The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- স্বামী বিবেকানন্দ
যুক্তিবাদী আছিল পিতৃ আৰু মাতৃ ধর্মপ্রানা , পিতৃ আৰু মাতৃ তেওঁৰ চিন্তা চৰ্চাৰ অনুপ্ৰেৰণা। মাঁকৰ ধৰ্মীয় চেতনা পৰিত্যাগ তেওঁৰ সকলো বাসনা, পিতাকৰ যুক্তিবাদত পালে জ্ঞানৰ অৰিহণা। তেওঁৰ জ্ঞান কথা ব্যক্তিত্বত তেজস্বতাৰ উৎপন্ন, অকাত্য প্ৰমাণ তথা ব্যৱহাৰিক পাৰীক্ষা সম্পন্ন। তেওঁ সর্বদা ধ্যানমগ্ন আধ্যাত্মিক জ্ঞানৰ বৈৰাগী, চৰণত সদ্ভাৱনাৰ জন্ম অন্তৰাত্মা হয় নিৰোগী। তেওঁৰ সহজ সৰল মন্ত্ৰমুগ্ধ বক্তৃতাদান, আকৰ্ষণ কেন্দ্ৰিক মোহে সকলোৰে মন প্ৰাণ। যুৱ প্ৰজন্মৰ উন্নতি তেওঁৰ জীৱনৰ সাধনা , জীৱন অৰ্পণ মানৱ সেৱা-ঈশ্বৰোপাসনা। তেওঁৰ জীৱন শৈলী সবাতোকৈ মহান, তেওঁ হিন্দু ধর্মৰ পুনৰজাগৰণৰ প্ৰধান। প্ৰাচ্য-পাশ্চাত্য দেশৰ মিলনৰ সূত্ৰধাৰ, পাশ্চাত্যত হিন্দু ধৰ্ম বিবেকানন্দ তাৰ মূল আধাৰ। তেওঁৰ আজীৱন চেষ্টা বেদান্ত-যোগশাস্ত্ৰৰ প্ৰচাৰ, তেওঁৰ স্বপ্ন সৰ্বধৰ্ম সমন্বয়ৰ বিস্তাৰ। #SahityaChorcha #hindusant #axomiyakobita #vivekananda #assamesekobita
- স্বাস্থ্যকৰ ঠাই
চিকিম, দাৰ্জীলিং আদি স্বাস্থ্যকৰ ঠাই, দেশ-বিদেশৰ পৰ্যটক ফুৰিবলৈ যায়| বৰফৰ বৰষুণত কিযে মজা লাগে, বৰফত খেলি খেলি ভাগৰ নালাগে| সেই দৃশ্য এৰি আহিবলৈ মনেই নাযায়, বৰফত খোজকাঢ়ি বেলেগ আমেজ পায়| কুঁৱলীৰ ঢাক খোৱা কিযে পৰিবেশ, ঘন ঘন বৰষুণৰ কোনোকালে নহয় শেষ| মাজে মাজে বৰফৰ টুকুৰাবোৰ মূৰে- গায়ে পৰে, শীতল পৰিবেশত দেহাৰ কঁপনি উঠে| কিন্তু! কেতিয়াবা মনে মনে সেই পৰিবেশৰ কথা নিজে ভাবি চাওঁ, যদি সদায় আমি তাতে থকিবলৈ যাওঁ; কিযে অৱস্থা আহিব আমাৰ! ইয়াত একেৰাহে যেতিয়া ডাৱৰীয়া হয়, তিনি/ চাৰি দিনলৈ কাপোৰ নুশুকায়; ধান আদি শুকাবলৈ সম্ভৱেই নহয়, মানুহৰ খোৱা-লোৱাত কিযে এক দুৰৱস্থা হয়! চেৰাপুঞ্জীত একেৰাহে তেনে পৰিবেশেই হয়, ৰ’দৰ মুখ কোনোকালে দেখাই নাপায়| ছিলং নগৰৰ পৰা বহুত দূৰত আছে, তাৰ মানুহবোৰ বাৰু কেনেকৈ চলে! ফুৰিবলৈ গৈ এদিন/দুদিন থাকিবলৈ ভাল, সদায় থকাখিনিৰ কিন্তু বহুত জঞ্জাল| কেনেকৈযে তেওঁলোকে বসবাস কৰিছে, ভাবিলে আচৰিত হওঁ কেনেকৈনো চলে| #SahityaChorcha #healthplace #axomiyakobita #sashtyakarthai #assamesekobita
- ফাগুন
