top of page

 SEARCH RESULTS 

606 results found with an empty search

  • প্ৰেমৰ অনুভৱ

    নিলিখোঁ মই প্ৰেমৰ হৃদয়ভগা কবিতা! শব্দবোৰে মূখথেঁকেচা খাই হুৱাদুৱা লগাব; আশাৰে ভৰা হৃদয়খন নিৰাশাত জাঁহ যাব! প্ৰেমৰ সংজ্ঞাত অভিনয়ে অধিকাৰ পাব; নুচুবা মোৰ আত্মাক প্ৰেমাস্পদ শব্দৰে; ভুলতে যদি মই ভাল পাই পেলাওঁ ৰাখিব পাৰিবাজানো আজীৱন বুকুৰ মাজত বান্ধিলৈ; সাগৰৰ ঢৌতো উঁটি নগৈ ময়ূৰীজনীৰ সৌন্দৰ্যতো বিমোহিত নহৈ; নাভাঙিবা মোৰ প্ৰেমানুভূতিৰ ধাৰণা! যুগ যুগ সাঁচি ৰখা সততাৰ সাধনা! চৰাই চিৰিকটি, কীট পতংগৰ জনম লৈও প্ৰেমৰ ভৰসাত উটিভাঁহি ফুৰিছিলো; মানৱ জীৱনতে সকলোবোৰ বিফল যেন দেখিলোঁ!! নালাগে মোক এনে কলুষিত প্ৰেমৰ হৃদয়গলা অভিনয়! কাঁচৰ তাজমহল বনাই অভিলাসি মনৰ বাৰে প্ৰতি চনচনাই ভঙা প্ৰেমৰ আলয়! মোৰ কলমেৰে নিগৰা নিৰস, নিস্কলুষ শব্দই মোৰ বাবে সুন্দৰ! যত নিজ প্ৰেমৰ অভিনয় নহয়; থাকিব নিৰসতাৰে ভৰা মানৱপ্ৰেমৰ শব্দ কিছুমান; যিয়ে ৰাখি যাব হৃদয়ৰ পৰা হৃদয়লৈ এটি নিস্বাৰ্থ প্ৰেমৰ নিজৰা! নকৰো এনে প্ৰেমৰ শব্দপ্ৰলয়! যত কলমেও বাৰে বাৰে থমকি ৰয়; হৃদয়ৰ স্পন্দনো বন্ধ হোৱাৰ উপক্ৰম হয়!! #assamesekobita #axomiyakobita #Premoronuvhab #SahityaChorcha

  • শঙ্কৰ মাধৱেই মোৰ আত্মা

    শঙ্কৰ মাধৱেই মোৰ আত্মাৰ আত্মা সৰ্বতত্ত্বদীপ্ত সৰ্বশাস্ত্ৰৰ সুৰম্য সূৰ্য্যসাৰ সুগন্ধিত অনন্ত অক্ষয় উচ্ছল প্ৰেমভক্তি প্লাৱিত নিত্য সংশয় শূন্য মোক্ষৰ বণ্যা #Assamesestabak #axomiyastabak #SahityaChorcha #Sankarmadhaboimuratma

  • ঘৃণা

    মোক এখন কাপোৰ দিবানে? নহ’লে তোমালোকেই লাজ পাবাযে। মইটো গমেই পোৱা নাই ৰাতিটো কেনেকৈ পুৱাল। ৰাষ্টাৰ ভতুৱা কুকুৰটোৱে ভৰি এখনত চেলেকিলে চেচাঁ লাগিহে সাৰ পালো। যোৱাটো নিশা মোৰ দেহটো এজাক ৰাং কুকুৰে কুৰুকি কুৰুকি খালে। মোক এখন কাপোৰ দিবানে? নহ’ল মোৰ উদং দেহটো কেনেকৈ চাবা তোমালোকে! মোৰ দেহৰ কাপোৰবোৰ এখন এখনকৈ সৰি পৰিছিল সিহঁতৰ হাতৰ আঁচোৰত । ছে: ইমান গোন্ধাইছে ঠাই টুকুৰা জাৱৰ পেলোৱা ঠাই চাগে আমিবোৰো জাৱৰেই নেকি! ইয়াতে পেলাই থৈ গৈছে। আমাৰ মূল্য মাথো ৰাতিটোৰ বাবেহে পিছত পেলনীয়া জাৱৰ। মইও আঁকৰিজনী কি যে ভাবি আছো। ঘৃণা কৰিছা নেকি মোক কৰা ঘৃণা কৰা এতিয়াহে কৰিছে ৰাতিলৈ পুনৰ বুকুৰ মাজত সাৱটি নল’বা জানো ম ৰ মে ৰে। #assamesekobita #axomiyakobita #ghrina #SahityaChorcha

