top of page

 SEARCH RESULTS 

Search this site

606 results found with an empty search

  • মনৰ ঠিকনা বিচাৰি

    মনৰ আশাবোৰ দূৰ দিগন্ত ভেদি পাখি মেলে আকাশ চুবলৈ| নিয়ঁৰৰ মুকুতা সৰা দুবৰিত খোজ থমকি ৰয়| বকুলৰ তলত ধিমিক্- ধামাক জ্বলি থকা জোনাকী জাকে মেলি দিয়ে আশাৰ পানচৈ| নদীৰ কাষৰ শুভ্ৰ কঁহুৱাৰশাৰীবোৰেে মন লৈ যায় দূৰ- দূৰলৈ| আকাশেদি উৰি যোৱা শৰালী জাকৰ চিঁ চিঁ শবদে মনৰ মাজত দোলা দিয়েগৈ| শাৰী শাৰী বগলীজাকে অনাবিল মাদকতা আনে মনলৈ| ক্ষণিকতে মন উৰা মাৰে আকাশলৈ ক্ষণিকতে উৰা মাৰে সাগৰলৈ ক্ষণিকতে উৰা মাৰে পাতালৰ বুকুলৈ| অস্থিৰ মনৰ ঠিকনা বিচাৰি পাবা ক`ত? #assamesekobita #axomiyakobita #monorthikonabichari #SahityaChorcha

