top of page

 SEARCH RESULTS 

Search this site

606 results found with an empty search

  • “সময়ে আমাক কবনে”?

    পুহ-মাঘৰ সংক্ৰান্তিৰ ক্ষণত ভোগালী আহিলে– পথৰুৱা নৰা দাই মেজিঘৰ সাজি নিশা লগেভাগে তৃপ্তিৰে খালে মোৰদেশৰ মানুহে– কোনো আকৌ মদৰ পানীকণ ডিঙিত পেলালে বজাৰত জুই-চাই দাম মঙহ-মাছৰ– পিছে আন এচামে চকুলো টুকিলে খবৰ ৰাখিব কোনে? নিশাটো উলহ-মালহে গ’ল কাউৰী অহাৰ আগতে হুৰহাৰ কৰি গছত ধানখেৰ বান্ধি ভেলাঘৰত পুৱাই অগ্নি প্ৰজ্বলিতং বন্দে চতুৰবাশনন্ হুতাশন্ সুবৰ্ণমংগলম: জ্যোতিৰূপায়: নমস্তূতে: অগ্নি সংযোগ কৰি অগ্নিৰ সেৱা জনাই কপালত ফোঁট ল’য় সমন্বয়ৰ এনাজৰী থকা এই জাতিটো আজি এই হেৰাই যাওঁ যাওঁ , মাটিভেটি যায়। ভাষা যায় সম্পদ বিক্ৰী হ’য় কৌশলৰ কুটিল ষড়যন্ত্ৰৰ কথাৰ সিন্ধুমতি ভণ্ড আদি পাঠৰ বুকুত! আকাশ এখন হৃদয় দিয়া মোক য’ত প্ৰাণদিব মানুহৰ কল্যাণৰ মন্ত্ৰ!! #makarsankranti #SahityaChorcha #sankranti

  • ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলী

    মহান আত্মাৰ অধিকাৰি হৈ হে মহান শিল্পী ! কৰিলা সকলোৰে অন্তৰ জয়| তোমাৰ গীতৰ মূৰ্চনাৰে প্ৰতিধ্বনিত হৈছে সমগ্ৰ আকাশ-বতাহ| গীতৰ অমীয়া সুৰে মুহিলা সমগ্ৰ বিশ্বক| গীত,কবিতাৰ তালে তালে লয়ে লয়ে উদ্বুদ্ধ হ’ল সকলোৰে অন্তৰ | দি গ’লা সঞ্জীৱনী শক্তি, জগাই তুলিলা সুপ্ত উদ্বীপনা, দেশপ্ৰেমত হ’ল উদ্বুদ্ধ জন-গণ | নাটকেৰে দি গ’লা সংস্কৃতিৰ ভাণ্ডাৰ | গীত,নৃত্য ,কবিতা ,নাটকেৰে চহকী কৰি গ’লা সাহিত্য-সংস্কৃতিৰ ভঁৰাল | হে মহান !শ্ৰদ্ধাৰে জনাইছো প্ৰণাম , যুগে যুগে হোৱা তুমি চিৰ জ্যোতিস্মান| #SahityaChorcha #assamesepoetry #jyotiprasad #poetry #assamesekobita

  • নাৰী আৰু নদী

    সৃষ্টিৰ গৰ্ভত গৰ্ভৱতী নাৰী তুমি পুৰুষৰ বাহুৰ বন্ধনত কঠিয়াৰ কোঁহ- ন-মাহ,দহদিন তোমাৰ গৰ্ভত পুৰঠ হ’য় জীৱন- যান্ত্ৰনাৰ ছেদ ফালি আকাশ দেখে! বুকুৰ স্তনপানত বিকশিত মানৱ গছ তোমাৰেই একেই নদী তুমি তোমাৰ গৰ্ভত সভ্যতাৰ অভিব্যপ্তি আমিবোৰ! তথাপিও আমিযেন নিজকে পাহৰি গৈছো ,পাহৰি গৈছে নাৰীয়ে নিজকে যৌনক্ষুধাতুৰ ক্ষুধাৰ্ত! আলিৰকেঁকুৰিত অথবা কোনো ৰাজপথৰ দাঁতিৰ ডাষ্টবিনত- তেনে নাৰীৰ মান্যতা? নাৰীৰ বাবে নাৰীও শত্ৰু নদীৰ বাবে আমি সভ্যমানুহবোৰ- যাৰ বাবে নদী প্ৰদূষিত আজি যেনেকৈ প্ৰদূষিত নাৰীৰ যৌনতাৰ বেশ্যালয় বোৰ দেশে দেশে! #SahityaChorcha #womenandriver #assamesepoetry #axomiyakobita #assamesekobita

