top of page

 SEARCH RESULTS 

606 results found with an empty search

  • অকলশৰীয়া আমি

    অকলশৰীয়া আমি ধলং ধপং কে গধূলি পাৰ কৰো আমি হয় অকলশৰীয়া আমি। পৰাজিত হয় যায় বটলৰ অন্তৰ ভাগ, সৰু হয় যায় ৰাস্তা বোৰ, উদং হয় যায় জেপ্ কিন্তু… পৰাজিত কৰিব নোৱাৰে তুমি সানি দিয়া বিষাদ বোৰ। #assamesekobita #axomiyakobita #okolhariyaaami #SahityaChorcha

  • অৰুন্ধতী লৈ

    মোৰ অতিকৈ মৰমৰ তই অৰুন্ধতী – তই যোজনৰ বাটত ৰৈ আছ! তোৰ উশাহত শব্দৰ কঠিয়াই মোৰ বুকু চুই যায়- তই মোৰ মানত এপাহ পাৰিজাত তই জানই নহয়: তোক কিহে সজাম মই– ফুলৰ মন্ত্ৰৰে নে? উশাহত তোৰ‌ ওঁঠত এক অমৃত মৌ কণাৰে–? তই যিয়েই বিচাৰ তাকেই দিম দে- ঐ শুনচোন — তই গোপনে গোপনে আহি থাকিবি অ’ কামচৰাইৰ ৰঙা ঠোঁট দৰে তোৰ হাঁহিটো তই কিন্তু তেনেকৈয়েই থাকিবি দেই!! #arundhatiloi #assamesekobita #axomiyakobita #SahityaChorcha

  • জন্মদাত্ৰী

    মোৰ হৃদয়ৰ তুমি ৰাজতৰঙ্গিনী। মোৰ বুকুৰ উশাহত নিতৌ ফুলি থকা এপাহী সদ্যপ্ৰস্ফুটিত সিক্ত ৰক্ত গোলাপ। মৌ-বৰষা তোমাৰ অমীয়া মাতত বিপ্লবে উঠলি উঠা মোৰ দেহ হৈ পৰে বৰফৰ দৰে চেচা। নিদ্ৰাবিহীন নিশাবোৰত তোমাৰ মায়াসনা চকুযুৰিয়ে মোক বৰকৈ আমনি কৰে অ’ মা। কিয় জানো নাজানো এই কেইদিন তোমালৈ বৰকৈ মনত পৰিছে অ’ সেই বাবেই নেকি মোৰ অন্তৰত শিপাই থকা শব্দ বোৰো মোৰ পৰা পলাই ফুৰিছে দূৰে দূৰে তুমি বিহীন দিনবোৰ মোৰ নাযায় নুপুৱাই। এতিয়া,এক শূণ্য অস্তিত্বক লৈ মই জীয়াই আছো। আভিজাত্যৰ মেৰপাকত সোমাই সঁচা মৰম ভালপোৱাৰ অভাবে মোক কৰি তুলিছে ৰংহীন,বৰ্ণহীন আৰু প্ৰাণহীন। এই বিশাল জনসমুদ্ৰৰে আবৰি থকা পৃথিবী খনত মোৰ আপোন বুলিবলৈ কোনোৱেই নাই। অকলশৰীয়া পথিক মই। কেতিয়াবা অকলশৰীয়া নিশাবোৰত তুমি জিৰণি লৈ থকা অজান দেশত ৰাজ আলিয়েদি দৌৰি দৌৰি গৈ তোমাৰ বুকুৰ উম লবলৈ মন যায়। “মা” তুমি হয়তো নাজনা তোমাৰ ৰক্তস্ৰাবেৰে ৰাঙলী হোৱা ৰঙীন পৃথিবী খনত হৈছিল এক সন্তাপিত নিশ্বাসৰ মৃত্যু। কাৰণ,তুমি মোৰ জন্মদাত্ৰী “মা”। #assamesekobita #axomiyakobita #janmadatri #SahityaChorcha

  • গনিকালয়ত ভৰি থৈ

    পাট গাভৰু মই জীয়া অনুভৱে কন্দুৱাইছে জীৱনৰ বাটত অবাঞ্চিত সপোনে কোঙা কৰিছে জীৱন, দেই পুৰি গৈছে মন, যন্ত্ৰণাত সৃষ্টি হৈছে সীমাৰেখা জীৱনৰ। মদপী পিতৃ মোৰ প্ৰতি নিশা ঢলংপলং কৰি আহে ঘৰলৈ, ভেকেতা ভেকেত মদৰ গোন্ধ অত্যাচাৰত জুৰুলা হয় অজলা মাতৃ মোৰ, এইয়া জীয়া জীৱনৰ ছবি প্ৰতি নিশাৰ। বন কৰা ছোৱালী মই, লোকৰ ঘৰত কাম কৰি কষ্টত বুটলিছোঁ‌ জীৱনৰ জটিল পুৰস্কাৰ, মদপী পিতৃলৈ ভয় লাগে মাৰ পিট কৰে বুলি দুৱাৰৰ চুকত লুকাওঁ‌। বহু নাৰী ধৰ্ষিতা হয়, নিষ্কণ্টক হবলৈ ডিঙি চেপি হত্যা কৰা শুনিছোঁ‌, ধৰ্ষণকাৰী বিচাৰৰ কাঠ গড়াত ঠিয় হয় হত্যাকাৰী ৰূপত, শাস্তি ভোগে আইনৰ মজিয়াত। বহুবাৰ নষ্ট হৈছে মোৰ শৰীৰ কুমলীয়া বয়সতে দুৰ্ব্বিসহ যন্ত্ৰণাত ভূগিছোঁ‌, বীভৎস হাঁ‌তোৰাৰ পৰা মুক্ত হবলৈ হাবাথুৰি খাই দৌৰিছোঁ‌, পলাবলৈ আউসীৰ আন্ধাৰ বিচাৰি পোৱা নাই। জীৱনটো নুবুজা সাথৰ, সংশয়ৰ দোমোজাত বন্ধকী জীৱন দানৱৰ কামনাত ক্ষত বিক্ষত শৰীৰ, অসহ্য ক’লা অধ্যায় জীৱন নাটৰ। জীৱন বাটৰ। যৌৱন বিক্ৰি কৰা চক্ৰৰ হাতোৰাত কলঙ্কিত হৈছোঁ‌– বন্দী হৈ ৰৈছোঁ‌, সুখৰ মজিয়া টকাৰ জুখিবলৈ লাঞ্চিত প্ৰৱঞ্চিত হৈছোঁ‌, অবাঞ্ছিত চেতনাই মগজু ৰুকি ৰুকি খাইছে। নিৰুপায়! গনিকালয়ত নাটকৰ নায়িকা হলোঁ‌, পতিতালয় মোৰ নাটঘৰ , দাসত্বৰ বন্ধনৰ জুপুৰি ঘৰ, লেতেৰা চৰিত্ৰৰে সজাইছোঁ‌ নিজক, সংশয় বুকুত বান্ধি আগুৱাই গৈছো। গনিকালয়ত উজাগৰি নিশা উচুপি থাকো সৎভাৱনাই বেদখল কৰিব নোৱাৰে ইয়াত, নিঃকিন গলিৰ শেষ নম্বৰৰ ঘৰটোৰ বন্ধ কোঠাত লেনা দেনা কৰিছোঁ‌ জীৱন, উপাৰ্জন বাঢ়িছে মোৰ। আবেগ বৰ্জ্জিত বেপেৰুৱা সুখত ওপঙি আছোঁ‌, গ্ৰাহকৰ ৰূপত বহু বেইমান পুৰুষ লগ পাইছোঁ‌, লাইচেন্স বিহীন অস্পৃশ্যতাৰ বোজা বৈ অনুশোচনাত ভুগিছোঁ‌ । প্ৰৱঞ্চনাৰ গৰাহত ককবকাই আছো, উপভোগৰ মজিয়াত হাবু ডাবু খাইছোঁ‌, সস্তীয়া স্বপ্নত উটি ফুৰিছোঁ‌ ঘৃণা লগা পৰিবেশ সাৱতি ধৰিছোঁ‌ লালসাৰ বাহিৰে অন্য কথা মগজুত খুন্দা নামাৰে। পুৱাৰ সুৰুজ চাবলৈও আহৰি নাই ইয়াত, বেশ্যালয়ত ঈশ্বৰ আৰাধণা নহয়, প্ৰতিবাদৰ আন্দোলন নাই, উৎফুল্লিত হৈ প্ৰসাধন ঘঁ‌হিছো যৌৱন শেষ হলে এদিন আলাই আথানি হব শৰীৰ। #assamesekobita #axomiyakobita #ganikalyat #SahityaChorcha