  • ৰাষ্ট্ৰীয়তাবাদী, জাতীয়তাবাদী চিন্তাধাৰা-অসমৰ বৰ্তমান প্ৰেক্ষাপট

    পঢ়াশালিতে কিছু উক্তিয়ে মন প্ৰভাৱিত কৰি আহিছে। যেনে- এইখন মোৰ দেশ, মোৰ দেশ মহান, বন্দে মাতৰম, জয় হিন্দ, “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ” আদি। এনেবোৰ উক্তি সময়ে সময়ে শুনিছিলো আৰু সচাকৈ মনত সাচ বহুৱাইছিল। সেইবাবে চাগে এজন শিশুৱেও ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰে, ৰাষ্ট্ৰীয় বা জাতীয় স্ংগীত থিয় হৈ পৰিবেশন কৰে। বৰ্তমান প্ৰেক্ষাপটত দেখা যায় যে অসমত ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা আৰু জাতীয়তাবাদী চিন্তাধাৰা থকা ব্যক্তিক পৃথক পৃথক দৃষ্টিৰে লক্ষ্য কৰে। অৰ্থাৎ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা ভুল নেকি বা জাতীয়তাবাদৰ সাঁচ ৰাখি ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা অব্যাহত ৰাখিলে অসমৰ বাবে বেয়া হ’ব নেকি?  এনেবোৰ কথাই বৈদ্যুতিক মাধ্যম বা বাতৰি-কাকতত প্ৰকাশেৰে অসমীয়া সমাজখনক আলোড়িত কৰি আহিছে। ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাই আমাক ভাৰত দেশখনকত থকা সমূহ জনগণৰ হৈ চিন্তা কৰা শিকায়। অৰ্থাৎ বিভিন্ন ৰাজ্য, বিভিন্ন ভাষা, ভিন্ন জাতি-সম্প্ৰদায়, ধৰ্ম, ভৌগোলিক ইতিহাস, সংস্কৃতি আদিক অনেকৰ মাজত একতা মনোভাৱেৰে এক প্ৰতীকেৰে পৰিচয় বাহক হোৱাটো ৰাষ্ট্ৰীয়তাবাদে  শিকায়।  ৰাষ্ট্ৰীয়তাবাদত ৰাষ্ট্ৰীয় প্ৰতীক, পতাকা, চিহ্ন, ভাষা আৰু অন্যান্য ৰাষ্ট্ৰীয় পৰিচয় চিহ্নক সাধাৰণতে বেছি গুৰুত্ব দিয়া হয়। ৰাষ্ট্ৰীয়তাবাদত দেশ অৰ্থাৎ ভাৰত প্ৰথম স্থানত হয়। যিকোনো সমস্যা ৰাষ্ট্ৰীয় ভাৱে সমাধানৰ ক্ষেত্ৰত এখন বা দুখন ৰাজ্যৰ কথা চিন্তা নকৰি সমগ্ৰ ভাৰতত থকা ৰাজ্যত এক সূত্ৰৰে সমাধানত গুৰুত্ব প্ৰদান কৰাটোৱেই ৰাষ্ট্ৰীয়তাবাদ। যেনে-এক দেশ এক নীতি। লক্ষ্য কৰিলে দেখা যায় যে অসমত থকা সকলো জনগণৰ জন্মৰ পৰাই ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি আসক্তি আছে। ভাৰতৰ ক্ৰিকেট দল প্ৰতিযোগিতাত বিজয়ী হ’লে সৰু ডাঙৰ সকলোৱে ফুৰ্তি কৰা দেখা যায়। বিদেশত ভাৰতীয়সকলে কৰা যিকোনো সুনাম অৰ্জনত আমিও সমানে গৌৰৱবোধ কৰো। ভাৰতীয় জোৱানে বিদেশী শক্তিক নিৰ্মূল কৰিলে আমিও গৌৰৱবোধ কৰো। মুঠতে, আমিও বিচাৰো আমাৰ জন্মভূমি ভাৰত দেশ সকলো ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু গৌৰৱেৰে কব পাৰো যে  “মোৰ দেশ মহান”। একেদৰে জাতীয় ঐক্য-সংহতি বা জাতীয়তাবাদ কম সময়ত গঢ় লৈ নুঠে। কোনো নিৰ্দ্দিষ্ট ভূখণ্ডত দীৰ্ঘ সময় জুৰি ভিন্ন  ধৰ্মী , ভিন্ন ভাষা ভাষীৰ লোকে সুসংবদ্ধভাৱে বসবাস কৰাৰ ফলত যি ঐকবদ্ধ ভাষা, সাহিত্য, সংস্কৃতিৰে নিজৰ পৰিচয় প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে সেই  ভাৱধাৰাই হ’ল জাতীয়তাবাদী ভাৱধাৰা। সৰ্বদিশতে জাতীয় উত্তৰণেই জাতিটোৰ একমাত্ৰ লক্ষ হৈ পৰে। অসমীয়া জাতীয়তাবাদ আহোমসকলৰ ৰাজত্বকালৰ পৰাই আৰম্ভ হৈছিল। অসমত থকা অন্য জাতি জনগোষ্ঠীৰ সৰু বৰ ৰাজ্যক একলগ কৰি সময়ৰ সোতত অসমৰ ভাষা -সংস্কৃতিৰ সৈতে একাকাৰ হৈ পৰিছিল আৰু স্হাপিত হৈছিল অসমীয়া জাতীয়তাবাদৰ লাইখুটা। ভাষা আন্দোলনে অসমীয়া জাতীয় চেতনা বৃদ্ধি কৰে আৰু বহু সংগ্ৰামৰ মাজেৰে অসমীয়া জাতীয়তাবাদে আজিৰ স্হিতি লাভ কৰিছে। অত্যধিক ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাই এখন ৰাজ্যৰ সৰু সৰু কিছু সমস্যা লাঘৱত বাধা দিয়ে। সমগ্ৰ দেশখনৰ কথা চিন্তা কৰোতে প্ৰত্যেক ৰাজ্যৰ নিজা নিজা কিছু সৰু বৰ সমস্যা দৃষ্টিকোণত নাথাকে। তেনেক্ষেত্ৰত এখন ৰাজ্যৰ সমস্যা আন আন ৰাজ্যবোৰে বুজি পোৱাত অসুবিধা হয় আৰু ইয়াক কেন্দ্ৰীয়ভাৱে সমাধানত ফলপ্ৰসূ নহয়। আমাৰ দেশ ভাৰতবৰ্ষক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে প্ৰতিখন ৰাজ্যই এক দেশ মনোভাৱেৰে কৰ্ম যুগুত কৰিলেহে পূৰ্ণ পৰ্য্যায় পাব বুলি নুই কৰিব নোৱাৰি। অসমৰ ক্ষেত্ৰত আমাক সুস্হ আৰু শক্তিশালী জাতীয়তাবাদৰহে প্ৰয়োজন। জাতি গঠন বা জাতীয় উত্তৰণৰ নিধন,মানৱ নিধন আদি উগ্ৰ জাতীয়তাবাদ আমাক নালাগে। উগ্ৰ জাতীয়তাবাদে এটা জাতি গঢ়ি তুলিব নোৱাৰেই বৰঞ্চ এটা জাতিক খণ্ড-খণ্ডহে কৰি তোলে। এনেবোৰে নিজৰ একতা , সংহতি বিনষ্ট কৰাৰ লগতে বিশ্বত জাতিটোক কলংকিতহে কৰে। আমাক এনে জাতীয়তাবাদহে প্ৰয়োজন যি শক্তিয়ে ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সমূহ দিশত বিকশাই তুলি বিশ্ব দৰবাৰত বলিষ্ঠ ৰূপত পৰিচয় দিব পাৰে। থিক তেনেকৈ দেশখনক উচ্চ শিখৰত স্হান দিবলৈ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা থকাৰ প্ৰয়োজন আছে। মুঠতে দুয়োটা চিন্তাধাৰাই দেশ বা ৰাজ্যৰ উন্নতিৰ বাবে  প্ৰয়োজন আছে। #assameseprabandha #axomiyaprabandha #rashitriyatabadijatiyatabadichintadharaaxomorbartamanpexapat #SahityaChorcha

