The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
Search this site
606 results found with an empty search
- প্ৰেমৰ অনুভৱ
নিলিখোঁ মই প্ৰেমৰ হৃদয়ভগা কবিতা! শব্দবোৰে মূখথেঁকেচা খাই হুৱাদুৱা লগাব; আশাৰে ভৰা হৃদয়খন নিৰাশাত জাঁহ যাব! প্ৰেমৰ সংজ্ঞাত অভিনয়ে অধিকাৰ পাব; নুচুবা মোৰ আত্মাক প্ৰেমাস্পদ শব্দৰে; ভুলতে যদি মই ভাল পাই পেলাওঁ ৰাখিব পাৰিবাজানো আজীৱন বুকুৰ মাজত বান্ধিলৈ; সাগৰৰ ঢৌতো উঁটি নগৈ ময়ূৰীজনীৰ সৌন্দৰ্যতো বিমোহিত নহৈ; নাভাঙিবা মোৰ প্ৰেমানুভূতিৰ ধাৰণা! যুগ যুগ সাঁচি ৰখা সততাৰ সাধনা! চৰাই চিৰিকটি, কীট পতংগৰ জনম লৈও প্ৰেমৰ ভৰসাত উটিভাঁহি ফুৰিছিলো; মানৱ জীৱনতে সকলোবোৰ বিফল যেন দেখিলোঁ!! নালাগে মোক এনে কলুষিত প্ৰেমৰ হৃদয়গলা অভিনয়! কাঁচৰ তাজমহল বনাই অভিলাসি মনৰ বাৰে প্ৰতি চনচনাই ভঙা প্ৰেমৰ আলয়! মোৰ কলমেৰে নিগৰা নিৰস, নিস্কলুষ শব্দই মোৰ বাবে সুন্দৰ! যত নিজ প্ৰেমৰ অভিনয় নহয়; থাকিব নিৰসতাৰে ভৰা মানৱপ্ৰেমৰ শব্দ কিছুমান; যিয়ে ৰাখি যাব হৃদয়ৰ পৰা হৃদয়লৈ এটি নিস্বাৰ্থ প্ৰেমৰ নিজৰা! নকৰো এনে প্ৰেমৰ শব্দপ্ৰলয়! যত কলমেও বাৰে বাৰে থমকি ৰয়; হৃদয়ৰ স্পন্দনো বন্ধ হোৱাৰ উপক্ৰম হয়!! #assamesekobita #axomiyakobita #Premoronubhav #SahityaChorcha
- “শীতৰ পুৱা”
শীতৰ কুঁৱলীৰ আবেশত মোৰ মৌন হৃদয়ৰ তন্ময়তা ভাঙি ভৰি পৰে পুঁৱাৰ সোনালী কিৰণৰ হেঙুলীয়া আভা মোৰ মন মগজুত। কোমল ৰ’দালিৰ সুবাসেৰে ফুলি উঠে মোৰ হিয়াৰ স্তুপীকৃত আবেগৰ ঢৌ। সোণহালধীয়া পথাৰৰ মাজত বহি কঁপি উঠে মোৰ উন্মনা মন। পুৱাৰ কোমল বতাহ জাকে বিলাই যায় আঘোনৰ পথাৰত ঠন ধৰা বীজবোৰৰ এটি অতি চিনাকী চিনাকী লগা মিঠা গোন্ধ। শীতৰ ভৰষাত ফুলি উঠা কুঁৱলীৰ অসংখ্য শীতলতাই উজ্জীৱিত কৰি তোলে মোক মায়াময় জীৱনৰ অতীত বৰ্ননাবোৰ। হামদৈ পথাৰৰ সীমা নেদেখা চাৰিওফালে ডাঠ কুঁৱলীৰ আবৰণ। এই আবৰণৰ চোলা পিন্ধি ময়ো অনুভব কৰো এক পৰিচয় বিহীন অনুভূতিৰ আবেগ। প্ৰাণোচ্ছল অভিসাৰতমোৰ মনৰ পৰা ওলাই অহা অব্যক্ত বেদনাৰ নিস্তেজ ৰাগিনীবোৰ হেৰাই যায় শীতৰে সিক্ত এক উমাল নিশাত। #assamesekobita #axomiyakobita #Hitorpuwa #SahityaChorcha
- তথাপিও মই সুখী