তুমি কেলেই আহিছিলা এই বেলি সীমান্তইদি বেদনা গধুৰ হৈ নিষ্ঠুৰ নিয়তিক লৈ ৰাজ পথেদি সন্ত্ৰাসী হৈ কোনো বিৰহীৰ সপোন ভাঙি সৈনিকৰ তেজেৰে আবিৰ সানি মৃত বাস্তৱৰ দিঠক লৈ নিজৰ নামতে ইতিহাস হৈ। বিগত বসন্তৰ পাত লুটিয়ালো বহু ছবি তোমাৰে আঁকিলো প্ৰতিদান কি পালো? বুকুৰ মাজত একুৰা বন জুই। ফাগুন! চ’তৰ সেমেকা ৰাতি তুমি সাৰে আছানে? মই সাৰে আছো উচুপি উচুপি বাস্তৱৰ বসুন্ধৰাত এজোৰ বগা সাজৰ আবিৰেৰে এজাক এন্ধাৰ সাবতি বৈধব্যৰ তীক্ষ্ণ বাণৰ আঘাটত যৌৱনৰ কোঁহবোৰ কলিতে গচকি। মই সাৰে আছো ফাগুন শ্বহীদ পত্নীৰ গৌৰৱৰ নিচান লৈ দুচকুৰে সিঁচি দিছো দেশৰ মাটি জীপাল কৰি আৰুটো মোৰ একো নাই। ফাগুন! তথাপিও তুমি আহিবাই স্বদেশৰ বুকুৱেদি স্বজাতিৰ বাবে স্বাভিমান লৈ শান্তিৰ কপৌ জুৰি হৈ। #SahityaChorcha #poetry #axomiyakobita #fagun #assamesekobita
- মন যায়
“মন যায় নৈৰ বালিচৰত বহি অতীত ৰোমন্থন কৰিবলৈ, মন যায় ওৰে দিন ওৰে ৰাতি বালিচৰত লেপেটা কাঢ়ি বিষাদৰ ভৰা হৃদয়ৰ ছবি বোৰ আলসুৱা বালিত আঁকি নৈৰ বুকুত উটাই দিবলৈ। মন যায় মায়া মই ৰূপালী জোনাক দুহাতেৰে বুটলি বুকুত সাৱতি লবলৈ। #assamesekobita #axomiyakobita #monjai #SahityaChorcha
- “শ্বহীদক সুঁৱৰি স্বাধীনতাৰ সুৱাদ”
স্বাধীনতাৰ অমিয় সুৱাদ কতযে জীৱনৰ বলিদানত প্ৰাপ্ত! ৰাখিব লাগিব সদায় তেওঁলোকৰ মান শতবাৰ নমন কৰি হে মাতৃভুমিৰ সন্তান; বিপ্লৱী মানসিকতাৰে বিদেশী খেদি মুক্ত কৰিছিল দেশক; নিজৰ জীৱনকো তুচ্ছ কৰি হৃদয়ত থাপিছিল সোনালী দেশৰ চিত্ৰ; হে মহামানৱ, দেশপ্ৰেমীকসকল কিমাননো প্ৰমান দিয়া তোমাৰ নিঃস্বাৰ্থ প্ৰেমৰ! পুৰুষে নাৰী হৈ ক’তযে দেশ শত্ৰুক চকুত ধুলি দিলা! অহিংস নীতিৰে বাৰে বাৰে বিদেশীক অতিষ্ঠ কৰি তুলিলা! মাতৃভূমিয়ে জন্ম দিয়া এনেহেন সন্তান আমাৰ! শত্ৰুয়েও গুণ গাই যায় চানেকি দেখি ত্যাগৰ! যুগে যুগে তোমাৰ বলিদানৰ জয় গান গাব! অনুজেও তোমাকেই অনুকৰণ কৰি দেশমাতৃক সুৰক্ষা কৰিব শিকিব! শতসহস্ৰ নমন হে শ্বহীদ সু -সন্তান! ভাৰতৰ স্বাধীনতা উপভোগ কৰো আমি তোমাকে সুঁৱৰি আজীৱন! #SahityaChorcha #swahidokhuwari #freedomfighter #axomiyakobita #assamesekobita
- প্ৰশ্ন
কৃষক হৈ কৃষক ধৰ্ম জলাঞ্জলি দি কিয় কৰিলা উপদ্ৰৱ উৎপাত উন্মাদনা? আহিছিলা মহাত্মাৰ অহিংসা আদৰ্শৰে নিজৰ অধিকাৰ অভ্যৰ্থিত কৰিবলৈ পিচে অহিংসা আদৰ্শ পৰিহাৰ কৰি কিয় গ্ৰহণ কৰিলা হিংসা নীতি ? গণতন্ত্ৰ দিৱসৰ শুভক্ষণত কিয় কৰিলা অগণতান্ত্ৰিক কাৰ্য্য? নিজ দেশৰ তিৰঙ্গাত নিজ দেশৰ সন্মানত নিজ দেশৰ আত্মাত কিয় কৰিলা আসুৰিক আঘাত? এয়া জানো লালা বাহাদুৰ শাস্ত্ৰী য়ে সন্মান কৰি যোৱা “জয় কিষান ”ৰ কাৰ্য্য হয়নে? #question #SahityaChorcha #prashna #krishanandolan #assamesekobita
- “শ্ৰদ্ধাঞ্জলী”
হে বীৰ শ্বহীদ তোমাকো সহস্ৰ প্ৰনাম তোমাৰ মাতৃভূমিৰ অগাধ প্ৰেমে উজলাই ৰাখিছে ভাৰতবৰ্ষৰ নাম প্ৰচণ্ড ৰদে,ধাৰাসাৰ বৰষুণে, ধুমুহা বতাহে,ভোকে,পিয়াহে উৰে দিনে-ৰাতিয়ে পৰিয়ালৰ মোহমায়া ত্যাগ কৰি হাতত বন্দুক দেহত জাতীয় পতাকা (ত্ৰিৰঙ্গা) মেৰিয়াই মাতৃভূমিৰ জয় গান গাই দেশৰ চাৰি সীমাত থিয় থাকি সুৰক্ষিত কৰি ৰাখিছা আমাৰ প্ৰাণ দেশৰ সুৰক্ষাৰ বাবে হাঁহি হাঁহিয়েই দিছা নিজৰ প্ৰাণৰ বলিদান তোমাৰ অমূল্য বলিদানৰ কথা সুৱঁৰি আমি কৰিছো তোমাৰ জয় গুনগান হে বীৰ শ্বহীদ তোমাকো সহস্ৰ প্ৰনাম। #assamesekobita #axomiyakobita #SahityaChorcha #Shradhanjali
- আকৌ আহিব বান
ফুটা কপাল পুণু ফুটাবলৈ দুৰ্য্যোগ দুৰ্ভীক্ষ দুৰ্ভাগ্যৰ অপ্ৰতিৰোধ্য ধুমুহালৈ ফেনে ফোটোকাৰে আকৌ আহিব নৈ আকৌ আহিব বান তৃষা তৃষ্ণা স্বপ্নবোৰ মোহাৰি মোহাৰি অসহনীয়তাৰে অসহায় হিয়া ভাঙিবলৈ লাঙলোৱা আমাৰ জীৱন গাঁঠা ডাং দিয়া ঢোকা দিয়া ঘৰ ৰৈয়ে আছে বাৰিষাৰ বানত উটি যাবলৈ আভিজাত্যবাদী অভিলাসী জীৱনত সূৰ্য্যৰ সেউজীয়া সৌধ গঢ়িবলৈ অশ্ৰুসিক্ত তিক্ততাদীপ্ত বিপদ বিষাদ বিস্তীৰ্ণ সৰ্বহাৰা আমি আমি মথোন যুঁজি যুঁজি জীয়াই থাকো সৰ্বহাৰাহৈ নৈৰ সোঁতে সোঁতে আগুৱাই যাবলৈ অৰ্ধমৃত অৰ্ধভস্মীভূত হৈ মৰি মৰি টোকোনাহৈ জীয়াই থাকিবলৈ ফটা গামোছাৰে বন্ধা পেতৰ ভোকৰ জুইৰে জ্বলা অৱস বিৱস দেহৰ তীব্ৰ জ্বালা যন্ত্ৰনা পাহৰি পাহৰি প্ৰতিকুলতাপ্ৰসাৰী দাৰুণ দুৰ্যোগৰ সতে দুৰ্বাৰ যুঁজি যুঁজি দিগ্বিদিক ফুৰো ঘূৰি কিযে দৈৱ দুৰ্বিপাক কচু ঢেকীয়াও লুকাই আমাক দেখি দুৰদৃষ্ট দুনিয়াৰ দুৰ্গত আমি দুৰ্ভাগ্য দুৰ্ভীক্ষ দুস্তৰতাৰ নিত্য বলি দুৰ্দান্ত দুৰ্যোগৰ দোৰ্দণ্ড প্ৰতাপত পঙ্গু আমাৰ জীৱনশৈলী দেশান্তৰী চিন্তাই যদিও