  • কাৰ ভাগ্য বা বেয়া

    আনদিনাৰ দৰেই আজিও গা-পা ধুই, পেট পূজা আদি কৰি থাপনাত আঁৰি থোৱা লক্ষ্মীদেৱীৰ ফটোখনলৈ চাই সেৱা এটা জনাই মাৰুতি গাড়ীখন লৈ দোকানলৈ বুলি আহি আছিলোঁ৷ বাটত মেকুৰীয়ে ৰাস্তা পাৰ হৈ যোৱাও মনত নপৰে৷ ছেঃ আজি দিনটো এনেই বেয়া যেন পাঁইছো৷ মই গাড়ীৰ ড্ৰাইভিং চিটৰ পৰাই স্পষ্টকৈ দেখা পাঁইছিলো কুকুৰটো সাউৎকৰে ৰাস্তাটো পাৰ হব বিচাৰিছিল৷ বেচেৰা সিও মোৰ দৰেই কামলৈ ওলাই আহিছিল কিজানি ৷ নিদিষ্ট স্পিডত আহি থকা সত্বেও কুকুৰটোক খুন্দা মাৰি ওফৰি আহি মোৰ গাড়ীখনৰ কাষতে লুটিবাগৰ খাই পৰিলেহি মানুহজন৷ মটৰচাইকেলখন চুঁচৰি আহি মোৰ গাড়ীখনতে খুন্দা মাৰিলে৷ মইয়ো ব্ৰেক মাৰি গাড়ীখন কোনো মতে ৰঁখাইছিলোহে৷ গাড়ীৰ পৰা নামি আহিলোঁ৷ দেখোঁ মানুহজন উঠিবৰ চেষ্টা কৰিছে৷ মানুহজন জীয়াই আছে তাৰমানে, মনত নিজকে প্ৰকাশ কৰিব নোৱাৰা আনন্দ অনুভৱ কৰিলোঁ৷ নাজানো কিয়? মোৰ গাড়ীখনলৈ চালোঁ সোঁফালৰ হেড লাইটো ভাঙি গিলাচৰ টুকুৰা ৰাস্তাত সিচঁৰিত হৈ পৰি আছে৷ মই নিজকে ভোঁৰভোৰালো আজি কাৰ ভাগ্য বা বেয়া আছিল হলে নাজানো কুকুৰটোৱেও দেখোন ভালকৈয়ে এখুন্দা খাইছিল৷ #Assamesegolpa #Axomiyagolpa #karbhagyababeya #SahityaChorcha

  • সুগন্ধিশূণ্য ফুলৰ দৰে

    জ্ঞান বুদ্ধিহীন সুবলিত সুকুমাৰ যৌৱন সুগন্ধি শূন্য ফুলৰ দৰে জ্ঞানেহে মানুহক সুন্দৰ মাধুৰ্যমণ্ডিত কৰে বাহ্যঅভ্যান্তৰে সৰ্বকালে সৌন্দৰ্যৰ আকৰ্ষণত কেতিয়াও স্থায়িত্ব নেথাকে কামনা বাসনাৰ ধুমুহাহে বলে যৌৱন সৌন্দৰ্য আৰূ জ্ঞান গভীৰত্ব একত্ৰ হ’লে আদৰ সন্মানে তাৰ পিছ নেৰে #Assamesestabak #axomiyastabak #hugandhihunyafulordore #SahityaChorcha

  • মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ

    ৰূপ ৰস গন্ধ স্পৰ্শ নিত্য ভ্ৰমবিলাস প্ৰলুব্ধতাৰে উন্মত্ত মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ যদি অত্যাকল্পকালেও নেনামে দেৱত্ব সেই জীৱন ব্ৰহ্মচৈতন্য পৰিত্যজ্য জড় দেহৰেই অৱশিষ্ট #assamesekobita #axomiyakobita #mumuxutaparibyaptajibonoloi #SahityaChorcha

  • “শ্বহীদৰ মাতৃ”

    পুৱাতেই দেখিলোঁ শুকুলা চাদৰখন মেৰিয়াই আইয়ে ৰ লাগি আছে জপনাৰ মূখত নিঃশব্দে নিৰৱে কাষত ৰলো, সি গুচি যোৱা বছৰেইটো হল! বুকুখন কপিঁ উঠিল অজান আতংক! তেজেৰে লুতুৰি-পুতুৰি দেহা মূখখন ক্ষতবিক্ষত! ফুলৰ মালাৰে সু- সজ্জিত বাহনত ভাইটিৰ নিঠৰ দেহ! কেতিয়াওঁ নহা হেজাৰজনৰ সমাগম; আচৰিত ভংগীমাত আইৰ প্ৰশ্ন? ‘কোনে ল’ৰাটোৰ দেহটো এনেকুৱা কৰিলে!’ ‘কোন অভাগিৰ সন্তান বা এয়া!’ ‘কিয় বা অনা হৈছে ইয়ালৈ!’ এতিয়া আইক বুজাব কোনে? মানিবতো নোৱাৰে গুচি যোৱা বুলি সি আজিও জপনাৰ মূখত ৰৈ থাকে আগ্ৰহেৰে কিজানি সি আহি কয়, ‘আই, মই আহিলো, আহঁ আই’ তাৰ খাকি পোচাকযোৰ, আজিও আইয়ে লগত লৈ শুৱে! দেশৰ হকে ওলাই যাওঁতে আগ্ৰহেৰে কোৱা ‘আই মই আকৌ সোনকালে আহিম’ কথাষাৰে আজিও আইক বিশ্বাস দিয়াই এনে আইক বুজাব কোনে বৃদ্ধ চকুহালেৰে থৰক-বৰককৈ জপনাখনত আউজি বৰবৰাই “তই আজিও নাহিলি কিয় বাবা?” ঢিমিক-ঢামাক চাকিৰ পোহৰত ৰাতি সাৰ পাই উঠি গোসাঁইৰ আগত এগচি বন্তি জ্বলাই তাৰ আয়ুসত বিঘিনি নাহক এনে কাতৰ বিননি দেখিও অবুজন মাতৃ ক বুজাব কোনে! #assamesekobita #axomiyakobita #SahityaChorcha #swahidormatri

  • নিষ্ঠুৰ সময়

    ‍‍‍‍‍ ভবা নাছিলো কাহানিও মই তই যে এৰি থৈ যাবি অকলে মোক অথাই সাগৰত৷ এতিয়া আছো মই অকলে এটি নিজান দ্বীপৰ মাজত লগত আছে মাথোঁ মোৰ তোৰ স্মৃতিৰ সেই ফটো বোৰ৷ ইমান নিষ্ঠুৰ হ’লে কেনেকৈ ভবা নাছিলো কাহানিও মই তোৰ অবিহনে থাকিব লাগিব তই কোৱা কথা বোৰ বুকুৰ মাজত সোমাই অনুভৱ কৰি আছো মোৰ ভুল ক’ত নিজকে বেছি ভাল পোৱা টো মোৰ ভুল সকলোকে বেছি বিশ্বাস কৰা টো মোৰ ভুল তোক বেছি আপোন কৰা টো মোৰ ভুল আছিল জানো মোৰ ভুল এবাৰ ভাবি চাবি হয়টো ভুল তোৰে নহয় সময় বোৰ নিষ্ঠুৰ আছিল #assamesekobita #axomiyakobita #Nishthurhomoi #SahityaChorcha

  • কাঁচিয়লি ৰ’দ

    কেকুঁৰিটোৰ কাষত জোপোহানিটোৰ আঁৰত দেখিলোঁ কুঁৱলীৰ ফাঁকে ফাঁকে এজাক কাউৰীৰ চিলমিলীয়া টোপনি! তাকে দেখি কাঁচিয়লি ৰ’দৰ মিচিকিয়া হাঁহি। কেকুঁৰিটোৰ কাষতে থকা নিজৰাৰ কুলু-কুলু শব্দৰ ধ্বনিত, ভাঁহি আহে অচিনাকি কণ্ঠৰ চিনাকি সুৰ এটি। কোন তাই ৰূপৱতী নিজৰাৰ বোঁৱতী পানীৰ সতে কথা পাতি লাজুকী চাৱনীৰে নিজৰাৰ দাপোনত বাৰে বাৰে মুখ চাই ওঠঁত বিৰিঙাই হাঁহি। তাকে দেখি কাঁচিয়লি ৰ’দে দিয়ে ভৰ যৌৱনৰ পাখি মেলি। কাউৰীৰ কেচা টোপনি ভাঙি, আনি দিয়ে অচিন দেশৰ ৰূপৱতীৰ বাতৰি। #assamesekobita #axomiyakobita #Kasiyolirod #SahityaChorcha

  • চাকনৈয়া

    অনাকাংক্ষিত ভাবেই আহিছিল খবৰটো তোমাৰপৰা বিদায় মগাৰ চিৰকাললৈ… সেঁতুখন মজবুতকৈ বান্ধিব নোৱাৰিলো.. তোমাৰ-মোৰ মাজৰ নোৱাৰিলো বাস্তৱায়িত কৰিবলৈ তুমি মই একেলগে দেখা সপোনবোৰক… চৌদিশ আৱৰি ৰ’ল মাথোঁ আন্ধাৰৰ প্ৰহেলিকা… য’ত বিলীন হ’ল সহচৰী ৰাতিৰ উশাহবোৰ.. দিশহাৰা জীৱনৰ বক্ৰৰেখাবোৰ.. ব্যতিব্যস্ত নহ’বা তুমি মোৰ অনুপস্থিতিত.. হাহাকাৰো নকৰিবা অস্তিত্ব বিচাৰি মোৰ ভালপোৱাৰ.. মই যে খোজকাঢ়িবলৈ শিকিছোঁ বাস্তৱ পৃথিৱীত। কোনে কয় মোৰ সপোন নাই!! তোমাক বিচৰাৰহে হাবিয়াস নাই অন্যথা মনাকাশত দেখোন ভাৱনাবোৰে ঢৌৱেই খেলাই যায়… #assamesekobita #axomiyakobita #SahityaChorcha #Saknoya

  • “মই আৰু মোৰ সংস্কৃতি”

    কোন দিশে ঢাপলি মেলিছে অসমীয়া ভাষা সংস্কৃতি অনুভৱে মোৰ বুকুত বিন্ধিছে কি ৰূপ লব এদিন নিজৰ সংস্কৃতি হেৰাইছে আপোনতাৰ ভাৱ নাই আন্তৰিকতা নাই সেই মাদকতাৰ সোৱাদ প্ৰতিযোগিতা কেৱল আধুনিকতাৰ মৰমৰ মা গৈ মামী,ম”ম হ’ল দেউতাও হ’ল পাপা,ডেডী ইত্যাদি এখোজ দুখোজ কৈ আগমন বিদেশীৰ সংস্কৃতি ভূলবোৰ কাৰ কবযে নোৱাৰো নগণ্য জ্ঞানৰে বুজাই দিবও নোৱাৰো কাৰণ মই যে তুচ্ছ কিন্তু মই মোৰ ভাষা সংস্কৃতিক কেতিয়াও হেৰাই দিব নোৱাৰো মই অসমীয়া আৰু অসমীয়া হৈ থাকিব বিচাৰো নালাগে কাৰো চাৰ্টিফিকেট মই যে অসমীয়া চিৰ চেনেহী মোৰ ভাষা জননী আই অসমী ৰ কোলাতে এদিন বিলীন হব বিছাৰো। “জয় আই অসম” #assamesekobita #axomiyakobita #Moiarumursanskriti #SahityaChorcha

  • কবিতা নিলিখোঁ আজি এখন ছবিকে আঁকিম!!

    কবিতা নিলিখোঁ আজি!! এখন ছবিকে আঁকিম। প্ৰশান্তি, পবিত্ৰতাৰে ভৰা এখন পৰিস্ফুট ছবি। এখন আন্দোলনৰ ছবি। ছবিত প্ৰতিফলিত হ’ব, সময়োপযোগী ধাৰা, উপধাৰা। প্ৰয়োজনত জনতাৰ কথা কৈ নায়ক, জননায়ক হৈ। পিছলৈ আৰু বহুতো। সুবিধা পালে খুলি দিম। আৰু পিছলৈ আৰম্ভ হ’ব। জনতাৰ পদধূলাৰ কামিজটো খুলি পিন্ধি লম পদপিৰ কামিজ পদপি পদপি। মোৰ পিছে পিছে গাড়ীৰ শব্দ। অসংখ্য গাড়ীৰ বিকট শব্দ। উৰুৱাই দিম ধূলি, বালি অন্যান্য। ধূসৰ হ’ব পূৰ্বৰ চেতনাৰ সংহতি। এনেদৰে চলিব যুগ-যুগান্তৰ। চাই ৰ’ম কাহিনী, উপকাহিনীবোৰ। কবিতা নিলিখোঁ আজি এখন ছবিকে আঁকিম!! #assamesekobita #axomiyakobita #Kobitanilukhuaajiekhonsobikeaakim #SahityaChorcha

  • অপেক্ষা

    তৃষ্ণাতুৰ জীৱনত, প্ৰেমৰ এক আকুলতা। তোমাৰ মৰমৰ একাজলী, মদিৰা পাণ কৰি, মাতাল হোৱাৰ, মোৰ এক স্বপ্ন বাসনা। বিলিন হব খোজো, তোমাৰ দুবাহুৰ মাজত। নিজকে হেৰুৱাই দিব বিচাৰো, তোমাৰ মৰমৰ মাজত। মোৰ স্বপ্ন নগৰীত, তোমাৰ মুক্ত বিচৰণ, মাথো দিঠকত লগ পোৱাৰ, ” অপেক্ষা” ত। #assamesekobita #axomiyakobita #Opexa #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page