মোৰ পঁজা ভগা পঁজা নাই আভিজাত্যৰ আৰম্বৰতা প্ৰেম সহৃদয়তাৰে সজাও দিন ৰাতি জোৰাব নোৱাৰো কোনোদিনেও টকা পইচা আজন্ম নিত্য সতীৰ্থ মোৰ দুখ দুৰ্গতি দুৰ্য্যোগ দীপ্ত দুৰ্দান্ত দুৰ্মদ দুৰ্বাদল দুৰ্দশা নাই জীৱনৰ নিৰাপত্তা নাই উৎসৱমুখৰ আবিৰতা তথাপিও মই সুখী দুচকুতযে মোৰ সুউজ্জ্বল সুউচ্চ সূৰ্যতৃষা চিৰ যুগমীয়া যাউতি যুগীয়া এয়াই মোৰ সত্যনিষ্ঠ গ্ৰাম্য সুন্দৰ জীৱন নিৰ্মলতাৰে নিৰৱিচ্ছিন্ন য’ত ধৰ্ম ন্যায়ব্যাপ্ত সেউজ সততা সমাকীৰ্ণ অমেয় অময়া অনিৰ্বাণ সজ্জ্বল সহৃদয়তা মোৰ পঁজা ভগা পঁজা বোকা পানীৰে ভৰা নেপাবা ইয়াত অত্যাধুনিকতা দুৰন্ত দুৰ্নীতি ব্যভিচাৰ অশ্লীলতা পাবাপ্ৰেম মিঠামাত সৌন্দৰ্যৰ সুৱাসী জাত অনন্ত অক্ষয় অশ্ৰুৰে ধোৱা যুগে যুগে অপূৰ্ণতাৰে বৈ যোৱা সূৰ্য তৃষা জীয়াই থকাৰ তৃষা শিৰত তুলি অনাদৰ অবহলা জনমে মৰণে সহি জীয়াই আছো আমি কৃচ্ছ্ৰ সংগ্ৰাম কৰি হাবিয়ে বননিয়ে বাটে পথে জীয়াই আছো ফুটুকা ফুলৰ দৰে শুনিবা জানো আমাৰ জীৱন গাঁঠা #assamesekobita #axomiyakobita #SahityaChorcha #Tothapiomoisukhi
- ভাৰত ৰত্ন ড: ভূপেন হাজৰিকা
বিশ্ব সন্তান তুমি খাটি অসমীয়া ড: ভূপেন হাজৰিকা। গীতিকাৰ সুৰকাৰ সঙ্গীত সম্ৰাট বিশ্ব খনিকৰ তুমি ড: ভূপেন হাজৰিকা! তেজ হাজৰিকাৰ পিতৃ, প্ৰণয় প্ৰিয়া তোমাৰ প্ৰিয়ম্বদা পেটেল। আকাশ সদৃশ বিশালতা বৈ যোৱা নিজৰা যেন সৰল হৃদয়, মুক্ত বিহঙ্গম, কণ্ঠ বিশাল তুমি খাটি অসমীয়া। হিমালয় সদৃশ উচ্চ মন, সাগৰ সদৃশ গভীৰ অনুভৱ, আজন্ম বিশ্ব প্ৰেমিক। কৃষ্ণাঙ্গ শ্বেতাঙ্গ জনতাৰ, মানৱ দৰদী কণ্ঠেৰে জগত সভা কঁপাই তোলা, বিশ্ব নাগৰিক, জনতাৰ শিল্পী ড: ভূপেন হাজৰিকা। লুইত খন আপোন তোমাৰ তেনে দৰে আপোন ভলগা টেমচ্ নদী। সাত সাগৰ সাতুৰি পাৰ হৈ সৃষ্টি কৰিছিলা এখন চিনাকি জগত। মিচিচিপি আৰু গংঙ্গা নদী, বুকুৰ আপোন তোমাৰ, পল ৰবচনৰ গীতৰ সুৰেৰে হাজাৰ জনতাৰ পুলক জগাই, দৰিদ্ৰ জনতাৰ আপোন মানুহ হলা বিশ্ব গায়ক তুমি ড: ভূপেন হাজৰিকা। সমন্বয়ৰ সেতু গঢ়োতা, ঐক্য মৈত্ৰীৰ স্বপ্ন ৰচোতা, স্বদেশৰ শব্দ “জিলিকাব লুইতৰে পাৰ” তুমি আপোন ড: ভূপেন হাজৰিকা। অৰুণ কিৰণ অৰুণাচল, পাহাৰ ভৈয়াম অতিকে আপোন, শ্বিলংত এৰি গলা লিংডো তোমাৰ। টালিগঞ্জ আৰু স্বপ্ন নগৰী মোম্বাইলৈ সপোনৰ বাটেদি জীৱন বিচাৰি গ’লা, জীৱনৰ বহু ঘাট প্ৰতি ঘাট লগত লৈ, সাৱটি যাযাৱৰি জীৱন তোমাৰ। জুপুৰি ঘৰ চিনাকি তোমাৰ, কেঁচা মাটিৰ গোন্ধ নিচেই আপোন, তুমি সাহিত্যিক ড: ভূপেন হাজৰিকা। কচু