top of page

 SEARCH RESULTS 

Search this site

606 results found with an empty search

  • মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ

    মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ বন্ধু …. প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ__ মই বিচাৰোঁ তোমাৰ সহযোগী হ’ব লৈ তোমাৰ সুখত সুখী আৰু তোমাৰ দুখত দুখী হ’ব বিচাৰোঁ সৌ যে দেখিছা সু-উচ্চ শিখৰ তাত দুয়ো একেলগে বগাব খোজোঁ প্ৰতিদ্বন্দিতাত তোমাক হৰুৱাই হয়টো মই ক্ষন্তেক আনন্দ পাব পাৰোঁ সেই খনিক আনন্দৰ বাবে মই তোমাক হেৰুৱাব নোখোজোঁ বন্ধু …. হেৰুৱাব নোখোজোঁ __ তোমাৰ প্ৰতিভা হ’ওক মোৰ বাবে প্ৰেৰণা তোমাৰ সাফল্য হ’ওক মোৰ আনন্দৰ উৎস তোমাৰ সাফল্যৰ পথত প্ৰতিদ্বন্দ্বী হৈ বাধাৰ প্ৰাচীৰ হ’ব নোখোজোঁ বন্ধু …. বাধাৰ প্ৰাচীৰ হ’ব নোখোজোঁ __ প্ৰকৃতিৰ দৰে নীৰৱে নীৰৱে সময়ৰ কাম মই সময়ত কৰি যাব বিচাৰোঁ সাগৰৰ বুকুৰ এটোপাল পানী হৈ ময়ো মিলি যাব খোজোঁ গভীৰতাৰ বুকুত বন্ধু …. মিলি যাব খোজোঁ গভীৰতাৰ বুকুত আকাশৰ দৰে বিশাল হ’ব খোজোঁ সেই বিশাল দুবাহুৰে মৰমেৰে সাৱতি ধৰি ৰাখিব খোজোঁ সেউজীয়া ধৰণীক যাৰ বুকুত ৰং বোৰে ফুল হৈ ফুলে ৰঙৰ সমাহাৰে পখিলা হৈ উৰে _ মই চাব খোজোঁ প্ৰকৃতিৰ নিৰ্মল সৌন্দৰ্য হৃদয়ত অনুভৱ কৰিব খোজোঁ প্ৰকৃতিৰ উদাৰতা প্ৰকৃতিৰ নিস্বাৰ্থ প্ৰেমত মই বিভুৰ হ’ব খোজোঁ বন্ধু …. বিভুৰ হ’ব খোজোঁ _ মই জ্ঞানান্ধ হ’ব নোখোজোঁ বন্ধু …. জ্ঞানান্ধ হ’ব নোখোজোঁ __ মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ বন্ধু …. প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ #assamesekobita #axomiyakobita #moitumarpratidandihobonibisaru #SahityaChorcha

  • হিন্দু নহয় মই মুছলীম নহয়

    ধৰ্মীয় কুখ্যাত সন্ত্ৰাসবাদ নহয় যদি উৎস্খাত অৰ্থহীন অস্তিত্ব ৰক্ষাৰ আন্দোলন অৱৰোধ হুংকাৰ প্ৰতিবাদ সুৰক্ষিত কৰিবলৈ জাতিৰ অস্তিত্ব মহানতম বীৰত্বৰে গঢ়িবই লাগিব জাতীয়তাবাদ সবল অক্ষয় সত্যনিষ্ঠ সুৱদী সুৰীয়া নিস্বাৰ্থ নেতৃত্ব নিষ্ঠ নীৰৱচ্ছিন্ন জক্ মকীয়া জাতীয়তাবাদ হিন্দু মুছলীম নহয় মই নেজানো অধৰ্ম নেজানো অসত্য নুবুজো নেজানো নেলাগে বৰ্ণবৈষম্য অসমী আইৰ মই খিলঞ্জীয়া অসমীয়া বীৰপুত্ৰ ভাষা সংস্কৃতি জাতিৰ অস্তিত্ব কৰিমেই কৰিম সুৰক্ষিত মোৰ তেজে তেজে তগ্ বগ্ কৰে শ্বহীদৰ তেজেৰে গঢ়া অপ্ৰতিৰোধ্য সব্যসাচী বীৰ্যবান বীৰত্ব বাৰেৰহনীয়া অসম অসমীয়া ভাষা সংস্কৃতি মোৰ অকহি পুৰুষীয়া আজন্ম স্বত্ব হিন্দু নহয় মই মুছলীম নহয় অসমৰ অসমীয়া মই অপ্ৰতিৰোধ্য মোৰ স্বদেশপ্ৰেমী বীৰত্ব ৰাখিবলৈ অস্তিত্ব জাতীয়তাবাদ গঢ়াতো আজি অনিবাৰ্য অনিবাৰ্য অনিবাৰ্য জন জাগৰণ জন ঐক্য অনিৰুদ্ধ মোৰ উদাত্ত অগ্নিকণ্ঠ অসমৰ খিলঞ্জীয়া অসমীয়া মই হাতত হেংদাং অস্তিত্ব ৰক্ষাৰ ৰণতুৰ্য্য আজন্ম বিপ্লৱী মহা পৰাক্ৰমী অসমীয়া মই অসমৰ ভূমি পুত্ৰ #assamesekobita #axomiyakobita #hindunohoimoimuslimnohoi #SahityaChorcha

  • বৃদ্ধাশ্ৰম

    জীৱনৰ শেষ আশ্ৰয়ৰ স্থল বৃদ্ধাশ্ৰম | জীৱনৰ শেষ আশ্ৰয়ৰ স্থল বৃদ্ধাশ্ৰম | জী-জোঁৱাই,পুত্ৰ- বধূৰ ব্যস্ত জীৱন | জী-জোঁৱাই,পুত্ৰ-বধূৰ ব্যস্ত জীৱন | অভিশাপ নিদিওঁ কাকো, এয়েতো জীৱন ! কামনা কৰোঁ সবৰ উজ্জ্বল জীৱন ; কিয়নো!তেওঁলোক মোৰ আঁচলৰ ধন | #Assamesestabak #axomiyastabak #bridhashram #SahityaChorcha

