top of page

 SEARCH RESULTS 

Search this site

606 results found with an empty search

  • এটা সপোন বিচাৰি

    জীৱন বোৱতী পালতৰীত বহি বৈঠা মাৰি মাৰি এটা সপোন বিচাৰিছোঁ, কেতিয়াবা দুচকুৰ দুধাৰিত অশ্ৰুৱে কাজল ধুই যায় ! কেতিয়াবা প্ৰবল ধুমুহাৰ উদ্বাউল উশাহ, হৃদয়খন তচ্ নছ্ কৰি আকৌ যায় ঘুৰি। কেতিয়াবা মিচিকিয়া হাঁহিৰে উদন্ত বেলিৰ হেঙুলী হৈ চায় তেতিয়াই মোৰ কোমল হৃদয় থমকি ৰৈ যায় । পাহৰণিৰ বুকুত নিতালে শুই থকা নৱগ্ৰহ সাজি অবিশ্ৰান্ত দিশাহাৰা অন্বেষণত হতাশক্লান্ত পাখিৰে হেৰাই যোৱা সপোনৰ তালাচত! আকৌ ঊৰা মাৰো নীল গগনলৈ পিছলৈ ওভতি চাওঁ, অংগহীন ভাস্বত উদ্গীৰণত ভাহি শ্বাশত স্মৃতিৰ মাজত, মই যেন “জোন ভৰা তিথি।“ এন্ধাৰ-পোহৰ একাকাৰ কৰি ওখ শৃংগৰ পৰা তললৈ সৰি ধাকুৰি ধাকুৰি খোজকাঢ়ি কাঢ়ি অনাবিল ঘুৰি ফুৰিছোঁ এটা সপোন বিচাৰি। #assamesekobita #axomiyakobita #etahopunbisari #SahityaChorcha

  • জীৱন গঢ়াৰ প্ৰতিদান

    আইৰ চকুৰমণি মই পিতাইৰো গৌৰৱৰ কাৰণ মই আইয়ে কয়, ‘সোন’ বৰমানুহ হৈ মোক সুখত ৰাখিবি; পিতাই কয়, যতেই পাৱ জ্ঞান- শিক্ষা বুটলিবি বাহিৰা কথাবোৰ চকুমুদি আগুৱাবি; তেহে বংশৰ থাকিব মান; জীৱনে দিবগৈ উচ্চ স্থান; খুড়া , বৰদেউতা,মামা, মাহী, ওচৰচুবুৰীয়াই আপোচবিহিন মৰমেৰে কয় , শৰীৰ ঠিকে ৰাখি পঢ়া শুনা কৰা , আমাৰ চুবুৰীৰ নাম উজ্বলাই যোৱা ; নৈতিক শিক্ষাৰে সকলোৱে মোক জ্ঞান দিলে ; বিচলিত হবলৈ নিদি বিবেকক সুস্থিৰ কৰি ৰাখিলে ; এদিন কষ্ট আৰু সাধনাৰ ফল হাতে কামে পালো ; এটা উচ্চ পদত সন্মানেৰে অধিস্থিত হলো; সময়ে গতি সলালে ব্যৱহাৰেও ৰূপ বদলালে; বিবাহৰ বয়স নৌহওতেই কইনাৰ হেঁচা ঠেলা , আইয়ে ,মোৰ ‘সোন’ “বৰজন” বুলি কৰিলে দৰদামৰ মেলা! পিতাইৰ গৌৰৱত অহংকাৰে ঠাই ললে ! সম্পৰ্কীয় সকলেও প্ৰতিটো মৰমৰ প্ৰতিদান বিচাৰিলে ! সৰুতে শুনা কথাবোৰ আজি আচহুৱা লাগিল ! বাস্তৱৰ জগতখন অচিৰেই অকামিলা হৈ পৰিল ! এদিন সততাৰ মৰমে মোৰ হৃদয় জিনি আছিল , ,নাছিল মাথো ধন মান ! সকলো থাকিও আজি বঞ্চিত হলো প্ৰকৃত আপোনতাৰ পৰা ! বিনিময় বিচাৰি আপুৰুগীয়া মৰমক নকৰিবা কলুষিত ! স্বইচ্ছাই দি যাম লাগিলে মোৰ সৰ্বস্ব তোমালোকৰ হাতত!! #assamesekobita #axomiyakobita #jibangorharpratidan #SahityaChorcha

  • ভিক্ষাৰী

    মই পদপথৰ ভিক্ষাৰী ৰাতিৰ আন্ধাৰৰ মই প্ৰহৰী উজাগৰী ৰাতি দেখিছোঁ বহু ঘটনা- পৰিঘটনা মানুহৰ ৰ্নিলজ্জতা – বৰ্বৰতা প্ৰতিবাদ কৰি দৌৰি যাওঁ পগলা বুলি মোক থেলামাৰি পেলাই , তুচ্চ শব্দ কৈ গুচি যায়। অসহায় হৈ মাথো চাই ৰওঁ মই মই যে পদপথৰ ভিক্ষাৰী। ভোক পিয়াহ কি নুবুজু মই প্ৰখৰ ৰ’দতো পথতেই থাকো মই প্ৰৱল বতাহ ধুমুহা বৰষুণ জাৰতো পথতেই থাকো মই কোনোয়ে কয় মোক পগলা কোনো কোনোয়ে ভিক্ষাৰী বুলি খাবলৈ দি যায় খোৱাৰ টোপোলা আকৌ কোনো কোনোয়ে মোক ভিক্ষাৰী বুলি মই তেওঁলোকৰ ওচৰত গ’লেই পঠায় খেদি কাৰণ তেওঁলোকৰ চকুত মই যে পদপথৰ ভিক্ষাৰী ভুল !ভুল !ভুল বুজিছে আপোনালোকে আছিল মোৰো এখন সুখৰ সংসাৰ। মনত আছেনে আপোনালোকৰ কিছুবছৰ আগতে , গুৱাহাটীত সংঘটিত সেই বোমা বিস্ফোৰণ। তাতেই হেৰুৱালো মই মোৰ পৰিবাৰক মোৰ হিয়াৰ আমঠু কণ-কণ ল’ৰা ছোৱালী হালক লগতে হেৰুৱালো প্ৰাণৰো প্ৰাণৰ মোৰ মৰমৰ জীৱন সংগিনীক। তেতিয়াৰে পৰাই মই মানসিক ভাৰসাম্য হেৰুৱাই হৈ পৰিলোঁ পদপথৰ ভিক্ষাৰী আজি এই পদপথেই মোৰ ঘৰ মাজে মাজে তেওঁলোক আহে মোৰ লগত কথা পাতে -খেলে -খিলখিলাই হাঁহে মোৰ কণমইনা দুটাই। আমাক চাই মানুহজনীও মিচিকিয়াই হাঁহে। তাকে দেখি মানুহে মোক কয় পগলা বুলি। কলিজাৰ কেঁচা ঘাটোকোৰা আপোনালোকেটো দেখা নাই। নহয় নহয় মই পগলা, নহয় মই ভিক্ষাৰী মই হ’লো পদপথৰ প্ৰহৰী ঘূৰি ফুৰো মই অলিয়ে গলিয়ে তীক্ষ্ণ চকু মোৰ সকলোৰে ওপৰত কিজানিবা দেখা পাওঁ মানুহৰ তেজ খোৱা সেই নৰখাদগক। #assamesekobita #axomiyakobita #bhikhari #SahityaChorcha

  • শ্মশান

    য’ত ভষ্ম হয় এভাৰেষ্ট সম সুউচ্চ অহংকাৰৰ , বিলীন হৈ যায় মাটিত সমস্ত কায়া অতি মৰমৰ ৷ ইমান দিনে মোৰ তোৰ কৈ কৈ আজি দেখোন সকলো হেৰুৱালোঁ ৷ আকাশৰ দৰে বিশাল সাগৰৰ দৰে গভীৰ তোমাৰ মোৰ মৰমৰ টোপোলাটো লগত চোন আনিব নোৱাৰিলোঁ ৷ বাবাৰ দৰবাৰলৈওঁ যাবলৈ আজি দেখোন গাত মুঠেও শকতি নাই ৷ জ্ঞাতি ভাই চাৰিজনৰ কান্ধতহে উঠি ললোঁ বাঁহৰে চাঙি খনতে শুই ৷ আপোনৰো আপোন মোৰ পুত্ৰ-বধু জীয়ৰীয়ে মুখাগ্নি কৰিব মুখতে লগাব জুই ৷ সমুদায় উপস্থিত ৰাইজৰ হৰিধ্বনিত জিকাৰ খাই উঠিব মোৰ সহধৰ্মিনী শিৰৰে সেন্দূৰকণ চুই ৷ হা মোৰ স্বামী ক’ত গৈলা এৰি বিশ্বব্ৰহ্মাণ্ডৰ বহল পৰিধিত মিলিলাগৈ তুমি আজি মোকে নিঠৰুৱা কৰি ৷ ৰাউচি জুৰিলে মোৰ অনুচৰ সহচৰ যি দুই চাৰিজন আছিল মোৰ ভাওনাৰ ভাও হৃদয়ৰে অনুকৰণ কৰি ৷ আজিৰ পৰা কোনোদিনে যে আৰু দেখা দেখি নহব জুকিয়াই চালে অতীতৰ স্মৃতি ৷ সৰ্ব্বোচ্চ ভষ্মৰ মাজত মাথোঁ জিলিকিব তিৰবিৰাই কৃতকৰ্মৰ বন্তি যদি হয় অপকৰ্ম বন্তিৰ পোহৰ এন্ধাৰতে লুকাব যদি হয় সুকৰ্ম প্ৰতিদিনে পোহৰ বিলাব আই ধৰিত্ৰীৰ কাৰেং শোৱনি কৰি ৷ #assamesekobita #axomiyakobita #SahityaChorcha #samshan

