The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- “সীমাহীন শব্দৰ অভিব্যক্তি”
শীতৰ এটা উম লগা সন্ধিয়া নিৰ্জন আৰু নিসংগতাৰ সুযোগ লৈ বহি আছো অকলশৰে জুহালৰ কাষত। বাহিৰত তেতিয়া টোপ-টোপ কৈ সৰিছে ঠেৰেঙা লগা শীত জুহালৰ কাষত গলিছে মোৰ হৃদয়। জুইৰ উত্তাপত পাৰ হৈ যোৱা অতীতৰ কিছুমান কথাই বাউলি কৰে মোৰ মন। মোৰ মানসপটত জিলিকি উঠে প্ৰাপ্তি-অপ্ৰাপ্তিৰ বহ ৰঙীন সপোন। শীতে ঠেৰেঙা কৰা সময় খিনিত জুহালৰ কাষত বহি বহি বিদায় দিছিলো মনৰ পৰা। পুৰণা হৈ যোৱা ডায়েৰীত লিখিৰখা অব্যক্ত বেদনাবোৰৰ এখিলা এখিলা পাত। এতিয়া, নতুনকৈ জীৱন জীনাৰ পথত অকলশৰে খোজ দিবলৈ শিকিছো। লগত ৰাখিছো কলিজাৰ তেজ ভৰাই ৰখা কলমটো। সেইটোৰেই লিখি গৈছো সেই হৃদয় বোৰৰ কথা। য’ত জুইৰ লেলিহান শিখাইয়ো,শীতৰ চৰম ৰুক্ষতা আৰু অতীতে দিযোৱা চৰম প্ৰতাৰণা বোৰেও বিচলিত কৰিব নোৱাৰা প্ৰত্যয়ৰ গুন-গুন গান। ন-কৈ মোৰ কবিতাৰ ছন্দময়ীতাত বাঁজী উঠে মোৰ জীৱন পৰিক্ৰমাত স্বপ্নময়ী গীতৰ গুন-গুননি আৰু সীমাহীন শব্দৰ পৰিভাষা। #assamesekobita #axomiyakobita #himahinhobdorabhibyakti #SahityaChorcha
- নিঃসংগ জীৱন
নিঃসংগতা সঙ্গীবিহীন কঠিন সন্ধিক্ষণৰ অন্তৰাত্মাৰ ক্ৰন্দন ভাৱাবেশ ভৰা জীৱন বুকুত উঠা-নমা কৰা স্পন্দন। বিৰামহীন তাৰ ভাৱনাত উঠিছে এক অনামী জোঁৱাৰ তাৰ মন আজি অশান্ত নাই তাৰ কোনো স্থৈৰ্য নাই তাৰ মনৰ কোনো ভাৱ অনুভূতিৰ আলোড়ন নাই কোনো উচাহ নাই কোনো আশাৰ সঞ্চাৰ নাই তাৰ কোনো স্ফুৰণ চাৰিওফালে দেখে মাথো আন্ধাৰ নাপায় যে সি পোহৰৰ সন্ধান তুমি অবিহনে আজি সি অশক্ত একো কৰিব নোৱাৰে ডেউকা ভগা পক্ষীৰ দৰে এতিয়া সি এটা ডাঙৰ অশ্ম তাৰ অষ্টাংগ অলৰ অচৰ থিয় হৈ থকা এটা স্তম্ভ হৃদয়ত আজি অগ্ন্যুপাত জ্বলি জ্বলি যে শেষ হোৱা তাৰ যেন এক কৰুণ জীৱন তুমি বিহীন এক অধ্যায় এইয়ে তাৰ নিঃসংগ জীৱন। #assamesekobita #axomiyakobita #nikhangajiban #SahityaChorcha
- “এগৰাকী বিদুষী নাৰীৰ কাহিনী”
মহাৰাষ্ট্ৰৰ এজনী নাবালিকা ৯ বছৰ বয়সতে ৩৫ বছৰীয়া বয়সৰ পুৰুষ এজনৰ লগত বিয়া হৈ অভাৱনীয় অভাৱ অনাটন ত জীৱন কটাই ছিল। ২০ বছৰ বয়সত সন্তান সম্ভৱা হৈ থাকোতে স্বামীয়ে অত্যাচাৰ কৰি ঘৰৰ পৰা গুৰিয়াই উলিয়াই দিওতে বেহুচ হৈ থকা অৱস্থাতে এটি সন্তান জন্ম হয় আৰু নাৰীদাল নিজে পাথৰেৰে ১৬ বাৰ মাৰি মাৰি