  • সস্তুষ্টি

    পত্নীৰ অন্তেস্তিক্ৰিয়া সমাপ্ত কৰি যোগেনে স্বস্তিৰ নিঃশ্বাস এৰিলে ।তেওঁৰ বাবে পত্নীৰ মূল্য নিজতকৈও বেছি।পত্নীৰ বিয়োগত তেওঁ মৰ্মাহত হৈছে ।সকলো ফালে নিৰাশাৰ জোৱাৰ উঠিছে। দিশহাৰা হৈ পৰিছে। তথাপি তেওঁ স্বস্তিৰ নিঃশ্বাস এৰিছে।কিয়নো পত্নীৰো শেষ ইচ্ছা আছিল তেওঁ জীয়াই থাকোতেই সংসাৰৰ পৰা বিদায় মগা। পত্নীৰ শেষ আশা পূৰ্ণ হ’ল।শাঁকে-সেন্দুৰে বিদায় ললে পতিৰ কোচত মূৰ থৈ। পত্নীৰ শেষ ইচ্ছা পূৰণ হোৱাৰ বাবে তেওঁ সুখী। পত্নীয়ে এনে দুৰ্বিষহ বেদনা আৰু কষ্ট ভোগাতো তেওঁৰ অন্তৰাত্মাই কেতিয়াও সহ্য কৰিব নোৱাৰে ,কাৰণ পত্নী তেওঁৰ বাবে নিজতকৈও মূল্যবান। #Assamesegolpa #Axomiyagolpa #SahityaChorcha #santushti

  • প্ৰেয়সী বিহীন প্ৰেমিক মই

    ঐ মোৰ আপোন প্ৰেয়সী মোৰ হৃদয়ৰ ডায়েৰীত কতবাৰ, কতবাৰ লিখিলোঁ তোমাৰ নাম কিন্তু তুমি উমান ল’ব নাজানিলা মোৰ সমস্ত ভালপোৱাক সপি দি তোমাৰ নামত আজি যেন ভাগৰি পৰিছো মই প্ৰেমৰ পাশা খেলত, চাল্লা, স্বাৰ্থপৰ তুমি মোৰ সুখত সুখি হোৱাৰ দুখত দুখী হোৱাৰ সপোন দেখুৱাই ভাঙি পেলালা হেঁপাহৰ বালিঘৰ তুমি স্বাৰ্থপৰ প্ৰেয়সী। নিতৌ চিঞঁৰি চিঞঁৰি কৈছিলা মোৰ সপোনৰ ভাজঁত তুমি তমসাৰ প্ৰহৰী হাঃ হাঃ তমসাৰ প্ৰহৰী,, এতিয়া তুমিয়েই দেখোন আপোন জনৰ সৈতে নতুন স্বপ্নত বিভূৰ‌ হৈ পৰিছা আৰু মই মই সুৰাৰ ৰাগীত মাতাল হৈ পৰা দুৰন্ত প্ৰেমিক। নালাগে নালাগে তোমাৰ আপোন প্ৰেমিকৰ বতৰা পাহৰি পেলাইছো মই মোৰ প্ৰেয়সীৰ ঠিকনা মিছাতেই আজন্ম প্ৰেমিক হোৱাৰ সপোন দেখিছিলো,সেইয়া দেখোন বৃথা,, তুমি তোমাৰ পথত যোৱা আৰু মই মোৰ পথত তুমি বিলাতী ৰেষ্টুৰেন্টত বহিবা মই চিগাৰেটৰ ধোঁৱাৰ লগত সুৰাৰ আদ্দাত বহিম, ধেত,,চাল্লা, তুমি ক’ত মোৰ কথা শুনিবা তুমিনো কেতিয়া মোৰ দুচকুৰ মাজত থাকি মোৰ বুকুৰ উমান লৈছা ক’তনো বুজিবা মোৰ জীৱন গাথাঁ, নহয় নহয় তুমি মোৰ আপোন প্ৰেয়সী নহয় স্বাৰ্থপৰ তুমি, কলোৱেই দেখোন প্ৰেয়সী বিহীন প্ৰেমিক মই নালাগে মোক এপলক তৃষ্ণা নালাগে মোক প্ৰেমৰ আলিংগন লাগে মাথো সুৰাৰ চুম্বন। #assamesekobita #axomiyakobita #preyakhibihinpremikmoi #SahityaChorcha

  • বছৰটোৰ বিদায় ক্ষণ

    বছৰটোৰ বিদায় ক্ষণ হ’ল সমাগত, তিতা-মিঠা অভিজ্ঞতা থাকিল লগত; আগন্তুক বছৰ যেন আশাপূৰ্ণ হয়, তাকেই কামনা কৰোঁ প্ৰভূৰ চৰণত| #assamesekobita #axomiyakobita #bosorturbidaikhyan #SahityaChorcha

  • অচিনাকি হাঁহি

    পুৱা সবিতাৰ কিৰণত ফুলি উঠিল, দুটি ওঠঁৰ মিচিকিয়া হাঁহি। তোমাৰ কবিতাৰ প্ৰতিটো শব্দত বিচাৰি পাওঁ প্ৰেমৰ এনাজৰী। এজাক বতাহে আহি কাঢ়ি নিলে শব্দৰ গাঠনি। অস্ত যোৱা বেলিৰ শেষ প্ৰহৰত কেচ বচা ৰিহাৰ আচলত মুখ লুকুৱাই জুমি জুমি চাওঁ। আহিবানে আকৌ তুমি? আছুটীয়া কৈ ৰাখিছোঁ তোমাৰ স্মৃতি! দিবানে সহাৰি মোৰ সপোনৰ কাৰেঙত উমলি আছে, তোমাৰ দুটি ওঠঁৰ হাঁহি। #assamesekobita #axomiyakobita #ochinakihahi #SahityaChorcha

  • হৃদয়ৰ নিভৃত কোণত

    হৃদয়ৰ নিভৃত কোণত আঁকি ললো তোমাৰ ছবি হৃদয়ৰ নিভৃত কোণত আঁকি ললো তোমাৰ ছবি অধিক আগ্ৰহী হৈ পাৰ কৰোঁ দিন ৰাতি । যিদিনা হ’ব মিলন সিদিনাই হ’ব মোৰ ৰঙীণ জীৱন । #assamesekobita #axomiyakobita #hridyarnibhritkunot #SahityaChorcha

  • অমানুষিক

    সৰুতে ঘাটমাওৰা হোৱা নিকুমনিয়ে একমাত্ৰ ভায়েকক মাকৰ মৰম দি তুলি-তালি ডাভঙৰ-দীঘল কৰিলে। ভায়েক ডাঙৰ হ’ল। মদৰ ব্যৱসায় আৰম্ভ কৰিলে |বায়েকে মানা কৰা স্বত্তেও নুশুনিলে। মদপী ঘৰত নধৰা হ’ল ;বায়েকৰ নিৰাপত্তা নোহোৱা হ’ল। আজি নিকুমনিক চুলিত ধৰি চোঁচোৰাই ঘৰৰ পৰা বাহিৰ কৰি দিলে মৰমৰ ভায়েকে ;কাৰণ তাই অমান্তি হ’ল মদপীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ। গাঁৱৰ মানুহেও চাই থাকিলে নীৰৱ দৰ্শক হৈ। #assamesekobita #axomiyakobita #omanushik #SahityaChorcha

  • ফেচ বুকৰ মহিমা

    তুমি মোৰ বা, তুমি মোৰ ভণ্টী, তুমি দাদা, তুমি ভাইটি, তুমি দেৱৰ, তুমি মোৰ অন্তৰ জয় কৰা অন্তৰংগ বন্ধু| আমি কোনেও কাকো চিনি নাপাও| কিন্তু ইমান আপোন কিয় বাৰু? বিন্দীৰ সমান ফটোখনেই একমাত্ৰ চিনাকী দাপোণ| ফেচ বুকত টাইপ কৰা আখৰ কেইটা ইমান আপোন!! কিযে এক আন্তৰিকতা বহন কৰি লৈ আহে কাষলৈ! এইখন সংসাৰ ঘৰৰ ভিতৰত আবদ্ধ নহয়, এই খন সীমাহীন সংসাৰ| ইংলেণ্ড, আমেৰিকা, স্পেইন, ভাৰত, সাগৰ -মহাসাগৰ আদি একোৱেই বাদ পৰা নাই এই সংসাৰৰ পৰা| “বহুত ধন্যবাদ বা” দূৰ-দূৰণীৰ পৰা উৰি অহা আখৰকেইটাই কিযে এক আন্তৰিকতা কঢ়িয়াই আনে হৃদয়লৈ!! অথচ আজিলৈকে শুনিবলৈ পোৱা নাই মাত এষাৰ, ক’ত ঘৰ, কি কৰে, একোৱেই নাজানো| তথাপি ইমান আপোনভাৱ জাগে কিয় বাৰু? ফেচবুকত দিয়া পোষ্টবোৰত মোৰ চিনাকী সংসাৰ খনৰ সদস্য সকলে যেতিয়া সঁহাৰী নজনাই অভিমানত মুখ ফুলি যায়| লগতে চিন্তা হয় “কিবা বিপদ হৈছেনে বাৰু?” কিন্তু তেওঁলোকনো মোৰ কি হয়? এইয়াই হৈছে আন্তৰিকতা| এইখন সংসাৰত কোনো অকলশৰীয়া নহয় ,সকলোৰে থাকে একোটা বিৰাট পৰিয়াল| #assamesekobita #axomiyakobita #facebookrmohima #SahityaChorcha

  • প্ৰেমৰ সংজ্ঞা

    ফেচবুকত চিনাকি৷ দিনটোত এবাৰ হলেও বেলকনিৰ বাৰান্দাত নবহিলে ভাল নালাগে৷ বেলকনিৰ বাৰান্দাত বহি মবাইলটো অন কৰি ব্যস্ত হওঁ অনলাইনত৷ ৰাস্তাৰ সিটো পাৰে তাইৰ ঘৰ৷ তাইয়ো খিৰিকীৰ কাষত বহি মবাইলত ব্যস্ত হৈ থকা দেখোঁ৷ সুন্দৰ মৰম লগা মুখখনি৷ দীঘল চুলিখিনিৰে তাইক আৰু বেছিকৈ মৰমিয়াল দেখায়৷ তাইৰ লিখনিবোৰৰ যোগেদিয়েই আচলতে আমাৰ চিনাকি৷ লাইক কমেণ্টৰ মাজেদি চিনাকি চিনাকি মনোভাৱৰ মানসিকতা এটি গঢ় লৈ উঠিছে৷ বেলেগ কথা কেতিয়াও কোনোদিনেই নোহোৱাকৈ দুয়োৰে মাজত বিশেষধৰণৰ আকৰ্ষণ এটি গঢ় লৈ উঠিছে৷ তাইৰ প্ৰফাইল দিনটোত এবাৰ হলেও খুলি চোৱা অভ্যাসত পৰিণত হৈছে৷ তাইয়ো তাকে কৰে প্ৰফাইল ভিওৱাৰৰ পৰা গম পায় থাকো৷ এইয়া হয়তো প্ৰেম ভালপোৱাৰ সংজ্ঞাত পৰিব চাগে৷ এতিয়া লাহে লাহে চকুৰ আকৰ্ষণ আহি পৰা যেন অনুভৱ হৈছে৷ দিনটোত এবাৰ হলেও সেইকাৰণেইতো বেলকনিৰ বাৰাণ্ডাত বহিব মন যাই৷ এইয়াও হয়তো প্ৰেম ভালপোৱাৰ সংজ্ঞাত পৰিব চাগে৷ সময়ৰ গতিত হাত মুৰ আদিৰ ক্ৰিয়া আৰম্ভ হব ধৰিছে৷ মুখেৰে কথা কব নোৱাৰা বোৰৰ দৰে আকাৰ ইংগিতেৰে কথা কোৱাৰ দৰে হব ধৰিছে৷ আকৰ্ষণ বৃদ্ধি পোৱা বাবে এনেকুৱা হব পাৰে ৷ এইয়াও হয়তো প্ৰেম ভালপোৱাৰ সংজ্ঞাত পৰিব চাগে৷ লাহে লাহে ফেচবুকৰ পৰা ওলাই বাহিৰা জগতৰ পৰা খবৰ কৰি গম পালো তায়ো যে মোৰ দৰেই মুক্‌বধিৰ বিকলাঙ্গ ৷ তেতিয়ালৈ হয়তো প্ৰেমৰ সংজ্ঞাই সম্পূৰ্ণৰূপে চুই গৈছিল৷ #assamesekobita #axomiyakobita #premorhongya #SahityaChorcha

  • এটি আধৰুৱা জীৱন

    খণ্ড -১ পাহী বৰ ৰাংঢালী ছোৱালী। সকলো সময়তে মুখত হাঁহি, মাক-দেউতাকৰ আলাসৰ লাৰু। দেউতাক এখন চাহ বাগিচাৰ মেনেজাৰ সেয়ে তাইৰ শৈশৱ আৰু যৌৱন কাল বাগানতে পাৰ হ’ল। চাহ বাগিছা খনত যেন তাইৰ প্ৰাণটো সোমাই আছে। গধুলি ৰিনিকি ৰিনিকি বাজি অহা মাদলৰ সুৰ, ঝুমুৰ গীতৰ লগেলগে ভাহি আহা সুমধুৰ বাঁহীৰ সুৰ, আ্হ তাইৰ মন প্ৰাণ চঞ্চলা কৰি তোলে। তাই আপোনপাহৰা হৈ যায়। সচাঁয়ে কথাটো নোহোৱা নহয় চাহ বাগিছাৰ সেউজীয়াই সকলোৰে মন আকৰ্ষণ কৰে কিছু মূহুৰ্তৰ বাবে হ’লেও মানুহে নিজৰ অতীতৰ সুমধুৰ স্মৃতিলৈ ঘূৰি যায়। স্কুলীয়া দিনত গৰম বন্ধত পাহী তাইৰ মৰমৰ পেহীয়েকৰ ঘৰত কটায়। পৰীক্ষা আৰম্ভ হোৱাৰ আগতে তাই পেহীয়েকলৈ খবৰ পঠিয়াই কোন দিনাখন পৰীক্ষা শেষ হ’ব? কোন দিনাখন পেহাক আহিব লাগিব তাইক নিবলৈ? তাই পেহীয়েকৰ ঘৰত থকা কেইদিন তাইৰ মতেই সকলো হয়। ৰাতিপুৱাৰ জলপানৰ পৰা ৰাতিৰ আহাৰলৈ সকলো তাইৰ পছন্দ মতে। তেতিয়া বাবুলৰ বৰ খং উঠে। (পেহীয়েকৰ ল’ৰা) কেতিয়া যে যাব এই বান্দৰী জনী বুলি মাকক কয়। হ’লেও ভনীয়েক জনীক চাইকেলত বহুৱাই সি সদায় গাওঁ খন এপাক মাৰিবয়ে। বন্ধ শেষ হোৱাৰ আগত তাই ঘৰলৈ গুছি যায়। পেহীয়েক জনীৰ মনটো দুদিন মান বেয়া লাগি থাকে। দিনবোৰ বাগৰিব ধৰিলে লাহে লাহে পাহী ও এজনী দীপলিপ ধুনীয়া গাভৰু জনী হৈ পৰিল। এতিয়া তাই পেহীয়েকৰ ঘৰলৈ গ’লে ককায়েক বাবলুয়ে নিব আহে আৰু থবলৈ ও আহে। ব’হাগ বিহুৰ প্ৰথম দিনা তেওঁলোকৰ তাত বিহুৰ বৰ ডাঙৰ শোভাযাত্ৰা হয়। তাইৰো যাবৰ মন সেয়ে ককায়েকক মাতি পঠিয়ালে কাৰণ দেউতাকে অকলে লগৰ ছোৱালীৰ লগত যাব নিদিয়ে। কথামতেই ককায়েক আহিল। তায়ো মেখেলা চাদৰ পিন্ধি সাজো হৈ ৰৈ আছিল। বাবলু — অই ভন্টি হ’ল নে তোৰ আহ সোনকালে। পাহী ওলাই আহিল। পাছে পাছে পাহীক মাক-দেউতাক, অই বাবলু এইক ভাল দৰে নিবি। বৰ ভিৰ হয় তাইৰ হাত খন ধৰি ৰাখিবি বুলি মাকে কলে। পাহী — হ’ব দিয়া পাৰিলে পঘা দালকে দিয়া, বান্ধি ল’ব দাদাই মোক। কৈ হাঁহিব ধৰিলে। তাইৰ কথাত আটায়ে হাঁহিব ধৰিলে। বাবলু — আজি মোৰ ফালে চেটেপ। তোক এইদৰে লৈ ফুৰিলে আন ছোৱালীয়ে মোক নাচাবয়ে। আগৰ পৰা বুকিং বুলি। পাহী — এহ হ’ব দে যি তোৰ চেহেৰা। এনেকৈ ধেমালি কৰি কৰি আহি চহৰ পালেহি। পাহীৰ কি আনন্দ চাৰিওফালে লোকে লোকাৰন্য। সৰুৰ পৰা ডাঙৰলৈ সকলো ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিছে। ল’ৰা বোৰৰ কান্ধে কান্ধে একো একোখন ফুলাম গামোচা। শোভাযাত্ৰা আৰম্ভ হ’ল বাৰে বৰণীয়া কৃষ্টি -স্ংস্কৃতিৰ এক অলৌকিক মনোমোহা দৃশ্য। ককায়েকে তাই হেৰাব বুলি হাত খন পাৰে মানে টানকৈ ধৰিছে। বাবলু — ভনী বৰ ভিৰ হৈছে। লাহে লাহে আগ বাঢ়ি ওলাই যাম দেই। পাহীয়েও হ’ব ক’লে। তেনেতে তাইৰ চকু গ’ল তাইৰ বিপৰীত ফালে ৰৈ থকা ল’ৰা এজনলৈ সি ইমান সমাগমৰ মাজতো তাইক ৰ’ লাগি চাই আছে। তাইৰ খ্ং উঠিছিল। কি ল’ৰা এইটো ছোৱালী নেদেখা নিচিনা কৈ চাই আছে। তাই মুখ খন চাদৰৰ আগে দি ঢাকি ললে। সিহঁতি যিমানে আগুৱাই। ল’ৰা জনেও তাৰ লগৰ কেইটাৰ লগত আগুৱাই। অৱশেষত সি সিপাৰৰ পৰা আহি প্ৰায় সিহঁতৰ কাষ পালেহি। তাইৰ হাতত বাবলুক ধৰি থকা দেখি ল’ৰাজনৰ মুখখন ক’লা মলা হৈ গ’ল। পাহীয়ে তাৰ সেতা পৰা মুখ খন দেখি গম পালে তাৰ কাৰণ আৰু অনিচ্ছা সত্ত্বেও তাই বৰ জোৰেৰে হাঁহিলে। বাবলু — কি হ’ল অ’ ভনী। হাঁহিছ যে গৰমতে পাগলী হলি নেকি তাইক জোকাই আছে। তাইৰ খ্ং উঠিল, পিছফালৰ পৰাই দাদা বুলি অভিমান কৰি তাৰ পিঠিত মাৰি মাৰি গৈ থাকিল। পাহীয়ে বাবলুক দাদা বুলি মাতা শুনি ল’ৰা জনৰ বৰ ভাল লাগিল। সি আকৌ বেলেগ কিবায়ে ভাবিছিল। এয়ে প্ৰথম দেখা পাহী আৰু ল’ৰা জনৰ। খণ্ড-২ খণ্ড-২ পাহী আৰু বাবলুয়ে বাছত উঠিল। বহুত ভিৰ থিয় হৈ কোনোমতে ঘৰলৈ আহিল। বাছত উঠালৈ সি তাইক চাই পঠিয়াইছিল। এই ক্ষেত্ৰত লগ বন্ধু বোৰ কম নহয়। উঠি পৰি লাগিল বন্ধুক সহায় কৰিবলৈ। দিনবোৰ বাগৰিব ধৰিলে পাহীৰ কলেজ খুলিলে। এইফালে ল’ৰা জনে তাইৰ সম্পূৰ্ণ নাম ঠিকনা ওলিয়াই ল’লে। কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী তাই। কলেজৰ পৰা কিছু আঁতৰত তাক দেখি তাই আচৰিত হ’ল। তেতিয়াও সি তাইকে চাই আছিল। তাই নেদেখাৰ ভাও ধৰি খৰধৰ কৈ কলেজৰ গেটৰ ভিতৰলৈ গ’ল গৈ। আজি পাহীৰ মনটো একেবাৰে কলেজত বহা নাছিল। কিয় বাৰু এই ল’ৰা টো তাইক অকল চাই থাকে। আজি কলেজ চুটি হ’লে সুধিব তাই। ২ টা বাজিল কলেজ চুটি হ’ল। তাই ইফালে সিফালে চকু ফুৰাই চালে ল’ৰা জনক দেখা পায় নেকি বুলি। নাই দেখোন। তাই বাছত উঠিব লওঁতেই তাক দেখা পায় ৰৈ দিয়ে। পাহী — হেল্ল’ শুনকচোন, আপুনি কিয় মোক মানুহ নেদেখাৰ দৰে চাই থাকে। তাইৰ কথাৰ সি একো উত্তৰ দিব পৰা নাছিল। মুখৰ মাত নোহোৱা হ’ল। সি একো নকৈ আঁতৰি গ’ল। দূৰৰ পৰা তাৰ বন্ধু দিগন্তয়ে তাক চাই আছিল। পাহী বাছত উঠি গুছি গ’ল। সি ও তাৰ বন্ধুৰ ওচৰত আহিল। দিগন্তয়ে পাৰে মানে তাক গালি দিলে। কাৰণ ৰাতিপুৱাৰ পৰা সিও তাৰ লগত ৰৈ আছিল পাহীলৈ। দিগন্তয়ে ধমক দি কৈছিল তই যদি অহাকালি পাহীক তোৰ মনৰ কথা নকৱ মই য়ে কৈ দিম। দুয়ো বন্ধু চাইকেল চলাই চলাই ঘৰলৈ বুলি ৰাওনা হ’ল। দ্বিতীয় দিনা দিগন্ত কলেজৰ গেটত ৰৈ আছে হাতত এটা বগা খাম। ল’ৰা জনে আজি বহু দূৰৈত ৰৈ আছে। পাহী আহি কলেজৰ গেট পাইছেহে, শুনকচোন। অচিনাকী মানুহজনৰ মাতত তাই ৰৈ যায়, — হয় কওক, দিগন্ত — নমস্কাৰ। মোৰ নাম দিগন্ত। মোৰ বন্ধু এজনে আপোনাক বৰ ভাল পায়। কিন্তু সি কথাষাৰ কবলৈ সাহস কৰিব পৰা নাই। ইয়াত সকলো লিখা আছে, এইখন লওক কৈ বগা খাম টো দি খৰধৰকৈ আহো দেই কৈ আঁতৰি গ’ল। পাহীও খামটো বেগত ভৰাই ক্লাছ ৰুমলৈ গ’ল। কলেজ চুটি হ’ল তাই ওলায়েই চালে পাগলটো আছে নেকি বুলি। তাক নেদেখি তাই মনতে ভাবিলে হে হৰি বাচিলোঁ কৈ বাছত উঠি ঘৰ পালেহি। আহিয়ে তাই বেগ টো থৈ বাথৰুমলৈ গা পা ধুয়ে। তাৰ পাছত ভাত কেইটামান খাই বিছনাত বাগৰ দিয়ে। হঠাৎ খামটোৰ কথা মনত পৰিল। খামটো খুলিলে এখন চিঠি আছে। বৰ ধুনীয়া গোট গোট আখৰ। চিঠি খন পঢ়িলে হয় পিছে তাৰ উত্তৰ নাই তাইৰ ওচৰত। অহ্ মহাশয়ৰ নাম প্ৰণৱ কৈ হাঁহিব ধৰিলে। পিছদিনা সি উত্তৰৰ আশাত ৰৈ আছিল। কিন্তু তাই কোনো ফালে নোচোৱাকৈ কলেজত সোমাই গ’ল। ছুটি হ’লেও খৰধৰকৈ বাছত উঠি গুছি যায়। প্ৰণৱৰ এই কেইদিন খোৱা-বোৱা শুৱা একো থিক নাই। তাৰ মন একেবাৰেই বেয়া। সি যে তাইক বৰ ভাল পাই পেলালে। কিছুদিন পিছত কলেজ চুটিৰ পাছত পাহী ৰ’বাচোন অলপ। পাহী ঘূৰি চাই। অ’ আপুনি। প্ৰণৱ — তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা। পাহী — মই একো ভাবি পোৱা নাই। মই আপোনাক চিনি নাপাওঁ। আপোনাৰ বিষয়ে একো নেজানো। এইক্ষেত্ৰত মই আপোনাৰ প্ৰস্তাৱ কেনেকৈ গ্ৰহণ কৰোঁ। প্ৰণৱ — মই তোমাক বৰ ভাল পাওঁ। তুমি মোক ভাল নাপালেও মই তোমাক ভাল পায় থাকিম। তাই তাৰ মুখলৈ চালে তাৰ চকুত চকু পানীৰে চলচলিয়া হৈ পৰিছে। তায়ো কিছু আবেগিক হৈ পৰিল। হ’ব আপুনি মন বেয়া কৰিব নালাগে। মই আপোনাৰ লগত কালি কথা পাতিম। আজি লৈ আহো। দেৰি হ’লে ঘৰত