  • স্নকধৰ জোনাক

    স্নকধৰ জোনাক শীতৰ জোনাকৰ ৰাতি জক্ মক্ কৈ ফুলিছে মোৰ মনৰ বাগিছাত নানা ৰঙৰ ফুল। ৰঙা ৰঙৰ নাজিৰ পাহিৰে কৰিছে মোক আকোল। স্নকধৰ জোনাকত ফুলিছে জক্ মক্ কৰি।

  • এচেৰেঙা ৰ’দৰ আশাৰে

    বেলি উদয় হলে ৰ’দৰ উত্তাপ বাঢ়ে শীতৰ এচেৰেঙা ৰদে প্ৰকৃতিৰ বুকুলৈ অনাৱিল সুখ কঢ়িয়াই আনে। ৰ’দৰ জিলিঙনিত এন্ধাৰ কোঠাত জিলিকে গাভৰু হতঁৰ ৰঙা বগা গাল, ৰ’দৰ উত্তাপ বাঢ়িলে সিহঁতৰ দেহত জিলিকে ঘাম। বেলি উদয় হলে সেউজ প্ৰকৃতিৰ ওঠঁত জিলিকে হাঁহি ন বোৱাৰী হতেও নৈৰ পানীত মলিয়ন মুখৰ বৰণ সলায়! সলায় নতুন সাঁজ। ৰ’দৰ উত্তাপ বাঢ়িলে শীতৰ এচেৰেঙা ৰ’দত বহি ন বোৱাৰী হঁতে দাপোনত বাৰে বাৰে চাই মুখ কঁপালত আঁকে সেন্দুৰীয়া বেলিৰ তিলক। #assamesekobita #axomiyakobita #eserengarodorashare #SahityaChorcha

  • হেঁপাহৰ হাঁহিবোৰ

    হতাশা হুমুনিয়াহ ছানি ধৰা সপোনৰ মায়াজাল বিধ্বস্ত হোৱা দুৰ্দশাৰ এবছৰ ২০২০। প্ৰদূষণ মুক্ত আকাশত যদিওবা জাক জাক পৰিভ্ৰমী চৰাই, তথাপিও, কোনোৱাই কাৰোবালৈ বাট চাই আবিৰাম চকুলো বোৱাই। বহুতৰ অকালতে জীৱন বন্তি নুমাল অদৃশ্য শতৰুৰ কৰাল আঁচোৰত। হে একবিংশ শতিকাৰ বিংশতম বৰ্ষ তোমাক জনালো বিদায়। একবিংশ শতিকাৰ একবিংশ বৰ্ষই পূৰাব পুহি ৰখা মনৰ আশাবোৰ, দুৰ্বিষহ যাতনাৰ অশ্রু মচি ওভতাই আনিব হেঁপাহৰ হাঁহিবোৰ। #assamesekobita #axomiyakobita #Hepahorhahibur #SahityaChorcha

  • জীৱনৰ অনুভৱ

    কথাবোৰ মনত পৰিছে, ভাববোৰ উতলি আহিছে, দৃশ্যবোৰ ভাহি আহিছে চকুৰ আগত; বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ জীৱিত গ্ৰহ এইখন পৃথিৱী য’ত মই দেখা পাইছিলোঁ বিভিন্ন ৰঙৰ লুকা-ভাকু, সেউজীয়া, নীলাৰ সমাহাৰ, পৰিবৰ্তন হয় ৰামধেনুৰ সাতোটা ৰং৷ বগা ডাৱৰ ক’লা হয় আকৌ তাৰ পৰা বৰষুণ হয়৷ গছ-গছনিত ফুল ধৰে তাৰ পৰা ফল হয়৷ বেছিভাগ প্ৰাণীয়ে এই ফলবোৰ খাই জীয়াই থাকে৷ কি বিচিত্ৰ ভাবিলে আচৰিতেই লাগে এই ফলৰ গুটিৰ পৰাই আকৌ গছ গজে৷ বিশাল সাগৰৰ পানীৰ খেলা তাতো অলেখ প্ৰাণীৰ জীৱনৰ লীলা খেলা৷ সুউচ্চ সুদৃশ্য সুন্দৰ সেউজ পাহাৰ৷ তাৰ পৰা কুলু কুলু শব্দৰে বৈ অহা নিজৰাৰ পানী৷ লগৰীয়াৰ সৈতে কৰিছিলোঁ খেলাধূলা আৰু কত কি ৰং-ধেমালি৷ কিমান মজা লাগিছিল, কিমান যে আনন্দ ফুৰ্তি কৰিছিলোঁ , ছেঃ কি যে হ’ল হঠাৎ৷ এনে সুন্দৰ জীৱন, এনে এখন বিচিত্ৰতাৰে ভৰপুৰ সুন্দৰ পৃথিৱী৷ গাড়ীখনে মোক খুন্দিয়াই চেপেটা কৰি মাৰি থৈ নোযোৱা হ’লে৷ (মৃত্যু হোৱাৰ আগমুহূৰ্ত্তত মোৰ মনত খেলোৱা কথাবোৰ)৷ #assamesekobita #axomiyakobita #jivanoronubhav #SahityaChorcha

