top of page

 SEARCH RESULTS 

Search this site

606 results found with an empty search

  • নিস্তব্ধ নিশাৰ উচুপনি

    ২০১৪ চনৰ চেপ্তেম্বৰ মাহৰ কথা৷ অভিনৱ তেতিয়া জেচিবি কোম্পানীৰ গুৱাহাটীৰ ৰিজিওনেল অফিছত ৰিজিওনেল হেভিলাইন মেনেজাৰ হিচাবে কৰ্মৰত আছিল ৷ সেই দিনাখন মেঘালয়ৰ লুমচুলঙৰ পৰা কিছু দূৰৈৰ পাহাৰৰ মাজত থকা চূণশিল খনিত এখন মেচিন পৰিদৰ্শন কৰি অভিনৱ সন্ধিয়া গ্ৰীণভেলী চিমেণ্টৰ গেষ্ট হাউছ লৈ উভতি আহিল ৷ কিন্ত যোগাযোগ ব্যৱধানতাৰ কাৰণে সেইদিনা গেষ্ট হাউছত অভিনৱৰ কাৰণে থকাৰ ব্যৱস্থা নহ’ল ৷ উপায়ান্তৰ হৈ অৱশেষত সি গ্ৰীণভেলী চিমেণ্ট কোম্পানীৰ ছৌহদটোৰ পৰা এক কিলোমিটাৰ মান দূৰৈত থকা হোটেল ‘গ্ৰীন হাট’ত উপস্থিত হ’ল ৷ সাত মান বজাত হোটেল পাই অভিনৱে ডীলাৰৰ ব্ৰান্স মেনেজাৰ দ্বীপেনক থবলৈ ড্ৰাইভাৰ জয়দেৱক তাৰ গাড়ীখনেৰে খিলেৰিহাটলৈ পঠিয়াই দিলে ৷ সেই সন্ধিয়া আঠমানবজাত বজাত গা মুৰ ধুই আজৰি হোৱাৰ পাছতে সি দিয়া নৈশাহাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি গ্ৰীণভেলী চিমেণ্টৰ মেইনটেনেন্স মেনেজাৰ মি: সিনহা আহি হোটেল ‘গ্ৰীনহাট’ ত উপস্থিত হ’ল ৷ সেই নিশা প্ৰায় এঘাৰ মান বজালৈ নানান কথাৰ আড্ডা পিটি মি: সিনহা যোৱাৰ পাছত অভিনৱ ভাগৰত লালকালহৈ বিচনাত বাগৰ দিলে ৷ দিনটোৰ কঠোৰ পৰিশ্ৰমৰ কাৰণে অভিনৱ তৎক্ষনাত গভীৰ নিদ্ৰাত লালকাল দিলে ৷ হঠাত মাজৰাতি দুপ্ দুপ্ শব্দত অভিনৱৰ টোপনি ভাঙিল ৷ বোধহয় লোড চেডিঙৰ নামত বিদ্যুত সংযোগ বিচ্ছিন্ন হৈ থকাৰ কাৰণে চাৰিও ফালে অন্ধকাৰ পৰিবেশ হৈ পৰিছিল ৷টোপনি ভঙাত তাৰ খুব পিয়াহো লাগিছিল ৷ বোধহয় নৈশ আহাৰত বিৰিয়ানী খোৱাৰ বাবেই সি তৃষ্ণাতুৰ হৈ পৰিছিল ৷ ঘিটমিট আন্ধাৰত অভিনৱে বিচনাৰ পৰা উঠি গৈ খেপিয়াই খেপিয়াই চাৰ্জত লগাই থোৱা মোবাইলটো বিচাৰিব ধৰিলে ৷ অৱশেষত ভেন্টিলেটৰেদি সোমাই অহা হোটেলৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰ হৈ যোৱা এখন ট্ৰাকৰ পোহৰত সি কোনোমতে মোবাইলটো বিচাৰি পালে ৷ সি মোবাইলত থকা টৰ্চৰ পোহৰত দৰ্জাখন খুলি হোটেলৰ ৰিচেপচনত কাকোৱেই নেদেখিলে ৷ দুমহলীয়া হোটেলখনৰ তলৰ মহলাত ৰিচেপচন কাউন্টাৰটোৰ সতে মাত্র পাচটা কোঠালী আছে ৷ টৰ্চৰ পোহৰত পাঁচোটা কোঠাৰ দুৱাৰত ওলমি থকা দেখি তলা কেইটাৰ পৰা বুজিব পাৰিলে যে তলৰ মহলাটোত সিয়েই একমাত্ৰ আবাসী ৷ পিয়াহত আতুৰ হৈ পৰা কাৰণে সি টৰ্চৰ পোহৰকে সাৰথি কৰি ওপৰৰ মহলাত গৈ হোটেলৰ কৰ্মচাৰী অথবা অন্য আবাসীৰ সন্ধান লবলৈ আগবাঢ়ি গ’ল ৷ ওপৰৰ মহলাত কোনোবাই নাক বজাই শুই থকাৰ শব্দ কানত পৰা ত অভিনৱে কাৰোবাক পাই যাব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল ৷ পাছে তলৰ মহলাৰ এমুৰৰ চিড়ি খনেদি ওপৰৰ মহলালৈ গৈ অভিনৱ শিহৰিত হৈ পৰিল ৷ ওপৰৰ মহলাটো সম্পূৰ্ণ ধুলিমাকতিৰে পোত খাই আছিল ৷ ওপৰৰ মহলাৰ ছটা কোঠাৰ দুৱাৰত উলমি থকা তলা কেইটাৰ পৰা সি বুজিব পাৰিলে যে গ্ৰীনহাট হোটেল খনৰ সেই নিশাটিৰ সিয়েই একমাত্ৰ আবাসী ৷ এক মুহূৰ্তৰ কাৰণে অভিনৱৰ গাটো কিবা এক অনাকাংক্ষিত উৎকন্ঠাত চেঁচা পৰি গ’ল ৷ সি যিমান পাৰে বুকু ডাঠ কৰি তলৰ মহলালৈ নামি আহি নিজৰ কোঠাত সোমাই দুৱাৰৰ খিলিটো ভালদৰে লগাই ল’লে ৷ উৎকন্ঠাত তাৰ পানীৰ পিয়াহ কেনিবা পলাল ৷ সহজ হবলৈ সি লেপটপটো চলাই বিচনা খনতে বহি দিলে ৷ ঠিক তেতিয়াই কোনোবাই ওপৰ মহলাৰ বেলকণি খনত দুপদুপাই খোজ কঢ়া শুনা পাই সি কিছুসময়ৰ বাবে শিল পৰা কপৌৰ দৰে থৰ লাগি ৰ’ল ৷ লাহেকৈ সি কম্বল খনকে মূৰৰে গাইয়ে মেৰাই বিচনাখনত চেপেটা লাগি পৰি ৰ’ল ৷ মোবাইল ঘড়ীটোলৈ চাই দেখিল ৰাতি একবাজি গৈছে ৷গাৰ কম্বলখনৰ তলৰ পৰাই সি উমান কৰিব পাৰিলে যেন কোনোবাই তাৰ দুৱাৰখনৰ কাষলৈ দুপ্ দুপাই আহি আকৌ উভতি গৈছে ৷ এবাৰ , দুবাৰ , তিনি বাৰ কৈ শুনাৰ পাছত সাহস কৰি অভিনৱ দুৱাৰখন ওচৰ চাপোতেই দুৱাৰৰ সিপাৰে কাৰোবাৰ হুমুনিয়াহ শুনি সি একেজাপে আহি কম্বলখন মুৰে গাইয়েই মেৰিয়াই বিচনাত নিঠৰ হৈ পৰি থাকিল ৷ লেপটপৰ স্ক্ৰীনৰ পৰা নিৰ্গত ইষৎ নীলা পোহৰে ৰুমটোৰ পৰিবেশ আৰু জয়াল কৰি তুলিছিল ৷ কম্বলৰ তলত অভিনৱ জ্বৰ ঘমাদি ঘামিছিল ৷ মোবাইলৰ বেটেৰীৰ চাৰ্জ মাত্র ৫০% বাচি আছে ৷ ৰাতিপুৱাবলৈ আৰু চাৰি ঘন্টামান বাকী আছে ৷ সেই মাজনিশা উৎকন্ঠাৰে ভৰা প্ৰতিটো মুহূৰ্ত সাহসেৰে সমুখীন হবলৈ সাজু হৈ অভিনৱে কিবা ভাবি মোবাইল ফোনত লৈ দ্বীপেনৰ নম্বৰ টো টিপি দিলে ৷ আচৰিতজনকভাবে মাত্র দুবাৰ ৰিঙ হওঁতেই দ্বীপেনে ফোনকলটো ধৰাত অভিনৱে কোনোমতে খেপ ঢুকি তাক যিমান পাৰে সিমান সোনকালে হোটেল গ্ৰীনহাট পোৱাকৈ মাতি পঠিয়ালে ৷ আহি পালে তাক সকলো বিৱৰি ক’ব বুলি অভিনৱে ফোনটো কাটি দিলে ৷ ফোনটো থোৱাৰ পাছতে দুৱাৰৰ সিপাৰৰ পৰা কোনোবাই খুব কোমল মাতেৰে অ, ছাৰ বুলি মতা স্পষ্ট কৈ শুনি অভিনৱৰ বুকুখন ধপধপাই গ’ল ৷ সি ৰুমৰ ভিতৰতো চকু দুটা মেলি চাবলৈ সাহস গোটাব নোৱাৰিলে ৷ ৰাস্তাৰে দুই এখন ট্ৰাক পাৰ হৈ যোৱাক বাদে পৰিবেশটো সম্পূৰ্ণ নিমাওমাও হৈ পৰিছিল ৷ আকৌ ওপৰৰ মহলাত কাৰোবাৰ ৰহস্যময় পদ সঞ্চালনৰ শব্দ ৰ লগতে টোপনিতে নাক বজোৱাৰ দৰে শব্দ ৷ কেতিয়াবা আকৌ তাৰ কোঠাৰ দুৱাৰখনৰ সিপাৰৰ পৰা কাৰোবাৰ পৰা হুমুনিয়াহ মৰাৰ শব্দ ৷ মুঠৰ ওপৰত অভিনৱ ভয়ত আতংকিত হৈ কোনমতে পেপুৱা লাগি লেপখনৰ তলত লৰচৰ নকৰি সোমাই থাকিল ৷ প্ৰায় আধা ঘন্টামান সময় সি তেনেকৈ জঠৰ হৈ পৰি থকাৰ মাজতেই দ্বীপেনৰ ফোন আহিল ৷ নেটৱৰ্কৰ বিজুতিৰ কাৰণে তাৰ কথাখিনি ভাল দৰে অভিনৱে বুজিব নোৱাৰিলে ৷ উভতি সি ফোন কৰাত ফোনটো নেটৱৰ্ক সংযোগ সীমাৰ বাহিৰত বুলি জানিলে ৷ হঠাত কোনোবাই হোটেল চৌহদৰ দৰ্জাখন খোলাৰ শব্দ কানত পৰাত অভিনৱ মনটো অলপ পাতল পাতল লাগিল ৷ সি উঠি গৈ খিৰিকিৰে জুমি চাব বুলি ভাবোঁতেই কোনোবা ছোৱালীয়ে উচুপি উচুপি কন্দা শুনি পুনৰ কম্বলখন মুৰে গাইয়ে ঢাকি নিশ্চল হৈ পৰি থাকিল ৷ বহুত কৰুণ উচুপনিৰ শব্দ লাহে লাহে ক্ষীণ হৈ আহিছিল ৷ অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত অভিনৱে এইবাৰ তাৰ জাইলো খন ৰখাৰ শব্দ শুনিলে ৷ ঠিক তেতিয়াই পুনৰ দ্বীপেনৰ ফোন অহাত অভিনৱ আশ্বস্ত হ’ল যে সম্পূৰ্ণ ৫০ মিনিট সময়ৰ পাছত তাহাঁত খিলেৰিহাটৰ পৰা আহি লুমচুলঙ পালেহি ৷ ফোনত দ্বীপেনে হোটেল চৌহদৰ মুল দৰ্জাখনত তলা মৰা আছে কাৰণে অভিনৱক ওলাই আহিবলৈ কলে ৷ অভিনৱে তাৰ ভয়ৰ ভাবটো লুকুৱাই আন্ধাৰত সি ওলাই যাব নোৱাৰিব বুলি জনোৱাত দ্বীপেন আৰু ড্ৰাইভাৰ জয়দেৱ হোটেল চৌহদৰ ওৱাল বগাই হোটেলৰ তলৰ মহলাৰ মুল দুৱাৰখনৰ ওচৰলৈ আহি বাহিৰৰ পৰা মাৰি থৈ যোৱা তলাটো ভাঙি ভিতৰলৈ সোমাই আহিল ৷ অভিনৱক হোটেলৰ ভিতৰত তেনেকৈ অকলশৰে তলা মাৰি থৈ যোৱাৰ কাৰণে দ্বীপেন খঙ আৰু হতাশাত টিঙিৰি তুলা হৈ পৰিছিল ৷ অভিনৱেও কিবা অলপ চিন্তা কৰি অলপ আগতে তাৰ সতে ঘটি যোৱা অভিজ্ঞতাখিনি লুকুৱাই ৰাখি তাৰ বুকুখনত উঠা এটা অসহনীয় বিষৰ বাবেহে তাহাঁতক মাজৰাতিখন লৰালৰিকৈ মাতি পঠোৱাৰ বাবে ক্ষমা বিছাৰিলে ৷ দ্বীপেনে উলোটাই তাহাঁতক যদি নামাতিলেহেতেন কি কি দুৰ্দশা ঘটিব পাৰিলেহেঁতেন অভিনৱক বুজাই দিলে ৷ অভিনৱে মবাইলৰ ঘড়ীটোলৈ চাই দেখিলে ৰাতি আঢ়ৈটা বাজ গৈছে, গতিকে তাৰ লগত তাহাঁতকো গ্ৰীনহাটতে ৰাতিটো থাকিব কলে ৷ দ্বীপেন, জয়দেৱ আৰু অভিনৱ তিনিওজন একে খন বিচনাত দীঘল দি ৰাতিটোৰ বাকীকণ সময় পাৰ কৰিবলৈ অপেক্ষা ৷ কৰিলে ৷ কথাৰ মাজতে অভিনৱে দ্বীপেনে মাজপথৰ পৰা কিয় ফোন কৰিছিল বুলি সোধাত দ্বীপেনে তাক সি ফোন কৰা নাই বুলি জনালে ৷ তথাপি সি আৰু এবাৰ নিশ্চিত হবলৈ তাৰ ক্লিষ্ট চাই অভিনৱক আহিথাকোতে মাজবাটৰ পৰা ফোন নাইকৰা বুলি কলে ৷ অভিনৱে একো উত্তৰ নিদি নিজৰ কল ৰিচিভ কৰাৰ লিষ্টখন চাই হতবাক হৈ পৰিল ৷ দ্বীপেন ফোন নম্বৰৰ সলনি সি তাৰ ককায়েকৰ ফোন নম্বৰটোহে দেখিলে যিজন ককায়েকৰ তিনিবছৰ আগতেই পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ আৰু ককায়েকৰ মৃত্যুৰ পাছতে সেই মোবাইল নম্বৰটো কলসেৱা স্থায়ীভাৱে বন্ধ কৰা হৈছিল ৷ সকলোবোৰ অভিনৱৰ কাৰণে ৰহস্যময় হৈ পৰিছিল ৷ তথাপিও সি দ্বীপেন আৰু জয়দেৱৰ সন্মুখত সহজ ভাবেই অভিনয় কৰি গ’ল ৷ ৰাতিপুৱাই সি গৈ এয়াৰটেল অফিছত গৈ নম্বৰটোৰ সম্ভেদ ল’ব বুলি উৎকন্ঠাৰে বাটচাই এঘুমটি মাৰিলোৱাই যাওঁক বুলি চকু দুটা মুদি দিলে৷ #assamesekobita #axomiyakobita #nishtabdonixarusuponi #SahityaChorcha

  • বিস্তীৰ্ণ জীৱনৰ এখিলা পাত

    বিস্তীৰ্ণ জীৱনৰ এখিলা সৰা পাত ৰঙৰ সপোন দেখি বলুকা শিলত ছবি আঁকি আঁকি এটা কবিতাৰ ঘৰ সাজি। ছন্দৰ হেঙেৰা বেৰৰ মাজেৰে চন্দ্ৰই হাত বঢ়াই মাতে মাজনিশাৰ মাজমজিয়াত মালা গাঁথাৰ সপোনেৰে। পখিলাৰ গুণ-গুণনি জোনাক ফুটা ৰাতিত অপেক্ষাত অমিয়া প্ৰেম উজাগৰে হৃদয়ত তৃষাতুৰ ফাগুনে তেজাল ফুল হৈ ফুলে। হঠাৎ দূৰৈৰ পৰা ভূমিকম্পৰ এটা জোকাৰণীত সৰা পাতৰ দৰে সপোনবোৰ সৰে জীৱনৰ পাতখিলা উৰুৱাই দূৰলৈ গভীৰৰ পৰা গভীৰ সাগৰত পৰে। ভাঁহি ভাঁহি সাগৰৰ বুকুত আত্মগোপন ফাগুনীয়া যৌৱনৰ কোলাহল শিমলু পলাসৰ যৌৱনাদীপ্ত সুবাস বিষাদৰ উশাহ হৈ তাতেই ৰচনা হয় অৰ্ধভষ্ম প্ৰেমৰ কাব্যৰ সৃষ্টি বিস্তীৰ্ণ জীৱনৰ এখিলা পাত। #assamesekobita #axomiyakobita #bistrinajivanorakhilapaat #SahityaChorcha

  • মানুহেই এইখন পৃথিৱীত সৌন্দৰ্যৰ সূৰ্য্য

    মায়ামোহ আবিষ্ট দুৰ্ভেদ্য দুৰ্গম দূৰ্গ হয় যদি চুৰ্ণ বিচুৰ্ণ কালশ্ৰোত নিৰুদ্ধ হৈ হ’লে বেদশূন্য স্থিতপজ্ঞ যোগ সমাধিস্থ নিশ্চল অচল স্পন্দনহীনতাৰে আচন্ন অচিন অনাহুত ধ্বনি প্ৰতিধ্বনিৰ অভ্যান্তৰত নিৰন্তৰ অনন্ত ব্ৰহ্মজ্যোতি হ’ব প্ৰস্ফূটিত জাগ্ৰত সমাধি দিব্য মহিমা প্ৰাপ্তিৰে সৰ্বতে দৃশ্যমান হ’ব ব্ৰহ্মময় বসন্তৰ অপূৰ্ব দৃশ্য দেখিবা বুজিবা মন প্ৰাণ আত্মাৰে অনুভৱ কৰিবা মানুহেই এইখন পৃথিৱীৰ সৌন্দৰ্যৰ সূৰ্য্য সকলো জীৱয়েই অচিন্ত্য ঈশ্বৰৰ অংশ #assamesekobita #axomiyakobita #menandearth #SahityaChorcha

  • মোৰ কণমানি মাইনা

    তুমি মোৰ এক আকাংক্ষিত মিঠা সপোন, তুমি মোৰ এক জীৱন দৰ্শনৰ দাপোন। #Assameseshyari #Assamesestabak #babymaina #SahityaChorcha

  • ব্ৰহ্মাণ্ডৰ অভিমুখী যাত্ৰী

    মোৰ স্বপ্নৰ তালিকাত লওক সুখময় জগত গঢ়, নিজান গ্ৰহত হওক আমাৰ এটি সৰু ঘৰ। ধৰাৰ হাই হুৰুমীত অতিষ্ঠ মোৰ আত্মা, তোমাৰ সতে বিলীন হম হে পিতামহি পৰমাত্মা! চাৰিও দিকে ত্ৰাহি তাড়নাত কম্পিত ধৰিত্ৰী, সকলো ত্যাগি মই ব্ৰহ্মাণ্ডৰ অভিমুখী যাত্ৰী। #assamesekobita #axomiyakobita #brahmandaryatri #SahityaChorcha

  • কবই নোৱাৰি

    আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি পদে পদে হতাশাইহে ধৰে সাৱতি বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি আপেক্ষাৰ অনলত দুখে ভৰা দুৰ্দিনত জ্বলি পুৰি ছাঁই হৈ গৈছে দিনৰাতি প্ৰতীক্ষাৰ অন্ত নাই তৃষাৰো শেষ নাই আগুৱাইছো অক্লান্ত সংগ্ৰাম কৰি দুৰ্মদ দুৰ্য্যোগ আহি ভাঙে মোৰ ঘৰ বাