথা পতা আৰম্ভ কৰিলোঁ, লাহে লাহে তেওঁ মোক বুজিবলৈ যত্ন কৰিছিল আৰু মই তেওঁক…, হাজাৰ দুখৰ মাজতো তেওঁৰ মৌ বৰষা মাতষাৰে সকলো দুখ নিমিষতে দূৰ কৰি মুখত হাঁহি বিৰিঙাইছিল। তেতিয়া ম’বাইলত whatsappৰ সুবিধা নাছিল সেয়ে vidio কলৰ সুবিধাও নাছিল, কেৱল ফেচবুকত ফটো চাই চায়ে ইজনে সিজনক ভালপাই পেলাইছিলো, সেইদিনা আছিল আগষ্ট মাহৰ ৮ তাৰিখ মনৰ মানুহজনৰ ওপজা দিন, ৰাতিটো মোৰ চকুত টোপনি নাই ৰাতি বাৰ বজাতেই ফোন কৰি তেওঁক মানে দিবাংচুক ওপজা দিৱসৰ ওলগ জনালোঁ, পুৱাই উঠি বিশ্ববিদ্যালয়লৈ যাওঁ বুলি ঘৰত মিছা মাটি যোৰহাট পৰা তিনিচুকীয়ালৈ যোৱা ৰেলগাড়ীখনত উঠিলো, মনত অপাৰ আনন্দ দুচকুত অযুত সপোন, সম্পূৰ্ণ এবছৰৰ পাছত মনৰ মানুহজনক সমুখৰ পৰা লগ পাম, অলপ ভয়, অলপ আশা, লাহে লাহে ৰেলখন আগবাঢ়ি যাব ধৰিলে, ঘনে ঘনে চিনাকি ষ্টেচনবোৰ পাৰ হৈ যাব ধৰিলে, লাহে লাহে ৰেলখন তিনিচুকীয়া ষ্টেচনৰ দুই নং প্লেটফৰ্মত ৰখাই দিলে, প্লেটফৰ্মত ভৰিখন নমাওতেই সুন্দৰ যুৱক এজন মিচিকিয়া হাঁহি এটা মাৰি মোৰ ফালে আগবাঢ়ি আহিল, মোৰ চকুহালকে মই বিশ্বাস কৰিব পৰা নাছিলো, ফটোত দেখা মানুহজনতকৈ সম্পূৰ্ণ বেলেগ, নিলভ চকু, মুখমণ্ডলত চুটি চুটি দাড়ি, তেওঁ ক্ৰমাৎ মোৰ ওচৰ চাপি আহিল আৰু হাতখন আগবঢ়াই দি হাত মিলালে আৰু হাতখন টানি মোক তেওঁৰ বুকুৰ মাজলৈ আজুৰি নিলে, মোৰ বৰ ভয় লাগিছিল, সকলোৱে আমাক প্ৰত্যক্ষ কৰিছিল, মই জোৰ কৰিয়েই তেওঁৰ বুকুৰ মাজৰ পৰা ওলাই আহিছিলো ….. চাহ একাপ খাই লওঁ বলা, মোৰ ভোগ লাগিছে, তুমি কি খালা, : একো খোৱা নাই, একেলগে খাম বুলিয়ে ৰৈ আছো, : কিন্ত মন্দিৰত গলা জানো! : নাই যোৱা, : তেন্তে এতিয়া চাহ একাপ খাই লওঁ তাৰ পাছত টিলিঙা মন্দিৰ যাম। : তোমাৰ যি ইচ্ছা! : বেয়া পাইছা! Sorry : কিয় বেয়া পাম! বেয়া পোৱা হলে তোমাক লগ কৰিবলৈ ইয়ালৈ নাহো। : গাখীৰ চাহ খাবা নে! ৰঙা চাহ খাবা! : তুমি যি খোৱা ময়ো তাকেই খাম ষ্টেচনতে লাগি থকা হোটেল এখনত দুয়োটাই মিঠাই এটাৰ সৈতে চাহ একাপ খাই, অ’ট এখন ভাড়া কৰি দুয়ো টিলিঙা মন্দিৰলৈ গৈছিলোঁ, সুন্দৰকৈ চাকিগজী জ্বলাই দিবাংচুৰ মংগল আৰু দীৰ্ঘায়ু কামনা কৰিছিলোঁ। আমাৰ সম্পৰ্কটো দৃঢ় কৰিবলৈ এটি টিলিঙা বান্ধিছিলোঁ, কিছুসময় তাৰ লগত হাঁহি ফুৰ্টি কৰি কটালো, চকুৰ পচাৰতে সময়বোৰ পাৰহৈ গৈছিল, আকৌ দুয়ো তিনিচুকীয়া টাউনলৈ উভতি আহিছিলো, জন্ম দিনৰ উপহাৰ হিচাপে তাৰ মনৰ পছন্দৰ এটা টিচাৰ্ট মই উপহাৰ দিছিলোঁ, তেতিয়া লৈকে বাৰ্থডে কেক কটাৰ পৰ্ব হোৱাই নাছিল, হঠাৎ চকুত পৰিল চেৰী গাৰ্ডেনখনত.. গ্লাছৰ দুৱাৰখন ঠেলি দুয়ো সোমাই গলো, সৰু কেক এটা লৈ দুয়ো হোটেল বিচৰাত লাগিলোঁ, ষ্টেচনৰ কাষতেই এখন হোটেলৰ ডাবল ৰুম এটা বিচাৰি পালো, খোৱা লোৱা সকলো অত্যাধুনিক সুবিধা আছে, জীৱনত প্ৰথম বাৰৰ বাবে ঘৰত মিছা মাতি এজন অচিনাকী মানুহৰ লগত একেলগে একেটা কোঠাত আছোঁ, মাজে মাজে এক অবুজ ভয়ে মোক চিন্তিত কৰি তোলে, ফেচবুকৰ বন্ধু, চিনাকি হোৱা এবছৰেই হল কিন্তু প্ৰথম সাক্ষাৎ, যি কি নহওঁক সেইবোৰ পাহৰি বৰ্তমানটো ভালকৈ উপভোগ কৰিছিলোঁ, ৰুমত সোমাই গা পা ধুই অলপ ফ্ৰেচ হৈ কেক কাতিলোঁ, বৰ মৰমেৰে দিবাংচুৱে মোৰ মুখত কেকপিছ লগাই দিছিল, একামুৰ খাই বাকীদুখৰ তাৰ মুখত গুজি দিছিলোঁ, মনপ্ৰাণ খুলি সি হাঁহিছিল, তাৰ হাঁহিত মই সকলো পাহৰি গৈছিলো, কেনেকৈ মানুহ ইমান আপোন হব পাৰে, সহজ হব পাৰে, আমাৰ কোনো তেজৰ সম্পৰ্ক নাই তথাপিও কিয় ইমান আপোন, কিয় মোক ইমান মৰম কৰে, কথাবোৰ ভাবি থাকোতেই সি চাৰ্টটো খুলি মোৰ কাষ চাপি আহিল, : ঐ চ’না, সি মোক মৰমতে চ’না বুলি মাতে.. : কোৱা! : তোমাৰ মোক কব লগা একো নাই নেকি? : কি কম! তুমি সকলো জানাই, তুমি কোৱা তোমাৰ কি কব লগা আছে, : মোৰ বহুত কব লগা আছে, তোমাৰ শুনিবলৈ ধৈৰ্য আছে জানো! : সঁচাকৈয়ে এতিয়া মোৰ কথা শুনা ধৈৰ্য নাই, বৰ ভোক লাগিছে, ভাত খাই লওঁ নেকি! : মই আছো তো! মোকে খোৱা। : ধেৎ ! কি যে কোৱা, তোমাক কিয় খাম আকৌ। দুৱাৰখন খুলি হোটেলৰ ছাৰ্ভিছ বয়জন সোমাই আহি দুই প্লেট ভাত মাছ-মাংসৰ সৈতে