  • চিৰন্তন হোৱা সচেতন

    তুৰ্য্য বাজে সূৰ্য্য নাচে গণ হুংকাৰত পৃথিৱী কঁপে হেংদাংত জিলিকিছে মৰণ পণ প্ৰতিবাদ বিপ্লৱেই আমাৰ জীৱন থমকি নৰ’বা দেশৰ ডেকা গাভৰু নিৰ্ভীক বীৰত্বৰে হোৱা আগুৱান তোমাক জনালো সংগ্ৰামী অভিনন্দন চিৰন্তন হৈ ৰোৱা সজাগ সচেতন অস্তিত্ব ৰক্ষাৰ ৰণ ৰাইজৰ তেজাল ৰণ জনজাগৰণদীপ্ত জাতীয় পণ অবজ্ঞা কৰিলে নৰ’ব ন’ৰব হামচৈয়া হেঙুল হাইতাল অস্তিত্ব সুৰক্ষিত নহ’ব জাতীয় জীৱন হোৱা হোৱা জনগণ চিৰন্তন সচেতন #assamesekobita #axomiyakobita #chirantanhuwahosetan #SahityaChorcha

  • পাৰ্বতী বাই

    গভীৰ নিশাৰ নিস্তব্ধতাক নিউ নিউ কৈ চিঞৰা ফেঁচাৰ শব্দবোৰে অধিক ভয়াৱহ কৰি পেলাইছে। নীলাভ অহালৈ অতি অপেক্ষাৰে ৰৈ থকা নীলাঞ্জনাই ওপৰমুৱাকৈ বিচনাখনত পৰি , বাৰে বাৰে ভগৱানৰ নাম লৈছে। শুই থকাৰে পৰা অকণমানো লৰচৰ নকৰাকৈ চকু দুটাৰে ইফালে সিফালে চাইছে। হঠাৎ বাহিৰৰ পৰা অহা মেকুৰীৰ মাতত নীলাঞ্জনাই উচপ্ খাই উঠিল। শিতানতে থোৱা মোবাইলটো তাইৰ হাতখন লাগি বিচনাৰ তল পালেগৈ। হঠাৎ সেই সময়তেই বতৰে তীব্র ৰূপ ধৰি গুজৰি-গোমৰি, বৰষুণজাক নমাই আনিলে। বৰষুণ অহাৰ খবৰ পাইয়ে, অকণমানো পলম নকৰাকৈ কাৰেন্টটোৱেও বিদায় মাগিলে। গোটেইখন আন্ধাৰ, মাজে মাজে খিৰিকীৰে অহা বিজুলীৰ পোহৰে নীলাঞ্জনাৰ চকুত চাট্ মাৰি ধৰিছে। ভয়ত অন্ঠ-কন্ঠ শুকাই যোৱাৰ উপক্রম হৈছে নীলাঞ্জনাৰ। হঠাৎ সঘনাই বাজি থকা কলিংবেলৰ শব্দত নীলাঞ্জনাই শুই থকাৰ পৰা উঠি বিচনাখনতে বহিল। বেৰত ওলমি থকা ঘড়ীটোলৈ চকু গ’ল তাইৰ। দহ বাজিবলৈ আৰু পোন্ধৰ মিনিট বাকী। :ইমান ৰাতিখন কোন হ’ব পাৰে, নিশ্চয় নীলাভ আহিছে। মনতে কথাবোৰ ভাৱি ভাৱি বিচনাখনৰ পৰা নামি থিয় হ’ল নীলাঞ্জনা। কিন্তু তাইৰ মোবাইলটো ক’ত? আন্ধাৰতে ভয়ে ভয়ে বিচনাৰ তলৰ পৰা মোবাইলটো তুলিবলৈ বুলি খেপিয়াই চালে তাই। হঠাৎ হাতখনৰ ওপৰেদি এইমাত্র কিবা এটা যেন বগাই গৈছে। ভয়তে চিঞৰি উঠিল নীলাঞ্জনা। হাতেৰে তুলি অনা মোবাইলটো বিচনাখনতে পৰিল। বিজুলীৰ পোহৰত তাই দেখিলে, এটা নিগনি তাইৰ ভৰিৰ কাষেৰেই পাৰ হৈ গৈছে। হয়তো সেই নিগনিটোৱে তাইৰ হাতত বগাইছিল। মনত অসীম সাহস গোটাই মোবাইলটো আৰু চুৰীখন হাতত লৈ দুৱাৰখনৰ ফালে এখোজ-দুখোজকৈ আগুৱাই গ’ল নীলাঞ্জনা। দুৱাৰখনৰ ওচৰ পাই ভিতৰৰ পৰাই চিঞৰিল তাই। তাইৰ চিঞৰত বাহিৰৰ পৰা প্ৰত্যুত্তৰ আহিল, :মই, পাৰ্বতী। দুৱাৰখন খোলাচোন বোৱাৰী। পাৰ্বতীৰ মাত শুনি নীলাঞ্জনাৰ ভয়টো অলপ কমিল। পাৰ্বতী, নীলাঞ্জনাহঁতৰ ভাড়াঘৰটোৰ পৰা অলপ আঁতৰতে থাকে। চাকৰিসূত্ৰে স্বামীৰ সৈতে নগাঁওলৈ আহিব লগা হোৱাত নৱ-বিবাহিতা নীলাঞ্জনাই আপত্তি কৰিছিল, কিয়নো তাই