The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- স্পন্দিত অনুভৱৰ নন্দিত তৰঙ্গ
অখণ্ডমাধুৰ্য্যমণ্ডলমণ্ডিত অনৱচ্ছিন্ন সুৰম্য শৈল্পিক অনিৰুদ্ধ ছন্দস্পন্দিত বাস্তৱৰিক্ত অনন্য অনন্ত অমিয়া অনুভৱদীপ্ত অখণ্ড অময়া অনন্য সুললিত সুৰীয়া মঞ্জুল মঞ্জুল মূৰ্চ্ছনামণ্ডিত তপনতপ্ত তাৰুণিক তৰঙ্গস্তনিত স্বৰ্ণাভ বসন্তৰ বৰ্ণাভ দিগন্তত অন্তৰ উন্মুক্ত ভাস্বত স্বপ্নৰ নৃত্য বালাৰ্কী সূৰ্য্যৰ অৰুনিম আভাৰে যেতিয়া হয় অচিন্ত্য নৈগূণ্য প্ৰেমসুৰঞ্জিত তেতিয়াই কবিত্বই প্ৰেমৰপৰাকাষ্ঠা নিৰলস নৈসৰ্গিক নিৰলতাৰে কৰি স্পৰ্শ শতৰূপা সহস্ৰদলপদ্মৰ কনক কান্তিৰে অলংকৃত হৈ প্ৰতিস্থা কৰে স্বকীয়ত্ব ফেনে ফোটোকাৰে বোৱাই অন্তৰ্দীপ্ত কাব্যিকতা সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত সুশীলতাৰে সৃষ্টি কৰে সেউজ সুগন্ধি স্বৰ্ণাভ বৰ্ণাভ স্পন্দিত শব্দৰ কলকণ্ঠী কল্লোলিনী কল্লোলিতকান্তি কল্প্য কাব্যশিল্প মন্দাকিনীৰ মময়া মদিৰ মাতৰিস্বাৰ মতলীয়া ম-ময়া লহৰে লহৰে বৈ যায় অনন্ত অনাবিল অনন্য অমিয়া অমৃতময় প্ৰেম মন্ত্ৰমুগ্ধ মূৰ্চ্ছনাময় মাধুৰ্যমণ্ডিত কোকিলকণ্ঠী মৃণাল কান্তি অন্তৰস্পৰ্শী কাব্যিকতা উত্তাল উতপ্ত উন্মত্ত উল্লাস উন্মুক্ত চিৰন্তন সেউজীয়া সত্য সুন্দৰ সৌন্দৰ্য বিধৌত শৈল্পিকতাসিদ্ধ শিল্প সৃষ্টিৰে আত্মা হয় আত্মতৃপ্ত সৃষ্টিৰ গৰ্ভত আৰক্তিম অৰুণিম সূৰ্য্য জ্বলে স্বপ্নৰ ছন্দেৰে ছন্দ্ৰায়িত হয় শৈল্পিক শব্দ শিল্প প্ৰভাতী পক্ষীৰ উৰুলি উৰুলি সুললিত কুৰুলিত ধ্বনিত প্ৰতিধ্বনিত হয় মধুৰ মঙ্গল বাদ্য বোৱাই অমৰ প্ৰেমৰ অনন্ত অময়া অমৃতময় শৌৰ্যবীৰ্য প্ৰদীপ্ত আশ্চৰ্য অপূৰ্ব মাধুৰ্য্য অন্তৰে অন্তৰে নিৰন্তৰ অমৃত ঢালি ঢালি চঞ্চল উচ্ছল নিৰ্মল ধাৰাৰে নৃত্য কৰি কৰি ৰৈবৈ বৈ যায় স্বৰ্ণাভ সৃষ্টিৰ মধুৰ মকৰন্দ অনিবৰ্চনীয় অপ্ৰমেয় অপ্ৰমত্ত মহানুভৱ আস্তীৰ্ণ অনাবিল তৰঙ্গযুক্ত অনিল অনঙ্গৰ ই কবিত্বসিক্ত প্ৰেমপ্লাৱিত স্বপ্নশীল প্ৰজ্ঞা নিহিত অনিন্দ্যসুন্দৰ শিল্পৰ আধ্যাত্মিক অনন্ত ৰহস্য অমল অময়া অমৃতময় এই অনন্ত ৰহস্য নিত্য দুৰ্বোধ্য দুৰ্ভেদ্য পৰমাত্মিকতাৰে আশ্চৰ্য্য সেইবাবেই চাগে অমৰ্তভূৱনসন্নিভ অমৃতময় কাব্যশিল্প কোনোকালে নহয় সংজ্ঞাবদ্ধ চিৰন্তন স্বতন্ত্ৰ প্ৰদীপ্ত পৰিবৰ্তন