The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- পছোৱা বতাহ
ফাগুন-ফাগুন, এচাটি ধূলিময় বতাহৰ, বলিয়া ফাগুন। মনৰ মাজত যে বলিছে, উত্তাল প্ৰেমৰ, এচাটি বতাহ। ফাগুনে দিয়ে আহি, মোক তোমাৰ বতৰা। কলিয়া ডাৱৰে আৱৰি ৰখা, মন। ফাগুনে আহি , দিয়েহি প্ৰেমৰ চিঠি খন। পলাশৰ ৰঙে , প্ৰেমৰ বাৰ্তা, চতিয়াই, ফাগুনে আহি, মোৰ হিয়াত, এবুকু মৰম জগাই। ৰৈ আছো তোমাৰ বাবে মই, ফাগুনতে, আহিবা চাগৈ, ৰঙা, গোলাপৰ ফুল লৈ। ফাগুন-ফাগুন, প্ৰেমৰ নানা ৰঙীণ, সপোন। ফাগুনৰ পছোৱা বতাহ, মনৰ মাজত যে প্ৰেমৰ উন্মাদনা, ফাগুনে আহি দিয়েহি তোমাৰ বতৰা। পছোৱা বতাহ জাকে আহি কৈ, তুমি পদূলিমুখতে আছা ৰৈ। তোমাৰ আলিঙ্গনৰ অপেক্ষাত, ভাগৰুৱা হৈছে মন। ফাগুনৰ বতাহ জাকে, ফুল -পাত চতিয়াই, তোমাক কৰে স্বাগতম। ফাগুন-ফাগুন, বলিয়া ফাগুন, প্ৰেমৰ হেজাৰ, সপোন। #SahityaChorcha #batah #dhumuha #axomiyakobita #assamesekobita
- ঠিকনা বিহীন পথিক
আছে জানো তোমাৰ মোৰ কিবা পৰিচয় যাম বা কলৈ পুনৰ ঘূৰি? মই প্ৰেম ভিক্ষাৰিণী অনন্ত কালৰ মোহময়ী সৃষ্টিত মই আলোক সন্ধানি যুগ যুগান্তৰৰ। নিস্পভ বন্তি গচিয়ে মায়াৰ জাল ফালি সূৰুযৰ হেঙুলী আভাৰ স্পন্দনত সোণালীৰে ভৰাও হিয়া উপচায়। বুকুৰ আপোন বুলিবলৈ দেখো একুৱেই নাই তথাপি সকলোৱেই মায়াৰ বন্ধনত মজি আছো হাবাথুৰি খাই। তুমি বেদনাৰ বিড়ম্বনা জলাঞ্জলি দি জাগা আৰু উঠা কেৱল প্ৰৰণাৰ উৎসৰে দিয়া সমস্তকে হৃদয় জুৰাই। দুদিনীয়া জীৱন নাটৰ ঠিকনা বিহীন পথিক মই কেতিয়া মেলানি মাগিব লাগিব তাৰ কোনো সীমাৰেখা নাই। #assamesekobita #axomiyakobita #SahityaChorcha #thikonabihinpathik
- কেন্দুঘাটে ৰিঙিয়াই
কেন্দু ঘাটৰ ৰেঙণিয়ে জিলিকাই ৰাখিবনে মোৰ জীৱনৰ ঢিমিক-ঢামাক চাকিগছি? ভাবনাৰ পালতৰা নাও দুপৰ ৰাতি গীত জুৰি বতাহৰ তালে তালে অপেক্ষা মাথোঁ তোমাৰ বাবে! মোক দিছিলা যিদিনা তোমাৰ জীৱনৰ অন্যতম ফচল পাহৰা নাই আজিও প্ৰতি ৰন্ধ্ৰে ৰন্ধ্ৰে ঘুৰাই পোৱাৰ এবুকু আশা তোমাৰ দাপোনে অগা-দেৱা মোৰ কলিজা ফালি যন্ত্ৰনাৰ হুমুনিয়াহ! পোহৰ বিচাৰি বহু বাট আগুৱালোঁ উজুতিত উফৰি উফৰি হৃদয়খন দলিয়াবৰ মন বহু দুৰলৈ! নদীৰ দৰে মাথোঁ বৈ যাম নিৰ্মল পানীত নিজৰ মুখখনি চাই আপোনভোলা হ’ম। কেন্দুঘাটতে জ্বলাব খুজোঁ এগছি বন্তি বালিচাপৰিৰ স্মৃতি বুকুত সাৱটি তুমিয়েই হ’ব লাগিব মোৰ জীৱনৰ সঞ্জীৱনী #assamesekobita #axomiyakobita #kendughateringiyai #SahityaChorcha
- অসমৰ কণী যুঁজ
অসমৰ কণী যুঁজ সকলোৰে প্রিয় খেল, বিহুৰ উৰুকালৈ কণী যুঁজৰ মেল। কঢ়িৰে টুকুৰিয়াই কণীৰ কাঠিন্য পৰীক্ষণ, আনন্দত মাতাল ওচৰ চুবুৰীয়াৰ মিলন। কণী খেলৰ খেলাৰু আবল-বৃদ্ধ-বণিতা, বহাগৰ আগজাননী টনকিয়াল হয় মিত্ৰতা। #SahityaChorcha #konijuj #eggfight #axomiyakobita #assamesekobita
- এক জন্ম চক্ৰ
সভ্যতাৰ গৰকা ক্ষৌণীসেউজ পথাৰখনত নাৰী যদি বিধৱা হয় ঘিণাৰ পাত্ৰ কিয়? ক’ত এনে ঘিণা লুকাই থাকে তোমাৰ মনত তুমি যদি দ্বিপদীমানুহ হোৱা! বনৰ হিংস্ৰজন্তয়েও বুজি পায় অসহায় জীৱৰ কথা যদিও ইজন-সিজনৰ খাদ্যৰ গৰ্ভাগ্নি নিৰ্বাহক কিয় নিৰ্বোধ মানুহ? সময়ৰ নিৰ্মাতা তুমি মই নহয়! ঈশ মোৰ পাছে পাছে আছে নিশ্চয় জানিবা কাৰখানাত নিৰ্মাণ হয় তোমাৰ সামগ্ৰী তাৰো মূল্য আছে ঠিক তেনে দৰেই মূল্যবোধ আছে নাৰীৰো তাক শ্ৰদ্ধাৰে তুমি মূল্যাংকন কৰিবলৈ শিকা হে’ পুৰুষ, হে’ নাৰী! নিৰ্বুদ্ধি,নিৰ্বুদ্ধিতা, নহবা! নাৰী তুমি নিৰ্বীৰ্য্য নহবা নিৰ্ভৰ নিৰ্ভীক হোৱা সেন্দুৰীয়া বাটেৰে! #assamesekobita #axomiyakobita #ekjanmachakra #SahityaChorcha
- সুখ – দুখঃ
দৰ্জাখন খুলি দেখিলো চোতালত এগৰাকী মহিলাই সৰু পানী কেঁচুৱা এটা আৰু চাৰি বছৰীয়ামান লৰা এটা লৈ এমোৰত বহি আছে । মোক দেখি মানুহজনীয়ে কাতৰভাৱে কলে – – দাদা কিবা অলপ খাবলৈ দিয়ক, কালিৰে পৰা একো খোৱা নাই। শ্ৰীমতী পাকঘৰত আছিল মই চিঞৰি কলো হেৰা শুনিচা বাহিৰত মানুহ এজনী আহিছে ভোক লাগিছে বোলে কিবা অলপ খাবলৈ দিয়াচোন ।