  • কবি

    কবি তুমি শ্বাশ্বত, তুমি শুদ্ধ তোমাৰ অন্তৰ বগা তোমাৰ মন স্বচ্ছ, তুমি মৰম আকলুৱা তোমাৰ অন্তৰ প্ৰেমৰ মদিৰাৰে ভৰা তুমি পাতল গুলপীয়া মনৰ পাতল বেঙুনীয়া ৰঙৰ তাত আন্ধাৰৰ চিটিকণি পৰিবলৈ নিদিবা সাৱধান হ’বা৷ তুমি স্পষ্টবাদিতা তুমি পোহৰৰ দেউৰি জ্ঞানৰ অনুসন্ধানী তুমি তুমি অল্পভাষী তুমিয়েই ঈশ্বৰৰ আৰ্শীবাদৰ গৰাকী অনুসন্ধিৎসু মন তোমাৰ তুমি বাৰু বিছাৰিবানো কি? তুমি এৰি দিছা লোভ মোহ সকলো৷ ফুৰিছা কবিতাৰ সুগন্ধি বিছাৰি৷ হে কবি তুমি মহান তুমি মহান৷ #assamesekobita #axomiyakobita #kobi #SahityaChorcha

  • জীৱন্ত হ’ব গৌৰাঙ্গ গণতন্ত্ৰ

    ধনতান্ত্ৰিক ৰাজতন্ত্ৰৰ নিৰ্মম নিষ্ঠুৰ নিষ্পেষণত জীৱন্মৃত এতিয়া গণতন্ত্ৰ প্ৰজাতন্ত্ৰ মুখত ঐক্যতাৰ গান জন গন মন বন্দেমাতৰম পেটত দুৰ্নীতি কুটিল স্বাৰ্থ আৰু ষড়যন্ত্ৰ দুখীয়াই আজি বগাব নোৱাৰে উন্নতিৰ জখলা দুখ দুৰ্দ্দশা অৰ্থৰ অভাৱতেই হয় পথভ্ৰষ্ট নাই বাক্ স্বাধীনতা নাই মোলিকত্ব নাই সমসত্ব দুৰ্মদ দুৰ্দান্ত দুৰ্নীতিৰে এতিয়া পৃথিৱী মাথো মদমত্ত অন্যায় অধৰ্ম অনীতিৰে সমাজ আজি জৰ্জৰিত সৰ্বজন অলপতেই অবাবতেই হয় খড়গহস্ত অত্যাধুনিকতাৰ নামত স্বকীয় অস্তিত্ব হেৰুৱাই আজিৰ সভ্যতা নিৰ্লজ্ব সৌভিকতাৰে নগ্ন জ্ঞানান্ধ স্বাৰ্থান্ধ দুৰাচাৰী দুৰ্নীতি পৰায়নতাত সততাৰে জীয়াই থাকিব পাৰে জানো গণতন্ত্ৰ অত্যাধুনিকতাৰ নামত অন্যায় অবিচাৰ এতিয়া বিম্বাশৱদী নিৰ্ভীক অৰাজকতাৰে বিস্তীৰ্ণ সবাই পাহৰিলে আজি সত্য প্ৰেম সততা ধৰ্ম কৰ্ম কৌতিল্যতাপূৰ্ণ চল চাতুৰ্য্য চক্ৰান্ততহে সৰ্বমত্ত অন্ধতাৰে অহৰ্নিশে অপসংস্কৃতিক আদৰি পাহৰি স্বকীয়ত্ব বিসৰ্জন দিছে স্ব-অস্তিত্ব