top of page

 SEARCH RESULTS 

606 results found with an empty search

  • শান্তিৰ ভোগালী

    দুৰ্বিষহ বছৰ এটি পাৰ কৰাৰ পিচত স্বস্তিৰ নিশ্বাস এৰিছে বিশ্বৰ লগতে অসমৰ জনগণে| ভোগালীও আহি দুৱাৰমুখ পালেহি| অসমীয়াৰ জীয়ৰী- বোৱাৰীৰ মন উখল-মাখল| চিৰ,পিঠা,সান্দহ ,হুৰুম , ঘিলা পিঠা, খোলাচাপৰীয়া পিঠা, লুঠুৰিপিঠা, চুঙাপিঠা আদি বিধে বিধে কৰিবলৈ প্ৰস্তুটি চলাইছে সকলোৱে| যোৱাবাৰযে অশান্তিতেই পাৰ হ’ল ভোগালীৰ উৎসাহ | এইবাৰ ভোগালী যোৱাবাৰৰ দৰে ভয়াবহ নহয় | সকলোৰে মনত উৎসাহৰ ঢল| ডেকা-বুঢা সকলোৱে টঙালী বান্ধিছে ভোগালীক আদৰণী জনাবলৈ| মেজীৰ বাবে কাঠ,বাঁহ কাটিবলৈ প্ৰস্তুটি চলাইছে| মেজী ভোজৰ ভেলাঘৰ সাজি মেজীভোজৰ মাছ-মাংসৰ লগতে কাঠআলু ,ৰঙা আলু ,মোৱাআলু , নতুন মাটিমাহ আদিৰ সন্ধানত ব্যস্ত হৈ পৰিছে| গভীৰ হতাশা ,গভীৰ নিৰাশাৰ অন্তপেলাই আশাৰ বতৰা লৈ আৰম্ভ হ’ল ২০২১ চন| সকলোৰে মনত আনন্দ – উৎসাহ| আঘোণী পথাৰৰ পৰা সোণগুটি লখিমীক আদৰি আনি মেটমৰা ভঁৰাল শুৱনি হ’ল ; শালি, লাহি, বৰা, জহা ধানেৰে ভঁৰাল ভৰি গ’ল| কৃষকৰ উৎসাহ নধৰা হ’ল| এতিয়া সকলো ব্যস্ত মাথোন শান্তিৰে ভোগালীক আদৰিবলৈ; বিহুৰ ভোজ ভাত খাই মেজীজ্বলাই অগ্নীদেৱতাক পূজা কৰিবলৈ। #assamesekobita #axomiyakobita #SahityaChorcha #shantirbhogali

  • নিষ্ঠুৰ বাস্তৱ

    নিষ্ঠুৰ বাস্তৱক আওকাণ কৰি তোমাৰ পৰা তাই আঁতৰি আহিলে , ৰূঢ় অতীতক ভৰিৰে গচকি নতুন পথৰ সন্ধানত নামিলে | #Assamesestabak #axomiyastabak #nishthurbastav #SahityaChorcha

  • পৰিশুদ্ধতা

    তোমাৰ অস্তিত্বৰ অবিহনে বাস্তৱ ফুলনিত পৰিপূৰ্ণতাৰে নুফুলে কুসুমিত ফুল। তুমি বহু কথা নুবুজাকৈ চৌদিশে চিতিয়াই নলবা ‌ব্যৰ্থ জোনাক। এবাৰ বিশ্বাসৰ অৱকাশে বিচাৰি চাবাচোন আপোন ভাৱৰ সমন্ধ বোৰত হয়তু পাব পাৰা মনে বিচাৰি ফুৰা আলোকিত পৰিশুদ্ধতা। জীৱনত বুজিৱ নোৱাৰা কথাবোৰ অজ্ঞাতে ৰাখি অনুভৱৰ যন্ত্ৰণাবোৰ জঞ্জালত হেৰাই যাব নিদিবা। উৎসাহ উল্লাসেৰে ভৰাই সুন্দৰ মুহূৰ্ত্তৰ বুনিয়াদ গঢ়ি অবিৰাম বিলাই দিয়া সৃষ্টিৰ অৱধাৰাৰে। চাবাচোন তেতিয়া দেখিবা বিৰহৰ বিষাদ গ্ৰস্ততাবোৰ অশ্ৰুৰ যন্ত্ৰণাবোৰ হ’ব কালৰ গতিত বিলীন। #assamesekobita #axomiyakobita #Parishuddhta #SahityaChorcha

  • আলয

    আপোন ঘৰত আই পিতাৰ ম ই এটি জীযা সপোন এতিয়াও আপোন ঘৰত আকাশৰ বুকুত উৰি ফুৰা মিঠা মিঠা সপোনবোৰ টোপা টোপে সৰি পৰে আলযৰ পদূলিত। সেউজীয়া দুবৰি বনৰ দলিচাত শেলুৱৈ ধৰা সপোনবোৰ দুচকুত জোনাকী পৰুৱা হৈ আগচি ধৰে। আই পিতাৰ কেঁচা ঘামৰ গোন্ধে। বৈ আহে আবেগৰ প্ৰেমৰ নিজৰা। এতিয়াও কিয বাৰু ৰৈ থাকে আপোন ঘৰৰ শাৰদীয খিৰিকি মুখত আই পিতাই মুখ জিলমিল কৰে কোমল ৰদত। #Alaj #assamesekobita #axomiyakobita #SahityaChorcha