মায়ে চিন্তা কৰিব। এই কৈ দুয়ো ঘৰা ঘৰি হ’ল। পাহীৰো আজি একো ভাল লগা নাই। প্ৰণৱৰ মৰম লগা মুখ খনে তাইক বাৰে বাৰে আমনি কৰিছে। এক অবুজ মিঠা মিঠা বেদনাই তাইক বেৰি ধৰিছে। ৰাতি দূৰৈৰ পৰা ভাহি অহা মাদলৰ সুৰে তাইক মতলীয়া কৰি তুলিছে। কালি তাই প্ৰণৱক লগ কৰি তাই নিজৰ মনৰ কথা ক’ব। প্ৰণৱৰো একেই গতি ওৰে ৰাতি উজাগৰে কটালে। প্ৰণৱ সোনকালে আহি পাহীৰ অপেক্ষাত বাছ ষ্টেণ্ডত ৰৈ আছে লগত বন্ধু দিগন্ত। পাহী ও আহি পালে। পাহী — ব’লা আজি মই ক্লাছ নকৰোঁ। তোমাৰ লগত কথা আছে। প্ৰণৱ — তুমি ক্লাছ কৰি লোৱা। মই ৰৈ থাকিম। পাহী — হ’ব ৰৈ থাকিব নালাগে।বলা। দিগন্ত প্ৰণৱক ইংগিত দি আঁতৰি যায়। প্ৰণৱে সুধিলে কোনফালে যাবা। পাহী — মই চাহ বাগান বৰ ভাল পাও। বলা টিলিঙা মন্দিৰ ফালে যাওঁ। দুয়ো গৈ মন্দিৰ পালে। তাতে বহিল কিছু পৰ। কাৰো মুখত মাত নাই। তেনেতে প্ৰণবে ক’লে,পাহী কিবা কোৱা। পাহী — কি সুধিম ভাবি নেপায়, তুমি কি পঢ়ি আছা? সুধিলে। প্ৰণৱ — মই বিএ পাছ কৰি এনেয়ে আছো। চাকৰি বিচাৰি আছোঁ। পাহী — এম এ কৰা আকৌ। প্ৰণৱে ঘৰুৱা অসুবিধা ক’লে। পাহীও বৰকৈ সুধি নেথাকিলে। পাহী — শুনা প্ৰণৱ, মই তোমাক ভাল পাওঁ নে নেপাওঁ মই নিজেই নাজানো। মই পঢ়ি লওঁ। তুমি যেতিয়াই চাকৰি পাবা ,মোক মোৰ ঘৰত গৈ খুজিবা। মই তোমলৈ আহিম। আজি এই মন্দিৰত মই তোমাক কথা দিলোঁ। পাহীৰ কথাত প্ৰণৱ উৎফুল্লিত হ’ল। সঁচাকৈ তুমি মোলৈ আহিবা! পাহী — লাজ লাজ কে মূৰ দুপিয়ালে। আজিয়ে আমাৰ শেষ দেখা। মই বিএ পাছ কৰি লওঁ তুমি ও ভাল চাকৰি এটা বিচাৰা। তেতিয়া লৈ বাই বাই। প্ৰণৱ — মই যে তোমাক নেদেখা কৈ থাকিব নোৱাৰো। পাহীয়ে ক’লে পাৰিবয়ে লাগিব। আমি চিঠিতে মনৰ ভাব-ভাৱনা লিখিম। দুয়ো য়ে নিজৰ ঠিকনা দিলে। প্ৰণৱে তাইক ঘৰৰ ওচৰলৈকে থৈ নিজৰ ঘৰলৈ গ’ল গৈ। এটা বছৰ পাৰ হ’ল। প্ৰণৱে তাৰ খুড়াকৰ ল’ৰাক পাহীৰ লগত চিনাকি হ’বলৈ কলে। সিওঁ এবাৰ তাইক চাব বিচাৰে পাহীও না ক’ব নোৱাৰিলে। চিঠিৰ দ্বাৰা ই সকলো থিক হ’ল ক’ত কেতিয়া দেখা হ’ব। সেইমতেই প্ৰণৱ তাৰ খুড়াকৰ ল’ৰা লগত আহিল। পাহীও আহিল। তিনিও বাছ ষ্টেণ্ডত লগ হ’ল। তিনিও পাৰ্ক তে বহিল। প্ৰণৱে ভায়েকক চিনাকি কৰাই দিলে। দুয়ো খুব কথা পাতিছে যেন পুৰণা চিনাকি। প্ৰণবৰো ভাল লাগিছে পাহীৰ এই বন্ধুত্ব সুলভ গুণটো চাই। দুয়োক কথা পাতিব দি সি দুকানৰ পৰা খোৱা বস্তু আনিব গ’ল। পাহী — অ’ ভাইটি এওঁৰ ঘৰত কোন কোন আছে নো? আমাৰ চিনাকী হোৱা এবছৰ হ’ল। মই যে বৰ পাগলী আজি লৈ এদিনো সুধা নাই। ভাইটিও অবাক। কি বৌ ! মানে হ’ব লগীয়া বৌ সচাঁকৈ আপুনি নাই সুধা। দাদায়েও কোৱা নাই। পাহী, নাই ময়ো সুধা নাই তেওঁ আজিলৈ কোৱা নাই। ভাইটি — দাদাৰ আপোন বুলিবলৈ কোনো নাই। সি মোৰ নিজৰ বৰদেউতাৰ ল’ৰা। আমাৰ ঘৰতে পঢ়ি শুনি ডাঙৰ হ’ল। পাছত ক্লাছ ৯ ত আমাৰ পেহীয়ে তাক পঢ়াবলৈ লৈ আহে। পাহী — কৌতূহলেৰ এওঁৰ মাক-দেউতাকৰ কি হ’ল। তোমালোকৰ ঘাই ঘৰ ক’ত! ভাইটি — আমাৰ ঘাই ঘৰ ডিব্ৰুগড়ত। মই দাদাক লগ কৰিব আহিছো। দাদাই আপোনাৰ কথা কৈ থাকে সেয়ে আপোনাকো লগ কৰিব যাওঁ ভাবিলো। বৌ আপুনি কেতিয়া ও দাদাক এৰি নিদিব সি বৰ ভাল পায় আপোনাক। মৰি যাব সি আপুনি এৰি দিলে। বৰ দুখ তাৰ অন্তৰত। পাহী — আগে কোৱা তেওঁৰ মাক-দেউতাকৰ কথা। দাদা জন্ম হোৱাৰ আগতে বৰদেউতাৰ অকাল মৃত্যু হয় আৰু দাদাক জন্ম দিয়ে বৰমা ঢুকাল। আমাৰ মায়ে তাক বৰ কষ্টত ডাঙৰ কৰিলে। আপুনি দাদাক কেতিয়া ও নেৰিব বৌ। বৰ ভাল পায় সি আপোনাক। ভাইটিয়ে প্ৰণৱৰ সৰু কালৰ সকলো