top of page

 SEARCH RESULTS 

606 results found with an empty search

  • বহু যুগৰ বিষাদৰ প্ৰেম

    মোৰ আকৌ এবাৰ জানিব মন যায় তোমাৰ ইতিহাস! মোৰ আবেগ ভৰা মনৰ সুযোগ লৈ তুমি ধুমুহাৰ গতিৰে আহি— থিতাপি ল’লা মোৰ পৱিত্ৰ হৃদয়ৰ মাজত। মোৰ সৰলতাৰ সুযোগ লৈ, প্ৰেমৰ বলিয়া ব’তাহত নচোৱাই! মোৰ হৃদয়ত বিষাদৰ প্ৰেম ঢালি তুমি নীৰৱে আঁতৰি গলা। এতিয়া থাকা তুমি দূৰে দূৰে আঁতৰি, পলে পলে মনত পৰে মোৰ তোমাৰ সেই স্মৃতি। তোমাৰ অবিহনে পিঞ্জৰা বদ্ধ পখীৰ দৰে চট্‌ফটায় মোৰ হৃদয়। ৰাতি বোৰে খেদি আহে— এটা দীঘল ক’লা সাপৰ দৰে। উশাহত বন্দী হয় নিশা, অনিদ্ৰাই মেৰিয়াই ধৰে চকুত! চকু মুদিলেই কিবা এটাই হেচি ধৰে মোৰ বুকুত। টুকুৰিয়াই দিলেই যেন সৰি পৰিব নিৰৱতা বোৰ! এতিয়া এটা ক’লা সাপৰ দৰে, মোৰ দীঘল ৰাতিটো। আকৌ ভুমুকি মাৰিব খুজিছা তুমি? এতিয়া মই এচপৰা শেলুৱৈয়ে চামনি মৰা শিল! হাতেৰে স্পৰ্শ কৰিলেই— হাত পিচলি থেকেচা খাৱ পাৰে তোমাৰ আলসুৱা মুখ মণ্ডল। #SahityaChorcha #poetry #axomiyakobita #bixadorprem #assamesekobita

  • কলমৰ ভৱিষ্যত

    আধুনিক ভাৱ ধাৰাত কলমটো পুৰণি হ’ল। ব্যৱহাৰ হ’ল ম’বাইল, ডেস্ক’টপ । কেৱল স্বাক্ষৰতে সীমাবদ্ধ কলম কলমত কৈ শ্ৰেষ্ঠ হ’ল লেপটপ। ঘৰলৈ নতুন আলহী আহিল। পুৰণা আলহী এলাগী হ’ল। পুৰণা বন্ধুৰ সান্নিধ্যত যদিও আবেগ মিশ্ৰিত নতুন বন্ধু অতি আদৰৰ হ’ল। কেমেল ,চেলপার্ক চিয়াঁহী আচৰিত এক সামগ্ৰী হ’ল। নিপ , উইনসন কলম সকলো মিউজিয়ামলৈ গ’ল। মানৱে কলমৰ আদৰ নজনা হ’ল। আধুনিক নৃত্য-গীতৰ পৰিৱৰ্তন হ’ল। লাইক, ভিউৱাৰ থকা নৃত্য- গীত অধিক জনপ্রিয় হ’ল। সত্ৰীয়া সঙ্গীত নৃত্যৰ পৰিবৰ্তে মঞ্চত, ডিস্ক’ ভন্টি নৃত্য আৰম্ভ হ’ল। কলমৰে সুন্দৰ উপস্থাপিত লিখনি ডালবুট বান্ধি দোকানীয়ে দিলে। প্ৰেমিকে কলমৰ চিঠিৰ সলনি প্ৰেমিকাক ফেচবুক, হোৱাটছ এপত নৱবর্ষ, বিহুৰ উলগ জনালে। ‘কথকা’ক পুৰণা দলে সন্মান নিদিয়াত নতুন দললৈ ৰাওনা হ’ল। নতুন দলত কিন্তু তেওঁৰ স্থান চুক ভেকুলীৰ দৰে হ’ল। পিছত পুৰণা দলটোহে আপোন হ’ল । এনেদৰেই নিৰূপন কলমৰ ভৱিষ্যত। এনেদৰে পৰিৱৰ্তন যুগৰ, বিশ্বায়নৰ তথাপিও, সমাজত প্ৰয়োজন কলমৰ। নৱপ্ৰজন্মক কলমৰ প্রয়োজন শিকাবলৈ প্রয়োজন কলম চিৰদিন, চিৰকাললৈ। #SahityaChorcha #kalomorbhavishyat #poetry #axomiyakobita #assamesekobita