  • অসমীৰ আহ্বান

    আজি আই তোৰ বুকু উদং কৰি ওলালো মই মাতৃ ভূমিৰ বাবে আই , তই নাকান্দিবি, আই তই বেজাৰ নকৰিবি, তই এনে কৰিলে, মই যে দুৰ্বল হৈ পৰিম আই, যদিও কোনো দিন মৰো মই ভাবিবি তই তোৰ মৰমৰ সোণামোৱাটি শ্বহীদ হৈছে দেশৰ হকে, আই অসমীৰ বাবে আই আজি আমিয়ে বচাব লাগিব নিজ দেশ, নিজ জাতি, নিজ মাটি নিজ ভেটি সকলো আজি যাওঁ যাওঁ আই সকলো আজি যাওঁ যাওঁ। কান্দে বাই ,কান্দে ভাই ,কান্দে ভনী কিহৰ বাবে ,আই কিহৰ বাবে আমি এমুঠি হোৱাৰ সময় হ’ল নহ’ব আমি বহি থাকিলে নহ’ব নহ’ব আমি মাথোঁ নিজৰ হকে চিন্তা কৰিলে নহব নহব কেতিয়াও নহব। আহা সকলো এক হৈ, ওলাই আহা আইয়ে মাতিছে কাতৰ স্বৰে, আহ মোৰ বোপাইহত ওলাই আহ, দেশৰ হকে ওলাই আহ নহয় তহত দুৰ্বল, নহয় তহত ভয়াতুৰ তহত মোৰ সন্তান, মোৰ গৌৰৱ, বোপাইহত। তহত মোৰ বীৰ পুত্ৰ সন্তান লাচিত সম্, আহ ওলাই আহ তহত ওলাই আহ। #assamesekobita #Axomiraahban #axomiyakobita #SahityaChorcha

  • বিভীষিকা

    চেচুকীয়া এন্ধাৰেৰে শিপাই শিপাই নাঙঠ ছোৱালীজনী সেউজীয়া হ’ল পহিলা বহাগতে ৰঙাকৈ ফুলিল পূৱৰ বেলিয়ে আথেবেথে সুধিলে কি সাজে শুৱাব তোক সাজোনমতী কি সাজে শুৱাব তোক ছাঁতে শুকুৱা মুঠিতে লুকুৱা সেই সাজেহে উপচাব দেহৰ ৰূপ ফাগুনৰ পছোৱাৰ আচঁলেৰে গা ঢাকি তাই গাভৰু সোণ হালধীয়া দেহাত ন – বসন্তৰ উলাহী ৰাগ মনৰ ফুলনিত এজোনাক জোনাকী হাবিয়াস কিছুদিনৰ পৰা তাইৰ মাকৰ বুকুত ভৰ কৰিছে পথৰুৱা বাটেৰে উৰি অহা এটা নোদোকা সপোন একেজনী মাথো জীয়েক কলিজাৰ উমত ফুলা হেপাঁহৰ দুনৰি ভৰাই পাতিব বিয়া তেল – মাহ-হালধিৰে নোৱাব ধোৱাব বুকুৰ ঘৰত হাঁহি ধেমালিয়ে ৰজনজনাব ঢোলে দগৰে জোঁৱাই আহিব পদূলিত আয়তীৰ উৰুলিৰে মংগল চৰাব পিছে যৌতুক—– উৱলি যোৱা কামিজটো পিন্ধি দেউতাক দিনৌ কামলৈ যোৱা ৰাতি দুপৰলৈ জীৱনৰ যঁতৰ ঘুৰাই যোৰা টাপলি মৰা পানী গামোছাৰে পেট নেবান্ধি ভোকৰ এসাজৰে জী থকা ঘৰখনে পাৰিব জানো হেপাঁহৰ ফুলনি ফুলাব? #assamesekobita #axomiyakobita #Bibhishika #SahityaChorcha

  • আৰোহণ

    জীৱনকাল কষ্টত আজীৱন, হলেও কৰিছোঁ আৰোহণ। দুখৰ বোজা কৰিছোঁ বহন, প্ৰচেষ্টা জীৱনত সানিম ৰহণ। অগ্নিৰ ডেউকা পক্ষী মন, বাধা নেওচি চুমিম গগণ। নিষ্ঠুৰ জগত ৰাখিছে হেঁচি ধৰি, নোৱাৰে ধৰিব শেষত দলিয়াম বেদনাৰ জৰী। মন বিষাদত অদম্য সাহস বুকুত, জীৱন যুদ্ধত ৰাখিছোঁ নিজকে যুগুত। লক্ষ্য ভেদাৰ তৃষ্ণা যাচিছোঁ বাসনাৰ দক্ষিণা। আকাংক্ষাৰ পৰ্বত লাঙ্ঘিম যিদিনা, আত্মাৰ সন্তুষ্টি লভিম সিদিনা। সদৌ শেষত যদিও আছোঁ ভিৰত, তেতিয়ালৈকে মোৰ সতে মোৰ যুদ্ধ অবিৰত। #aaruhon #assamesekobita #axomiyakobita #SahityaChorcha