শ্ৰীমতীযে বিস্কুট দুখনমান আনি সিহঁতক খাবলৈ দিলে । সৰু লৰাটোৰ বিস্কুট খাই ভোক নপলোৱাত সি কান্দিবলৈ ধৰে। মানুহ গৰাকীয়ে শ্ৰীমতীক নমস্কাৰ কৰি কলে — – – বাইদেউ ভাত আছে যদি কেইটামান দিয়ক যোৱা কালিৰে পৰা একোকে খোৱা নাই । ৰাতিৰ থাকি যোৱা ভাত – দালিৰে সৈতে সিহঁতক খাবলৈ দিলে ।মানুজনীয়ে নিজেও খালে আৰু পোৱালী দুটাকো খুৱালে । মই সুধিলোঁ কত ঘৰ, দেউতাক কত – – -ইত্যাদি সুধাত কলে কিছুদিন পূৰ্বে মানুজন জ্বৰ হৈ ঢুকাল, চৰকাৰী হস্পিতাললৈ নিছিলে ডাক্তৰে বচাব নোৱাৰিলে। এতিয়া মানুহৰ ঘৰে ঘৰে কাম কৰোঁ। কেতিয়াবা কাম পাওঁ কেতিয়াবা নাপাওঁ। মই কলো লৰাটো কাৰোবাক দি নিদিয় কিয়? মানুজনীয়ে মনটো মাৰি কন্দনামুৱা হৈ কলে নিদিওঁ দাদা কাকো নিদিওঁ শৰীৰত শক্তি থকালৈ লোকৰ ঘৰত কাম কৰি ইহঁতক খুৱাম আৰু পঢ়ুৱাম । মই কলো বেয়া নাপাব মাকৰ মৰম মই বুজোঁ, তোমাৰ অসুবিধাৰ বাবেহে কৈছিলোঁ। অলপ সময়ৰ পিছত মানুহজনীয়ে আমাক আশীৰ্বাদ দি আমাৰ ঘৰৰ পৰা বিদায় ললে। মোৰ নিজৰে ভাইটি এজনৰ সংসাৰ পতাৰ বহু বছৰ হল । কিন্ত ভগৱানৰ আশীৰ্বাদত আজিলৈ সন্তানৰ মুখ দেখাৰ সৌভাগ্যই নহল। মানুজনী যোৱাৰ ফালে চাই ৰলো আৰু মোৰ ভাইটিলৈ বৰকৈ মনত পৰিল। #assamesekobita #axomiyakobita #hukhdukh #SahityaChorcha
- আলসুৱা হিয়া
আলসুৱা হিয়াত বাজিছে গীতৰ ঝংকাৰ, অসংখ্য অনুভূতিৰে পূৰ্ণ সোণালী স্বপ্ন নিৰাকাৰ। আলসুৱা হিয়াত অনন্ত অপাৰ চেনেহ, একাজলি বিশ্বাসত বগাইছোঁ দেহে কেহে। আলসুৱা হিয়াত জীৱনৰ ন-ধাৰা পাত, পৰমাত্মাৰ চৰণত শ্ৰদ্ধা ভক্তিৰ প্ৰণিপাত। #alakhuwahiya #assamesekobita #axomiyakobita #SahityaChorcha
- বিহংগম (চতুৰ্থ খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে
কেইবাশ বছৰ আগত ভূটানৰ হা ভেলীৰ জিফিউ বস্তিৰ সমীপৰ নদীখনৰ বুকুত আকাশৰ পৰা এটা আঘাত প্ৰাপ্ত শগুণ উৰি আহি পৰিছিল ৷ নদীখনৰ পানীত পৰা পাছতেই ডেউকা ভগা শগুণটো সুস্থ হৈ উঠি পুনৰ আকাশলৈ উৰা মাৰিছিল৷ এই সম্পূৰ্ণ ঘটনাটো এজন বুঢ়া বৌদ্ধলামাই প্ৰত্যক্ষ কৰি আছিল ৷ তেওঁ ধ্যানত বহি গম পালে যে সেই নদীখনৰ পানী ধৰ্মাত্মা দ্ৰুক্ পা কিনলেৰ আশীৰ্বাদ প্ৰদত্ত ৷গুৰু মহাত্মা দ্ৰুকপা কিনলেক সমস্ত