  • প্ৰেম জনমে জনমে

    হে উষা- তোমাৰ কাজলসনা দুচকুত নাচিছে সপোন হিয়াৰ দাপোনত জিলিকিছে সুন্দৰ কোঁৱৰৰ ছবি। চিত্ৰলেখাৰ মায়াজালত বন্দী অনিৰুদ্ধৰ প্ৰেম পাশত আৱদ্ধ আজি উষাৰ দেহৰ প্ৰতিবিন্দু। অগ্নিগড়ৰৰ সুকোমল শয্যাত শায়িত উষাৰ দেহত জাগে প্ৰেমৰ এক নিবিড় কামনা। অনিৰুদ্ধৰ ৰূপে ৰোমাঞ্চিত কৰা মনৰ মাজত এক অনাবিল শিঁহৰণ। গোপন অভিসাৰে উদঙাইছিল নেকি প্ৰেমৰ মহত্ব কিম্বা পবিত্ৰতা? এজনৰ প্ৰতিবাদ অবৈধ প্ৰেমৰ বিৰুদ্ধে আনজনৰ সমৰ্থন নিজ নাতিৰ অনৈতিকতাক। মহাযুদ্ধৰ পৰণতিত আজিও বিৰাজমান প্ৰেমৰ চানেকি অগ্নিগড় প্ৰেমৰ জয়ৰ প্ৰতীক হৈ হয়তো জিলিকিব চিৰদিন, চিৰকাল। মনত – প্ৰাণ। #SahityaChorcha #lovelife #axomiyakobita #premjaname #assamesekobita

  • মাতৃভূমিৰ মনোকষ্ট

    মোৰ মন আজি আথান বুকু বিষন্ন বিৰাগ ছহিদে তেজ দি স্বাধীন কৰিলে মোক ছহিদে জীৱন উচৰ্গা কৰি জন্ম দিলে অসম ভূমিক। যি ভূমিয়ে আকৌ জন্ম দিলে শংকৰ মাধৱৰ পৰা আদি কৰি সহস্ৰ শাশ্বত মহাপুৰুষক। যি ভূমিয়ে ভূমিস্থ কৰিলে মাধৱ কন্দলী, বেজবৰুৱাকে আদি কৰি সহস্ৰ কালজয়ী সাহিত্যিক। যি ভূমিয়ে জনম দিলে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদকে আদি কৰি সহস্ৰ যুগজয়ী শিল্পীক। কিন্তু আজি মোৰ মন আথান বুকু বিষন্ন বিৰাগ সৰ্বত্ৰে ৰঙা পিকৰ ৰঙীনতা দেখি। ছহিদৰ ৰঙা তেজবোৰ আঁতৰি মোৰ বুকুখন ৰঙা কৰিলে বিবেকহীন মানৱৰ ৰঙা পিকবোৰে। কেতিয়াবা ভাৱো এয়া জানো শংকৰ, আজান লাচিত, মূলা গাভৰু, কনকলতা, সতী জয়মতীয়ে এৰি যোৱা অসম মাতৃৰ ভূমি হয়নে? #assamesekobita #axomiyakobita #motherland #SahityaChorcha

  • কবিতা লিখা মানুহজনী

    এদিন পথৰুৱা বোকাত কবিতা লিখা মানুহ জনী নিজে এটা কবিতাহৈ পৰিল। শিমলুৰ ওৰণি খহাই মলয়াৰ সুহুৰি মাৰি জোনাকী বাটত গুণগুণাই সৰা পাতৰ নপূৰ পিন্ধা উদং পথাৰত কবিতাৰ কঠিয়া সিচাঁ মানুহজনী নিজে এটা কবিতা হৈ পৰিল। যিজনকলৈ কবিতা লিখে তেওঁৱে বাৰে বাৰে হৃদয় ভাঙে। এতিয়া বিবেকহীনতাত ডুব য়াই মন। আন্ধাৰত পথভষ্ট। হেৰুৱাই পুৰনি ঠিকনা। এন্ধাৰৰ ফাকেঁ ফাকেঁ খহি য়াই ৰঙা আচঁল খনি। পথৰুৱা বোকাত চেঙা লুতি পাৰি তাই কবিতা হৈ লুতুৰিপুতুৰি। #SahityaChorcha #poetry #axomiyakobita #kobitalikha #assamesekobita