ঢেকীয়াঁ বেঙেনা পিটিকা তৃপ্তিৰে খাই ভাল পোৱা তুমি তজবজীয়া ডেকা অসমীয়া জাতিৰ হিয়াৰ আমঠু। জ্যোতি চিত্ৰবন অৱদান তোমাৰ, নাওবৈচা বিধান সভা সমষ্টি পৰা ৰাজদৰবাৰত প্ৰতিনিধ্বিত্ব কৰা দক্ষ ৰাজনীতিজ্ঞ তুমি বিধায়ক ড: ভূপেন হাজৰিকা। অসমৰ জনতাই যাচিছোঁ প্ৰণাম তোমাৰ প্ৰেৰণাই জনতাৰ প্ৰাণ, জাতিৰ সাংস্কৃতিক মান, অসমী আইৰ সন্তান ভাৰতৰত্ন তুমি ড: ভূপেন হাজৰিকা। #assamesekobita #axomiyakobita #BharatratnadrBhupenhazarika #SahityaChorcha
- তুমি দূৰে দূৰে থাকা
তুমি নাই বাবে তোমাৰ প্ৰতি উশাহে উশাহে মোৰ দেহত প্ৰতি পলে পলে বিৰিঙে তোমাৰ প্ৰেম! মোৰ সপোনৰ কাৰেঙত তুমি জোনাক মোৰ মন ফুলনিত তুমি আলসুৱা গোলাপ। আকাশে বতাহে শুনো তোমাৰ এষাৰি মাত, দেখো তোমাৰ সাঁজোন-কাচোন । তুমি নাই বাবে মোৰ মনৰ কাৰেঙত সাঁজিব পাৰো নতুন নতুন সপোন। কাষলৈ আহিব নালাগে তুমি, তুমি নাই বাবে তোমাৰ প্ৰতিটো উশাহত বিৰিঙে মোৰ দেহত তোমাৰ প্ৰেমৰ ঢৌ, বহু নিশা উজাগৰেও কৰিছো পাৰ। তুমি কাষ চাপি আহিলে, মোৰ লাজুকী চাৱনিৰে কঁপা কঁপা মাতেৰে হেৰাব পাৰে প্ৰেমৰ উৎসাহ, ভাঙিব পাৰে নিশাৰ সপোন, লাজত মৰহি যাৱ পাৰে ফুলনিৰ ফুল, হেৰাই যাৱ পাৰে মোৰ কণ্ঠত কবিতাৰ সুৰ। তুমি নালাগে আহিব কাষলে মোৰ, তুমি দূৰে দূৰে থাকিও তোমাৰ হাঁহিৰ সুৰত,মোৰ প্ৰতিটো উশাহত ফুলিব এপাহি আলসুৱা ফুল ! জাগ্ৰত হ’ব দূৰে দূৰে থাকিও দুয়োৰে প্ৰেম, উজ্বলি উঠিব এগঁচি চাঁকিৰ পোহৰত আমাৰ দুয়োৰে প্ৰেম জনমে জনমে। #assamesekobita #axomiyakobita #SahityaChorcha #Tumiduredurethaka
- তই কুশলে থাকিবি
তই কুশলে আছনে? শুনিছো তোৰ পদূলিৰ আলিকেকুৰিটোত সিঁহতবোৰৰ এতিয়া সঘন পদচালন সিহঁতবোৰেতো কেৱল তোৰ জেপত থকা গৰ্ভ নিৰোধক পিলবোৰৰ প্ৰতিহে অভিজ্ঞ তোৰ হৃদয় নামৰ দলিলখনত সিহঁতৰ অট্টহাস্য তথা সস্তীয়া কোলাহলৰ স্বাক্ষৰ শুনচোন! তোৰ পাভ মাছৰ দৰে বগা পিঠিখনত বেছিকৈ ৰ’দ নলগাবিনা পাৰিলে কলিজাতো নিলামত নিদিয়াকৈ ৰাখিবি আৰু! তোৰ “আইনু” জনীক বিশ্বৰ ধনী মানুহবোৰৰ নামৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰতিযোগিতাত দৌৰাতকৈ মানুহ হোৱাৰ প্ৰতিযোগিতাত দৌৰাবলৈ শিকাবি পাৰিলে তাগিদা আৰু তাড়নাৰ শুদ্ধ ধাৰণাটো শিকাই দিবি তোক দেখিলেই মোৰ চকুযোৰে উপবাস খাটে তোৰ নাঙঠ কঁপনিটোত তোৰ স্থায়ী মৌনতাখিনিত বিশ্বাসৰ পুলি এটি ৰুবৰ মন যায় কামিহাড়ৰ ভিতৰত “পোৱালমনি” খুচৰিবৰ মন যায় তই কুশলে থাকিবি সদায়। #assamesekobita #axomiyakobita #SahityaChorcha