বৰ ভয়াতুৰ। নীলাভ নাথাকিলে তাই অকলশৰে থকাটো তাইৰ সপোনৰো অগোচৰ। কিন্তু , নীলাভৰ মাকে নীলাঞ্জনাক বাৰে বাৰে কৈছিল, :বুজিছা, বোৱাৰী। তুমি তাৰ লগত যাব’ই লাগিব , কাৰণ সি পানী এগিলাচকে নিজে লৈ নাখায় গতিকে তাত সি নিজৰ দ্বায়িত্ব ল’ব নোৱাৰিব। তুমি তাৰ লগত যাবা। আমাক চাবলৈ ডাঙৰ বোৱাৰী আৰু ডাঙৰ বাবা আছেই গতিকে আমাৰ কথাও চিন্তা কৰিব নালাগে। মাজে মাজে আহি থাকিবা। নীলাভৰ মাকৰ কথা এৰাব নোৱাৰি নীলাভলৈ বিয়া হৈ অহাৰ এমাহৰ পাছতেই নীলাভৰ সৈতে নীলাঞ্জনা নগাঁওলৈ আহিছিল। আৰু নীলাভৰ মাকৰ কথামতেই নীলাভৰ অনুপস্থিতিত পাৰ্বতীয়েই নীলাঞ্জনাৰ সংগী হৈছিল। পাৰ্বতীয়ে দিনটো ইটো-সিটো কাম কৰি নীলাঞ্জনাক সহায় কৰি দিয়ে আৰু নীলাঞ্জনাইও পাৰ্বতীক বৰ আদৰ-যত্ন কৰে। প্ৰায় দহদিনমান পাৰ্বতী নীলাঞ্জনাহঁতৰ ঘৰলৈ অহা নাই। নীলাভ আৰু নীলাঞ্জনাই খবৰ কৰি গ’ম পাইছিল যে পাৰ্বতীৰ অসুখ। জ্বৰত একেবাৰে মানুহজনী দুৰ্বল হৈ পৰিছে। সেইয়ে আজি নীলাভ অফিচৰ পৰা আহোঁতে পাৰ্বতীৰ ঘৰত সোমাই আহিম বুলি নীলাঞ্জনাক কৈ গৈছে। কিন্তু হঠাৎ এই মধ্য ৰাতি পাৰ্বতীৰ মাতত নীলাঞ্জনা আচৰিত হ’ল। :বোৱাৰী , অ’ বোৱাৰী। পাৰ্বতীৰ মাতত নীলাঞ্জনাৰ চিন্তাৰ আঁতডাল ছিঙিল। তাই পলম নকৰাকৈ দুৱাৰখন মেলি দিলে। ল’ৰালৰিকৈ পাৰ্বতী সোমাই আহিল। এইমাত্র ইমান ডাঙৰ বৰষুণজাক দি গ’ল, অথচ পাৰ্বতীৰ গাত অকণমানো পানীৰ টোপাল নেদেখি নীলাঞ্জনা আচৰিত হ’ল। :বাই, তুমি ইমান ৰাতিখন কিয় আহিলা? তোমাৰটো গা-বেয়া আছিল। আজি নীল তোমাৰ ওচৰত সোমাই অহাৰ কথা। মই ভাৱিছিলো তেওঁ তোমালোকৰ ঘৰত আছে আৰু সেইয়ে অহাত ইমান দেৰি হৈছে কিন্তু…. নীলাঞ্জনাৰ কথা শেষ হ’বলৈ নাপাওঁতেই পাৰ্বতীয়ে টপৰাই মাতিলে, :অ’ নীল বাবা আমাৰ ঘৰতে আছে। মই গুছি আহিলোঁ। ইমানদিন তোমাক দেখা নাই, ভাৱিলোঁ ইমান বতাহ বৰষুণ তুমি ভয় কৰিবা। সেইয়ে মই গুছি আহিলোঁ। পাৰ্বতীৰ কথাবোৰ শুনি নীলাঞ্জনাই পাৰ্বতীৰ মুখলৈ ৰ’ লাগি চাই থাকিল। তেজৰ একো সম্পর্ক নাই, অথচ ইমান আন্তৰিকতা। সঁচাই এই সহজ সৰল মানুহবোৰৰ অন্তৰখন নিভাঁজ মৰম-স্নেহেৰে ভৰপূৰ। :বোৱাৰী কি ভাৱি আছা? তুমি ছাগে একো খোৱাই নাই। নীল বাবা আহিব বুলিয়ে ৰৈ আছা? ব’লা কিবা এটা খাই ল’বা, নীল বাবা অহা অলপ পলম হ’ব। পাৰ্বতীৰ কথাতহে নীলাঞ্জনাই ভাৱিলে,তাই যে খাবলৈ একো ৰন্ধাই নাই। সদায় নীলাভ অহাৰ পাছতহে তাই পাকঘৰত সোমায়। আজিও তেনেদৰে ৰৈ আছিল, কিন্তু হঠাৎ অহা বতাহ-বৰষুণজাকে সকলো খেলিমেলি লগাই দিলে। কিন্তু নীলাভ অহা পলম হ’ব বুলি পাৰ্বতীয়ে কেনেকৈ জানিলে। কথাবোৰ ভাৱি ভাৱি নীলাঞ্জনাই পাৰ্বতীৰ পাছে পাছে গৈ পাকঘৰত সোমালেগৈ। পাৰ্বতীয়ে