যায় উতলাই কিয় জানো নৈপাৰ এৰিবই নোৱাৰি নেজানো কি অজান মোহে আমাক অহৰ্নিশে সজোৰে ৰাখিছে সাৱতি আকৌ আহিব বান কৰিব থান বান তথাপিও থাকিব লাগিবই জীয়াই দুখ দুৰ্গতিৰ দুৰ্যোগ দুৰ্দান্ত দুৰ্দশাকেই সহি দৃশ্য অদৃশ্য দোৰ্ঘোৰ দৌৰাত্মৰ দুৰভিসন্ধি দোৱাই দোৱাই দলদোপ হেন্দোলদোপে সহ্য কৰি ফুটুকা ফুলৰ ৰঙেৰে বোলোৱা এনেকুৱাই আমাৰ জীৱনৰ জীৱন্ত ছবি নৈয়ে ভাঙে আমি গঢ়ো বছৰি ভাঙে বছৰি গঢ়ো নিষ্পেষণ নিপিড়নৰ আমি যুগে যুগে ষড়ঋতুৰ আমি আতন্দ্ৰ প্ৰহৰী আকৌ আহিব বান নাই কোনো পৰিত্ৰাণ আজীৱন যুঁজাৰু আমি অবিৰাম যুঁজি যাম দুষ্পাচ্য সংগ্ৰামেই আমাৰ জীৱনৰ পৰিনাম তেতিয়া থাকো আমি বানত উটি বুৰি দুৰ্বাদল দুৰ্দান্ত দুৰ্দশা অহৰহ সহ্য কৰি দুৰ্নীতিবিলাসী দুস্কৃতিকাৰীৰ ভাগ্য উঠে ফুলি তথাপিও নিঃশেষ নহয় আমাৰ মুখৰ হাঁহি আমি আমাৰ জীৱন নোৱাৰো তুলিব সজাই যুগে যুগে আমি মাথো আহিছো আগুৱাই জীৱনৰ সৰ্বস্ব হেৰুৱাই হেৰুৱাই ফুটুকা ফুল আমি আধুনিকতা উপেক্ষিত আধ্যাত্মিকতা সন্নিবিষ্ট এনেকুৱাই আমাৰ জীৱন পঞ্জী প্ৰতিযোগিতা প্ৰতিবাদ একোৱেই নকৰো হাবিয়ে বননিয়ে আলিয়ে গলিয়ে নদীৰ পাৰে পাৰে ধাপে ধাপে চাপৰিয়ে পৃথিৱী আৰু প্ৰকৃতিৰ সতে মিলি জুলি আপোনমনে মাথো থাকো ফুলি #SahityaChorcha #axomiyakobita #assamesekobita #flood #banpani
- সপোন
মোৰ দুটি ওঁঠত শিপা মেলে হাজাৰ সপোনৰ হাঁহি। প্ৰতি দিনে বাটকুৰি বাই মোৰ মনৰ মাজত অযুঁত সপোন। নিশা আহে, পুৱা যায়, নিসঙ্গ হৃদয়ৰ উচুপনী বোৰ। এটি উকমুকনি্য়ে বাৰে বাৰে ভূমুকি মাৰে দুৱাৰ দলিত। সেয়েহে বেলি লহিয়াবৰ পৰত নীৰৱে উচুপি উঠে মোৰ চিত। এটি অন্ধকাৰ নিশা বন্ধ কোঠাত কেনেকৈ নীৰৱে পাৰ হয় সপোনবোৰ। পুৱা আকৌ চকুমেলি দেখোঁ মোৰ মনৰ মাজতে লুকাই থকা এখন ন -পৃথিৱী। ঐশ্বৰ্য বিভুতিৰে ৰং তুলিকালৈ আকৌ আঁকো সাতৰঙি এখন ছবি! যি ছবিৰে চুব পাৰোঁ নিলিম আকাশ। নিশা আহে, পুৱা যায়, ৰৈ যায় মন গহনত দিঘলীয়া সপোনেৰে জীপাল কৰা এখনি সুৱৰ্ণ দলিচা। #SahityaChorcha #swapna #hopun #axomiyakobita #assamesekobita
- পৃথিৱীৰ কান্দোন
আবেলি আবেলি গোন্ধটো বুকুত লৈয়েই এমুঠি নিশ্চল বতাহ সাৱটি ৰাতিৰ বুকুলৈ আগবাঢ়ে অৰুণগৰ্ভা পৃথিৱী। দুবৰিৰ কোমল নিৰ্যাসে তিয়াব নোৱাৰা ক্লেদান্ত,মোহান্ধ,বিমৰ্ষ পৃথিৱী। অশ্ৰুকন্যাৰ অশ্ৰুৰ বন্যাত, ছাঁই সমাধিৰ অৱক্ষয়ৰ দোমোজাত, এখন মৰুভূমি আগবাঢ়ে ক্ৰমশঃ গ্ৰাস কৰে ৰৌদ্ৰস্নাত ধৰিত্ৰী। ক্ৰোধ আৰু প্ৰতিহিংসাৰ দাবানলত, এআঙুল জীপাল মাটিৰ তলত সমাধিস্থ হয় মানৱতাৰ সেউজ সম্ভাৰ। মাতৃত্বক উলংগ কৰি চিতাভষ্ম সাজে, জাহ যায় ছাঁয়াঘন কুঁৱলিৰ বালিচৰত আলোক নৃত্যৰতা তটিনী তনয়া। সগৰ্ভা পৃথিৱীৰ উচুপনি তল যায়, বুকুৰ মৰুত গজে শেলুৱৈৰ কংক্ৰীট অৰণ্য। #SahityaChorcha #planetcry #pirthivi #axomiyakobita #assamesekobita
- ভয় লগা সময়
পৃথিৱীৰ অন্ধকাৰ চাৰিওফালে কোলাহল। আসন্ন মৃত্যুৱে হাত বাউলী মাতিছে মৃত্যুৰ যাতনা চেতনাক নেওচি ৰৈ আছো মই নিজকে সময়ৰ সোঁতত বিলীন কৰি। ভয় শংকা মাজতে ৰৈ আছো সূৰ্য্য উদয় হোৱা লৈ। কঠোৰ শ্ৰমৰ পাছতো জিৰণি লোৱা নাই কৰুণ চাৱনিৰে চাই আছো কেতিয়া শেষ হব ভয় লগা সময় ক্ৰমান্বয়ে শক্তি হীন হৈছোঁ অনুভৱ কৰিছোঁ সপোন দিথক হোৱা সময়বোৰ। নিশাৰ নিৰ্জনতাত কৰুকি কুৰুকি হৃদয়ত সোমাই অব্যক্ত গোপন কথাবোৰ। সেই ভয় লগা সময় যেতিয়া কোনো কাষত নাছিল কুৱলীয়ে আগভেটি ধৰা শীতৰ এটা কেকুৰীত তুমি ও নোহোৱা হলা। হেৰুৱাই পেলাইছিলো জীৱনৰ ঠিকনা। সেই ভয় লগা সময়ে মোক খেদি ফুৰে। দগ্ধ ৰাতি ভ্য় লগা সময় তথাপি মাজ নিশালৈ মোৰ আহৰি নাই। ভয় শংকা মাজতে আছো ৰৈ বাট চাই আছো ৰাতিপুৱা লৈ। শৰতৰ শেৱালী দৰে গমকে নেপাওঁ সময় বাগৰে। #SahityaChorcha #bhoiloga #axomiyakobita #horrortime #assamesekobita
- মন যায়
মন যায় মোৰ বসন্ত ঋতুৰ দৰে চঞ্চল হৈ সেউজীয়া ৰঙ সানিবলৈ; মন যায় মোৰ সাগৰৰ ঢৌত উঠি পাতালপুৰীৰ পৰা মাণিক বুটলি আনিবলৈ; মন যায় মোৰ ডাৱৰেৰে সজোৱা ঘৰখন হব; তাতে শুকুলা চাদৰ ঢাকি নিদ্ৰাই নিব সৰগৰ সপোন দেশলৈ বুলি; মন যায় মোৰ চন্দ্ৰ সূৰ্য্যৰ দৰে প্ৰকৃতিৰ সুন্দৰতাৰ সোৱাদ খাই জীয়াই থাকিবলৈ; আৰু কি মন যায় জানানে সখি! মন যায় মোৰ সপোন কোঁৱৰৰ আলিঙ্গনৰত হৈ চাৰি নয়নে বিশ্ব পৰিভ্ৰমন কৰিবলৈ; মন যায় উশাহৰ প্ৰতিপল আনৰ নামত লিখি যাবলৈ! মন যায় মনৰ বন্ধ দুৱাৰ খুলি কল্পনাৰ সাগৰত ওমলিবলৈ মন যায় মোৰ অতীতৰ ক্ৰুটি মোহাৰি ভৱিষ্যত সোণোৱালী দুৱাৰ মোকলাবলৈ! #assamesekobita #axomiyakobita #monjai #SahityaChorcha