দি থৈ গল, দিবাংচুৱে মোক মাছৰ কাঁইট গুচাই দুবাৰ মান ভাত খুৱাই দিলে ময়ো তাক খুৱাই দিলো, তেনেকৈ ধেমালি কৰি থাকোতেই ভাত খাই শেষ হৈ গৈছিল, পশ্চিমৰ আকাশত ৰাঙলী বেলি মাৰ গৈছিল, বৰ ভাগৰ লাগিছিল, বিচনাৰ কাপোৰখন জাৰি জোকাৰি ভালকৈ পাৰি মোক শুবলৈ দিলে, মোৰ কাষতে দিবাংচু শুই দিলে, লাহে লাহে সি মোৰ কাষ চাপিব ধৰিলে মূৰত সুন্দৰকৈ আঙুলি বুলাই মূৰটো অলপ মালিচ কৰি দিলে, ময়ো তাৰ বুকুৰ মাজত কুচি মুচি সোমাই পৰিলোঁ, তাৰ তপত উশাহ মোৰ দেহত লাগিছিল, পাহৰি গৈছিলোঁ ঘৰখনৰ কথা, কেৱল তাৰ নোমাল বুকুখনত বিচাৰি হাবাথুৰি খাইছিলো এবুকু সঁচা আৰু নিভাঁজ মৰম। (বিঃদ্ৰঃ # গল্পটো প্ৰথম পুৰুষত লিখা হৈছে) #assamesekobita #axomiyakobita #Bibhrantabastav #SahityaChorcha
- পৰম শান্তিৰ সন্ধানত
আশানুৰাগে বহু পোখা মেলি ন সূৰুযৰ হাতত ধৰি শাওনৰ পথাৰ উপচাই অনেক শস্যৰ সৌৰভ ঢালি উজ্বলাই তুলি ৰমণীয় কৰিব বিচৰা মন আজি অক্ষমতাৰ অৱকাশত। জীৱনৰ নান্দনিক মধুৰতাই যেন সময়ৰ গতিত ককবকাব ধৰিছে অন্তহীন পাপৰিৰ সীমাৰেখাত। জীৱন জীয়াৰ মাদকতা যেন হেৰাই যাব ধৰিছে এই স্বাৰ্থপৰতাৰ অন্তৰীপত। সঁচা অৰ্থত প্রেমৰ অভিৰুচিৰে স্নিগ্ধতা বঢ়াব নোৱৰি আত্মা আজি ভীষণভাৱে মহা অনুতপ্ত। আৱৰ্জনাৰে ভৰপূৰ্ণ কলুষতা বোৰ শৰতে স্বভাৱতে নিৰ্মল কৰাৰ দৰে পৃথিৱীৰ অপূৰ্ব সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰি হৃদয় আজি হাহাকাৰ। শান্তিৰ অমিয়াৰ এটি সুবাস বিচাৰি ভৱ সাগৰ সাঁতুৰি হাবাথুৰি খাই ককবকাই থকা হিয়াই পোৱা নাই শান্তিৰ পৰশ। হে, বিধাতা আকুল প্রাণে সাতদিনৰ প্রতি দিনে অপেক্ষাত পৰম শান্তিৰ সন্ধানত যাৰ সমাহাৰত মিলাব তোমাৰ পদ কমলৰ সুকোমল পৰশ। #assamesekobita #axomiyakobita #Paramshantirhondhanot #SahityaChorcha
- মই মহা সংগ্ৰামী দুৰন্ত বাস্তৱ