  • দৃপ্ত দুষ্প্ৰবৃত্তি

    দুৰ্বিনিত দুৰ্বাসনাৰ দুৰ্বিপাকত দুৰ্বাদল দৃষ্ট হয় দুৰ্বুদ্ধি দুধৰ্ষ দুৰ্দৈৱ্যৰ দুৰ্বোধ্য দুৰন্ত দুৰ্নীতিপৰায়ন দুৰাকাংক্ষাই দীপ্ত কৰে দৃপ্ত দুষ্প্ৰবৃত্তি দুৰাচাৰী দুৰাভিসন্ধিৰ দুৰ্গন্ধই দিগ্বিদিকে দীৰ্ঘায়ণ কৰে দলাদলি দুস্তজ্য দুৰ্দম্য দস্তুৰ ই দাৱানলাত্মক প্ৰবৃত্তি #SahityaChorcha #assamesepoetry #poetry #axomiyakobita #assamesekobita

  • জাতীয় নায়ক নেতাজী

    প্ৰণামো হে নেতাজী, ভাৰতবৰ্ষৰ জাতীয় নায়ক। তেওঁৰ নীতি আদৰ্শ, দেশৰ হিতে মঙ্গলদায়ক। অগ্ৰণী নেতা, স্বাধীনতা আন্দোলনৰ। তেওঁৰ প্ৰয়াস, ব্ৰিটিছমুক্ত দেশ স্বপ্নৰ। জন গণ একত্ৰিত, ‘জয় হিন্দ’ ৰ গৰ্জন। দেশবাসী ক্ৰোধিত, ব্ৰিটিছ শাসন বৰ্জন। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী, কৰ্মপদ্ধতি-মতাদৰ্শ ভিন। কংগ্ৰেছ দিলে ত্যাগ, নাথাকিল বেছি দিন। মনোনিৱেশ সদায়, স্বাধীনতা সংগ্ৰামত। তেওঁৰ বিশ্বাস, সমাজবাদী একনায়কত্ত্ববাদত। থিয় দিছিল, ‘স্বৰাজ’ ৰ সপক্ষতা। ব্ৰিটিছৰ বিৰুদ্ধে, হিংসাৰ পোষকতা। নেতাজীৰ মূল ধাৰণা, যথেষ্ঠ নহয় অহিংসা নীতি। সশস্ত্ৰ বিদ্ৰোহৰ সূচনা, ব্ৰিটিছৰ বিৰুদ্ধে গতি। ব্ৰিটিছ কৰ্তৃপক্ষৰ প্ৰয়াস, নেতাজীৰ বাৰম্বাৰ কাৰাবাস। অনন্ত কষ্টত ভূক্তভোগী, যক্ষ্মা ৰোগত বসবাস। যক্ষ্মা ৰোগৰ বাবে, যদিও পালে মুক্তি। নেতাজীৰ গৃহত, চি.আই.দি. ৰ তীক্ষ্ণ দৃষ্টি। ব্ৰিটিছৰ শাসনত , বিৰক্তিত নেতাজীৰ অনুভৱ। যোগাইছিল দেশবাসীৰ ৰক্তত, বিদ্যুৎ বেগী বিপ্লৱ। নেতাজীৰ কথন, মোৰ জীৱন মোৰ বতন। হাঁহি হাঁহি মৃত্যুকো সাৱতিম, দেশৰ স্বাৰ্থত আজীৱন। দেশৰ বাবে সমৰ্পিত, মোৰ সমস্ত হিয়া। মই দিম স্বাধীনতা, মোক তুমি তেজ দিয়া। #SahityaChorcha #assamesepoetry #jatiyanayaknetaji #axomiyakobita #assamesekobita