প্ৰৱাহিত শাশ্বত ভাস্বত বিৱৰ্তনশীলতাৰে চিৰন্তন উন্মুক্ত অম্লান অৰুণাভাশক্ত অৰ্ণৱোদ্ভৱদীপ্ত সমসত্ব অনিবৰ্চনীয় অক্ষয় অক্ষত সচ্চিদানন্দসচেষ্ট সুশোভিত সেউজ সজল প্ৰেম পল্লৱিত চিৰন্তন সুগন্ধি সঙ্গীতময় ফুলাম বসন্তৰ নিত্যনৱ মুৰ্চ্ছনামণ্ডিত অৰ্থালংকাৰ ছন্দালংকাৰ ব্যঞ্জনাময়তাৰে বিভূষিত চিৰস্বাচ্ছন্দ্য অস্তিত্ব নিহিত কাব্যশিল্প আলংকাৰিক অলংকৰণসিক্ত লয়লাসী লয়যুক্ত ছন্দোজ্জ্বল জ্ঞানোচ্ছল প্ৰাণোচ্ছল অনিন্দ্যসুন্দৰ উমাল উৎকলিত সমুজ্জ্বল সুৱাসী সুৰম্য প্ৰেমোচ্ছলতাৰে পল্লৱিত হৈ প্লাৱিত হয় মাথো কাব্যশিল্পত অনন্য অময়া প্ৰণামী প্ৰাঞ্জলতাৰে স্পন্দিত অনুভৱৰ নন্দিত তৰঙ্গ য’ত প্ৰেম আৰু প্ৰকৃতি নৈসৰ্গিকতাৰে অনৰগল অনিৰ্বাণ অমায়িকতাৰে মন্ত্ৰমুগ্ধ আত্মাইও য’ত অমেয় অন্তৰ্দৃষ্টিৰে বিছাৰি পায় পৰম পৱিত্ৰ প্ৰেমদীপ্ত দিৱ্য আলোকেৰে আলোকিত স্বৰ্ণমণ্ডিত শান্তি প্ৰশান্তিৰ সদা সমুজ্জ্বল সন্মাৰ্গ জীৱনে বুজি পায় জীৱনৰ গূঢ় গ্ৰাঢ় উদ্দেশ্য বুজি পায় যৌৱন প্ৰেম সত্য সুন্দৰৰ সথিক সাৰ্বিক সন্নিবদ্ধতা সন্নিবিষ্ট ৰহস্য স্ফুলিঙ্গ স্ফুৰিত স্মৃতিৰ স্নৈগ্ধ্যতা স্থিৰীকৃত সনিৰ্বন্ধতা সমৃদ্ধ সন্তোষসন্নিভ সুমিষ্ট স্পৰ্শৰে যি দিয়ে নিত্য নান্দনিক নৃত্যস্ফুট স্পন্দিত সান্নিধ্য স্বয়ং স্বৰিত স্বচ্ছল স্বচ্ছন্দ স্বপ্নিল স্বভাবোক্তিত স্বতঃস্ফূৰ্ত স্মিতস্মৃতিৰে জ্যোতিৰ্ময় হয় স্বৰূপানন্দ কাব্য শিল্পযে আত্মসমৰ্পনাত্মক অন্তৰঙ্গতাৰে শিল্পিত আত্মাৰ পৰমাত্মিক পৰম পৱিত্ৰতা আকীৰ্ণ স্বৰ্ণাভ বৰ্ণাভ শাশ্বত ভাস্বত প্ৰমভক্তি উচ্ছল নিৰ্মল সত্যসিদ্ধ বৌদ্ধিকতা ব্যাপ্ত চিৰসেউজদীপ্ত পৰমাত্মিক প্ৰাঞ্জল উজ্বল প্ৰেমৰেই ভাষ্য শৈৱলিনীৰ সুশীল ধাৰাৰে চিৰপ্ৰৱাহমান য’ত স্পন্দিত অনুভৱৰ অননুভৱ নন্দিত তৰঙ্গ #assamesekobita #axomiyakobita #nanditataranga #SahityaChorcha
- কন্যা
কন্যা জননীৰ ধুনীয়া, ই এক অনন্য দুনীয়া। সমাজৰ এক উজ্জ্বল নক্ষত্ৰ। আঁকিব বিশ্বৰ মনোমোহা চিত্ৰ। ৰঙীণ পৃথিৱীত সুখী আমাৰ কন্যা। শোভিত ধৰণীৰ চিহ্ন বিনন্দীয়া। #assamesekobita #axomiyakobita #kanya #SahityaChorcha
- বিষাক্ত মাদক দ্ৰব্য