  • মই কাজিৰঙা

    মই কাজিৰঙা সন্তান মোৰ অনেক, নিষ্ঠুৰ- নিৰ্দয় চোৰাং চিকাৰীয়ে এটা-দুটাকৈ মোৰ বুকুৰ কলিজাক কৰিছে নি:শেষ! মনৰ দুখ-বেদনাবোৰ কাকনো ক’ম সাজ-পোছাকবোৰ দেখিলে সুৰক্ষা বাহিনী যেন লাগে, নিৰ্ভয় ভাৱে আশ্ৰয় লবলৈ যাওঁতে মোৰ কলিজাৰ টুকুৰাবিলাকক খেদি-খেদি গুলিয়াই নিধন কৰে। কেতিয়াবা ডাইনিং টেবুলত সোৱাদৰ লালসাত আকৌ কেতিয়াবা জীৱন্ত গঁড়ৰ খৰ্গ কাটি বিশ্বৰ বজাৰে বজাৰে বেছি লক্ষ্য কেৱল ধনী হোৱাৰ লালসা মই কাজিৰঙা দেশৰ গৌৰৱ অন্তৰত বহু ব্যাঘাত জন্মে নয়নৰ অশ্ৰু বৈ বৈ মনলৈ জাগি উঠে হাজাৰ প্ৰশ্ন মই যে কাজিৰঙা। #assamesekobita #axomiyakobita #moikaziranga #SahityaChorcha

  • পুহৰ মাদকতা

    সৰিয়হ ফুলিলে মোৰ মনটো বৰ ভাল লাগে হালধীয়াৰ মাজত চকুত নতুন কিৰণে গজালি মেলে ভাগি থকা বীণ খনিয়েও বুকুত সুৰৰ লহৰ টোলে দোকমোকালিতে সেতেলি এৰাৰ কিমানজে টনা আজোৰা হাড় কপোৱ ঠাণ্ডাৰ মাজতো পুহৰ এইয়াইটো মাদকতা #assamesekobita #axomiyakobita #puhormadokota #SahityaChorcha

  • আশংকা

    পুৰণি কাপোৰৰ আঁৰে আঁৰে ৰূপা কেতিযা গাভৰু হ’ল আইতাই গমে নেপালে।চহৰৰ মাষ্টৰ মাষ্টৰনীৰ ঘৰত বনকৰি খাই গা বঢ়াই অহা ৰূপা নোদোকা জনী হল।আইতাই একেথৰে ৰূপালৈ চাই মূৰে কপালে হাত দি ভাবিলে। সৰুতে মাক দেউতাক ঢুকাল। বৃদ্ধা আইতাকে তুলি তালি ডাঙৰ কৰিলে। ৰূপাৰ ভৱিষ্যতৰ শিক্ষা আৰু সুৰক্ষাৰ কথা চিন্তা কৰি শিক্ষয়ত্ৰী মাধুৰী বৰা ই বন কৰা ছোৱালী হিচাপে লৈ গৈছিল। এতিয়া পাঁচ বছৰৰ মূৰত তাইক ঘৰত থৈ গল।কাৰণ ৰূপা এতিয়া পাট গাভৰু হল।আইতা ক’ত লুকুৱাই থব ৰূপাক ।পেটৰ ভোকৰ বাবে কাৰ ঘৰত হাজিৰা কৰিবলৈ পঠিয়াব। কাক বিশ্বাস কৰিব। নাৰী দিৱসত ডিঙি ফুলাই নাৰী সুৰক্ষা আৰু শিক্ষা কথা কোৱা দীঘলীয়া ভাষন দিয়া মাধুৰী বৰাক দেখি আইতাৰ তাই কোৱা কথাষাৰ শুনি ঘৃণা ত নাক কোঁচ খাই গৈছিল। #akansha #Assamesegolpa #Axomiyagolpa #SahityaChorcha