  • নৈ পাৰলৈ

    অপূৰ্ব সৌন্দৰ্য্য নয়ন জুৰোৱা পক্ষীৰ কাকলিত সুৰৰ মূৰ্চনা ৷ নীলিম আকাশৰ মায়াময় স্পৰ্শত চোৱা উজ্জ্বলি উঠিল কোমল ঘাঁহনি হ’ল বাৰেৰহণীয়া ৷ জাক জাক বগলীৰ এয়াই ৰম্যভূমি , শুকুলা ফুল হৈ আছে যে খেলি৷ নাৱৰীয়াৰ ভতিয়ালী গীতত স্বৰ্গাৰোহণৰ জাগৰণ অস্তগামী সূৰুযৰ অনন্য সুন্দৰ হেঙুলী ৰহন৷ সৌৱা টনিজালত ডাঙৰ ৰৌ এটা আছে চটফটাই , মাছমৰীয়াকাই মনৰ আনন্দত উঠিল জপিয়াই৷ খোখো কাবাদি আৰু কতো খেলা আপোন পাহৰি খেলি আছে গৰখীয়াই, কৃষকৰ গৃহাভিমুখী হেপাঁহৰ গমন দিনজোৰা পৰিশ্ৰম কান্ধত ওলোমাই৷ বিচিত্ৰ ৰূপৰেখাৰ মহামিলন ভূমি অশান্ত মনৰ প্ৰশান্তিৰ স্থল এই নৈ পাৰ৷ #assamesekobita #axomiyakobita #noiparoloi #SahityaChorcha

  • অ” প্ৰিয়া

    যিদিনা তুমি, আহিম বুলি কৈছিলা, এছাতি মলয়াই, কাণে কাণে কৈছিল তুমি অহাৰ বতৰা । মোৰ মন হ’ল অনাবিল, আনন্দত উতলা, নাচিছে আজি মোৰ উগুল থুগুল হিয়া । সূৰুযৰ সোণখটোৱা ৰশ্মিয়ে পাতিছে ৰঙৰ মেলা প্ৰস্তুতি, চলাইছে যে তোমাক আদৰা । থৌকি বাথৌ মনে কয় পূৰণ হ’ব মোৰ ইচ্ছা কৰিছিলো মই তুমি অহাৰ কামনা । নৈৰ সোঁতত, মেলি দিলা তোমাৰ জীৱন দিঙা । পাৰি থোৱা আছে, ৰূপোৱালী বালিৰ দলিচা । তাতে বহি কৰিম অপেক্ষা তুমি আহি মাতিবা অ” প্ৰিয়া । #assamesekobita #axomiyakobita #opriya #SahityaChorcha

  • কুকুৰ

    ব্যস্ত নগৰৰ ব্যস্ত বস্তিৰ ব্যস্ত জীৱনৰ ব্যস্ত মানৱৰ ব্যস্ত ৰাজপথৰ মজিয়াত পৰি থকা মই মৃত কুকুৰে কৈছোঁ, সমাজ জীৱন মানৱ আজি ইমান ব্যস্ত যে মোৰ মৃত দেহটোকো সৎকাৰৰ সময় পোৱা নাই মোৰ ক্ষত-বিক্ষত মৃত দেহৰ ওপৰেৰে পাৰ কৰিছে হাজাৰ হাজাৰ যানবাহন মই গেলি পচি নিঃশেষ হৈ গ’লো তৎসত্বেও মোৰ সৎকাৰৰ সময় নাই হায় ৰে ! মানৱ জীৱিত অৱস্থাত মই আছিলোঁ পৰিণেতাৰ প্ৰহৰী পুলিচৰ সহায়ক অক্ষম ব্যক্তিৰ সক্ষমতা কিছুমানে মোক প্ৰভুভক্তও ভাবে কিছুমানে আকৌ মহাৰাজা যুধিষ্ঠিৰৰ স্বৰ্গাৰোহনৰ সাৰথিও ভাবে অথচ ব্যস্ত নগৰৰ ব্যস্ত বস্তিৰ ব্যস্ত জীৱনৰ ব্যস্ত মানৱৰ ব্যস্ত ৰাজপথৰ অকনো সময় নাই মোৰ সৎকাৰৰ সঁচাকৈ মোৰ মৃত্যু আজি মোৰ জীৱিত অৱস্থাতকৈ ডাঙৰ বোজা হৈছে। #assamesekobita #axomiyakobita #kukur #SahityaChorcha

  • শেষ দেখা

    দিনটোৰ আটাইবোৰ কাম-কাজ সামৰি মাধুৰিমাই হাতত মোবাইল ফোনটো লৈ আগফালৰ বেলকনিতে সদায় অকলশৰে বহু পৰ বহি থাকে। মানব (মাধুৰিমাৰ স্বামী) অফিচৰ পৰা আহে মানে ৰাতি প্ৰায় ৯ মান বাজে। আজি চৈধ্য বছৰ হ’ল তেওঁলোকৰ সংসাৰ কৰাৰ কিন্তু আজিলৈ মাক হোৱাৰ সৌভাগ্য কণ তাইৰ নহ’ল। ভাঙি পৰিছে মাধুৰিমা মনত হাজাৰ দুখ যদিও মানবক কোনোদিনাই নেদেখুৱাই। অনবৰতে হাঁহি ফূ্ৰ্তি কৰি থকা মাধুৰিমা এতিয়া হাঁহিব নজনা হ’ল। গোটেই দিন তাই অকলশৰে ঘৰতোৰ ভিতৰত সোমাই থাকে। মাজে-সময়ে স্কুলীয়া দিনৰে বন্ধু- বান্ধৱীৰ সতে ফোনতে কথা পাতে। মোবাইলটো হাতত লৈ বহি থাকোতেই বান্ধৱী ৰিমিয়ে ফোন কৰিলে। ৰিমি::: হেল্লো মাধু ( বান্ধৱী সকলে মাধুৰিমাক মাধু বুলি মাতে) মাধু:: অ’ হেল্লো ৰিমি। কি খবৰ তোৰ? ৰিমি :: অ’অ”’ ভালেই, মই মানে তোক, মাধু :: কি হৈছে ৰিমি? ৰিমি :: ঐ তই অলপ মোৰ লগত হস্পিটেলত গৈ দিবি? মাধু :: কি হ’ল তোৰ গা ভাল নহয় নেকি? ৰিমি ::: অ গা ভাল নহয়। অকলে যাব মন নাই সেয়ে তোক লগ ধৰিছো। আচলতে ৰিমিয়ে হস্পিটেলত যোৱাৰ কাৰণটো তাইক জনোৱা নাই। মাধু:: হ’ব তই চিন্তা নকৰ মই তোৰ তালৈ আহি আছো। এওঁক ফোন কৰি জনাই লওঁ। ৰিমি :: নালাগে তই সাজু হ’ , মই আহি আছো। মাধু আচৰিত হ’ল গা ভাল নহয় আকৌ গাড়ী চলাই কেনেকৈ আহিব। কিছুসময় পাছত ৰিমি আহি পালে। গাড়ীৰ হৰ্ণ শুনি মাধু ওলাই আহে। ৰিমি :: আহ পলম হ’ব সোনকাল কৰ। মাধু :: কি হৈছে ৰিমি বৰ চিৰিয়াচ হৈ আছ যে! ৰিমি:: ৰিমিয়ে একো উত্তৰ নিদি তাইক গাড়ীত বহিব কয় মাধু নেহা আৰু নিশাও আমাৰ বাবে ৰৈ আছে। মাধু :: ঐ ৰিমি ক’ না কি হৈছে। মোৰ বৰ চিন্তা লাগিছে। সিঁহত দুজনী আকৌ কেতিয়া আহিল। মাধুৰিমা , ৰিমি , নেহা আৰু নিশা নলে- গ’লে লগা বান্ধৱী আছিল। আৰু আজিও চাৰিজনীৰ বন্ধুত্ব এনাজৰী ডাল অটুট আছে। তেনেতে ৰিমিক নিশাই ফোন কৰি সোনকালে আহিবলৈ কয়। আধা ঘন্টাৰ পাছত গৈ পাব বুলি কৈ ৰিমিয়ে ফোনটো থয়। কিছুসময় পাছত ৰিমি আৰু মাধু গৈ হস্পিটেল পালে। সিহঁতক দেখি নিশা আৰু নেহা আগবাঢ়ি আহিল। নিশা আৰু নেহাক দেখি মাধুয়ে মৰমতে সাৱতি ধৰিলে আৰু হাঁহি হাঁহি কয় তহতি মোক ছোৱালী দিনৰ দৰে চাপৰাইজ দিছ’ ন’! মাধুৰ এই আজলী মৰমলগা মুখ খন চাই আটাইকেইজনী বান্ধৱীৰ চকুত চকুলো বৈ আহে। নিশাই বৰ মৰমেৰে মাধুক এজনী সৰুছোৱালীক নিচিকোৱাৰ দৰে হস্পিটেলৰ ভিতৰলৈ লৈ গ’ল। মাধুয়ে সিহঁতক বাৰে বাৰে সুধিছে কি হৈছে নকৱ কিয়। কিন্তু সিহঁতি তাইক একো নকৈ ইমাৰজেঞ্ছি বাৰ্ডৰ ফালে লৈ যায়। মাধুৰ যেন বুকু খন বিষাইছে। ইমাৰজেঞ্ছি