কথা বিবৰি ক’লে। পাহীও নিজৰ চকু পানী ধৰি থব পৰা নাছিল। হুকহুকাই কান্দি দিলে। প্ৰণৱলৈ হিয়াত মৰম বাঢ়ি উঠিল। তেনেতে প্ৰণৱ আহি পালে। দুয়োকে বৰ গহীন গহীন দেখি সুধিলে। আৰে কি হ’ল ইমান মনে মনে বহি আছা যে তোমালোকে। পাহী বহাৰ পৰা উঠি প্ৰণৱক মৰমতে সাবতি ধৰিলে। ভায়েক থকা বাবে প্ৰণৱে অলপ লাজো পাইছিল। চাও চাও এৰা বুলি ক’লে। ভায়েকে আকৌ বৌয়েকৰ ফলীয়া, নেৰিবা বৌ ধৰিয়েই থকা। কাৰণ ভায়েকে গম পাইছে পাহীয়ে তাক সাবতি ধৰা কাৰণটো। ভায়েকে ককায়েকে খাবলৈ অনা বাদাম এভাগ লৈ সিহত দুয়োক কথা পাতাৰ সুযোগ দি অলপ আতৰি যায়। পাহী — ময়ো তোমাক বহুত ভাল পাওঁ। এৰি তো নোযোৱা তুমি মোক ! প্ৰণৱ — ধেইট পাগলীজনী কি যে কোৱা । মই এই সোমবাৰে দুলিয়াজানত যাম ইন্টাৰভিও এটা আছে । পাহী — অ’ সচাঁ বৰ ভাল খবৰ। শুভেচ্ছা থাকিল। ইয়াৰ পিছত তেওঁলোক নিজ নিজ ঘৰলৈ যায় গৈ। এয়ে জীৱনৰ শেষ আৰু অন্তিম দেখা দুয়োৰে। পাহীও হয়তো সপোনতো ভবা নাছিল যে জীৱনৰ আৰু কোনো বাটতে তাই তাক লগ নাপাব। এদিন প্ৰণৱৰ চিঠি আহিল তাৰ ইন্টাৰভিউ ভালে হ’ল। অহা মাহত জইন কৰিব। তাইৰ ফূৰ্তিৰ সীমা নাই। তায়ো ভালদৰে পঢ়াত লাগিল। এইদৰেই দিন মাহ এটা বছৰ পাৰ হ’ল। প্ৰণৱে তাৰ নতুন ঠিকনাটো দিলে। এই ঠিকনাতে তাই চিঠি পঠিয়াই থাকে। তাইৰ বিএ দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষা আৰম্ভ হ’ল। সেয়ে তাই পৰীক্ষা পাছতহে চিঠিৰ উত্তৰ পঠিয়ালে। লাহে লাহে প্ৰণৱৰ পৰা চিঠি অহা কম হৈ গ’ল। তাই ভাবে কামত ব্যস্ত বাবে চিঠিৰ উত্তৰ দিব পৰা নাই বুলি। তাইৰ মনটো বেয়া লাগে, একোতে মন নবহা হ’ল। নিজানত তাই কান্দে কাৰণ প্ৰণৱ তাইৰ প্ৰথম প্ৰেম। অৱশেষত সি একেবাৰেই চিঠি নিদিয়া হ’ল। পাহীয়ে কেইবাখনো চিঠি পঠিয়ালে কিন্তু এখনৰো উত্তৰ ঘূৰি নাহিল। তাইৰ মনটোয়ে হাহাকাৰ কৰি তুলিছে। কিবা অঘটন হ’ল নেকি। তাই তাৰ কোনো লগ বন্ধুক চিনি নাপাই। দিগন্তকো এবাৰ হে লগ পাইছে। তাৰো তাই ঠিকনা নাজানে। ভায়েকৰ লগত চিনাকি হ’ল যদিও ঠিকনাটো লোৱা নহ’ল। তাইক এইদৰে থকা দেখি মাক দেউতাকৰ চিন্তা হ’ল। তেওঁ লোকে ভাবিছে পৰীক্ষাৰ ৰিজাল্টৰ কথা চিন্তা কৰি তাই এইদৰে আছে। দেউতাকক মাকে ক’লে যে তাইক দুদিন মানৰ বাবে পেহীয়েকৰ তাত থৈ আহিবলৈ। কাৰণ পেহীয়েকক তাই বৰ ভাল পায়। সেয়ে তাইক দেউতাকে পেহীয়েকৰ তাত থৈ আহিল। প্ৰথম তাই নাযাওঁ কৈছিল কাৰণ তাই এতিয়াও প্ৰণৱৰ চিঠি লৈ আগ্ৰহেৰে বাট চাই আছিল। পেহীয়েকৰ ঘৰতো তাই বৰ মনে মনে থাকে। পেহীয়েকে মৰমতে মেমচাহাব আজি খানাত কি বনাম। তাই হ’ব তোমালোকে যি খাবা তাকে দিবা। পেহীয়েকেও কান্দি দিলে অ’ বেটি মোৰ কলিজা জনী কি হৈছে তোৰ। ক’চোন মোক। পেহীয়েকক কন্দা দেখি, নাই পেহী একো হোৱা নাই। পৰীক্ষা এইবাৰ বৰ ভাল হোৱা নাই। সেয়ে চিন্তা লাগি আছে। মা -দেউতাৰ কিমান আশা আছে মোলৈ কৈ পেহীয়েকৰ ডিঙিত ধৰি কান্দিলে। তাইক এইদৰে কন্দা দেখি ককায়েক আৰু পেহাকো দৌৰি আহিল। তাই যেনেকৈ কান্দিছে যেন তাইৰ কোনোবা আপোনজনৰ মৃত্যু হৈছে। পেহাকে ক’লে অ’ আমাৰ ফেচিৰ কি হ’ল। ককায়েকে ও কৌতূহলেৰে কি হৈছে ভনী। কিয় এনেখন কৰিছ। গা বেয়া নি তোৰ। নে ঘৰলৈ মনত পৰিছে। তেতিয়া পেহীয়েকে কাৰণটো ক’লে। পেহাকে এহ্ একো নহয় তই ভালকে পাছ কৰিবি দে কন্দা কটা খন নকৰ। ককায়েকে জোকালে ভাল হে ফেল কৰিলে ভাল চাই দৰা এটা বিচাৰি বিয়া দি দিম। তাই লগে লগে ককায়েকক মাৰিবলৈ খেদি গ’ল। অন্তিম খণ্ড তাই অতীতলৈ ঘূৰি যায় প্ৰণৱক বিচাৰে। মনতে