মই মহা বিপ্লৱ মই মহা তান্ডৱ মহা সংগ্ৰামী দুৰন্ত বাস্তৱ সূদৰ্শণ চক্ৰ মোৰ অব্যৰ্থ অস্ত্ৰ মহা বিজয়েই মোৰ অবিকল্প লক্ষ্য কন্টকাকীৰ্ণ পথো আজি মোৰ বাবে নিষ্কন্টক মোৰ বাবে নাই দুৰ্জ্ঞেয় নাই দুৰ্গম সৰ্বকালে সবাতে মই অভ্যস্ত প্ৰগাঢ় প্ৰোজ্বল অবিচল আত্মবিশ্বাসেই মোৰ অগ্নিগৰ্ভা তেজস্বী জয়শ্ৰী সতীৰ্থ শত্ৰু বিধ্বংসী তীব্ৰ গতি মোৰ দুৰ্বাৰ অনিৰ্বাৰ অনিৰুদ্ধ মই দুৰ্বাৰ দুৰন্ত সংগ্ৰামী তীক্ষ্ণ শাণিত অস্ত্ৰেৰে মই সসস্ত্ৰ নহয় সন্ত্ৰস্ত নহওঁ পৰাস্ত অসম্ভৱ মোক কৰিবলে অৱৰুদ্ধ মহা পৰাক্ৰমী পৰাক্ৰমেৰে কঁপাম যুদ্ধক্ষেত্ৰ নেমানো পৰাজয় নহওঁ ব্যৰ্থ নহওঁ ত্ৰস্ত নহওঁ নহওঁ ক্লান্ত বিপ্লৱ বিদ্ৰোহ প্ৰদীপ্ত নিৰ্ভীক কণ্ঠ মোৰ চিৰ উদাত্ত মই অসমৰ খিলঞ্জীয়া অসমীয়া দুৰ্জেয় মোৰ বীৰত্ব দুৰ্মদ গতি মোৰ নহয় স্তব্ধ শত্ৰু বিধ্বংসী মোৰ শাণিত অস্ত্ৰৰ দুৰ্মদ গতি নহয় নহয় নমনীয় ৰুদ্ধ কৰিবলৈও নাই কাৰো সাধ্য চিৰ স্বাধীনচতীয়া লুইতপৰীয়া নিৰ্ভীক মই খিলঞ্জীয়া অসমীয়া অসম অসমীয়া সুৰক্ষাই মোৰ আজন্ম লক্ষ্যদীপ্ত জলন্ত বিপ্লৱ মই মহা বিপ্লৱ মই মহা তান্ডৱ মহাসংগ্ৰামী দূৰন্ত জলন্ত উগ্ৰ উতপ্ত অনিৰ্বাপিত বাস্তৱ সত্য শুদ্ধ নিৰ্বিকল্প সংকল্প মোৰ অবিশ্ৰান্ত নিঃশেষ হ’বলৈ নিদিওঁ নিদিওঁ কোনোদিন কোনোপধ্যে খিলঞ্জীয়াৰ ঐতিহ্যদীপ্ত ঐশ্বৰ্যমণ্ডিত অস্তিত্ব আজন্ম বিপ্লৱী মই সংগ্ৰাম মোৰ সতীৰ্থ অসমীয়া ভাষা সংস্কৃতিৰ চিৰযুগমীয়া সুৰক্ষা মোৰ আজন্ম সুৰ্য্যদীপ্ত চিৰজাগ্ৰত স্বত্ব অসম অসমীয়া ভাষা সংস্কৃতিৰ বাবে প্ৰাণ মোৰ জন্মতেই সমৰ্পিত লুইতপৰীয়া অতন্দ্ৰ সৈনিক মই চিৰ সক্ৰিয় সদা সতৰ্ক শ্বহীদৰ উতপ্ত তেজেৰে গঢ়া মই মহা বিপ্লৱী দুৰন্ত #assamesekobita #axomiyakobita #Moimahasangramidurantabastav #SahityaChorcha
- প্ৰত্যাহ্বান
মই নিজক আকিছোঁ এখন দাপোনত বিশ্বাস কৰিবলৈ হলে তুমি মই হব লাগিব, পাৰিবা? পাৰিবা? আকাশত চাং পতা সপোন বোৰক দিঠকত মেলি দিবলৈ? পাৰিবা? বৌথা বিহীন জীৱনটোক পাৰ দেখাব? পাৰিবা? মোৰ সপোনৰ জোলোঙা খন কঢ়িয়াব, কাইটেৰে ভৰা জীৱন বাটত। পাৰিবা? বিষাদ চকু পানীৰে লিখা, কবিতা বোৰ উচুপি উচুপি পঢ়িব। কৰিব পাৰিবা? সুখত থকাৰ অভিনয়, মোৰ লগত। পাৰিবা তুমি? বুকুত দাও দাও কৈয় জ্বলি থকা শোভৰ জুই কোৰাৰ পৰা মৰম বোৰ লব’লৈ। #assamesekobita #axomiyakobita #Pratyahban #SahityaChorcha