ভূটানবাসীয়ে পগলা যোগী (Devine Mad Man) বুলি জানে ৷ তেওঁৰ দৰ্শন জ্ঞান আৰু মহিমা অপাৰ আছিল ৷ বুঢ়া লামাজনে সকলো মানুহৰ মাজত সেই নদীখনৰ ঐশ্বৰিক মাহাত্ম্য আৰু আহত শগুণটোৰ কাহিনি প্ৰচাৰ কৰিব ধৰিলে ৷ লাহে লাহে নদীখন চাবলৈ আৰু তাৰ পবিত্ৰ জলধাৰাত স্নান কৰিবলৈ নানান স্থানৰ পৰা যাত্ৰীৰ সমাগম হবলৈ ধৰিলে ৷ যাদুকৰী নদীখনৰ ঔষধি জলধাৰাত স্নান কৰাৰ পাছত যাত্রী সকলে শৰীৰৰ বিভিন্ন অংগৰ বিষ বেদনাৰ পৰা আৰোগ্য লাভ কৰা পৰিলক্ষিত হ’ল ৷ পাছলৈ মানুহে গুৰু দ্ৰুকপা কিনলেৰ আশীৰ্বাদ প্ৰদত্ত সেই নদীখনক জাগীমিনচূ বুলি জনা হ’ল ৷ ভূটানৰ জংখা ভাষাত জাগী মানে শগুণ, মিন মানে ঔষধি আৰু চু মানে হল পানী ৷ তোমাৰ ভাগ্যই আজি সেই পবিত্ৰ জলধাৰাত স্নান কৰাৰ সুযোগ দিছে বাচা ৷ বিশ্তোবাস ৰাখিবা তোমাৰ শৰীৰৰ সকলো বিষ বেদনা আতৰি যাব ৷ শাক্যমুনিয়ে দিব্যজ্ঞান লাভ কৰা পুণ্যভূমি ভাৰতবৰ্ষৰ পৰাও বছৰি বহুতো লোক হাড়ৰ বিষ বেদনাৰ পৰা আৰোগ্য লাভ কৰিবলৈ যাদুকৰী জাগীমিনচু নদীত স্নান কৰিবলৈ আহে ৷ ধৰ্মাত্মা লামাজনে খুব নিম্ন স্বৰৰে অভিনন্দনক কথা খিনি কৈ গৈছিল ৷ ডাঠ সেউজীয়া ওখ ওখ সৰলগছে দুই পাৰ আবৰি থকা একা বেকা পথটোৰে গাড়ীখনৰ পিছৰ চিটত বহি গৈ থাকোতে অভিনন্দনৰ নিজকে প্ৰাগৈতিহাসিক যুগৰ এখন মায়াবী ৰাজ্যৰ মাজেৰে গৈ থকা যেন অনুভব হ’ল ৷ তাতে গাড়ীখনৰ চাউন্ড চিষ্টেমত দোতাৰা ( জংখা ভাষাত ড্ৰাংগীয়েণ) আৰু বেহলা (জংখা ভাষাত চিওৱাং) আৰু বাঁহী ( জংখা ভাষাত ডং লিম)ৰ সমলয়ত বাজি থকা স্থানীয় তিববতীয় সংগীতৰ সুৰে তাৰ হৃদয়ৰ মাজত এক অনাবিল প্ৰশান্তি আনি দিছিল ৷ সংগীত আৰু সংস্কৃতি সদায়েই এখন ঠাইৰ প্ৰাকৃতিক পৰিবেশ আৰু জীৱন শৈলীৰ পৰাহে সৃষ্টি হয় ৷ তিব্বতীয় সংগীতবোৰৰ এক সুকীয়া সোৱাদ আছে, এই সংগীতৰ লয়ে মনত য্যোগৰ অনুভূতি জগাই তুলিছিল ৷ অভিনন্দনে মাজ মাজে গাড়ীখনৰ খিৰিকীৰে চাই শিহৰিত হৈও পৰিছিল ৷ সমুদ্ৰপৃষ্ঠৰ পৰা কেবা হাজাৰ ফুট উচ্চতাত পৰিভ্ৰমণ কৰি থকা একাবেকা পথটোৰ পৰা তলৰ নদ নদী সমূহ চকুৰেই মনিব নোৱাৰি ৷ তাৰোপৰি