- শ্ৰদ্ধেয় দেউতা
আজি আপোনালৈ বৰকৈ মনত পৰিছে আপোনাৰ সেই মুখখন কৰ্তব্য আৰু দায়িত্বৰ মাজতো আপোনাৰ সেই সদাব্যস্ত মুখখন প্ৰতিশ্ৰুতিৰে ভৰা সুউজ্জ্বল চকুহাল সোণালী সপোনে ভৰা সেই বিশাল অন্তৰখন। আজি বাৰে বাৰে মনলৈ আহিছে দেউতা। শাওনীয়া পথাৰৰ বোকাপানী ৰদ বৰষুণৰ মাজত মুৰত জাপি হাতত কোৰ লৈ পুৰণি আলি নকৈ সজোৱা আজি বাৰে বাৰে মনত পৰিছে দেউতা সেই পথাৰখনৰ কথা ধানৰ সজাল দেখি আপোনাৰ চকুত ভাঁহি উঠা সেই সুখৰ অনুভৱ বোৰ……….! আৰু বানে ধুই নিয়া পথাৰখন দেখি আপোনাৰ শিল হৈ যোৱা বুকুখন!! স্মৃতি বোৰে আজি বৰকৈ আমনি কৰিছে। আপোনাৰ উদাৰতা ভৰা সেই মুখখন কথা আজি বৰকৈ মন পৰিছে আমাৰ বাবে কৰি যোৱা ত্যাগৰ আমাৰ জীৱন ধন্য কৰি সংগোপনে গুচি গ’ল আপুনি য’তেই আছে কুশলে থাকক দেউতা। #assamesekobita #axomiyakobita #SahityaChorcha #Sardheideuta
- মহানতা
মাক-দেউতাকৰ মৃত্যুৰ পিচত মণিমালা নিঠৰুৱা হৈ পৰিল| বায়েকৰ ঘৰত থাকিয়েই তাই কোম্পানী এটাত চাকৰী কৰি আছে| কোম্পানীলৈ আহি থাকোঁতেই এদিন ডাঃ অৰূপ চলিহাই তাইক লগ পালে| দুয়ো চিনাকী হ’ল| ইজনে সিজনৰ বিষয়ে সকলো কথা জনাৰ পিচত অৰূপৰ তাইৰ প্ৰতি অনুকম্পাৰ ভাৱ জাগি উঠিল| তাইৰ দুখৰ কাহিনীবোৰ জনাৰ পিচত তেওঁ মণিমালাক আপোন কৰি ল’বলৈ সিদ্ধান্ত ল’লে| তাইক বিয়াৰ প্ৰস্তাৱ দিলে| এজন ডাক্তৰে ইমান দূৰ্ভগীয়া ছোৱালী এজনীক বিয়াৰ প্ৰস্তাৱ দিয়াত মণিমালাই বিশ্বাস কৰিবলৈ টান পাইছিল| তাই অৰূপক সুধিছিল, “আপোনাৰ দৰে লোক এজনে মোৰ নিচিনা ছোৱালী এজনী বিয়া পাতিবলৈ প্ৰস্তাৱ দিয়াত মই নিজেই আচৰিত হৈছো; কি দেখি মোক বিয়া পাতিবলৈ বিচাৰিছে?” অৰূপে হাঁহি উত্তৰ দিলে,” মানৱতা|” “তাৰমানে আপুনি মোক পুতৌ কৰিবলৈ বিচাৰিছেনে?” “তুমি কিয় তেনেকৈ ভাবিছা মণি? ম়ই তোমাৰ দুখৰ সমভাগী হৈয়ে এই সিদ্ধান্ত লৈছে| তাত তোমাৰ আপত্তি কিয়?” “মোৰ আপত্তিৰ কথা নাই|কিন্তু আপোনাৰ মানৱতা দেখিহে অভিভূত হৈছো|” “এইয়া মোৰ নহয় ,মোৰ স্বৰ্গীয়া মাৰ প্ৰতি মোৰ কৃতজ্ঞতা| মাও আছিল তোমাৰ দৰেই দূৰ্ভগীয়া|” #assamesekobita #axomiyakobita #Mahanata #SahityaChorcha
- ডিফলুৰ সিপাৰত আয়োজিত সাংস্কৃতিক সন্ধিয়া!