কাটিছিল। পেটৰ ভূকত স্মশানৰ জ্বলি থকা শ ৰ উপৰত ৰুটি বনাই খাইছিল। এবাৰ ধৰ্য্যৰ সীমা পাৰ হোৱাত ট্ৰেইনৰ পট্ৰিত বহি দিছিল সন্তানৰ লগত কিন্তু শিশুটিৰ উজ্বল চকুকেইটা দেখি উঠি আহি পুণৰ সংগ্ৰামী জীৱন কটাইছিল। মহাৰাষ্ট্ৰৰ সিন্ধু তাই ( মাই) নামেৰে বিখ্যাত এইগৰাকী অতি সাহসী আৰু কেতিয়াও হাৰ নমনা নাৰীয়ে নিজৰ জীৱন পৰিবৰ্তন কৰাৰ লগতে হাজাৰ হাজাৰ ভিক্ষাৰীৰো জীৱন সলাই পেলাইছিল তেওঁ খোৱা ৰুটি আন ভিক্ষাৰীকো দিছিল যিবোৰ শ্মশানত বনাই আনিছিল। অনাথ সন্তানসকলৰ তেওঁ প্ৰকৃত মাতৃ হৈ পৰিছিল। তেওঁ উৎসাহপুৰ্ণ কথাৰে সকলোকে পুণৰ জীৱিত কৰি তুলিছিল। এতিয়ালৈকে ভাৰতৰ চাৰিজন ৰাষ্ট্ৰপতি য়ে তেওঁক ভুয়সী প্ৰশংসা কৰি পুৰষ্কাৰ দিয়াৰ লগতে ৭০০ ৰো অধিক পুৰষ্কাৰে পুৰস্কিত হৈছে। এইগৰাকী নাৰী অকল সাহসীয়ে নহয় অতি দয়ালু তথা ক্ষমাদানীও , যিজন স্বামীয়ে তেওঁক ঘৰৰ পৰা খেদি দিছিল তেওঁৰ অৱস্থা অতি শোচনীয় হোৱাত তেওঁ কো নিজৰ আশ্ৰমত সন্তানৰ দৰে থাকিবলৈ মাতি আনিছিল। মহাৰাষ্ট্ৰ তথা গোটেই বিশ্ববাসীকে এইগৰাকী নাৰীয়ে মানৱ জাতিৰ এক অনুকৰণীয় জীৱনৰ চানেকি দাঙি ধৰিলে। #agorakibidhukhinarirkahani #assamesekobita #axomiyakobita #SahityaChorcha
- “মই এজন চণ্ডাল”
দিন নাই ৰাতি নাই কত যে পুৰো মই মৰাশ কাৰোবাৰ শৰীৰৰ খণ্ড খণ্ড কাৰোবাৰ আকৌ হানি খুচি মাৰি অনা কটা চিঙা অৱশিষ্ট খিনি জুইয়ে আধা পুৰা কৰা কংকালখিনিও মই য়ে জ্বলাও আজি মোৰ হাত অচল হৈছে মনৰ কোমলতাও কেতিয়াবা ই শেষ হল পৰিয়ালৰ কান্দোনৰ ধ্বনি মোৰ আচহুৱা নলগা হল চকুৰ পানীৰ কাৰণো নুবুজা হৈ আহিলো কিছু নিৰৱ সময়ত ভাৱ হয় কোনে বা মোৰ শৰীৰটো এনেদৰে জাপিব? খৰি কেইদাল বা আনিব কোনে? মোৰহৈ কান্দিব বা কোনে? ভাৱৰ বুৰবুৰণি শেষ নৌহওঁতেই আকৌ কান্দোনৰ ৰোল এইবাৰ আকৌ আহিল কোনোবা বলৎকাৰীৰ বলি হোৱা কণমাণি এজনী ৰ নিঠৰ দেহ মোৰ কিন্তু হিয়া নগলিল কাৰণ মই যে অভ্যস্ত কাৰ হৈ কান্দিম মই? কান্দিবৰ কাৰণেই বা কি? মোৰ কৰ্ম ই ধৰ্ম বুলি নিষ্ঠাৰে কৰি যাও চকুৰ পানী মোৰ নোলাব পাৰে মই জীয়াই থকা জগতখন পৃথক হব পাৰে কিন্তু মই তো নোৱাৰিম তহঁতৰ দৰে হানি খুচি জীৱিত এজনক হত্যা কৰিব নোৱাৰিম মই সন্তানৰ দৰে শিশুৰ ওপৰত মোৰ দেহতো এৰি দিব মোৰ সমাজেই মোৰ আজি প্ৰিয় শেষ বাৰৰ বাবে মই হাত ফুৰাই শেষ বিদায় তো দিব পাৰিছো নাই নাই মোৰ জগতখনেই মোৰ অতি প্ৰিয়। #assamesekobita #axomiyakobita #moiajonchandal #SahityaChorcha