মাজে মাজ ৰাস্তাটোৰ এটা ফাল সম্পূৰ্ণ উন্মুক্ত আৰু তললৈ চালেই মুৰ আচন্দ্ৰাই কৰে ৷ মাজে মাজে ৰাস্তাটো ঘন কুৱঁলীৰে ঢাকি ধৰিছিল ৷ তেতিয়া অভিনন্দনৰ ঠান্ডাত গাৰ কপনিও উঠিছিল ৷ ডাঠ ঘন জংঘলৰে ভৰা পাহাৰীয়া সি ৰাস্তাটোৰে গৈ থাকোতে মাজে মাজে নীলাভ আকাশৰ তলত সূদুৰত বৰফে আবৃত শুকুলা পৰ্বতৰ শৃঙ্গবোৰ দেখা পাইছিল ৷ ধৰ্মাত্মা লামাজনে সেইবোৰ একাদিক্রমে , কাঞ্চন জংঘা, মিৰি পনচুম, কৈলাস আৰু এভাৰেষ্ট পৰ্বত বুলি আঙুলিয়াই দেখুৱাই গৈছিল ৷ প্ৰায় এক ঘন্টা মান পথ যোৱাৰ পাছত তাহাঁতৰ গাড়ীখন লাহে লাহে সমতল ভূমিলৈ নামিব ধৰিলে ৷ চেলালা পাহাৰৰ ওপৰৰ পৰা তলৰ সমতল ভূমিৰ জিফিউ ভেলী আৰু সৰু জাগীমিনচু নদীখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি অভিনন্দন ৰোমাঞ্চিত হৈ পৰিল ৷ নীলাভ আকাশৰ তলত চাৰিওফাল তুষাৰে আবৃত ওখ ওখ পৰ্বতৰ মাজত হালধীয়া আৰু সেউজীয়া বুলিয়া জিফিউ ভেলীখন ভূ-স্বৰ্গ যেন লাগিল তাৰ ৷ অবশেষত ধৰ্মাত্মা লামা লবজান থিনলে দৰজীৰ নিৰ্দেশত ড্ৰাইভাৰজনে গাড়ীখন জিফিউ বস্তি পোৱাৰ আগে আগে জাগীমিনচু নদীখনৰ পাৰত ৰখাই দিলে ৷ মহাত্মা লামা আৰু ড্ৰাইভাৰজনে ভূটীয়া সাজপোচাক খুলি এখন এখন টাৱেল পিন্ধিলোৱা দেখি অভিনন্দনেও গাৰ কাপোৰ যোৰৰ খুলি বেগটোৰ পৰা গামোচা এখন উলিয়াই পিন্ধি ল’লে ৷ আপুনি অসমীয়া নেকি? হঠাৎ অসমীয়াতে মাতষাৰ শুনি অভিনন্দনে থতমত খাই ইফালে সিফালে চাবলৈ ধৰিলে ৷ তুমি পিন্ধা গামোচাখনৰ পৰাহে তোমাক অসমীয়া বুলি ভাবিছো ৷ লামাজনৰ মুখৰ কথাষাৰ ত অভিনন্দন হতভম্ব হৈ পৰিল ৷ প্ৰভু আপুনি অসমীয়া জানে দেখোন ৷ আপুনি অসমত আছিল নেকি ? একে উশাহতে সি লামাজনক উদ্দেশ্যি সুধিলে ৷ এটা মিচিকিয়া হাঁহি মাৰি ধৰ্মাত্মা লামাজনে শান্ত মনেৰে অভিনন্দনক কলে- অসম আৰু ভুটানৰ সম্বন্ধ বহুত পুৰণি ৷ সপ্তম শতিকাৰ সময়ত ভূটানখন কোচবিহাৰৰ ৰজা সংগল্পদীপৰ অধীনত আছিল ৷ কিন্ত নবম শতিকাৰ প্ৰাক মুহূৰ্তত তিব্বতত ৰাজনৈতিক বিদ্ৰোহৰ অভ্যূত্থানৰ লগে লগে বহুতো বৌদ্ধলামাই জনপ্ৰাণ বচাই ভুটানৰ ভূমিত প্ৰবেশ কৰে ৷ দ্বাদশ শতিকাত ভূটানত তিব্বতৰ পৰা নিৰ্বাসিত হৈ অহা বৌদ্ধলামাসকলে প্ৰথমখন দ্ৰুকপা কাগীউপা বিদ্যালয় স্থাপন কৰিছিল আৰু তাৰ পাছতেই লাহে লাহে ভূটান এখন বৌদ্ধ ধৰ্মাৱলম্বী ৰাষ্ট্ৰলৈ পৰিগনিত হৈছিল ৷ ভূটান আজিলৈকে কোনো ৰাষ্ট্ৰৰ অধীনলৈ যোৱা নাই আৰু কোনো ৰাষ্ট্ৰকে আক্ৰমণো কৰা নাই ৷ প্ৰভূ শাক্যমুনি, গুৰু পদ্মানাভাৱা ( ৰিনপোচে ) আৰু পগলা যোগী দ্ৰুকপা কিনলেৰ আশীৰ্বাদ প্ৰদত্ত এইখন সৰু ৰাষ্ট্ৰ ভূটানক পৃথিৱীৰ সকলো শক্তি একলগ হলেও পৰাভূত কৰিব নোৱাৰিব ৷ ইয়াৰ আঁৰত বহুত ডাঙৰ ৰহস্য আছে তুমি পাছে পৰে জানিব পাবা ৷ আৰু মোৰ জন্ম হৈছিল অসমৰ নিচেই কাষৰীয়া ছামদ্ৰুপ জংখাৰত ৷ গতিকে মই অসমীয়া ভাষা কব আৰু লিখিব পৰাটো স্বাভাৱিক ৷ ধৰ্মাত্মা লামাজনৰ কথাখিনি শুনাৰ পাছত অভিনন্দন পুলকিত হৈ পৰিছিল ৷সুন্দৰ সন্ধিক্ষণত ধৰ্মাত্মাৰ সতে তাক পৰিচিত কৰি দিয়াৰ বাবে সি হৃদয়ৰ পৰা ভগৱানক অশেষ ধন্যবাদ জনালে ৷ অসমীয়া গামোচাখনকলৈয়ো তাৰ বহুত গৌৰৱবোধ হ’ল ৷ গামোচাখন সচাঁকৈয়ে অসমীয়া জাতিটোৰ কাৰণে এটা স্বাভিমান আৰু সুকীয়া পৰিচয় ৷ ‘ওঁম মনি পদ্মে হুম ‘ বুলি মণ্ত্রোচ্চাৰণ কৰি মহাত্মা লামাজন জাগীমিনচুত নামি দিয়াৰ লগে লগে অভিনন্দনে হৰি ওঁম বুলি উচ্চাৰণ কৰি পানী যুঁৱলিলৈ খোজ দিলে ৷ #assameseupanyas #axomiyaupanyas #bihangam #SahityaChorcha
- কৰ্দমাক্ত কলঙ্ক
এক আদি পৰিকল্পিত যোজনা পৃথিৱীৰ দ্বিপদী গছৰ জীৱনলৈ সিঁচৰিতি কৰি দিয়া হ’ল,যোজনাৰ ব্লু-প্ৰিন্ট্ মগজুৰ মধ্য কোণত সুমোৱাই দিয়া হ’ল তাৰ সঞ্চিত বীজ- তিমিংগিল তিমিৰাচ্ছন্ন পৃথিৱীৰ বক্ষবন্ধনী পোছাকী মুখাৰ বনিকৰ বেহা স্তব্ধ দ্বিপদী গছৰ জীৱন যাত্ৰাৰ দুৱাৰবোৰ মৃত্যুৰ যান্ত্ৰনাত কিলবিলনি দ্বিপদী জীৱ গছবোৰ! ভয় আৰু সন্দেহে চানি ধৰিলে গছৰ চকু ৰাজমহলৰ আদেশত সন্ধ্যা সাঁতোৰ- যুদ্ধৰ মিচাইলত কৈ শক্তিশালী নিৰব ঘাটকৰ শ্ৰুতলিপি বেজৰ মিতিৰালি অট্টহাস্য তৃপ্তি লৈ— মোট-সলালে এক বিষাক্ত সাপে অভিশপ্ত হৈ ৰ’ল যুগৰ পৃথিৱী!! #assamesekobita #axomiyakobita #kalanka #SahityaChorcha