বাৰ্ডৰ বাহিৰত তিৰোতা এগৰাকী আৰু ল’ৰা এটা বহি আছে। মাধুয়ে যেন সিহঁতক চিনি পায় লাগিল। তিৰোতা গৰাকীয়ে তেওঁ লোকক অহা দেখি আগবাঢ়ি আহি মাধুক বাইদেউ বুলি মাতি সাৱতি কান্দিব ধৰিলে। মাধু আচৰিত হ’ল কাৰণ চিনাকি যেন লাগিলেও তাই কোনোদিনেই এওঁক লগ পোৱা নাই। মাধু :: কিয় কান্দিছে আপুনি? কি হৈছে আপোনাৰ? মইতো আপোনাক চিনি নাপাওঁ। তিৰোতা গৰাকী :: আপুনি মোক চিনি নাপাই। কিন্তু মই আপোনাক চিনি পাওঁ। মই দোষী আপোনাৰ। মাধু :: মই একো ধৰিব পৰা নাই। ওওওহহহ্ মই পাগলী হৈ যাম এতিয়া। সকলোৱে মিলি কি কৰিছ মোৰ লগত। তিৰোতা গৰাকীয়ে মাধুক বাৰ্ডৰ ভিতৰলৈ লৈ যায়। বাৰ্ডৰ ভিতৰত সোমায়ে মাধুৰ চকু যায় বিচতাত নিঠৰ ভাৱে পৰি থকা মানুহজনৰ মুখলৈ, মাধুৰ বুকুয়ে হাহাকাৰ কৰি উঠে। তাই বাকৰুদ্ধ হৈ ৰৈ পৰে, অজানিতে দুধাৰি চকুলো বৈছৈ। তিৰোতা গৰাকীয়ে তাইক নি মানুহজনৰ কাষতে থকা চকীখনত বহুৱাই দিলে। তাই মানুহজনক একে থিৰে চাই আছে । মাথোঁ চাই আছে নিৰবে। তিৰোতা গৰাকী::: শুনিছে চাওঁক চোন কোন আহিছে! নাই মানুহজনৰ কোনো সাৰ শব্দ নাই। একেথিৰেই পৰি আছে বিচনাত । তিৰোতা গৰাকীয়ে মাধুৰ ভৰিত ধৰি কাকূতি কৰি কৈছে, বাইদেউ এবাৰ মাতক এওঁক বাইদেউ কৈ কান্দে… মাধুৰ মুখৰ মাত নোলোৱা হ’ল তাই ও নিয়ৰৰ ফালে চাই আছে। পাছফালৰ পৰা বান্ধৱী কেইজনীয়ে মাধুক কৈছে, ঐ মাধু মাত চোন তাক এবাৰ,। মাধুয়ে উচুপি উচুপি কয় , তহঁতি মোক আগতে কিয় কোৱা নাছিলি। কি হৈছে ইয়াৰ!¡ মাধুৰ যেন ওঁঠযোৰি গধুৰ হৈ পৰিছে মাতিব বিছাৰিও যেন নিয়ৰৰ নামটি তাই মাতিব পৰা নাই । অতি কষ্টত হিয়াৰ একোণৰ পৰা ভাঁহি আহিল এটি নাম ,,,, নিয়ৰ , নিয়ৰ , এবাৰ চোৱা মোলৈ নিয়ৰ উঠাচোন প্লিজ বুলি কৈ নিয়ৰৰ কপালত মৰমত হাত বোলাইছে মাধুয়ে। মাধুৰ হিয়াৰ বেদনা খিনি সকলোৱে উপলব্ধি কৰিব পাৰিছে তাইৰ থোকাথোকি কৈ ওলোৱা মাতষাৰত। নিয়ৰ মোক এৰি নাযাবা নিয়ৰ। মই সদায় তোমাৰ ভাল হোৱাটো বিচাৰো। তুমি তোমাৰপত্নী ,তোমাৰ ল’ৰাৰ বাবে জীয়াই থাকিব লাগিব। কি হ’ব তোমাৰ অবিহনে তেওঁলোকৰ। নিয়ৰ :: মাধুৰ হাতৰ পৰশ যেন তাৰ চিনাকি চিনাকি লাগিছে। চকুযোৰি মেলিব খুজিছে লাহে লাহে। তুমি তুমি মাধু নহয় নে? ফেকুৰি ফেকুৰি কৈছে নিয়ৰে। মালা মালা তোমাক যে মই কৈছিলো মোৰ অতীতৰ কথা। যাৰ ঠাই কোনেও ল’ব নোৱাৰে বুলি, এইজনীয়ে মোৰ মাধু। মালা নিয়ৰৰ পত্নী । অতি মৰমীয়াল , সহনশীল , । তাইক সকলো কথাই নিয়ৰে কৈছে । বহু সময় লাগিছিল নিয়ৰৰ মালাক পত্নীৰ মৰ্যদা দিবলৈ । মালায়ে নিয়ৰৰ মনোকষ্ট বুজি পাইছিল । মালাৰো দুখ লাগিছিল , কান্দিছিল নিৰবে , কোনো পত্নীয়ে এইটো সহ্য কৰিব নোৱাৰে যে তেওঁৰ স্বামীৰ মন মন্দিৰত অন্য এগৰাকী নাৰীয়ে স্হান লয় । হ’লেও মালাৰ বিশ্বাস আছিল যে এদিন নিয়ৰে তাইৰ মৰমক বুজি পাব । নিয়ৰ আৰু মাধুয়ে প্ৰেম কি নজনাৰে পৰা হয়তো এটায়ে আনটোক ভাল পাইছিল। এদিন নেদেখিলেই মন সেমেকি উঠিছিল দুয়োৰে। কোনোদিনে মুখেৰে প্ৰকাশ কৰিব লগা নহ’ল এজনে আনজনক ভালপায় বুলি। দুয়োয়ে সময়ৰ সতে বুজি উঠিছিল যে দুয়োয়ে ভাল পায় দুয়োক। ইমান গভীৰ মৰম ভালপোৱা থকাৰ পাছতো সফল নহ’ল দুয়োৰে প্ৰেম। নিয়ৰৰ অজানিতে মাকে নিজৰ বান্ধৱীৰ ছোৱালীৰ লগত নিয়ৰৰ বিয়া ঠিক কৰি থৈছিল। নিয়ৰ কোনো পদ্ধেই বিয়া কৰাবলৈ ৰাজি হোৱা নাছিল। দেউতাকৰ অবিহনে মাকে নিয়ৰক অতি কষ্টত ডাঙৰ দীঘল কৰিছিল। আজি সি মাকৰ কথা অমান্তি কৰিছে সেয়ে মাকে বৰ মনোকষ্ট পাইছে। মাকে খোৱা – বোৱা পৰ্যন্ত এৰি দিছে। নিয়ৰ বৰ বিপাঙত পৰিল এফালে প্ৰেম আনফালে জন্মদাত্ৰী। অৱশেষত উপায়হীন হৈ মাকৰ কথাত সন্মতি দিয়ে। নিয়ৰ :: নিয়ৰে মাকৰ ভৰিৰ কাষত বহি কয় মা মই জানো তুমি মোক কিমান দুখ কষ্টৰ মাজত ডাঙৰ কৰিছা । মোৰ বেমাৰ হ’লে তুমি ওৰেটো নিশা উজাগৰে বহি থকা মোৰ কাষত । মই ভাত নোখোৱা লৈ তুমি ও ৰৈ থকা মোলৈ। মই নাখালে তুমি ও নোখোৱা বুলি ঠেহ পাতা। আজি দুদিন তুমি একো খোৱা নাই। এবাৰ ভাবিছানে মা তোমাৰ অবিহনে মই কিবা খাইছো নে মা। আহা মা দুয়ো একেলগে ভাত খাওঁ। মই তোমাৰ পছন্দৰ ছোৱালীজনীৰ স’তে বিয়া কৰাম মা । এতিয়াটো উঠা কমছে ,নহ’লে তুমি অসুস্হ হৈ পৰিবা । এইবাৰ হে যেন মাকে সকাহ পালে । মাকে নিয়ৰক মৰমতে আকোঁৱালি ধৰি কয় , বাবা মোৰ জান মই জানো তই মোৰ কথা ৰাখিবি । মই বৰ ভাগ্যবতী তোৰ দৰে ল’ৰা পায় । মই যি কৰিছো তোৰ ভালৰ বাবেই কৰিছো বাবা । নিয়ৰ :: হয় মা। ব’লা এতিয়া ভাত খাওঁ। মই এঠাইত যাব লগা আছে মা। তুমি যদি যাব দিয়া অন্তিম বাৰৰ বাবে তেওঁক এবাৰ লগ কৰি আহিব বিচাৰো মা । মাকে মনতে ভয়ো কৰিছিল। নিয়ৰে যদি কথা দি কথা নাৰাখে। চা বাবা তই মোক কথা দিছ ‘ তেওঁক লগ কৰিব গৈ যাতে আবেগত আহি একো ভুল সিদ্ধান্ত নলৱ’। নিয়ৰ :: নাই মা তোমাৰ অবাদ্ধ্যে মই কেতিয়াও নাযাওঁ। তুমি নিচিন্ত থাকা। মাক :: হ’ব যাবি বাৰু। আগে ভাত খাই ল’। নিয়ৰ যাব ওলাইছে মাধুক শেষ বাৰৰ বাবে দেখা কৰিবলৈ । মাধুয়েও অধীৰ আগ্ৰহেৰে বাট চাই আছে নিয়ৰলৈ। তাই নিয়ৰতকৈ আগতে আহি তেওঁলোকে সদায় বহা ৰেষ্ট্ৰুৰেন্ট খনত বহি আছে। কিছুসময় পাছত নিয়ৰো আহি পালে। নিয়ৰক দেখা মাত্ৰকে মুখত মিছা হাঁহি লৈ আহিলা বুলি কয় মাধুয়ে হ’লেও তাইৰ অনিচ্ছা সত্ত্বে চকুযোৰিয়ে কঢ়িয়াই আনে অশ্ৰুবন্যা।