  • তুমি

    তুমি সাগৰৰ গভীৰতা জুখিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ ভাল পোৱা জুখিব পাৰিবা তুমি বৰফ হৈ হিমালয়ত উঠিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ প্ৰেমৰ শীতলতা বুজিব পাৰিবা তুমি জুইৰ হেলিহান শিখা সহ্য কৰিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ প্ৰেমৰ তীব্ৰদাহ বুজিব পাৰিবা তুমি গভীৰ পাহাৰৰ মৌনতা বুজিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ হৃদয়ৰ নিস্তব্দতা বুজিব পাৰিবা তুমি কি আকাশৰ নীনগুনা কি জুখিব পৰা তাৰ মানে এইটো নহয় যে এতিয়া তুমি মোৰ অন্তৰৰ ঠিকনা বিচাৰি পাবা। #SahityaChorcha #assamesepoetry #tumi #axomiyakobita #assamesekobita

  • ঢেঁ‌কী

    আজুককাৰ দিনৰ এডাল শুকান নাহৰৰ কাঠ। বৰঘৰৰ পিছ বাৰাণ্ডাৰ এচুকত দীঘল দি পৰি আছিল যুগ যুগ ধৰি , মৰমতে নাম থৈছিল “ঢেঁকী” আইতাৰ দুভৰিৰ স্পৰ্শত তই সাৰ পাই উঠিছিলি, খদমদম লাগিছিল তোৰ বুকু। এদিন মোৰ আইৰ ভৰিৰ কলাফুলো লৰিছিল লাজ লাজ কৈ, ঘামত তিতিছিল সৰ্বশৰীৰ। আইৰ কুমলীয়া বোৱাৰীৰ জেতুকাবুলিয়া লিহিৰি আঙুলিবোৰে তোৰ বুকুৰ গাৰিশালিৰ খুবুলিতে নিতৌ সপোন আঁ‌কিছিল আপোনপাহৰা হৈ। কাঠ এডাল হৈ পৰি ৰোৱা ভাবনাতেই নে ককা আইতাৰ মৰমৰ তাগিদাতেই তই আজিও নিতাল মাৰি শুই থাক লাগী এলাগী হৈ, বিচাৰ কৰা নাই কোনো মান অভিমান নাই কোনো যান্ত্ৰনাৰ ভাগৰ কেৱল দুভৰিৰ স্পৰ্শই আনে তোৰ যৌৱন জীৱনৰ। #Assamesegolpa #dheki #SahityaChorcha

  • মুক্তি

    ঘূৰ অন্ধকাৰৰ কাৰাগাৰত বন্দি তুমি, পিতৃৰ মমতাত পুত্ৰক বঞ্চিত কৰিলা আজি পুত্ৰৰ স্নেহত মাতৃৰ জ্বলিছে বন্তি গোখাঁইৰ। থাপনাৰ যোগে যোগে জ্বলি অহা বন্তিগচিৰ চৌধশ কৌটি পুৰুষটো মুক্তি নাপাবা তুমি। #Assameseshyari #Assamesestabak #axomiyastabak #SahityaChorcha

  • বিয়াৰ আগৰ আৰু পিছৰ প্ৰেম

    বিয়াৰ আগত প্ৰেমবোৰ হয় সাগৰৰ দৰে অতল, ভালপোৱাবোৰ হয় গোলাপৰ পাহিৰ দৰে মোলায়েম, প্ৰেমবাৰ্তাবোৰ হয় কুলিৰ মাতৰ দৰে শ্ৰুতি মধুৰ, প্ৰকৃতিৰ প্ৰতিটো অংশতে অনুভৱ কৰে এজনে আনজনৰ অনুবিম্ব। মনবোৰ হয় গংগাৰ দৰে পবিত্ৰ, হৃদয়বোৰ হয় আকাশৰ দৰে বিশাল। কিন্তু বিয়াৰ পিছত প্ৰেমবোৰ কাঢ়ি নিয়ে সংসাৰৰ বোজাই, ভালপোৱাবোৰ কাঢ়ি নিয়ে ঘৰ,গাড়ী,বেংক-বেলেঞ্চৰ উচ্চাভিলাষাই, প্ৰেমবোৰ কাঢ়ি নিয়ে সন্তানৰ মোহ মায়াই। পতি-পত্নীয়ে সকলোতে অনুভৱ কৰে নিজৰ সন্তানৰ সুখ। মনবোৰ ভৱত্য হৈ পৰে সতি-সন্তানৰ মোহ মায়াত। আকাশৰ বিশালতাক পাহৰি দৌৰি ফুৰে সতি-সন্তানৰ সুখৰ পিছত। #SahityaChorcha #marriagelove #axomiyakobita #prem #assamesekobita

  • বন্ধু

    যেতিয়া মই পীড়াত থাকোঁ মোৰ বন্ধু মোৰ ঔষধ হোৱা উচিত। যেতিয়া মই দুখত থাকোঁ মোৰ বন্ধু মোৰ হাঁহি হোৱা উচিত । যেতিয়া মই ক্লান্ত হওঁ মোৰ বন্ধু মোৰ গছৰ ছাঁ হোৱা উচিত। যেতিয়া মই দূৰত থাকোঁ মোৰ বন্ধু মোৰ চিঠি হোৱা উচিত। যেতিয়া মই কামত থাকোঁ মোৰ বন্ধু মোৰ মনযোগ হোৱা উচিত। যেতিয়া মই সমস্যাত থাকোঁ মোৰ বন্ধু মোৰ আশ্ৰয় হোৱা উচিত। যেতিয়া মই পিয়াহত থাকোঁ মোৰ বন্ধু মোৰ পানী হোৱা উচিত। #SahityaChorcha #friend #bondhu #axomiyakobita #assamesekobita

  • মই কলম

    কলম মই নিস্বাৰ্থৰে সংগ লওঁ জীৱনৰ বিয়লি বেলাতো প্ৰকৃত বন্ধু হৈ ৰওঁ; জ্ঞান , অৰ্হতাৰ পৰিচয়ো কলমেৰে দি যাওঁ; জীৱন গঢ়াৰ পথো সুগম কৰি লওঁ; প্ৰকাশ কৰিব নোৱাৰা ভাৱক শব্দৰে খেলা খেলি কবি , সাহিত্যিকে দেখুঁৱাই নিজৰ পৰিচয় দাঙি কণ্ঠ ৰুদ্ধজনৰ কলমেই হল সাৰথি; উচ্চ চিন্তা দি যাব তেওঁ নিবিচাৰি কাৰো সহাঁৰি! অগণন ভাৱগভীৰ লেখকৰ কলমেৰে হল চিনাচিনি! সাহিত্যৰ ভঁৰালো কৰিলে তেওঁলোকে চহকী! বুৰঞ্জীৰ পাতত কলমৰ চানেকি; যুগে যুগে পঢ়িবলৈ পাওঁ আমি বিৰল প্ৰতিভাবান সকলৰ অভুতপূৰ্ব বিৱৰণী গঠনাত্মক চিন্তাৰ লিখনিয়ে পৰিবৰ্তন হব যুগৰ ৰাষ্ট্ৰসমূহৰ আলোচনাত সিদ্ধান্ত হোৱা একোটা চহীয়ে বিশ্বশান্তিৰ ধ্বজ্বা উৰোৱাব মানৱে! যুগে যুগে কলমৰ আদৰ্শ ৰৈ বৈ যাব! মানৱে শ্ৰদ্ধাৰে সদায় গুণানুকীৰ্তন কৰি থাকিব। #SahityaChorcha #pen #axomiyakobita #kolom #assamesekobita