- পুৰুষৰ দৃষ্টিৰে
জন্মিয়ে আইৰ কোলাতে নাম পালো বংশ ৰক্ষক; দোপত দোপে ডাঙৰ হৈ খোজে প্ৰতি সঁকিয়নি দায়িত্বৰ: সুকোমল কথাৰে আইয়ে গঢ় দিলে পুৰুষ নাগৰিক কৰি; বিবাহৰ পিছতহে আইয়ে হিয়াউজাৰি কান্দিলে মোৰ লৰাই অৱজ্ঞা কৰা বুলি: আই , তোৰ মৰমৰ ভোকাতুৰ আজিওতো মই! অনাথ নকৰিবি মোক মিছাতে সন্দেহৰ দৃষ্টি ৰাখি! সন্তানহৈ আহি তোৰ কোলাখন শুৱনি কৰিছিলোঁ; আলসুৱা তোৰ মৰমত সৰগতৃপ্তিৰে উমলিছিলো: এফালে পত্নীৰ শেনদৃষ্টি মাতৃক মৰম দিছো নেকি! আই তই জোখি মাখি থাক মৰম কমকে কৰিছো নেকি! আনে কি বুজিব তোৰ প্ৰতিপালনৰ মূল্য! সমস্ত সুখেও দাঙিব পাৰিব নেকি আইৰ তোৰ মমতাৰ সমতুল্য! পত্নীৰ বিনা নচলে মোৰ জীৱন ৰেখা! আই তোৰ অস্তিত্বৰ বিনা মোৰ জীৱন শূণ্যতাৰে ভৰা! পাৰ যদি এবাৰ মূৰত হাতখন ফুৰাবি! সংসাৰৰ কাইটিয়া পথবোৰ পাৰ কৰিবলৈ আশীৰ্বাদ কৰিবি; জীৱন থকালৈকে আই তোৰ সন্তান বুলিয়ে গৰ্বৰে চিনাকী দিম! হৃদয়ত তোৰ স্থান সদায়ে মধ্যত ৰাখিম #assamesekobita #axomiyakobita #purushordishtrire #SahityaChorcha
- জোনাকে বিচাৰে পোহৰ
বাকৰুদ্ধ আজি জনতা চাৰিওফালে উৰিছে কেৱল অবিশ্বাসৰ ধোঁৱা। ধুঁৱলি কুঁৱলিত পথভ্ৰষ্ট দৰিদ্ৰই ভোকৰ ভাতত বিচাৰিব খোজে সৰগ। সময়ৰ গতিত পদপিষ্ট নি:শ্বজনৰ ক্ৰন্দন আজি মাথো অৰণ্যৰোদন। ক্ষমতাৰ খকত দবৰা দবৰি বগৰা বগৰিত অন্ধৰ লাখুটিয়ে বাট হেৰুৱাই। জোনাকে পোঁহৰ বিচাৰি সাৱটি লয় আন্ধাৰ। #SahityaChorcha #jonak #axomiyakobita #junak #assamesekobita
- ফাগুন
এছাতি বতাহ বলিছে, যেন চেঁচা চেঁচা প্ৰেম অংকুৰিত কৰি বুকুত সেউজীয়া সপোন। হিয়াৰ সাজোন-কাচোন তুমি মোৰ বুকুৰ আপোন। উন্মানা ফাগুন, ফাগুনৰ মিঠা মিঠা মায়াৱী চাৱনিত এইয়া কিহৰ প্লাৱন? লঠঙা ডালবোৰত জোনাকৰ জিকমিকনি মোৰ বুকুত প্ৰেমৰ ধপধপনি। ফাগুন তুমি আহি শিমলুৰ পাহীত মাৰিলাহি হাঁহি,জগালাহি প্ৰেমৰ অগনি। পাহী নে হাঁহিৰ খলকনিত গাভৰু হ’ল মোৰ উন্মনা যৌৱন। ফাগুন তোমাক স্বাগতম। #assamesekobita #axomiyakobita #fagun #SahityaChorcha