- কবিৰ চতুৰালি
কবিতাৰ সুৰৰ ধ্বনি ছন্দই লগাই মুকুতাৰমণি অনুভৱত হৃদয় খলকণি শব্দপ্ৰলয়ৰ মহিমা চোৱা কবিতাৰসেৰে সমাজ গঢ়ে নৱাগতক শব্দমায়াৰে বান্ধে অনুশাসনৰ বাঘজৰীত ৰাখি মিঠাকথাৰে মানৱপ্ৰেম সিঁচি নকৰেনে কবিসকলে চতুৰালি #assamesekobita #axomiyakobita #kobirsoturali #SahityaChorcha
- জীৱনৰ অন্তিম হাঁহি
শৈশৱৰ অজানিতে আইৰ কোলাত জীৱনৰ প্ৰথম হাঁহি আইৰ এফাঁকি নিচুকনি গীত শুনি শুনি। পখিলা খেদাৰ বয়সত মিচিকিয়া হাঁহিৰে, চুমা দিওঁ আলসুৱা ফুলৰ পাহিত। ভৰ যৌৱনত চোতালত বহি মিচিকিয়া হাঁহিৰে, আকাশৰ সতে কথা পাতো তৰা বোৰৰ লগত, স্নিগ্ন জোনাকটো উজ্বলি উঠক হাঁহি। মোৰ ক্লান্তিহীন দেহত অৰ্হনিশে বিয়পি থাকে হাঁহি, স্নেহপূৰ্ণ প্ৰকৃতিৰ বুকুত, হাঁহিৰে ওপচাই তোলো, প্ৰতি পুৱা কোমল ৰ’দত। শান্ত সাগৰৰ ঢৌৰ সতে হাঁহিৰে ওপচাই বিলিন হওঁ দুপৰ ভাগত। মোৰ হাবিয়াহ প্ৰতি পলে পলে চৌদিশে বিয়পি পৰক মোৰ হাঁহিৰ পৰশ। জানিব মন যায় কাৰ কোলাত অন্ত পৰিব জীৱনৰ উল্লাসিত সপোন জীৱনৰ শেষ নিশ্বাস অন্তিম হাঁহি? #assamesekobita #axomiyakobita #jibonorontimhahi #SahityaChorcha
- পৰিক্ৰমা
অস্ত যোৱা বেলিটিয়ে দি যায় উদয় হোৱাৰ প্ৰতিশ্ৰুতি আত্মাও শৰীৰ সলাই ন-ৰূপ লয় ঘড়ীটিয়েও ১২ ৰ পৰা ১২ লৈ ঘূৰে তেন্তে এটা বছৰনো ক’ত শেষ হয়? মাথোঁ পৰিবৰ্তন হয় নতুন এটি সংখ্যাৰ। দিনবোৰো একেই থাকে মাহবোৰো একেই থাকে সলনি হওঁ কেৱল আমিবোৰ সলনি হয় আমিবোৰৰ চিন্তা-ধাৰা সময়বোৰ ঘূৰে আদিৰ পৰা অন্তলৈ দি যায় বহু স্মৃতি হৃদয়ৰ কোণত। জীৱন পৰিক্ৰমাই দিয়ে অভিজ্ঞতা জীয়াই থকাৰ আৰু জীৱন সঁজোৱাৰ দিনবোৰ চেৰেকীৰ পাকত চকচকাই ঘূৰে মাহবোৰো উভতে ঋতুৰ বোকোচাত তেন্তে এটা বছৰনো ক’ত শেষ হয়? সলনি হওঁ কেৱল আমিবোৰ! #assamesekobita #axomiyakobita #Parikrama #SahityaChorcha
- নিষ্ঠুৰ বাস্তৱ
নিষ্ঠুৰ বাস্তৱক আওকাণ কৰি তোমাৰ পৰা তাই আঁতৰি আহিলে, ৰূঢ অতীতক ভৰিৰে গচকি নতুন পথৰ সন্ধানত নামিলে। #Assamesestabak #axomiyastabak #Nishthurbastava #SahityaChorcha
- দেউতাই সেইদিনা কবিতা লিখিছিল