মাতাল নৱ যুৱ প্ৰজন্ম গভীৰ নিচাত, সা-সম্পত্তি বিক্ৰী আবেগৰ হেঁচাত। অত্যন্ত ক্ষতিকাৰক মাদকদ্ৰৱ্য দেহত, যদিও স্পষ্টভাৱে লিখিত মাদকদ্ৰব্যত। জানি বুজি দিয়ে খালত জাপ, জীৱন বিষাক্ত মাদকদ্ৰব্য বিষাক্ত সাপ। ৰাস্তা ঘাটে মাদকদ্ৰব্যৰ সহজলভ্যতা, দিনক দিনে বৃদ্ধি সমাজৰ বিশৃঙ্খলতা। নদমেই নদমে প্ৰশাসনৰ হাতত, দমনৰ বাবে নহয় কঠোৰ আইনৰ বলৱত। কলুষিত দ্ৰৱ্য সেৱনেৰে জীৱন শৈলী চয়ন, নষ্ট পৰিয়ালৰ সামগ্ৰিক উন্নয়ন। মৃত্যুৰ মুখত যুৱ বাঢ়িছে দ্ৰুত গতিত, কণমানি ভুলত পৰিয়ালৰ জীৱন অশান্তিত। #assamesekobita #axomiyakobita #madakdabya #SahityaChorcha
- “অভিমান”
সাগৰৰ গভীৰতা আৰু আকাশৰ বিশালতা দেখি মই খন্তেকৰ বাবে হ’লেও হেৰাই যাব বিচাৰো সেইবোৰৰ মাজত। মনৰ মাজত ঠাহ খাই থকা দগ্ধ হিয়াৰ মান,অভিমানবোৰ বিলাই দিব বিচাৰো সাগৰৰ দৰে উদাৰ গভীৰ বক্ষত, আৰু আকাশৰ সীমাহীন নীলা খিনিৰ মাজত। মত্যত জানো আছে এনে কোনো যি আনৰ মান, অভিমানক মূল্য দিয়ে। সেয়ে, এতিয়া মনৰ ভিতৰত গজালি মেলা অভিমানবোৰে নীৰব দৰ্শকৰ দৰে মিলি যাব খোজে অসীমৰ নীৰবতাত। নিস্তব্ধতাৰে পাৰ কৰা প্ৰতিটোমূহুৰ্ত বন্ধা আছে মোৰ হৃদয় ডায়েৰীৰ পৃষ্ঠাত। সময় সলনি হ’ল সলনি নহ’ল মোৰ আকোৰ গোজ মনটো। সেই বাবেই মোৰ অতিকে ভাল লাগে মোৰ ৰঙা ,নীলা চিয়াহীৰ কলমটো আৰু বগা কাগজ খিলা য’ত মই মনৰ হেঁপাহেৰে ব্যক্ত কৰিব পাৰো আবেগেৰে খামোচা মাৰি ধৰি ৰখা অভিমানবোৰ। #abhiman #assamesekobita #axomiyakobita #SahityaChorcha
- “পোহৰ বিহীন আন্ধাৰ”
প্ৰকৃতিৰ বুকুত নির্দিষ্ট হৈ নামি অহা তুমি “ৰাতি”জোনাক আঁতৰাই আন্ধাৰ ৰাতি অহা পোহৰৰ আৱৰণ ঢাকি তুমি এমুঠি নীৰৱ নিচ্ছুপ আকাৰ হৈ মৌনতাৰ ভয়,হুংকাৰ, মিঠা অনুভৱ ঢালি নামি অহা ধৰিত্ৰীৰ পজা লৈ আন্ধাৰ বিহীন পোহৰ যে অকলশৰীয়া পোহৰ বিহীন আন্ধাৰো যে অকলশৰীয়া সংগী হৈছে সৃষ্টিৰ প্ৰেমিক সেয়ে পোহৰ বিহীন তুমি,তুমি বিহীন পোহৰ পোহৰক সামৰি চিকিমিকি আন্ধাৰ বব ধৰে অলপ আন্ধাৰ অলপ পোহৰ মিলি চিকিমিকি সন্ধ্যা হয় তোমাৰ মিলনত তৃপ্তি আমিও হওঁ সেই মিলনত আন্ধাৰ আৰু পোহৰ এক হৈ আমিও হওঁ,অবুজ ভাৱনাৰ মৌনতা ৰৈ…. #assamesekobita #axomiyakobita #puharbihinaandhar #SahityaChorcha
- নিষিদ্ধ গলি
সুৰ সুৰীয়া সৰু গলিটোৰে সোমাই গৈছিলোঁ তোমাক বিচাৰি। শাৰি শাৰিকৈ থকা সৰু জুপুৰিবোৰত চকুত পৰিছিল মাথো এটি সৰু পোহৰ। বুকুখন খৰকৈ কঁপিছিল এক অজান ভয়ত ডিঙিটো শুকাই গৈছিল থু-বোৰো নাইকীয়া হৈছিল। তোমাক চিঞঁৰি মাতিব খুজিও মাতিব পৰা নাই জানোছা কোনোবাই শুনা পাই। সৰু পোহৰত তোমাৰ উগ্ৰ প্ৰসাধনৰ মুখখন আৰু অল্পবস্ত্ৰৰে ঢকা বগা শৰীৰটো চাব নোৱাৰিলো। চকুদুটা মুদি উভতি আহিলো যোৱা বাটেৰে ভাঙি টুকুৰা টুকুৰ হোৱা এটি মনেৰে আন্ধাৰ ভবিষ্যতৰ আশংকাৰে। #SahityaChorcha #axomiyakobita #bannedroad #nixidha #assamesekobita
- সাঁচতিয়া শব্দ
মোৰ কলিজাৰ নিভৃত কোনত শব্দ বোৰ নিগাজীকৈ ৰাখিছো সাঁচি। হঠাৎ কেতিয়াৱা, কেঁচা তেজৰ বুৰবুৰণিত শব্দবোৰ ফুলি উঠে এপাহি তেজ ৰঙী গোলাপৰ দৰে। নিজান ৰাতি জোনৰ পোহৰত অকলশৰে চোতালত বহি, হৃদয়ৰ দুৱাৰ খুলিকথা পাতো শব্দ বোৰৰ লগত। নিগৃহিত প্ৰকৃতিও প্ৰাণ পাই উঠে জোনৰ পোহৰত। জোনাকী পৰুৱা বোৰেও জাক পাতি ঢপলিয়াই আহে শব্দৰ সুৰত। কিজানি বা হেৰাই যাৱ পাৰে শব্দবোৰ মোৰ হৃদয়ৰ মাজত। #SahityaChorcha #axomiyakobita #word #hobdo #assamesekobita
- কবই নোৱাৰি
আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি পদে পদে হতাশাইহে ধৰে সাৱতি বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি আপেক্ষাৰ অনলত দুখে ভৰা দুৰ্দিনত জ্বলি পুৰি ছাঁই হৈ গৈছে দিনৰাতি প্ৰতীক্ষাৰ অন্ত নাই তৃষাৰো শেষ নাই আগুৱাইছো অক্লান্ত সংগ্ৰাম কৰি দুৰ্মদ দুৰ্য্যোগ আহি ভাঙে মোৰ ঘৰ বাৰী ভৰ বাৰিষাৰ বানত যায় উটি ভাঁহি যদিও হেৰুৱাও থৰ পুণৰ সাজি লওঁ ঘৰ কাল ধুমুহাই ভাঙে পুনু মষিমূৰ কৰি অনিৰ্বাণ ধুমুহাই অজান হিয়া কঁপাই ৰওঁ বাৰে বাৰে হিয়া মন থিৰ কৰি জ্বলিব এদিন চাকি জীৱন পোহৰ কৰি দুৰ্বিসহ দুখবোৰো এদিন যাব আঁতৰি আশাৰ চাকি জ্বলাই ৰৈ আছো বাট চাই সপোনবোৰ বাস্তৱ হ’ব বুলি ভাৱি ধিমিকি ধিমিকি জ্বলা চাকিৰ তলত বহি ৰাতিবোৰ আছো মাথো পাৰ কৰি পাৰ হৈছে দিনবোৰ মাথো কান্দি কান্দি সুখৰ মুখ কোনোদিনে নেপালো দেখি অশ্ৰুৰে জীৱন জানা নিকা কৰিব নোৱাৰি ত্ৰাস সন্ত্ৰাসেৰে দিনবোৰ যায় বাগৰি কৰ্ম ভাগ্য তৃষা স্বপ্ন সকলোৱেই অসাৰ নিয়তিৰ চাতুৰী একো বুজিব নোৱাৰি কৰিছো খাইছো মাথো জীয়াই আছো জীৱন সাৰ্থক বুলি ক’বই নোৱাৰি #assamesekobita #axomiyakobita #koboinuwari #SahityaChorcha
- ভাটৌ চৰাই
এদিন কিনি আনিছিলোঁ সেউজীয়া পক্ষী ফুটিছিল মৰমৰ মাত। বনৰীয়া চৰাই তই, ঘৰচীয়া হলি, সেই বাবে মেলি দিছিলোঁ তোক। বিশ্বাসৰ এবুকু মৰম লৈ ঘূৰি ফুৰিছিলি ঘৰৰ কোঠাত, তই যেন সহোদৰ ভাই। আলহি আহিলে স্নেহেৰে আদৰিছিলি, একেখন বিচনাত শুইছিলি তই। আবেগিক মৰমেৰে কোলাত আহি উঠিলে তই হেঁপাহৰ চুমা দিছিলোঁ তোক। আজি হেৰালি ক’ত, উৰি গলি কাকো নোকোৱাকৈ, তই কপটীয়া ভাটৌ চৰাই। #SahityaChorcha #parrot #axomiyakobita #bhatausorai #assamesekobita
- নেতাজীক প্ৰণাম
দেশ মাতৃৰ তুমি সুযোগ্য সন্তান, মাতৃৰ বকুত ৰাখি গ’লা নাম; পৰাধীনতাৰ শিকলি চিঙি স্বাধীন ভাৰত গঢ়িবলৈ কৰিলা জীৱন পণ, কাৰাগাৰত বাৰে বাৰে বন্দীত্ব স্বীকাৰ কৰি ভাগৰি নপৰিলা তুমি, বৰঞ্চ বীৰদৰ্পে আগবাঢ়ি গ’লা নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি। অহিংসাৰে নতশিৰ কৰাব নোৱাৰি তুমি “আজাদ হিন্দ ফৌজ” গঠন কৰি নেতাজী হৈ আগবাঢ়ি গ’লা বগা বঙালক খেদি ভাৰত মাতৃক স্বাধীন কৰিবলৈ। কিমানযে কষ্ট সহিলা, কিমানযে ত্যাগ স্বীকাৰ কৰিলা! হে মহান! কৰযোৰে কৰিছো প্ৰণাম। তোমাৰ গৰিমা পৃথিৱীৰ বুকুত হওক চিৰ প্ৰবাহমান। #assamesekobita #axomiyakobita #netajikpranam #SahityaChorcha
- সুৱাস
প্ৰেমিকা আছিলি মোৰে তই নীলাঞ্জনা প্ৰেমিক মই তোৰে প্ৰেমৰ গভীৰ সাগৰৰ সমুজ্জ্বল৷ বিচৰা নাই মই কোনোদিনেই তোৰ অবহেলাক৷ বিচাৰোঁ মাথোঁ একাজলি মৰমত ডুবাই ৰখা অনুভূতিক৷ নিবিচাৰো কাহানিও মোৰ প্ৰেমক তই কৰাটো প্ৰতাৰণা৷ চাব খুজো দুহাতে সাৱটি সঁচা অনুভৱে মোক দিয়া অনুপ্ৰেৰণা৷ #assamesekobita #axomiyakobita #hubakh #SahityaChorcha
- অনুভৱৰ অনুৰণণ
হঠাৎ শুনিলো মেঘৰ কোলাহল খিৰিকীৰে চাই ৰ’লো বহু পল ঢপলিয়াই আহিছে বৰদৈচিলা নিমিষতে কৰিব গ্ৰাস সেউজীয়া ঢৰা হে বৰদৈচিলা হে ডাৱৰ, বিজুলী ঢেৰেকণি মোৰেই শপত, অভিশপ্ত জীৱনক তুমি নিদিবা দুখ, আৰু নিদিবা দুখ হিয়াৰ আমঠু নয়ন মণিক দিয়া ওভোতাই কৰিছোঁ কাকুতি তেওঁ বিনে জীৱন আধাৰুৱা ডাৱৰৰ লগত আছানে তুমি লুকাভাকু খেলি, শুভ্ৰ সাঁজ মণি মুকুতা পিন্ধি ঢৰালৈ নানামিবা তুমি, নকৰিবা সংহাৰ নয়ন মণি, হে বলিয়া ফাগুন বসন্ত কালতেই হিল-দল ভাঙি বৰদৈচিলাহৈ মাৰ ঘৰলৈ যোৱা এৰিযোৱা মাথোন আমাৰ জোন মণি। #anubhavranuranan #assamesekobita #axomiyakobita #SahityaChorcha