নাই আজি গণতন্ত্ৰ নাই আজি প্ৰজাতন্ত্ৰ প্ৰেম প্ৰজ্ঞা ঐক্য নাই দশোদিশে মাথো যুদ্ধ উন্নতি পৰিবৰ্তনৰ নামত প্ৰত্যক্ষ কৰো মাথো বৰ্ণঢ্যতাব্যাপ্ত উৰুলিকিত উৎসৱ উন্মত্ত এইখনেই অধোগামী স্ববিধ্বংসী মানুহৰ আচল ছৱি কুণ্ঠাবোধ নকৰে নিজক প্ৰকাশ্যে কৰিবলৈ নগ্ন অৰ্থ সন্মান মৰ্য্যাদাৰ বাবেই আজি সৰ্বজন বলিয়া নিজ মাতৃকো আনক বেচি ধৰ্ষণ কৰি হয় ধন্য প্ৰেম মানৱত্বক বৰ্জিত কৰি সমাজ গঢ়িবলৈ এই পৃথিৱীত কাৰোৰোৱেই নাই সাধ্য নেভাৱিলে ভৱিষ্যত নকৰিলে বৌদ্ধিকতাৰ কচৰৎ বৰ্ণালীময় বাগ্নীতাৰে সমাজ নহয় চৈতন্য ধিক্কাৰ ধিক্কাৰ উচ্চশিক্ষা ধিক্কাৰ মানৱ সভ্যতা ধিক্কাৰ আচাৰ বিচাৰ শূন্য স্বাৰ্থান্ধ মানৱীয়ত্ব জ্ঞানান্ধতাৰে এই অগ্ৰগতি ৰাখিলে অব্যাহত স্বদেশ স্বজাতিৰ ভৱিষ্যত ধ্বংস অনিবাৰ্য প্ৰতিবাদ নকৰি অনুভৱ কৰা যদি এই নিৰ্ঘাট সত্য নেহেৰাই স্বকীয়ত্ব নেহেৰাই নেহেৰাই অস্তিত্ব জীৱন্ত হৈ উঠিব প্ৰজাতান্ত্ৰিক গৌৰাঙ্গ গণতন্ত্ৰ চৈতন্য দৃষ্টিত উঠিব ভাঁহি মানুহ আৰু জীৱনৰ আচল অৰ্থ গুণগত গণতন্ত্ৰও হ’ব আসুৰীকতাৰ পৰা মুক্ত দুৰ্নীতি দুৰ্বিচাৰৰ দুৰন্ত হাতো হ’ব বন্দীতৰে ৰুদ্ধ মানৱ মুক্তিৰ সংগ্ৰাম সাৰল্যতাৰে হ’ব সিদ্ধ উজ্বলি উঠিব বাস্তৱত পৃথিৱীৰ সৰ্বহাৰা বাঞ্চিত স্বপ্ন স্বনিত স্বতন্ত্ৰ গণতান্ত্ৰৰ স্বৰ্ণোজ্জ্বল সুৰ্য ত্ৰিলোক বিজয় কৰিবলৈ ত্ৰিৰঙ্গাও হ’ব সমৰ্থ মানুহৰ মানৱীয়তাৰে পৃথিৱীত ব’ব প্ৰেমৰ মকৰন্দ চিন্ময় প্ৰেমপ্ৰজ্ঞাৰে মানুহ হ’ব মানুহৰ দৰে মানুহে আৰু নেকান্দে কোনোদিন হৈ সৰ্বস্বান্ত জীৱন্ত হ’ব গৈৰিকতাৰে গুণান্বিত গৌৰাঙ্গ গণতন্ত্ৰ #assamesekobita #axomiyakobita #jibantaganatantra #SahityaChorcha

  • মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

    একশৰণ ভক্তিধৰ্মৰ প্ৰচাৰক অসমীয়া নাট্যকলাৰ জন্মদাতা, অসমীয়া জাতি-সাহিত্য আৰু কৃষ্টি-সংস্কৃতিৰ নিৰ্মাতা। বিধিৰ বিপাকত সৰুকালতে ঘটে পিতৃ-মাতৃৰ বিয়োগ , তেওঁৰ লালন-পালনত বুঢ়ীমাক খেৰসুঁতিৰ মনোযোগ । পঢ়াত নাছিল বাল্যকালত বৰ বিশেষ ধাউতি , মহেন্দ্ৰ কন্দলিৰ টোলত জীৱনযাত্ৰাৰ সুদিশত গতি। অ-আ ক-খ ৰে বিদ্যা আৰম্ভ কৰে , “কৰতল কমল” ৰচনা কৰি সকলোকে অভিভূত কৰে। সমগ্ৰ ভাৰতবৰ্ষত শংকৰদেৱৰ তীৰ্থ ভ্ৰমণ, ভক্তি ধৰ্ম প্ৰচাৰত বলি বিধান হয় দমন। সকলোকে কৰে একত্ৰিত ভিন্ন ধৰ্মীয় বিশ্বাস , সৰ্বোত্তম ধর্মীয় পন্থা ভক্তি ধৰ্মৰ আশ্বাস। অসমৰ চিৰস্মৰণীয় শংকৰ-মাধৱৰ মিলন, অসমবাসীৰ বুকুত ঢৌৰূপী ভক্তি আন্দোলন। অভিন্ন-অতুলনীয় এয়া মণি-কাঞ্চন সংযোগ, অসমৰ সামাজিক জীৱনত এটি নৱ-দিগন্তৰ যোগ। #assamesekobita #axomiyakobita #SahityaChorcha #sreemantasankardev

  • জীৱন সংগ্ৰাম

    সৰুতে হেৰাই যায় মোৰ আশাৰ সপোন নহয় মোৰ মন উতলা ফাগুন পলাশ ৰঙীন নহওঁ মই হ’ব নোৱাাৰো কাৰো আপোন মনস্তাপে কপাই তোলে মোৰ বুকু ওলাই মোৰ দুধাৰী চকুলো মনচ্ছক্ষুৰ অতীত, মাৰ মুখখনো মনত নপৰে দেখোন। সৰুতে হেৰুৱালো মাৰ মৰমকনো। আজি মই উদ্বিগ্ন, আতংকিত নৰিয়া পিতৃ মোৰ শয্যাগত কেতিয়াবা মোৰ ভয় হয়, শংকা হয় মই আবেগত ফাটি পৰো হ’ব নেকি হঠাৎ কিবা অথন্তৰ তথাপিও বিচলিত নহওঁ মই মোৰ জীৱন সংগ্ৰামত। আজি তিক্ততাৰে ভৰা মোৰ জীৱন জীৱনটোৱেই এখন বিৰামহীন অনুক্ত সংগ্ৰাম চলি আছে মোৰ জীৱনত অবিৰাম। মোৰ আজি জিৰণি লোৱাৰ সময় নাই মই অবিশ্ৰান্ত। মই ভাগৰ অনুভৱ কৰা নাই, মই অক্লান্ত। চাৰিওফালে দেখিছো কেৱল জঞ্জাল মোৰ জীৱনক লৈ কৰিছো সংগ্ৰাম কোনেও নিদিয়ে যে প্ৰতিবিধান। এমুঠি অন্নৰ বাবে, এসাজ কাপোৰৰ বাবে কেৱল কৰি গৈছো সংগ্ৰাম। মোৰ দুই হাত, দুই ভৰি নহয় পৰিশ্ৰান্ত দিনৰ দিনটো কৰ্ম কৰি, পাওঁ অলপ শ্ৰমৰ মূল্য। সংগ্ৰাম কৰাই হৈ পৰিছে মোৰ লক্ষ্য। #assamesekobita #axomiyakobita #jivansangram #SahityaChorcha

  • জুইফুল

    জুইফুল খেদি খেদি জুইৰ আৱেষ্টনিত হেৰাই গ’ল শৈশৱ,কৈশোৰ,যৌৱনৰ জুইফুলীয়া সপোন। মেটেকাবুলীয়া আবেলি এটাৰ সুঘ্ৰাণ সাৱটি গধুলিটো ঘনঘোৰ তমসাত বুৰ গ’ল। হেৰোৱা সুবাস এটি আঁচলত বান্ধি কংক্ৰীটৰ শেলুৱৈডৰা গাভৰু হ’ল, সেমেকা গোন্ধ এটি বুকুলৈকে উজাই টানি গাঁওখন চহৰলৈ ঢাপলি মেলিলে। বাট হেৰুওৱা হেঁপাহবোৰ থমকি ৰৈ গ’ল কণমানি আশা এটিয়ে জিৰণি ল’লে পথৰ দাঁতিৰ পাৰ উপচা ডাষ্টবিনৰ কোলাত। #assamesekobita #axomiyakobita #juiful #SahityaChorcha

  • তোৰ বাবে ৰৈ আছে

    ৰাতিপুৱা পৰা দুপৰীয়া বেলি ডুবাৰ লৈকে ৰৈ আছে তোৰ অপেক্ষাত! তোক চোৱাৰ হেঁপাহত নাজানো মোৰ দুচকু কিয় ইমান হেঁপাহ তোৰ বাবে তোৰ হৈ হাঁহিটো চাবৰ বাবে আজিও ৰৈ আছে তোৰ অপেক্ষাত মনটোও আজিও নামানে তোৰ যে মোৰ বাবে আজিও সময় নাই! দুদিন চিনাকি আপোন আপোন লগা সেই কথাবোৰ আজিও মনত পৰে দিনৰ পাছত ৰাতি ৰাতি পাছত দিন কিমান দিন তোৰ বাবে অপেক্ষা কৰিলোঁ শেষত দিন পাছত ৰাতি হয় থাকিল কিন্তু তোৰ আজিও খবৰ নাই তথাপিও মোৰ অপেক্ষা অন্ত নাই তোক চোৱাৰ হেঁপাহত আজিও ৰৈ আছে বকুল তলত তই এৰি থৈ যোৱা বকুল তলত তোৰ বাবে ৰৈ আছে #SahityaChorcha #assamesepoetry #axomiyakobita #roiasu #assamesekobita

  • তই কুশলে থাকিবি

    তই কুশলে আছনে? শুনিছো তোৰ পদূলিৰ আলিকেকুৰিটোত সিঁহতবোৰৰ এতিয়া সঘন পদচালন সিহঁতবোৰেতো কেৱল তোৰ জেপত থকা গৰ্ভ নিৰোধক পিলবোৰৰ প্ৰতিহে অভিজ্ঞ তোৰ হৃদয় নামৰ দলিলখনত সিহঁতৰ অট্টহাস্য তথা সস্তীয়া কোলাহলৰ স্বাক্ষৰ শুনচোন! তোৰ পাভ মাছৰ দৰে বগা পিঠিখনত বেছিকৈ ৰ’দ নলগাবিনা পাৰিলে কলিজাতো নিলামত নিদিয়াকৈ ৰাখিবি আৰু! তোৰ “আইনু” জনীক বিশ্বৰ ধনী মানুহবোৰৰ নামৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰতিযোগিতাত দৌৰাতকৈ মানুহ হোৱাৰ প্ৰতিযোগিতাত দৌৰাবলৈ শিকাবি পাৰিলে তাগিদা আৰু তাড়নাৰ শুদ্ধ ধাৰণাটো শিকাই দিবি তোক দেখিলেই মোৰ চকুযোৰে উপবাস খাটে তোৰ নাঙঠ কঁপনিটোত তোৰ স্থায়ী মৌনতাখিনিত বিশ্বাসৰ পুলি এটি ৰুবৰ মন যায় কামিহাড়ৰ ভিতৰত “পোৱালমনি” খুচৰিবৰ মন যায় তই কুশলে থাকিবি সদায়। #assamesekobita #axomiyakobita #kusholethakibi #SahityaChorcha

  • নিত্য অসমৰ্থ

    যি ভক্তিয়ে ভগৱত ভক্তিক নকৰে আকৰ্ষিত সেই ভক্তি ধ্ৰুৱস্মৃতি অন্বিত হ’লেও নহয় প্ৰাণৱন্ত অপ্ৰতিহততাৰে প্ৰৱাহিত আত্মসমৰ্পণাত্মক মদমত্ত ভক্তিও পৰম পাদপদ্মৰ পৰ্ণাশ সুগন্ধি সুৱাস পাবলৈ নিত্য হয় অসমৰ্থ #assamesekobita #axomiyakobita #ohamartha #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page