ডিফলুৰ সিপাৰৰ মৌপিয়া জাক হালধীয়া ফুলবোৰক লৈ সদা ব্যস্ত । আজি প্ৰফুল্লিত, ৰঙীন পৰিবেশ। বিহঙ্গ,পশু বোৰে উলাহতে নাচিছে। এশিঙীয়া গঁড়ৰ পৰিয়ালে আয়োজন কৰিছে উৎসৱৰ,আনন্দৰ উৎসৱ। চোৰাং চিকাৰীৰ বন্দুকৰ শব্দ আজি অতীত। কালিকা লগা দিনবোৰ বিলুপ্ত, পৰিসমাপ্তি। ডিফলুৰ সিপাৰত আয়োজিত সাংস্কৃতিক সন্ধিয়া!!! কোনোৱে গাইছে, কোনোৱে নাচিছে আন কোনোৱে লুকাভাকু খেলিছে। ৰৌ, বৰালি, ভকুৱা মাছ বোৰে ডিফলু নদীত অক্টোপাছৰ দৰে নাচিছে। জিলি আৰু ফৰিং কেইটাই আনন্দতে ডাইন’চৰৰ দৰে বগাইছে,গাইছে গান। সোমৰসৰ গিলাচ কেইটা লৈ হৰিণবোৰে বাঘকেইটাক খাব দিছে, কি যে আনন্দ। এনেদৰে ডিফলুৰ সিপাৰত আয়োজিত সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক সন্ধিয়া!!! (কাজিৰঙাখন ডিফলু নদীখনে আগুৰি আছে। বন্যপ্ৰাণী হত্যাৰ হাৰ(বিশেষকৈ এশিঙীয়া গঁড়) হ্ৰাস পোৱাত আমি দাঁতিকাষৰীয়া গাঁৱৰ বাসিন্দা হিচাপে সচাকৈ সুখী।) #assamesekobita #axomiyakobita #Diphulorhiparotayujitahangaskritiksandhya #SahityaChorcha
- অসমৰ জনসংখ্যা,ভাষা আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি (পূৰ্বতে বাতৰি কাকতত প্ৰকাশিত)
অসমত নিগাজীকৈ বাস কৰা, অসমৰ হৈ ভাল চিন্তা কৰা, অসমৰ কৃষ্টি-সংস্কৃতিক আপোন কৰি লোৱা, অসমীয়া ভাষাক মাতৃভাষা ৰূপে গণ্য কৰা আদি সকলোকে আমি অসমীয়া বুলি বুজিব পাৰো। নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ তেনেই সহজ। কিন্তু, যোৱা ৭০ বছৰত অসমৰ জনসংখ্যা,ভাষা আদিৰ পৰিৱৰ্তনৰ দিশে লক্ষ কৰিলে বহু নতুন কথা উদ্ভাৱন কৰিব পাৰি। ২০১১ চনৰ চৰকাৰী লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যা হল ৩,১১,৬৯,২৭২ আৰু ই ২০০১ চনৰ জনসংখ্যাতকৈ ১৬•৯৩% বৃদ্ধি হৈছে। অসমত জনসংখ্যা বৃদ্ধিৰ এই পৰিৱৰ্তন ২০ম শতিকাৰ মধ্যম সময়ৰ পৰাই আৰম্ভ হৈছে। ১৯৪১ চনৰ জনসংখ্যা ৬৭ লাখৰ পৰা ১৯৭১ চনত ১ কোটি ৪০ লাখ আৰু ১৯৯১ চনত ২ কোটি ৪০ লাখলৈ বৃদ্ধি পাইছে। অৱশ্যে, জনসংখ্যা বৃদ্ধিত অসমৰ পশ্চিম আৰু দক্ষিণে থকা জিলাসমূহত পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) ৰ পৰা প্ৰবজনে বৃহৎ অৰিহণা যোগালে। ২০১১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ ৩৩ খন জিলাৰ ভিতৰত ধাৰ্মিক তথা ভাষিক সংখ্যালঘুৰ জনসংখ্যা ধুবুৰী, গোৱালপাৰা, বৰপেটা, মৰিগাঁও, নগাঁও আৰু হাইলাকান্দি জিলাত ২০-২৪ শতাংশ বৃদ্ধি পাইছে। ঠিক তেনেকৈ পূব অসমৰ জিলাসমুহ শিৱসাগৰ, যোৰহাটকে ধৰি ৯% জনসংখ্যা বৃদ্ধি পৰিলক্ষিত হৈছে। অসমৰ ১১৫ টা জাতীয় জনগোষ্ঠীৰ ক্ষেত্ৰত কৰা অধ্যয়ন অনুযায়ী ৭৯ গোষ্ঠী (৬৯%) লোকে জাতীয় অসমীয়া বুলি, ২২ গোষ্ঠী (১৯%) লোকে থলুৱা বুলি আৰু ৩ গোষ্ঠীয়ে প্ৰবজনকাৰী বুলি নিজকে পৰিচয় দাঙি ধৰে। ২০১১ চনৰ লোকপিয়ল অনুযায়ী বুজিব পাৰি যে অসমৰ জনসংখ্যাৰ ৬১.