  • আইতাৰ মৰম

    আজি কেইদিনমানৰ পৰা ৰুপু মনটো অস্থিৰ হৈ আছে। বহুত দিন হ’ল তাৰ আইতা ঘৰলৈ অহা নাই। ৰুপু ষষ্ঠ শ্ৰেণীত ছাত্ৰ। আজি দেওবাৰ,মাকে কৈছে “আইতাই ফোন কৰি কৈছে দেওবাৰে আহিব”। আইতা আহিব বুলিয়েই ওগুল থুগুল মন। ৰুপু ৰ আইতাক শিক্ষয়িত্ৰী ,কৰ্ম সুত্ৰে চহৰত থাকে। ৰুপু ক পঢ়া শুনা কথাবোৰ বৰকৈ বুজাই থাকে।সদায় কয় “শিক্ষিত হব লাগিব লগতে ভাল মানুহ হব লাগিব। প্ৰকৃত মানুহ হবলৈ হ’লে উচ্চ শিক্ষাত কৈ নীতি শিক্ষা বেছি প্ৰয়োজন। আৰু কব এটো নকৰিবা,সেইটো নকৰিবা,এনেকৈ কৰা ,কিমান যে কথা। আইতা ই মৰম কৰেনে বক্তৃতা দিয়ে ধৰিব নোৱাৰি। “আইতাৰ কথা ভাবি থাকোতেই আইতা আহি ৰুপুৰ ওচৰত আহি থিয় হ’ল। ৰুপুলৈ চাই ক’লে “সোন কি কৰিছা”। ৰুপু য়ে আইতা বুলি চিঞৰি উঠিল। ৰুপু য়ে ক’লে আইতা তুমি পালেহি। এই বুলি কৈ ভৰি চুই সেৱা কৰিলে ।আইতা ও মূৰ মোহাৰি মৰম কৰি সাৱতি ধৰিলে। ৰুপু য়ে জানে আইতাই অহা লগে লগে তাক সাৱতি ধৰে। কিন্তু সি আইতা ভৰি চুই সেৱা কৰিলে বৰ ভাল পায়। সেই কাৰণে আইতাই ভালপোৱা কাম কৰিবলৈ সি সদায় চেষ্টা কৰে। “আইতা ভিতৰলৈ আহা বুলি ৰুপুৱে আইতাৰ হাতত ধৰিলে। আইতাকে ক’লে “ৰ’ৱা আগতে তোমালৈ উপহাৰ আনিছো এইয়া দুটা গছ পুলি। তুমি গছ পুলি কেইটা পানী দি ছাঁত থোৱা। গধুলি দুয়ো ৰুম” ৰুপু য়ে ক’লে “বাহঃ বৰ ভাল হব।গছ থাকিলেহে আমি জীয়াই থাকিম”।ৰুপুৱে গছ পুলি কেইটা পাছ ফালে লৈ গল। ৰুপুৰ মাকে আহি ৰুপুৰ গাত চেনিটাৰাইজ টো আনি স্পীৰে কৰি দিলে। #aaitarmorom #assamesekobita #axomiyakobita #SahityaChorcha

  • জয়মতী মই

    হেৰ ‘ অধৰ্মী লালুকসোলা বৰফুকন পাৰিলি জানো তোৰ নিঃকিন চিন্তাৰ জয়গান গাব! পাৰিলি জানো ক্ষমতাৰে সিংহাসন লব! অসম জননীৰ গৰ্ভজাত কন্যা সন্তান, জয়মতী মই তেজত মোৰ শত বীৰৰ বীৰত্ব প্ৰৱাহিত কলিজাত মোৰ হেজাৰ শ্বহীদৰ সাহসীকতা সমাহিত বিশ্বাস মোৰ অলৰ অচৰ নিষ্ঠা মোৰ অটল লাই লেচাইৰ দৰে বীৰ পুৰুষৰ জীৱনদায়িনী জননী মই; গদাধৰ সিংহৰ দৰে স্থিৰপ্ৰজ্ঞ কুঁৱৰৰ জীৱন ৰক্ষক পত্নী মই; যদিহে মোৰ সন্তানৰ ছাঁ টো স্পৰ্শ কৰে কোনো অপআত্মাই! সংহাৰ কৰি যাম মোৰ মনৰ অগ্নিয়ে সিহঁতক যদিহে মোৰ স্বামীৰ ওপৰত কু দৃষ্টি পৰে কোনো বিধ্বংসীৰ! চকু কাঢ়ি আনিম মোৰ সহন শক্তিয়ে তেনেহলে হেৰ ‘লৰা ৰজা ভাবি চা এবাৰ মাতৃভূমিৰ বাবে মই কি কি কৰিব পাৰিম মানৱধৰ্ম শিক হেৰ অধৰ্মীহঁত ; নাৰীক মাতৃ, দেৱী, গোঁসানী দৰে‌ পূজা কৰা দেশত মানৱৰূপী দানৱে কতনো যাতনা বিহিলি যুগে যুগে তঁহতৰ নাম লোৱা যাব ঘৃণনীয় ভাৱে জয়মতী আই বুলি মোক সৰ্বকালে পূজিব সন্মান সহকাৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এগৰাকী নাৰীক কোঁটকুৰা গছত বান্ধি চাবুকেৰে কোবালি; গদাপানীৰ খবৰ নাপাই গৰম তেল ঢালি শাস্তি বিহিলি; চৈধ্য দিনৰ তঁহতৰ নিষ্ঠুৰ যাতনা সহি মই আৰু অসহায় হৈ পৰিলো; মৃত্যুয়ে হওক মোৰ! দেশৰ সুমঙ্গলৰ বাবে মোৰ সন্তান থাকিব জীয়াই; অধৰ্মীক বধি সোণৰ অসম গঢ়িব মোৰ আত্মাই আকাশে বতাহে দেশৰ মঙ্গলৰ জয়ধ্বনি দিব দুটি সন্তানে মোৰ, অসমৰ দহোদিশে শ্ৰীবৃদ্ধিৰ সপোন ৰচিব হে মোৰ দেশমাতৃৰ সু সন্তানহঁত, অন্যায় অবিচাৰক নিদিবা কেতিয়াও প্ৰশ্ৰয় লাগিলে জীৱনকে আহুতি দিবা হেলাৰঙে তেহে জেৰেঙা পথাৰৰ বলিদানৰ মান থাকিব সদায়ে #assamesekobita #axomiyakobita #joimotimoi #SahityaChorcha

  • প্ৰেমৰ গভীৰতা

    হয়তো আজি তোমাৰ মোলৈ মনত পৰা নাই। কিন্তু মোৰ তোমালৈ মনত পৰিছে। এটা কথা কি জানা? সহজ নহয় এটা সম্পৰ্ক জীয়াই ৰখা। কিন্তু,,,তোমালৈ থকা মোৰ সতেজ প্ৰেমত জীৱনৰ কোনো প্ৰয়োজন নাই। কাৰণ তুমি প্ৰতি ক্ষণে মোৰ হৃদয়ৰ আকুলতাত আছা। বতাহেও দি যায় মোক তোমাৰ বতৰা । মোৰ প্ৰতিটো উশাহতো যে তুমিয়েই আছা । আৱৰি থৈছা তুমি মোৰ কলিজা খন আন একোৰে ঠাই নোহোৱাকৈ মাথোঁ তোমাৰ অজান মৰমে। আচলতে কি জানা? “মোৰ বাবে প্ৰেম হল এক পূজা আৰু মোৰ প্ৰেমৰ মন্দিৰত তুমি মোৰ ঈশ্বৰ” তুমি কি খাই ভাল পোৱা, কি পিন্ধি ভাল পোৱা তোমাৰ পছন্দ – অপছন্দ জনা মোৰ হেপাঁহ। হয়তো এইয়াই মোৰ তোমালৈ থকা মৰম । মই পাহৰিলোঁ এতিয়া মই কি ভাল পাইছিলোঁ বা নাপাইছিলোঁ কাৰণ তোমাৰ প্ৰিয়টোৱে এতিয়া মোৰো প্রিয়। এতিয়া মাথোঁ মোৰ মৃত শৰীৰত তুমি আত্মা হৈ ৰ’লা। অথচ তুমি নাজানা তোমাৰ প্ৰতি থকা মোৰ প্ৰেমৰ গভীৰতা। #assamesekobita #axomiyakobita #premorgobhirota #SahityaChorcha

  • প্ৰত্যাশা ২০২১

    বেছিকৈ নকওঁ তোক, নহ’লে নমৰিব পেটৰ ভোক। মনৰ প্ৰত্যাশা সুখৰ হ’বি তই পুৰণিৰ সুৱৰণিত লাগে বৰ ভয়। ধনীবোৰৰ বিনোদন বাহিল। গৰিবৰ আকাংক্ষা আহিল। পাৰ হৈ গ’ল, বছৰ একোটা। ২০২০ টো সৰ্বত্ৰে মুধা ফুটা। কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱ। বিশ্বত নৱ ভাইৰাছৰ আবিৰ্ভাৱ। সামাজিক দূৰত্বই তাগিদা দিছিল। বহুজন মনৰপৰা দূৰলৈ গৈছিল। ২০২০ অতীতৰ ক্ষণত বিলীন হ’ল, দাৰ্শনিক, জ্ঞানী ব্যক্তি হেৰাই গ’ল নৱবর্ষত,সৰ্বত্ৰে লাগে ঐশ্বৰিক শক্তি। সুখৰ হ’ব নৱবৰ্ষ নিবেদিছোঁ ভক্তি। সর্বাংগ সুন্দৰ হ’ব সমগ্ৰ বিশ্ব। প্ৰত্যাশা ২০২১, প্ৰত্যাশা ২০২১। #assamesekobita #axomiyakobita #pratyakha2021 #SahityaChorcha

  • তোমাৰ মৰমতেই বিপ্লৱী মই

    দেউতা, তোমাৰ সতে মোৰ উদন্ত বেলিৰ উঠন্ত পদূলিৰ কিৰণময়ী যাত্ৰা আছিল, তোমাৰ অনুভৱেই মোৰ জীৱনৰ নিত্য নতুন দীপ্ত জ্যোতি। মোৰ হিয়াৰ চিত্ৰবনৰ মিত্ৰ তুমি, কোনো কালেই তোমাক পাহৰিব নোৱাৰিম মই তুমি যে বহিছা হৃদয়ৰ এচুকত শেলুৱৈৰ দৰে এটা মৰমৰ চুম্বক হৈ। এখোজ দুখোজকৈ খোজ দিওঁতেই বেলিৰ কিৰণ হৈ পৰিল নিষ্প্ৰভ তথাপি নাথামে মোৰ তীব্ৰবেগী চৰণ মই যে তোমাৰ সপোনৰ দৌৰীফুৰা মৰমৰ বনৰ হিৰণ। ঠুনুট ঠানাক ভৰিৰে দৌৰি যাওঁ তোমাৰ আবিৰ সনা মৰমৰ পিছে পিছে তথাপি মই ভাগৰা নাই মই যে তোমাৰ বিপ্লৱী জীয়ৰী তোমাৰ সপোনৰ নীলা পৰী। তোমাৰ মৰমতে সদায় থাকোঁ ব্যস্ত টোপনিতোতোমাৰ বুকুত থাকোঁ শুই মই যে তোমাৰেই মৰমৰ অভস্ত, তথাপি নহওঁ মই অকনো ত্ৰস্ত। হাৰ মনা নাই মই,নামানিম চকুলোৰ কাষত প্ৰকৃতিৰ নিষ্ঠুৰ কন্টকময়ী বাটত, যিমান আহে তুফান আহক নাকান্দিম মই কোনো কাৰণত, তুমি যে আছা মোৰ হৃদ‌য়ৰ মাজত। তুমি থাকিবা দুচকুৰ দুধাৰিত নিচিন্ত হৈ নিলগত শুই নকৰিবা মোৰ বাবে চিন্তা, আছোঁ মই মৰমৰ বাটত তোমাৰ বাবে থিয় হৈ। নৱ নিৰ্মিত সপোনবোৰক আকোঁৱালি লৈ। দুহাতেৰে মৰমবোৰক স্পৰ্শ কৰিম আগন্তুক দিনবোৰ তোমাৰ স্মৃতিৰ সৈতে আগুৱাই যোৱাত নিজকে বিপ্লৱী জী‌য়ৰী কৰি গঢ়ি তুলিম। তোমাৰ মৰমেই মোৰ সপোন তোমাৰ সপোনেই মোৰ বিপ্লৱ। #assamesekobita #axomiyakobita #SahityaChorcha #tumarmoromoteibiplobimoi

  • বাৰিষা

    বাৰিষা মানেই বৰষুণ প্ৰকৃতি প্ৰাণ পৃথিৱীৰ ঘ্ৰাণ বাৰিষাক ভালপোৱা কৃষকৰ জীৱন সংগ্ৰামৰ এটি মনোমোহা গান। সময়ৰ সোঁতত বাৰিষা ওফন্দি হ’ল দিশহাৰা দে’ওদি গুছি গ’ল ক’ত সপোন আৰু আশা। এজাক বৰষুণেই সেউজীয়া আচলত বান্ধি লয় কৃষকৰ সপোন। নদীয়ে সাবতি লয় সুখ সেউজীয়া অৰণ্যৰ মাজত পশু পক্ষী ৰাতি কৰুন আলাপ ওৰ নপৰে দুখ। কৃষকৰ সপোন ভাগে বাৰিষাক ভালপোৱা বাবে দুখৰ আলাপ। শেতেলীত হেজাৰ দুখৰ হুমুনিয়াহ। গজালি মেলিছে এটি কোঁহ প্ৰতিশ্ৰুতি হেৰুৱাই জীৱন সংগ্ৰামৰ আহ্বান। সময়ৰ সোঁতত ক’ৰোনা সতে অবিৰাম যুঁজ আৰু সহবাস। বাৰিষাৰ সতে প্ৰতাৰণা সংজ্ঞা ছলনাৰ সতে জীৱন নিৰ্বাহ। #assamesekobita #axomiyakobita #barikha #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page