কবিতাৰ ক টোও অনুভৱ নকৰা দেউতাই সেইদিনা এটি কবিতা লিখিছিল,হেৰুওৱাৰ কবিতা বুকু উদং হোৱাৰ কবিতা সজাইছিল প্ৰতিটো বুকুৰ শব্দ মাটিৰ শব্দ,মন আৰু সময়ৰ শব্দ নিজৰ অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ উদাসীনতাৰ সৈতে পোৱা নোপোৱাৰ শব্দ দেউতাৰ কবিতাৰ প্ৰতিটো শব্দত মই বিচাৰি পাইছিলোঁ মোৰ শৈশৱ, যৌৱন তথা বৰ্তমানৰ এখনি স্ফটিক আলোকচিত্ৰ বোৱাৰী ৰূপৰ সংমিশ্ৰিত প্ৰভাৱে পোহঁৰাই তুলিছিল দেউতাৰ ৰঙা দুনয়ন কোনোদিনে মুখ খুলি নোকোৱা দেউতাই কবিতাৰ প্ৰতিটো শব্দত চিঞৰি চিঞৰি মোক কৈছিল “প্ৰতিটো জনমত যেন তই মোৰ কোলাতেই উমলিবি” সেইদিনা মইয়ো মোকবধিৰ হৈ মাথোঁ শুনিছিলো দেউতাৰ কবিতাৰ উচুপনিৰ শব্দ। #assamesekobita #axomiyakobita #deutaiheidinakobitalikhisil #SahityaChorcha
- অনাথ শিশু মই
ধুলিমাকতিৰ লগত খেলি খেলি জীৱনটো কটাওঁ মই প্ৰকৃতিক আপোন কৰি সুখ, দুখেও প্ৰভাৱিত নকৰে দিন ৰাতিৰ পাৰ্থক্যও হৃদয় নুচুৱে এমুঠি অন্নৰ তৃপ্তিত সৰগ ঢুকি পাওঁ এষাৰি আপোন মাতত চকুলো নিগৰাওঁ ফটা চিটা কাপোৰৰ আৱৰণে মোৰ শুৱনি ঘৰখন তাতে কটাও মই ওমলি জামলি টিপ টিপ বৰষুণত টোপনি ভাঙে, ঘৰখন সামৰি সুতৰি দৌৰো শুকান ঠাই বিচাৰি নাই মোৰ দুখৰ অন্ত কৰাৰ চিন্তা নাথাকে কোনো প্ৰাপ্তিৰ আকাংক্ষা; কেতিয়াবা যদি শৰীৰ বেদনাত অকলশৰে থাকো, হৃদয়খন অজানিতে কিহবাই হাঁহাকাৰ কৰে দেখোন! খালি পেটৰ পুৰণিত ছটফটাই ছটফটাই ভাৱনাতে আইৰ বুকুৰ গৰম আলিঙ্গনত ঢলি পৰো পুৱতি নিশা সাৰ পাই দুধাৰি চকুলো টুকো বিশাল বিশাল অট্টালিকাবোৰ চাই ভাৱ হয় সিহঁতৰ সপোনে বাৰু কি পোৱাৰ আশা দেখে! মোৰ দৰে তৃপ্তিত বাৰু আহাৰ খায়নে! এদিন ঢুকি পোৱা হলে মোৰ নয়নত সামৰি ৰাখিলো হয় এদিন যাব পৰা হলে অনুভৱবোৰ হৃদয়ত বান্ধি আনিলো হয় তাৰ তৃপ্তিৰে গোটেই জীৱন ৰসাল কৰি গঢ়িলো হয় কোনে বা মোক লৈ সপোন ৰচিব! মোক হেৰুৱাৰ ভয়ত কাৰ বা হৃদয় পুৰিব! অনাথ শিশু মই নিবিচাৰোঁ কাৰোয়ে দয়া, সংগ্ৰামেৰে গঢ়িম মোৰ জীৱনৰ কায়া প্ৰফুল্লিত মনেৰে বিচৰণ কৰিম মুক্ত প্ৰকৃতিত বিশ্বখনকে ঘৰ বুলি ভাবিম নাথাকিব মনত কোনো বিভ্ৰান্তি মৰমেৰে মাতষাৰ দিয়া নাৰীক মাতৃ মানিম মূৰত হাত বুলাই আশ্ৰয় দিয়াজনক পিতৃজ্ঞান কৰিম সততাৰ পথ দেখুওঁৱাজনক মানৱ দৃষ্টি ৰাখিম জ্ঞানেৰে সুচি কৰাজনক ঈশ্বৰৰ দৰে দেখিম অনাথ মই হেজাৰজনৰ হৃদয়ত সন্তানৰ স্থান লৈ দহোদিশে উজ্বলি উঠিম এদিন মই ভোঁটা তৰাটো হৈ #assamesekobita #axomiyakobita #onathshishumoi #SahityaChorcha
- এগৰাকী নাৰী মই
বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাষাৰে নাৰী শব্দতেই লুকাই আছে মমতা, সৌন্দৰ্য, সাহসআৰু ত্যাগ। মই নাৰী সৃষ্টিকৰ্তাৰ সৃষ্টিৰে মই এগৰাকী নাৰী শক্তিৰ আধাৰ স্বৰূপা। কিন্তু সময়ৰ কঠোৰ আহ্বাহনত মই আজি দিশহাৰা বিধ্বস্ত মোৰ সমগ্ৰ সৰ্তা। এইয়াই নেকী মোৰ দোষ? শ্যামলীমা পৃথিবীৰ অপূৰ্ন উচুপনিয়ে আমনি কৰিলেও নিজৰ কৰ্তব্য নিজৰ দায়িত্বৰ বাবেই প্ৰতিগৰাকী নাৰীয়ে হিয়াৰ অযুত সপোন জীৱন দান দিয়াৰ? আধুনীকতাৰ ৰহনৰ বোল সানি ভোগবাদী সমাজৰ এচাম নৰ-পিশাচৰ হাতত লাঞ্চিত মই এগৰাকী নাৰী। হে,নতুন পুৰুষ কোমলতা,সৰলতা, সহনশীলতাক তোমালোকৰ পদপিষ্ঠই কোনো দিনে কৰিব নোৱাৰে মোৰ স্বাভিমান ম্লান। গভীৰ মননশীল দৃষ্টিৰে উন্মক্ত হৈ চিন্তা আৰু বোধশক্তিৰে শৰীৰত শেষ বিন্দু শোণিত থকা লৈকে যুঁজিম শোষণ আৰু কদাচাৰৰ বিৰুদ্ধে। মোৰ হিয়াৰ থাপনাত এতিয়াও প্ৰজ্বলিত হৈ আছে সেন্দুৰীয়া বাটেৰে অগ্ৰসৰ হোৱাৰ হেজাৰ স্বপ্ন। কাৰণ নাৰীৰ বুকুতেই জন্ম হৈছে হেজাৰতা শতিকা। গাই যাম প্ৰতিটো পুৱাতেই জীৱনৰ ন-ন গান। মই এগৰাকী নাৰী সৃষ্টিৰ শোনিতেৰে লিখা আছে অন্য এক নাম। শক্তিৰ শোনিতেৰে লিখা আছে অন্য এক ৰূপ। #agorakinarimoi #assamesekobita #axomiyakobita #SahityaChorcha
- আমাৰ সপোন
মৰমৰ কেনে আছা তুমি, নিশ্চয় ভালেই। শুনা আজি বহু দিনৰ পাছত তোমালৈ বৰকৈ মনত পৰিছে, আমাৰ সপোনটোৱে ক্ৰমশঃ পাহি মেলিছে, মোৰ গাটো আগতকৈ গধুৰ হৈছে, কপাহী চাদৰখনে গা ঢাকিব নোৱৰা হৈছো, কথাবোৰ কাকো কবও নোৱাৰোঁ, মাজ নিশা যেতিয়া সাৰপাও তেতিয়া তোমালৈ মনত পৰে, নিয়ৰ সনা এই শীতৰ নিশা তুমি সাৰে আছা জাগ্ৰত প্ৰহৰী হৈ আৰু মই নিহালীৰ উমত, প্ৰতি নিয়ত তোমাৰ অভাৱ অনুভৱ হয় হৃদয়ত, তোমাৰো এনেকুৱা হয় নেকি! আৰু কি জানা মা দেউতাই সদায় কাজিয়া কৰে, মাক লাগে ল’ৰা আৰু দেউতাক ছোৱালী। মোৰ বৰ হাঁহি উঠে, মায়েতো নাজানে তোমাকো এজনী পৰী লাগে, ভোগালীত এইবাৰ মই তুমি ভালপোৱা তিলপিঠা – ঘিলাপিঠা সাজিব নোৱাৰিম, তুমি আকৌ অভিমান নকৰিবা, এইবাৰ ভোগালীতেই পৰী আহিব। তোমাৰ সপোনৰ পৰী, ৰাতিপুৱাবৰেই হল আৰু নিলিখো দিয়া ।ভালকৈ থাকিবা। ইতি তোমাৰ মৰমৰ জোন ( বিঃদ্ৰঃ ফটো ফেচবুকৰ পৰা সংগৃহীত ) #amarhopun #assaemeseonhubhav #axomiyaonubhav #SahityaChorcha