  • সশ্ৰদ্ধ প্ৰণিপাত

    তুমি সূৰ্য্য তুমি সুন্দৰৰ পূজাৰী তুমি জ্ঞান জ্যোতিষ্ক তুমি ৰূপ কোঁৱৰ তুমি মহা কলাকাৰ তুমি কলাৰ গুৰু তুমি সাহিত্য-সংস্কৃতিৰ নিৰৱধি নদী তুমি আমাৰ পথ প্ৰদৰ্শক তুমি আমাৰ সেউজী আকাশ তুমি আমাৰ জ্যাত্যাভিমানী। তোমাৰ বুকুৰ উমত পলে পলে বাজি উঠে অসমী সন্তানৰ ওঁঠে ওঁ‌ঠে তোমাৰ ঝংকাৰিত মধুৰ সুললিত গীতৰ ধবনি। তোমাৰ সৃজনীমূলক শক্তিৰ লহৰত সবাঙ্গ সুন্দৰ দিব্যজ্যোতিৰ পৰশৰ সুবাসত অসমী আইৰ চিৰ সন্তুষ্ট আৰু গৌৰাম্বিত। হে সু-সাহিত্যক,সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ,চিত্ৰকাৰ তুমি আমাৰ চিৰ নমস্য তোমাৰ মৃত্যু তিথিত জনালো শতকোটি সশ্ৰদ্ধ প্ৰণিপাত। #assamesekobita #axomiyakobita #Pranipat #SahityaChorcha

  • ম্লান পৰিল পাহাৰৰ ৰূপ

    অ’ পাহাৰ! তোৰ ৰূপ দেখি দুঃখ লাগি যায়; তোৰ আগৰ বিনন্দীয়া ৰূপ সমূলি নাই | সেউজী পাতেৰে ভৰা সুন্দৰ গছবোৰ ম্লান পৰি গ’ল; আগৰ সৌন্দৰ্য নোহোৱ হ’ল| তোৰ ওপৰত চলিল জীৱশ্ৰেষ্ঠ মানৱৰ তাণ্ডৱ লীলা | তোৰ উদৰজাত ডাঙৰ ডাঙৰ গছত পৰিল চোৰাংবেপাৰীৰ আক্ৰোশী হাতোৰা | খানি-কুৰুকি কৰি পেললে বিভৎস| পাহাৰ কাটি কাটি ঘৰৰ ওপৰত ঘৰ সাজি সাজি নিঃশেষ কৰিপেলাইছে তোৰ বক্ষ | লালসাত উদ্মাদ নৰপিশাচহঁতৰ দয়া নাই ,ক্ষমা নাই| কেৱল লাগে টকা আৰু টকা | টকাৰ খকে মানুহক অমানুহ বনালে, মাতৃৰ প্ৰতি মমতা হীন হৈ চলাই গৈছে কেৱল তাণ্ডৱ আৰু তাণ্ডৱ! #assamesekobita #axomiyakobita #mlanparilpahararrup #SahityaChorcha

  • ধুমুহাক সোধা নাই

    কোনো দিন ধুমুহাক সোধা নাই, লগত আবেগ কিয় আনে সদায়? বিজুলীক এদিনো সোধা নাই, পোহৰ লগত লৈ, কোন বাটেদি গুছি যোৱা তুমি! জনতাৰ আগ্ৰহ দেখিছোঁ‌ নাজানো কি উৎসাহেৰে গৈছে সভা বোৰলৈ। সৱল ইচ্ছাৰে ঢাপলি মেলিছে সভা ঘৰ শুৱনি কৰিছে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায়। সভাৰ পৰা উভতি আহোতে, কিবা জানো বুটলি আনিছে লগত তাক কোনোদিনা সোধা নাই মই! সুদূৰত শুনিছোঁ‌ চিঞৰ, দেশৰ বাবে চলিছে আন্দোলন, ব্ৰজ কণ্ঠৰে গাইছে গীত বিপ্লৱৰ। শীতৰ সেমেকা দিনত সচেতন মন বোৰ তীব্ৰ গতিত উৰি গৈ সন্মিলিত হৈছে ক’ত? #assamesekobita #axomiyakobita #dhumuhakhudhanai #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page