ইতিমধ্যেই কিবা কিবি ৰান্ধিবলৈ আৰম্ভ কৰিছে, নীলাঞ্জনাই পাচলিকেইটাকে কাটি দিবলৈ বুলি ফ্ৰিজৰ পৰা পাচলিকেইটা উলিয়াই ল’লে। :বাই, তুমি গাটো অলপ ভাল পাইছা নে? :কিনো ভাল বেয়া আৰু এই বেয়া এই ভাল । ৰাখে হৰি মাৰে কোনে, বোলে মাৰে হৰি ৰাখে কোনে। বুজিছা বোৱাৰী, ওপৰৰ জনে বিচাৰিলে আমি একো কৰিব নোৱাৰোঁ। পাৰ্বতীৰ কথাবোৰ শুনি নীলাঞ্জনাই নাহাঁহি নোৱাৰিলে। বৰ ৰসাল মানুহজনী, কথাই কথাই নিজেও হাঁহে আনকো হঁহোৱাই ভালপায়। পাৰ্বতীয়ে ইতিমধ্যে সকলোখিনি খোৱাৰ যোগাৰ কৰিলেই। নীলাঞ্জনাই নীলাভ অহালৈ ৰওঁ বুলি কোৱাত পাৰ্বতীয়ে আপত্তি কৰিলে। :তুমি, খাই লোৱা। তাৰবাবে ৰৈ থাকিলে তোমাৰ পেট মৰিব। পাৰ্বতীয়ে নেৰানেপেৰাকৈ লাগি থকাত মন নথকা স্বত্বেও নীলাঞ্জনাই ভাত কেইটা খাই ল’লে। পাৰ্বতীয়েও তাৰ পৰা লাহেকৈ বিদায় ল’লে। নীলাঞ্জনাই, পাৰ্বতীয়েনো নীলাভ অহা দেৰি হ’ব বুলি কেনেকৈ জানিলে সেই কথা সুধিম সুধিম বুলিও মনতেই ৰৈ গ’ল। পাৰ্বতী হঠাৎ ৰাতিখন আহি ওলোৱা,আৰু তাইৰ অদ্ভুত আচৰণবোৰে নীলাঞ্জনাক আচৰিত কৰিলে। বিচনাতে পৰি নীলাভলৈ বুলি ফোনটো লগালে নীলাঞ্জনাই। বহু সময় ফোনটো ৰিচিভ নকৰিলে নীলাভে। বাৰে ৰকমৰ চিন্তা বোৰে আমনি কৰিলে নীলাঞ্জনাক। হঠাৎ বাজি উঠা নীলাভৰ ফোনটোৱে নীলাঞ্জনাৰ চিন্তাত ব্যাঘাত জন্মালে। অকণো পলম নকৰাকৈ ফোনটো ৰিচিভ কৰিলে তাই, :নীল, ইমান সময় ফোনটো ৰিচিভ নকৰিলা যে। জানানে তুমি, কিমান চিন্তা হৈছে মোৰ। :বুজিছো নীলা। অথনিৰে পৰা তোমালৈ ফোন লগাই আছো। বৰ বেয়া খবৰ এটা আছে নীলা, অলপ সময়ৰ আগতে পাৰ্বতী বাই ঢুকাইছে। মই তেওঁলোকৰ ঘৰতেই আছো। তুমি চিন্তা নকৰিবা নীলা, মই সোনকালেই গৈ আছো। :কিন্তু, নীল এইমাত্র পাৰ্বতী বাই ইয়াৰ পৰা গৈছে। দুয়ো একেলগেই ভাত খাইছো। :তোমাৰ সেইয়া ভ্ৰম হৈছে নীলা। অলপ সময়ৰ আগতে পাৰ্বতী বাই ঢুকাল আৰু এইমাত্র তেওঁক অন্তিম সৎকাৰ কৰিবলৈ নিয়া হৈছে। আচলতে তেওঁৰ আমাৰ প্ৰতি থকা আন্তৰিকতাবোৰৰ বাবে আমি সহজে পাহৰিব নোৱাৰিম, হয়তো তুমি তেওঁৰ কথা ভাৱি আছিলা । সেইয়ে তেওঁ তোমাৰ কাষত থকাৰ দৰেই অনুভৱ কৰিছা। কিন্তু তেওঁ তালৈ যোৱাটো অসম্ভৱ নীলা। নীলা.. নীলা… শুনি আছানে তুমি…. সিপিনৰ পৰা নীলাভে চিঞৰি থাকিল, কিন্তু নীলাঞ্জনাই তাক কিবা ক’ম বুলিও যেন পৰা নাই। চকুৰে অন্ধকাৰ দেখিছে তাই। তাই নীলাভৰ কথাকেই বিশ্বাস কৰিবনে, নিজৰ চকুৰ সন্মুখত দেখাবোৰকেই বিশ্বাস কৰিব। বুকুৰ ঢপঢপনিবোৰ দুগুণে বাঢ়ি গ’ল তাইৰ। ভিতৰৰ সকলো বস্তু কিবা অচিনাকী যেন লাগিছে। হঠাৎ খিৰিকীৰ ফালে চকু গ’ল তাইৰ, কোনোবাই যেন খিৰিকীৰ সন্মুখত ৰৈ তাইলৈ ৰ’ লাগি চাই আছে। কিবা এটা কাণৰ কাষেৰেই ধপ্ ধপাই উৰি যোৱা যেন অনুভৱ কৰিলে তাই। ভগৱানৰ নাম স্মৰণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছে। কিন্তু তাইৰ মুখত ভগৱানৰ নামৰ সলনি উচ্চাৰিত হৈছে মাথো, পাৰ্বতী বাই,পাৰ্বতী বাই…ফোনটো লৈ নীলাভলৈ বাৰে বাৰে ফোন লগালে কিন্তু সিপিনৰ পৰা মাথো এটাই উত্তৰ, :আপুনি ডাইল কৰা নম্বৰটো সংযোগ সীমাৰ বাহিৰত আছে….. বিচনাৰ পৰা নামি কোঠাটোৰ দুৱাৰখন খুলি তীব্র জোৰে দৌৰিবলৈ ধৰিলে তাই। গেটৰ সন্মুখতেই নীলাভৰ গাড়ীৰ সন্মুখত ছিটিকি পৰিল নীলাঞ্জনা। ভাগ্য ভাল আছিল, নীলাভে জোৰেৰে ব্ৰেক মাৰি গাড়ীখন ৰখাই দিলে। গাড়ীৰ পৰা নামি নীলাভ নীলাঞ্জনাৰ কাষ পালেগৈ, :নীলা,কি হ’ল নীলা।এনেদৰে দৌৰি দৌৰি ক’ত যোৱা? :মোক ইয়াৰ পৰা লৈ যোৱা নীল।মই ইয়াত থাকিব নোৱাৰিম ,মোক লৈ যোৱা….. ফোঁপাই ফোঁপাই কথাকেইটা কৈ শ্বাসৰূদ্ধ হৈ পৰি ৰ’ল নীলাঞ্জনা। অৱচেতন নীলাঞ্জনাক লৈ ভিতৰলৈ বুলি যাবলৈ লওঁতেই নীলাভৰ চকুত পৰিল, সিহঁতৰ কোঠাটোৰ সন্মুখতেই পৰি থকা পাৰ্বতী বাইৰ ৰঙা ৰঙৰ শাৰীখন। এই শাৰীখন অলপদিনৰ আগতে নীলাভেই পাৰ্বতী বাইক আনি দিছিল। নীলাঞ্জনাৰ শাৰীখন বৰ পছন্দ হৈছিল আৰু সেইয়ে পাৰ্বতীয়ে প্ৰায়ে নীলাঞ্জনাক কৈছিল, :বোৱাৰী, মই মৰি যোৱাৰ আগত এইখন তইয়ে লৈ ল’বি দে। পাৰ্বতীৰ কথা শুনি নীলাভে হাঁহিছিল,আৰু নীলাঞ্জনাই অভিমান কৰি কৈছিল, :তুমি কেতিয়াও মৰিব নোৱাৰা পাৰ্বতী বাই। নীল ঘৰৰ পৰা ওলালে মোৰ কথা পাহৰিয়ে যায়। তুমি গুছি গ’লে মইনো কাৰ লগত থাকিম। কথাবোৰ মনত পৰি নীলাভৰো কিবা ভয় ভয় যেন অনুভৱ হ’ল।পাৰ্বতী বাইৰ কথাবোৰ মনত পৰি মনতো সেমেকি উঠিল। নীলাঞ্জনাক লাহেকৈ বিচনাখনত শুৱাই পানী অলপ ছটিয়াই দিলে সি। হঠাৎ হোৱা আচৰ্যজনক পৰিস্থিতিত তাই চেতনা হেৰুৱাই পেলাইছিল। পুনৰ আগৰ অৱস্থালৈ অহাতহে নীলাভৰ চিন্তা কমিল। :নীল, সম্পর্কবোৰ বৰ আচৰিত নহয় নে? তেজৰ সম্পর্ক থাকিলেও কেতিয়াবা আপোনজনে আপোনজনৰ শত্ৰু হৈ পৰে আৰু ক’ৰবাৰ অচিন অজান মানুহো কেনেকৈ যে চিৰস্থায়ী হৈ হৃদয়ত ৰৈ যায় চিৰদিনৰ বাবে। নীলাঞ্জনাৰ মাততহে নীলাভে তাইলে চালে। :সঁচাই, নীলা। তুমি ঠিকেই কৈছা,সম্পৰ্কবোৰ আচলতে তেজৰ নহয় হৃদয়ৰ। হৃদয়েহে বিচাৰি পাই আপোনত্বৰ সঠিক ঠিকনা। সেইয়ে হৃদয়বিহীন মানুহে কেতিয়াও সঁচা সম্পৰ্ক গঢ়িব নোৱাৰে। নীলাভৰ বুকুৰ মাজত কুঁচি-মুচি সোমাই পৰিল নীলাঞ্জনা। পাৰ্বতী বাইৰ ঘটনাটোত ,তেওঁক হেৰুৱাই যদিও দুয়োৰে মন সেমেকি পৰিছে। তথাপিও পাৰ্বতী বাইৰ নিঃস্বার্থ মৰম আৰু ভালপোৱাবোৰে সিহঁতক চিনাকী কৰি দিলে, সম্পর্কৰ প্ৰকৃত ঠিকনা। #Assamesegolpa #Axomiyagolpa #parbatibai #SahityaChorcha