  • ক’বানে ভাল পাওঁ বুলি

    কৰোবাক ভাল পাওঁ বুলি ক’লেও ভাল পাওঁ বুলি ভাবিলেও সঁচা মৰমবোৰ পোৱা হয় জানো বিচাৰি মোৰ যে মনত বাৰে বাৰে দোলা দিয়া নিৰবিছিন্ন ভাৱনাবোৰে ধৰে আগুৰি মৰমৰ নীৰৱ যন্ত্ৰনাবোৰে মোৰ বুকুৰ স্পন্দনত নাচি-বাগি মোৰ দেহৰ শিৰাই, উপশিৰাই অজানিতে বৈ আহে যেন এখন তৰংগিনী। তোমাৰ মৰমৰ সান্নিধ্য বিচাৰি। মোৰ শংকা হয়, কিজানিবা, মিছাকৈ আশা কৰিছো নেকি ? মই যে তোমাক ভাল পাওঁ সেই ভাল পোৱা মৰমবোৰক তোমাৰ দুবাহুৰ মাজত ল’বানে আকোৱালি? মই যে এখন স্বপ্ন নগৰীৰ মায়াজালত বন্দী! মোৰ এটি সপোন বাস্তবায়িত হৈ তোমাৰ হৃদয়ত পাব জানো থিতাপি দিবা জানো মোক অকণমান সঁহাৰি? তুমি মোক কবানে ভাল পাওঁ বুলি? ভাবো কেতিয়াবা মই তোমাৰ ওচৰত যাব পৰাকৈ পথবোৰ মসৃণ হয় জানো খলা-বমা পথবোৰে আছে আগুৰি মোৰ ভৰি যেন অথালি পথালি তথাপিও যে মই গৈছো আগবাঢ়ি। আহিছো হাজাৰ আশা বুকুত বান্ধি ক’বানে তুমি ভাল পাওঁ বুলি। #bhalpao #SahityaChorcha #poetry #axomiyakobita #assamesekobita

  • “মোৰ জননী আজি খণ্ডিত”

    একালত আছিলো আমি সাতোভনী…; সকলো ফালে গোটেইকেইজনী লাচনি-পাচনি…! হৃদয়ৰ ভাৱবোৰ আদান প্ৰদান কৰিছিলো….; ব্যৱসায় বানিজ্যটো প্ৰগতি আনিছিলো…: ঘৰ বিভীষণে আমাক খণ্ডিত কৰিলে… ঠায়ে ঠায়ে মৰমবোৰ ছিটিকি পৰিলে…! অন্যায় অবিচাৰবোৰক দেখি দুখত ভাগিলো …!! বাই – ভনী কেইজনীয়েও চকুলো টুকিলো….! মিলনৰ আশায়ে আমাক আতুৰ কৰিলে…! দুঃচিন্তাবোৰে হিয়া আগুৰি ধৰিলে… সাহিত্য – সংস্কৃতিত বিপুল চহকী দেখি …! বিদেশীৰ চকু পুৰিল …….কৰিলে , আহি খেলি মেলি…! প্ৰাকৃতিক সৌন্দৰ্য্যই সকলোকে মুহিত কৰিলে…; বিদেশীয়েও আপোন কৰি সংসাৰ গঢ়িলে…! ভৌগলিক মানচিত্ৰৰ ভগ্ন ছবি দেখি হৃদয়ে কান্দে….! আকৌ জানো একতাৰ এনাজৰীদাল বান্ধিব নোৱাৰি আগৰ দৰে….! সপোন কোঁৱৰেও খেদি আহিব সাতোভনীৰ ৰূপ দেখি….! প্ৰলয়ৰ ধাৰাও থমকি ৰব মিলনৰ সেঁতুত পমি…! মণিপুৰ, নাগালেণ্ডে আনন্দেৰে হাত জোকাৰিব …! মিজোৰাম, ত্ৰিপুৰাইও সমন্বয়ৰ বানী শুনাব ….! ভূটান , অৰুণাচলে গঠনাত্মক খোজ পেলাব…! অসমৰ মানচিত্ৰ সুবিশাল হৈ ভাৰতত জ্বিলিকি ৰব…! হৃদয়ৰ বানী হৃদয়ে শুনিব ; প্ৰগতিশীল তাৰ খোজত সমন্বয়ৰে খোজ পেলাব..! সকলোৱে একেস্বৰে চিঞৰি কব…. জয় আই সুবিশাল মোৰ অসম জননী #assamesekobita #axomiyakobita #dividedassam #SahityaChorcha