- জীৱিত মানৱ
মই জীৱ শ্ৰেষ্ঠ মানৱ জীয়াই থকাৰ দোৰ্ঘোৰ মোহ! মই স্বাৰ্থহীন নিৰিহ এগৰাকী অবলা নাৰী। সদৌটিৰ সৰ্বাংগীন উন্নতিৰ হকে কণ্টকাকিৰ্ণ পথেৰে- পথভ্ৰষ্ট নোহোৱা মই নিৰ্ভীক নাৰী। দুচকুত ৰঙীন সপোনৰ ভাষাৰে, অন্তৰ চুই যাওঁ মই বহুতৰে নিৰ্ভীকতাৰে। হ্ৰস্বম্যাদী জীৱনত জীয়াই থকাৰ তাড়নাতে, অগ্ৰসৰ হওঁ মই দুগুন উৎসাহেৰে। মনৰ হাবিয়াস নিলিম দুচকুত, মলিয়ন হৃদয় বোৰ নিকা কৰা স্বাৰ্থতেই আছো জীয়াই। কাৰোঁ অন্যায় অবিচাৰক আশ্ৰয় নিদিয়া, মোৰ অক্লান্ত মন। নিৰিহ জনতাৰ স্বাৰ্থত অসীম সাহসীকতাৰে আগুৱাই যোৱা মৰ সাহ আছে বুকুত, মাৰ বান্ধি থিয় দিম দুৰ্ভগীয়া নাৰীৰ স্বাৰ্থত, জীৱন্ত মানৱ হৈ স্বাৰ্থপৰ এই পৃথিৱীত। মই প্ৰতিমা নহয় একেঠিৰে চাই ৰবলৈ, জীৱন্ত দেৱীৰ ৰূপত মহিষাসুৰ ৰূপী দুৰ্জনৰ বাবে মই মৃত্যুৰূপী কালান্তিকা কালী। মোৰ অৱশিষ্ট খিনি মৃত্যুৰ পাছতো, জীৱিত মানৱ ৰূপে বিলিন হওঁক এই পৃথিৱীত। সকলো নিশেষ হোৱাৰ পাছতো, ঢিমিক ধামাক কৈ উজ্জ্বলি ৰওঁক, সৰ্বহাৰা জীৱিত মানৱ হৈ। ইতিত জীৱিত মানৱ। #assamesekobita #axomiyakobita #Jivitamanab #SahityaChorcha
- মোৰ দেশ
মই জন্মলভা মোৰ শ্যামলী দেশ, সনাতন সংস্কৃতিৰে উদ্ভাসিত মোৰ দেশ। যুগ-যুগ ধৰি ভগৱানৰ লীলাভূমি, মোৰ দেশ; মহা মহা ঋষিমুণি, মহা মনীষীৰ চিৰ আৰাধ্য পৱিত্র ভূমি মোৰ দেশ। শত-সহস্র বিধর্মীৰ আক্রমণেও টলাব নোৱাৰা বীৰভূমি মোৰ দেশ। মোৰ দেশৰ প্রতিটো ধূলিকণাৰ ৰন্ধ্রে ৰন্ধ্রে পাওঁ মই দেশমাতৃক পূজাঁ কৰাৰ দূর্নিবাৰ আকুলতা। শত সহস্র জনমৰ অন্তত আমাৰ জনম এই পূণ্য ভাৰত ভূমিত। #assamesekobita #axomiyakobita #Murdesh #SahityaChorcha
- মৰমৰ মা
অ’ মা আজি তোমালৈ বৰকৈ পৰিছে মনত, কেনে আছা বাৰু তুমি!!!!! মই যে আগতে বেলি পৰলৈ শুই আছিলো তুমি যে কৈছিলা আনৰ ঘৰলৈ উলিয়ায় দিলে কি যে হ’ব তোৰ!!!! অ’ মা তুমি মিছাতে চিন্তা কৰিছিলা আজি কালি মই কাউৰীয়ে কা নকৰোতে উঁঠো। আৰু কি জানা মা আগতে যে মোৰ সাধাৰণ পানী লগা জ্বৰ হ’লেই পৰি থাকিছিলো বিছনাত এতিয়া মোৰ বেমাৰ হ’লেও আহৰি নাই। যোৱাকালি মাছ কাটোতে আঙুলিটোয়ে কাটিলে হ’লেও মই কাম কৰিয়েই আছো এহ্ বৰ বেছি চিন্তা নকৰিবা, অলপমান হে কাটিছে। আজি যে উজুতি খাই সোঁ ভৰিৰ বুঢ়া আঙুলিৰ নখটোয়ে উঘালি গ’ল, আয়ৈ বৰ বিষাইছে মা তুমি ও চাকে মই তোমাক মনত পেলোৱাৰ দৰে মোক মনত পেলাইছা ন’ মা। সেয়ে চাগে মই উজুটি খালো। অ’ মা তোমাৰ হাতৰ ভাত খাবলৈ বৰকৈ মন গৈছে!!! কিন্তু মই বুজো মা যাওঁ বুলিয়েটো যাব নোৱাৰো তোমাৰ কাষলৈ। অ’ মা মই যদি ছোৱালী নহৈ ল’ৰা হ’লো হয়!!!! চিৰদিন তোমাৰ কাষতে ৰ’লো হয়!! তোমাৰ শ্ৰী চৰণত মোৰ শতকোটি প্ৰণাম মা। মই আজি উপলব্ধি কৰোঁ মা তোমাৰো চাগে আগতে মই এতিয়া অনুভৱ কৰাৰ দৰে নিজৰ এৰি অহা মা ৰ ঘৰখনলৈ মনত পৰিছিল নহয় নে মা। হ’ব দিয়া বহুত লিখিলো। আজিলৈ ইমানতে সামৰিলো। শেষত ঈশ্বৰৰ ওচৰত তোমাৰ মংগল কামনা কৰিলো। #assamesekobita #axomiyakobita #Moromormaa #SahityaChorcha
- বহাগৰ বেদনা
ইয়াতেই হয় ঠিক ইয়াতেই মোৰ হিয়াত দপ্ দপাই পাৰ হৈ যোৱা এটি মধুময় উতলা সন্ধিয়াত অচিন বিহু কুঁৱৰীৰ উতলা যৌৱনেৰে অন্তৰ বেদনাৰ মাজত হেৰাই গৈছিল মোৰ চঞ্চল অবিচল যৌৱনৰ উতনুৱা বগা ঘোৰাটো । সেই মৃত্যুঞ্জয়ী বহাগ আকৌ আহিল ফাগুনৰ লাহ্দি সেউজ সুৰীয়া হৈ চঞ্চল আঁহতৰ তললৈ , লালিত্যময় কল্লোলপূৰ্ণ লুইতৰ পাৰলৈ বিষাদ বেদনাৰে গধুৰ হৈ। অথচ সেই ৰমনীয় ৰমনী নাহিল। মোৰ মানস পটৰ ছবি আঁকিবলৈ সোণালী সপোনেৰে সতেজ সজীৱ কৰিবলৈ। তেওঁ নুবুজিলে চাগে ৰিক্ত হিয়াৰ তিক্ত ব্যথাৰ বিহু কোঁৱৰৰ মুক বেদনা। বলিয়া ফাগুনৰ উতলা বতাহ হৈ এতিয়া মাথোন যন্ত্ৰনা সময়ৰ গতিত হ’লগৈ অতীত সিঁচি যোৱা বেদনা স্মীতিত। #assamesekobita #axomiyakobita #Bohagorbedona #SahityaChorcha