  • অভিশপ্ত দিনবোৰৰ অৱসান ঘটক

    বনজুইকোৰা বুকুত আজিও জ্বলি আছে ভাহি আহে নিৰিহ বন্যপ্রাণীৰ আৰ্ত্তনাদ মাৰ যোৱা নাই বাগজানৰ উত্তাপ আপোনজনক হেৰুৱাই ক্ষত-বিক্ষত হৃদয় শংকা আজিও আঁতৰা নাই মহামাৰি ক’ৰণাৰ… সময় গতিশীল থমকি ৰোৱাৰ অৱকাশ নাই জন্মৰ আনন্দত অথবা মৃত্যুৰ যন্ত্রণাত জীৱনৰ পদুলি গৰকী পাৰ হৈ যায় পল অণুপলে দিন মাহ বছৰ দুখৰ চোলাটোতে সুখৰ টাপলি মাৰি সপোন দেখোঁ অনাগত ভবিষ্যতৰ বন্দীশালৰ দুৱাৰ খুলি ডেউকা কোবাই উৰাৰ দূৰন্ত হেঁপাহ হেঁপাহ আকাশ চোৱাৰ আশা কৰোঁ সেয়ে হওক হেপাহৰ বন্যা বোৱাই বৈ আহক আকাশী গংগা অসূয়া অপ্রীতি মাৰি মৰক,মহামাৰি নিশেষ হওক নিপাত যাওক সেই বিধ্বংসী অনুজীৱ বিভিষীকাময় দিনবোৰ… মাস্ক চেনিটাইজাৰ সামাজিক দূৰত্বৰ পৰিসমাপ্তি ঘটক নৱবৰ্ষই (2021)কঢ়িয়াই আনক সুখ সমৃদ্ধিৰে পূৰ্ণ এখন মুকলি আকাশ সফলতাৰ এটা সেন্দুৰীয়া বাট সেউজীয়া পৃথিবী ভৰুণ হওক হিৰন্ময়ী হওক মোৰ আইৰ চোতাল উজ্জ্বীবিত হওক এটা নতুন পুৱা | #assamesekobita #axomiyakobita #obhixaptadinburaroboxanghatok #SahityaChorcha

  • মই কিয় কবিতা লিখো

    মই কবিতা লিখো কবি হোৱাৰ মানসেৰে নহয় মই কবিতা ভালপাওঁ এই কাৰণেই ছন্দময়ী কবিতাৰ স্পন্দনে মোৰ বাবে কঢ়িয়াই আনে নীৰব প্ৰেম,হাঁহি-তামচা,আৰু শান্তিৰ বতৰা। মোৰ অন্তৰৰ পূঞ্জীভূত বেদনাৰাশিক, সৌন্দয্য-সুষমাৰে মহত্ব প্ৰদান কৰে কবিতাই। অগ্ৰজ কবিসকলৰ কবিতাৰ পংক্তিবোৰে মোৰ হৃদয়তো কবিতা সৃষ্টিৰ বীজ ৰোপন কৰিছিল। মোৰ প্ৰতি শব্দত হেৰাই যাব খোজা বৰ্ণমালাৰ আখৰবোৰ হয়তো বা এদিন জিলিকি উঠিব কবিতাৰ ৰূপেৰে আপোন জনৰ হৃদয়ত। মই কবিতা লিখো মোৰ কবিতাৰ কোনো ছন্দ নাই,নাই কোনো দাৰি -কমা। তথাপিওঁ তথাপিওঁ এপাহ খৰিকাজাই হৈ ফুলি ৰ’ব মোৰ আশাৰ বাগিছা খনত। নিশাৰ বতাহ জাকত খৰিকাজাইৰ সুগন্ধই দি যাব প্ৰাপ্তিৰ বতৰা। হৃদয়ে,হৃদয়ে ঝংকৰিত কৰিব মোৰ কবিতাৰ জোকাৰণি। #assamesekobita #axomiyakobita #moikiokobitalikhu #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page