  • বিলোৱা সৃষ্টিৰ অমৰ কঠিয়া

    তুমি বাৰু কেতিয়াবা মানুহক ভাল পোৱাৰ মানসেৰে জোনাকৰ সৈতে খেলিছানে? আউল লগা আধৰুৱা কল্পনাৰ ক্ষেত্ৰত ভাগৰুৱা কৈ খেলিছা চাগৈ? কিন্তু জোনাকৰ লগত খেলিবাচোন কেতিয়াবা তোমাৰ চিন্তা ক্লিষ্ট, জৰ্জৰিত ভাৱনা বোৰক ৰোধ কৰি কেনেদৰে তোমাৰ বুকুৰ বাগিচা ফুলাই সজীৱ কৰি তুলিব। স্নেহৰ ফাল্গুধাৰাৰে প্ৰীতিৰ পাপৰি খুলি চাবাচোন দেখিবা অন্তৰ্কোণ উৎফুল্লিত কৰি পৰিষ্কাৰ পবিত্ৰতাৰ নিবিড় পৰশ ঢালি ভগ্ন হৃদয়ৰ মন মন্দিৰত প্ৰতিষ্ঠিত হ’ব ছন্দোময় সুৰ -তালৰ গতি। ওঁঠত মিচিকিয়া হাঁহি বোৱাই অবিনাশী স্মৃতিৰে সৃষ্টিৰ অমৰ কঠিয়া হৃদয়ত ৰোপন কৰি ৰামধেনুৰ সাতো ৰঙে‌ মুক্ত মনে আহাচোন গাই যাওঁ সুমধুৰ পৰিকল্পনাৰে বুকুত অনেক উল্লাস ঢালি জীৱন জয়ৰ গীত। #SahityaChorcha #poetry #axomiyakobita #SHIRISHTIRKOTHIYA #assamesekobita

  • মা

    মা এতিয়াও সাৰে আছো মই হৃদয়ত ম্মৃতিৰ সমাধি প্ৰতিটো পল, অনুপল হৃদয়ত বাজি উঠা হাহাকাৰ কৰুণ বিননী কিদৰে বুজাওঁ মই নিজকে নিজে। জীৱৰ সৃষ্টি আৰু মৃত্যু উপলদ্ধি কৰো মই, বুজো মই পামজানো সেই শুদ্ধ মৰম স্নেহ পূজা ,বিহু,জন্মদিনৰ উপহাৰ হিয়া ভৰা আশীৰ্বাদ। তুমি মিছাতে কৰা খং অভিমানৰ স্মৃতিত বিলীন হৈ মই সাৰে আছো এই দুভাগ নিশা। অশ্ৰুৰ নৈ সহিব নোৱাৰি এন্ধাৰ বন্ধ কোঠালিত নিজানত অকলশৰে চকুলো টুকিছো। চিঞৰি কান্দিব নোৱাৰি উচুপি উঠিছো। তুমি যেন অকলশৰে দুৰ বহুদুৰত ৰৈ মোলৈ চাই আছা স্নেহৰ দৃষ্টিত। তোমাৰ অবিহনে মোৰ যে টোপনি নাহে মা মই সাৰে আছো শুব পৰা নাই অ মা শুব পৰা নাই অ মা। #SahityaChorcha #assamesepoetry #axomiyakobita #maa #assamesekobita

  • প্ৰতিযোগিতা দৌৰ

    ঘোষিত বা অঘোষিত প্ৰতিযোগিতাৰ মাজত বন্দী আজি আমাৰ জীৱন জ্ঞাতে বা অজ্ঞাতে আমি ধাবিত হৈছোঁ সীমাহীন প্ৰতিযোগিতাৰ ফালে ভাল বা বেয়া চোৱাৰ সময় নাই মোৰ কাষৰ জন দৌৰিছে মইও দৌৰিছোঁ প্ৰকৃতিৰ নিয়ম চিঙি আমি বাউল হৈছোঁ আমাক ৰক্ষা কৱচ প্ৰকৃতিক নিজ হাতেৰে ধ্বংস কৰিছোঁ অনন্ত প্ৰতিযোগিতাত নিজকে শ্ৰেষ্ঠতম বুলি জাহি কৰিবলৈ নিকৃষ্ট পথ ল’বলৈ কুণ্ঠাবোধ কৰা নাই কাৰোবাৰ বুকুত আঘাত সানি কাৰোবাৰ বুকুত জীয়া জুই জ্বলাই অতহাস্য কৰিছোঁ আমি কেৱল দৌৰিছোঁ দৌৰিছোঁ … দৌৰিছোঁ… আমাৰ সম্মুখত কেৱল প্ৰতিযোগিতাৰ দৌৰ #pratijugita #SahityaChorcha #competetion #axomiyakobita #assamesekobita

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page