কাৰণ আজি বহু বছৰৰ বন্ধুত্বৰ ও প্ৰেমৰ সম্পৰ্ক দুয়োৰে। মাধুয়ে নিয়ৰৰ মুখত গভীৰ আভা দেখা মাত্ৰকে বুজি পাইছিল যে মাকে মাধুক বোৱাৰী হিচাপে গ্ৰহণ নকৰে । তেওঁলোকৰ প্ৰেমক মাকে স্বীকাৰ কৰা নাই ।নিয়ৰে নোকোৱাকৈ মাধুয়ে জানি উঠিছিল । নিয়ৰ :: মাধু মাধু , মই নিৰুপাই মই মাক বুজাব নোৱাৰিলোঁ । মই তোমাক এৰি জীয়াই থাকিব নোৱাৰোঁ আৰু মাৰ অন্তৰতো দুখ দিব নোৱাৰোঁ । ব’লা মাধু নহ’লে আমি দুয়ো পলাই যাওঁ পাছত সকলো ঠিক হৈ যাব । : মাধু :: নাই নাই নিয়ৰ । প্ৰেম মানেই যে বিয়া কৰিবয়ে লাগিব । তেনে কোনো কথা নাই । তোমাৰ মোৰ সম্বন্ধ পৃথিৱীৰ আটাইতকৈ পবিত্ৰ সম্বন্ধ প্ৰেমৰ সম্বন্ধ নিয়ৰ । তুমি মোৰ হৃদয়ত চিৰদিন থাকিবা আৰু মই তোমাৰ হৃদয়ত আমাৰ প্ৰেম ৰাধা কৃষ্ণৰ দৰে , য’ত প্ৰেম আছে কিন্তু মিলন নাই । হয়তো আমাৰ মিলনৰ সময় অহা নাই । হয়তো অহা জনমত আমাৰ মিলন হ’ব নিয়ৰ ।দুয়োয়ে দুয়োৰ হাতত ধৰি বহি ৰয় বহু পৰ। হিয়াৰ বেদনা খিনি দুয়োৰে কোনেনো বুজিব। কান্দে মাজে মাজে আকৌ দুয়োয়ে দুয়োক বুজায়। মাধু :: নিয়ৰ, মোক অন্তিম বাৰৰ বাবে সাৱতি লোৱানা। কিছুদিনৰ পাছৰে পৰা তুমি আনৰ হ’বা। নিয়ৰ নিয়ৰ বুলি কেইবাবাৰো মাতে নিয়ৰক। আৰু কোনোদিনে হয়তো মোৰ মুখে তোমাৰ নাম উচ্চাৰণ কৰিব নোৱাৰিব ।মাধুয়ে কান্দোন ৰখাব পৰা নাই। তেনেতে মাধুৰ বান্ধৱী কেইজনী আহি পায় । সিহঁতি জানি বুজিয়ে পলম কৈ আহিছে। নিয়ৰ আৰু মাধুক অকলশৰে বহি কথা পতাৰ সুযোগ দিয়ে। সিহঁত কেইজনীৰো দুখ লাগিছে দুয়োৰে অৱস্থা দেখি। নিশাই তেনেতে কয় ঐ তহঁতি ইমানে ভাল পাৱ যেতিয়া যা না পলাই বিয়া পাতি ল’। এইদৰে কন্দা – কটা কৰিছ আমি চাই থাকিব পৰা নাই। তিনিও জনী বান্ধৱীয়ে আহি মাধুক সাৱতি ধৰে। বৰ বেদনাদায়ক আছিল বিদায়ৰ সেইক্ষণ। এয়েই আছিল তেওঁলোকৰ অন্তিম দেখা। তেতিয়াৰ পৰাই মাধুয়ে নিয়ৰক আৰু নিয়ৰে মানুহক কোনোদিনে দেখা নাছিল। নিয়ৰৰ বিয়াৰ দিন- বাৰ ঠিক হ’ল। সকলোৰে মুখত হাঁহি ফূ্ৰ্তি। বিচ্ছেদৰ বিৰহ বেদনাত জ্বলিছে মাথোঁ দুখনি হৃদয় । মাধুক সান্তনা দিছিল মৰমৰ বান্ধৱী কেইজনীয়ে। সিহঁতি মাধুৰ লগত ছাঁটোৰ দৰে লাগি আছিল , কিজানি তাই নিজকে ক্ষতি কৰে বুলি। মাধুয়েও বৰ কষ্টত নিজক সম্ভালিছিল। নিয়ৰৰ ঠাই হয়তো আজিও তেওঁৰ স্বামীয়ে ল’ব পৰা নাছিল। হিয়াৰ একোণত হয়তো আজিও নিয়ৰৰ ঠাই সজীৱ হৈ আছে। নিয়ৰ জীয়াই আছে বাবে তায়ো যেন জীয়াই আছে । মাজে সময়ে বান্ধৱী কেইজনীকৰ পৰা তাই নিয়ৰৰ খবৰ লয় । কিন্তু নিয়ৰ অসুস্হ হোৱাৰ কথা বান্ধৱী কেইজনীয়ে তাইক কোৱা নাছিল । কাৰণ মাধুয়ে নিয়ৰৰ বিয়াৰ দিনা সিহঁতক কৈছিল যে তাই আত্মহত্যা নকৰে । কাৰণ তাই নিয়ৰক নিজতকৈয়ো বেছি ভাল পায় । তাই যদি আত্মহত্যা কৰে নিয়ৰো সিদিনাই মৰি যাব তাই জানে আৰু যদি কেনেবাকৈ নিয়ৰৰ মৃত্যু হয় তাইৰো প্ৰাণবায়ু তাৰ লগতে গুছি যাব। তাইৰ জীয়াই থকাৰ প্ৰেৰণা হ’ল একমাত্ৰ নিয়ৰ। সেয়ে নিয়ৰৰ খবৰটো সিহঁতি তাইক কোৱা নাছিল। : নিয়ৰ অসুস্থ হোৱাৰ কিছুদিন আগত মাধুয়ে ৰিমিক ফোন কৰি কয় তাইৰ নিয়ৰলৈ বৰকৈ মনত পৰিছে। তাক চাবৰ মন গৈছে। তাৰ অসুখ হৈছে তাই সপোনত দেখিছে। ‌ৰিমিয়ে কয় এহ্ তই তাৰ কথা ভাবি আছিলি ছাকে সেয়ে সপোন দেখিছ। কিন্তু আজি নিয়ৰক এই অৱস্থাত দেখি তাই বাউলী জনী হৈ পৰিছে। তাই ৰিমিক চিঞৰি চিঞৰি কয়, মই কৈছিলো তোক নিয়ৰৰ কিবা হৈছে তই মোৰ কথা বিশ্বাস কৰা নাছিলি। তাই কান্দি কান্দি ৰোমৰ বাহিৰত ওলাই আহি এজনী কণমানি ছোৱালীৰ দৰে কান্দি আছে। তাইৰ বুকুৰ এফাল যেন ফাটি গৈছে। বান্ধৱীকেইজনীয়ে তাইক সান্তনা দিব পৰা নাই। মাধু:: তহঁতি আগতে মোক কিয় কোৱা নাছিলি। তহঁতেটো নিয়ৰৰ লগত যোগাযোগ ৰাখিছিল। মই হে যোগাযোগ ৰখা নাছিলো। আৰু এতিয়া অন্তিম ক্ষণত মোক দেখুৱাব আনিছ। তেতিয়া নিশাই কয় :: নহয় মাধু নিয়ৰে তোক নকবলৈ আমাক শপত দিছিল। তই যিদৰে তাৰ খবৰ লৱ আমাৰ পৰা সিঁও তোৰ প্ৰতিটো খবৰ লয় আমাৰ পৰা। এতিয়া নিয়ৰৰ পত্নীয়ে অনুৰোধ কৰা বাবে তোক তাৰ ওচৰলৈ লৈ আহিছো। তেনেতে নিয়ৰৰ পত্নীৰ কান্দোনৰ ৰোল ভাঁহি আহিল। সিহঁতিও ৰোমৰ ভিতৰলৈ সোমাই আহে, দেখে নিয়ৰৰ পত্নীয়ে নিয়ৰৰ বুকুতে মূৰটো থৈ কান্দি আছে। মাধু :: নিয়ৰ নিয়ৰ কি হৈছে তোমাৰ। তুমি মোক বেয়া পাই যাব ওলাইছা, নিয়ৰ ইমান সোনকালে যাব হোৱা নাই তোমাৰ কৈ নিয়ৰৰ হাতত ধৰে , নিয়ৰেয়ো যেন মাধুক অন্তিমবাৰ চাই যাবলৈ ৰৈ আছিল। তাৰ কিছুক্ষণৰ পাছতেই নিয়ৰে চিৰবিদায় মাগিলে ।মাধুয়েও নিয়ৰ নিয়ৰকৈ মাটিত ঢলি পৰিল। #Assamesegolpa #Axomiyagolpa #hekhdekha #SahityaChorcha

  • নীৰৱ সাধনা

    জুখিব পৰাহ’লে তোমাৰ মৰমৰ গভীৰতা সাগৰকে ক’লোহেতেন মনৰ বতৰা সুবিশাল আকাশৰ সতে তোমাক ৰিজাই চালোঁহেতেন যদি আছে আকাশৰ দৰে তোমাৰ প্ৰাণৰ আকুলতা ফুলি ৰ’ম আজীৱন এপাহি ৰঙা গোলাপ হৈ তোমাৰ বুকুতে জনম জনম| বুজা যদি এপলক বুকুৰ গোপন বেথা ধন্য হব জীৱন ,হৈ ৰ’বা তুমি জীৱনৰ নীৰৱ সাধনা| #assamesekobita #axomiyakobita #nirabasadhana #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page