ভাবে সি এইদৰে তাইক এৰি ক’ত গ’ল গৈ। আজিলৈ কোনো খা খবৰ নাই তাৰ। সিদ্ধাৰ্থয়েও তাই লৈ মন কান নিদিয়া হ’ল। সি অফিচৰ কামত দুই চাৰিদিন বাহিৰত গলেও সি ফোন এটা নকৰে। তাইহে সময়ে সময়ে ফোন কৰি খবৰ লয় ভাত খালা নে নাই? হোটেল পালা নে নাই? কেতিয়া আহিবা? আদি। পাহীৰ শৰীৰ লাহে লাহে দুৰ্বল হৈ আহিল। গাৰ ৰং ও ক’লা পৰি আহিছে। তাই প্ৰায় আগ ফালৰ বাৰান্ডা খনতে বহি সময় পাৰ কৰে। খোৱা-বোৱা ৰ প্ৰতিও ৰাপ নাইকীয়া হ’ল নোখোৱা কৈয়ে গোটেই দিন পাৰ কৰে আজি তাইৰ গা খোবেই বেয়া। ঘৰলৈ মনত পৰিছে। তাই খেলা ধূলা কৰি ডাঙৰ হোৱা তাইৰ হেঁপাহৰ বাগিছা খনলৈ বৰকৈ মনত পৰিছে। প্ৰণৱক লগ পোৱা দিনবোৰলৈ মনত পৰিছে। তাই যেন উৰি গুচি যাব মাকৰ ঘৰলৈ। খুউব কান্দিছে তাই। সিদ্ধাৰ্থ লৈ ফোন এটা কৰিলে। নাই ফোন ধৰা নাই। বাৰ বাৰ ফোন কৰিলে তথাপিও ধৰা নাই। তেতিয়া নিশা ৯ বাজিছিল। সি হয়তো ভাত খাবলৈ গৈছিল। তাই বাৰান্ডাৰ পৰা আহি বিছনাত শুই পৰিল। মাজৰাতি ১২ বজাত সিদ্ধাৰ্থ য়ে তাইলৈ ফোন কৰে। ফোনটো বজাত তাই সাৰ পালে। চাই সিদ্ধাৰ্থৰ ফোন। তাই কোনোমতে কথা পাতে। সিদ্ধাৰ্থয়ে কয় সি লগৰবোৰৰ লগত আজি পাৰ্টি কৰিলে। কালি সকলোয়ে নিজ নিজ ঘৰলৈ যাবগৈ বুলি। ফোনটো বজা সি গম পোৱা নাছিল। পাহীয়ে মাত্ৰ ক’লে তুমি সোনকালে আহা মোৰ গা বেয়া। তাৰ যেন এইটোও শুনিব সময় নাই। নিজৰ কথায়ে কৈ গ’ল। তাৰ কথাৰ মাজতে পাহীয়ে কি ক’লে সি গমেই নাপালে। সি যে সলনি হৈছে। হয়তো সি নিজে গমেই পোৱা নাই। লগ বন্ধু পাৰ্টি, এইবোৰে যেন তাৰ জীৱন। য’ত পাহীৰ কোনো ঠাই নাই। তাইৰ পৰা যে সি বহু দূৰত আঁতৰি গ’ল। সি ধৰিবয়ে পৰা নাই। আজি সিদ্ধাৰ্থ আহিব সেয়ে পাহীৰ মনটো ভাল লাগি আছে। গোটেই দিন বাট চাই আছে। বহুত পলম হোৱা বাবে ফোন কৰিলে। এইবাৰ সিদ্ধাৰ্থ প্ৰায় খঙত উত্তৰ দিলে। কাৰণ পাহীয়ে ৰাতিপুৱাৰ পৰা কেইবাবাৰো ফোন কৰিছিল। আগতে কোনো দিনে সি তেনেকৈ তাইক কোৱা নাছিল। তাই ভাঙি পৰিল। তাই বাৰান্ডাৰ চকী খনত ঢলি পৰিল। কোন সময়ত প্ৰাণপখী উৰি গ’ল কোনো গম নাপালে। হয়তো সিদ্ধাৰ্থ য়েও জনা নাছিল।এইবাৰে যে সি শেষবাৰলৈ পাহীৰ মুখৰ মাত পাইছিল। পিছদিনা ৰাতিপুৱা ৩ বজাত সি ঘৰলৈ আহে। সি আহি গেট খুলি দেখে পাহী বাৰান্ডাতে শুই আছে। পাহীক মাত লগাই কিন্তু তাই কোনো উত্তৰ নিদিলে। সি ভাবিলে তাই খঙতে মাত দিয়া নাই। সি ভিতৰ সোমাই কাপোৰ কানি সলাই বিছনাত শুই পৰিল। সুৰাৰ নিচা থকাৰ বাবে সি বিছনাত পৰা লগে লগেই টুপনি যায়। দুপৰীয়া থিক ১ টা বজাত সাৰ পাই পাহীক মাত দি কয় অলপ চাহ দিবলৈ তাৰ বৰ মূৰ বিষাইছে। কিন্তু তাই চাহ লৈ নাহাত তাইক মাতি মাতি শোৱা কোঠাৰ পৰা ওলাই যায়। ঘৰৰ ভিতৰত নেদেখি বাহিৰলৈ যাব লওঁতেই দেখে বাৰান্ডাৰ চকী খনত তাই অচেতন হৈ পৰি আছে। সি পাহী উঠা ইয়াতে এইদৰে শুই আছা যে। তাই কোনো উত্তৰ নিদিয়া দেখি। সি লগে লগে তাইক চিকিৎসালয়লৈ লৈ যায়। পাহী উঠা উঠা প্লিজ উঠা। গোটেই বাট সি তাইক মাতি আছিল। সি গমেই পোৱা নাই যে পাহী আৰু এই পৃথিৱীত নাই। চিকিৎসালয়ত চিকিৎসকে তাইক মৃত বুলি কয়। সিদ্ধাৰ্থয়ে খুউব চিঞৰি চিঞৰি কান্দে আৰু বাৰে বাৰে ক্ষমা খোজে। পাহীৰ নিথৰ দেহক সাৱটি সি বহি থাকিলে। এইদৰেই পাহীৰ জীৱনৰ অন্ত পৰিল। মনত দুখ বেদনালৈ, কাকো মনৰ কথা ক’ব নাপালে তাই। আজি সিদ্ধাৰ্থ অনুতপ্ত কিন্তু পাহী জানো ঘূৰি আহিব। #assamesekobita #axomiyakobita #etiaadharuwajivan #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page