৪৭ শতাংশ হিন্দুৰ প্ৰায় ১,৬৫,০০০০০ লোকে অসমীয়া বুলি পৰিচয় দিয়ে যদিও ইয়াৰ মাজত বহুখিনি ছদ্মবেশী অসমীয়া অন্তৰ্ভুক্ত হৈ আছে , ৩৪.২২ শতাংশ মুছলমান, ৩.৭8% খ্ৰীষ্টিয়ান আৰু বাকী অন্যান্য জাতিৰ। একেদৰে, অসমৰ মুঠ জনসংখ্যাৰ অসমীয়া বুলিবলৈ ১,৩২,৫৭,২৭২ (৭৫.৫২%) থলুৱা অসমীয়া, ২৮,৩০,০৭২ (২১.৩৪%) মুছলমান আৰু ৪,১৪,১৮৭(৩.১৪%) খ্ৰীষ্টিয়ান ও শিখ সম্প্ৰদায়ৰ। মোগলৰ শাসনকালত অসমত নিবাসী বহু হিন্দু মানুহক মুছলমান বা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰণ কৰা হৈছিল। সেইসকল হল অসমীয়া মুছলমান। সেইসকলে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰে। অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ৪৫ টা ভাষাৰ ব্যৱহাৰ হৈ আহিছে। তাৰ ভিতৰত অসমীয়া, বড়ো আৰু বঙালী ভাষা প্ৰধান। ২০১১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যাৰ ৪৮.৩৪ শতাংশই অসমীয়া , ২৮.৯২ শতাংশই বঙালী , ৪.৫৪ শতাংশই বড়ো, ৬.৭৩ শতাংশই হিন্দী আৰু বাকীয়ে শাড্ৰী, মিচিং, নেপালী, কাৰ্বি, উৰিয়া, চানতালি, মণিপুৰী, গাৰো ও অন্যান্য ভাষা ব্যৱহাৰ কৰি আহিছে। অসমীয়া হল অসমৰ চৰকাৰী ভাষা, বড়ো বড়োলেণ্ড টেৰিটোৰিয়েল কাউন্সিলৰ আৰু বঙালী ভাষা বিশেষকৈ বৰাক ভেলীৰ তিনিখন জিলাত ব্যৱহাৰ হৈ আহিছে। হোজাই জিলাত বঙালী (চিলহেটী) ভাষা খুব জনপ্ৰিয়। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা অংশই মাতৃভাষা অসমীয়া গ্ৰহণ কৰে আৰু বৰ্তমান সময়ত অসমীয়া ভাষাৰ প্ৰচলন লাহে লাহে আগতকৈ কমিহে আহিছে। অসমত প্ৰায় ৯০ লাখ মানুহে বঙালী ভাষা ব্যৱহাৰ কৰে আৰু এই ভাষাৰ প্ৰচলন দিনক দিনে বাঢ়ি অহা পৰিলক্ষিত হৈছে। হিন্দী ভাষাটো অসমত তৃতীয় ভাষাৰূপে গণ্য কৰিব পাৰি। অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে অসমীয়া বুজি পোৱাৰ লগতে নিজৰ নিজৰ ভাষিক পৰিচয় কিন্তু নিজৰ মতেহে প্ৰকাশ কৰে। জনসংখ্যা বৃদ্ধি আৰু বিভিন্ন ভাষিক ধাৰ্মিক মানুহৰ বৃদ্ধি ৰাজ্য বা দেশৰ উন্নতি বা অৱনতিত এটা বৃহৎ প্ৰভাৱ পেলায়। উত্তৰ পূব ভাৰতৰ সীমান্ত ক্ৰমে বাংলাদেশ, ভূটান, চীন আৰু ম্যানমাৰ চাৰিখন দেশে আগুৰি আছে। ৰাজনৈতিকভাৱে সীমান্তবোৰ ভাগ কৰা হৈছে যদিও প্ৰবজন হোৱাৰ বিভিন্ন পথ এতিয়াও উন্মুক্ত বুলি নুই কৰিব নোৱাৰি। ধৰ্ম আৰু ভাষাৰে অসমৰ জনসংখ্যাৰ পৰিৱৰ্তনত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে। আগন্তুক দিনত সীমান্তৰ দেশসমূহৰ পৰা অসমলৈ প্ৰবজনে অসমৰ লগতে ভাৰতৰ ভৌগোলিক মানচিত্ৰও সলনি কৰাটো অসম্ভৱ নহয়। দেখা গৈছে যে জনগোষ্ঠীয় এলেকাত বাংলাদেশী মুছলমানে থিতাপি লৈ নিজকে অসমীয়া সজোৱাৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে। থিতাপি লোৱা উক্ত অঞ্চলত হোজা জনগোষ্ঠীয় মানুহক লাহে লাহে উপদ্ৰৱ কৰিবলৈ আৰম্ভ কৰে। কিছুমানে অসমীয়া ভাষা শিকি লাহে লাহে উজনিলৈ গমন কৰে আৰু উজনিৰ মুছলমানসকলে তেনে লোকক আদৰি লোৱাত নিজকে থলুৱা অসমীয়া (ছদ্মবেশী) বুলি স্বীকৃত কৰি লয়। ১৯৫১-২০০১ লৈ লোকপিয়ল লক্ষ্য কৰিলে দেখা যায় যে অসমৰ হিন্দু জনসংখ্যা ৭.২ শতাংশ অৱনমিত হৈছে, মুছলমান জনসংখ্যা ৬ শতাংশ বৃদ্ধি পাইছে আৰু খ্ৰীষ্টিয়ান ও অন্যান্য ১.৭ শতাংশ বৃদ্ধি পাইছে । আচৰিত হবলগীয়া যে বৰ্তমান ভাৰতবৰ্ষত জম্মু কশ্মীৰৰ পিছতেই অসমে হল দ্বিতীয় মুছলমান বসতিপ্ৰধান ৰাজ্য। উত্তৰ পূব ভাৰতত বিভিন্ন ভাষিক ও সংস্কৃতিৰে পৰিপূৰ্ণ ৰাজ্য হল অসম। অসমত থকা বহুসংখ্যক জনগোষ্ঠীয়ে ঠাই ভেদে বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰে আৰু এই ভাষা লাগি থকা প্ৰতিবেশী জনগোষ্ঠীয়েও বুজি নাপায়। ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যাৰ ৪৯% য়ে অসমীয়া আৰু ২৮% য়ে বঙালী ভাষা ব্যৱহাৰ কৰে। উক্ত পিয়লৰ মৰ্মে অসমত ২৩ টা স্বীকৃত ভাষা ক্ৰমে বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, চাকমা, ডিমাচা, কচাৰী, গাৰো, খাচী, জয়ন্তীয়া, হোজাই, মেচ আদি। অসমত বহুসংখ্যক জনগোষ্ঠী থকাৰ বাবে অস্বীকৃত ভাষা প্ৰচলিতৰ সংখ্যা বেছি। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং ও শোনিতপুৰ জিলাত প্ৰায় ১ লাখ মানুহে বড়ো ভাষা, লক্ষীমপুৰ আৰু ধেমাজি জিলাত প্ৰায় ১ লাখ মানুহে মিচিং ভাষা, কাৰ্বিআংলং জিলাত প্ৰায় ৩ লাখ মানুহে কাৰ্বি ভাষা, গোৱালপাৰা জিলাত প্ৰায় ৬০ হাজাৰ মানুহে গাৰো, শোনিতপুৰ জিলাত প্ৰায় ১ লাখ মানুহে নেপালী ভাষা, তিনিচুকীয়া জিলাত প্ৰায় ৮০ হাজাৰ মানুহে হিন্দী ভাষা ব্যৱহাৰ কৰে। ১৯৫১-২০০১ চনলৈ হোৱা লোকপিয়লৰ মতে বঙালী ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা ৬% বৃদ্ধি পাইছে কিন্তু অসমীয়া ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা ৭% অৱনমিতহে হৈছে। ১৯৯৮ চনত প্ৰাক্তন ৰাজ্যপাল এছ. কে. সিনহাই দিয়া ৰিপৰ্ট অনুযায়ী অবৈধ বিদেশী প্ৰবজনৰ বাবে অসমীয়া মানুহ নিজৰ ৰাজ্যতে সংখ্যালঘু হবলৈ গৈ আছে। অসমৰ জিলা ভিত্তিত হোৱা অনুভৈৱিক বিশ্লেষণৰ মতে মুছলমান আৰু বঙালী ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা খুব বেছিকৈ ১৯৫১-২০০১ চনৰ ভিতৰত অন্য ধৰ্ম বা ভাষিক মানুহৰ তুলনাত বৃদ্ধি পাইছে। অৱশ্যে, এই জনসংখ্যা বৃদ্ধি অকল প্ৰাকৃতিক নহয়। মুছলমান সম্প্ৰদায়ৰ প্ৰাকৃতিক জনসংখ্যা বৃদ্ধি অসম আৰু বাংলাদেশৰ প্ৰায় একে। জনসংখ্যা বৃদ্ধিয়ে অসমত থকা থলুৱা অসমীয়ালৈ সকলো স্তৰতে সমস্যাৰ সৃষ্টি কৰিবলৈ ধৰিছে। এইটো চিৰন্তন সত্য যে এনে হাৰতেই অসমত ধাৰ্মিক ও ভাষিক জনসংখ্যা বৃদ্ধি হৈ থাকিলে অসমীয়া আগন্তুক কিছু বছৰত সংখ্যালঘুলৈ অৱনমিত হোৱাটো অসম্ভৱ নহয়। (তথ্য সংগৃহীত) #SahityaChorcha #asomorjanasankhyabhashaaruasomiyaroshtitworpratibhabuki #axomorjanasankhyabhashaaruaxomiyaroshtitworpratibhabuki #axomiyaprabandha #assameseprabandha
- নিৰৱ নিথৰ নিশব্দ
হৃদয়ৰ ন্যস্ত কোনত অভ্যূৎখান ঘটা অন্তৰীপৰ মাজত এইয়া কিহৰ নমস্যতা যৌৱনৰ তৃঞ্চাতুৰ প্ৰাণত ভাগৰি যোৱা উৰন্ত কনিকাৰ ধূসৰ অমানিশা, প্ৰতি পলকে জীৱনৰ উদ্বেলিত বাসনাৰ আলিকাষৰিত নিৰৱ নিস্তব্ধ হৈ পৰিছে উৰিব খোজা ৰঙীন অভিলাষ। ফাগুনৰ আচল সানি লহৰৰ আখৰাত ভাঙি যোৱা সপোনৰ দোলনিত তুমি উন্মনা হৈ আলোকপাত হৈছিলা মন্দাকিনীৰ উদ্ধত চাঁৱনিত। এতিয়া বলুকাত বাউলী হ’বলৈ পাখি মেলি নিজান দেখোন মানৱ দৰদী, নৎস্যাত কৰি জীৱন্ত খৰিকাযোৰিত অনাকাংষিত গোপন নৰীয়া লহৰত উদাসিন নিথৰ আবেলি। শব্দভেদি বানেৰে জোতিষ্মান হোৱা উৰন্ত তৃপ্ততাৰ বেলকনিত নিৰৱিচ্ছিন্ন হৈ ভাহি আহিছে, শৰৎৰ সন্ধিয়া ৰাগিনী তুলা প্ৰেমাস্পন্দন নিলিম নয়ন, আশাৰ সঞ্চাৰিত ধ্বনিত নিশব্দ আজি আন্দোলিত প্ৰতিটো মধুৰ তৃষ্ণা। উদয়াস্ত বেলিটোৱে মনৰ গোপন কক্ষত ছটা বান্ধি ধৰিছে, অন্তৰৰ নিভীৰ্ত কোনত সৃষ্টি হয় জাগৰণৰ আদিপাঠ, লক্ষ বেলিকাই আৱৰি ৰাখিছে উদ্ভান্ত হোৱা যৌৱনাস্ত দৰদী বান্ধোন মৰুৰ দেহত পদোচিহ্ন আজি আধা লিখা ডায়েৰীৰ পৃষ্ঠা নিৰৱ নিথৰ নিশব্দ এই জীৱন। #assamesekobita #axomiyakobita #nirabnitharnihobdo #SahityaChorcha
- পনীয়া সোনৰ সপোন
নিজানত গছৰ গুটি খাই ওমলা চৰাই জাক স্মৃতি টোপোলা লৈ উৰি গল। ভাগৰত জিৰণি ললে ঠিকনা বিহীন চৰাই জাকে বৰগছৰ তলত। আশাৰ বন্যা হেঁপাহৰ টোপোলা। মেলিছে পনীয়া সোনৰ কিতাপৰ পাতনি। সপোনৰ আঁৰে আঁৰে শৰতৰ ব্যাকুলতা গেৰধৰা সেউজীয়া পথাৰ মাগুৰী বিলত মাছ কাছৰ ধেমালি। বিলৰ পাৰত জলপৰী ৰঙা হালধীয়া ফুলৰ মাজে ভিন্ন পখিলাৰ সাজোন। ভোমোৰাৰ গুনগুননি। বৰ গছৰ বক্ষ ফালি স্মৃতি তোৰণ। ক’তযে সপোন ধৰিব নোৱাৰি বাস্তৱ সমাজৰ মেৰপাক। বিষন্নতা সাবতি সময়ৰ সোঁতত বৈ যায়। চৰাই জাকে জিৰাব বিচাৰে সপোনৰ ছাঁত। নিবিচাৰে ৰাইজৰ চোতালত দুখৰ পাঠ। গছৰ গুটি খাই ওমলা চৰাই জাক উৰি গুছি গ’ল স্মৃতি টোপোলাত ভগ্ন হৃদয় পাছে পাছে মৃত্যুৰ ছাঁ। #assamesekobita #axomiyakobita #poniyahunorhopun #SahityaChorcha











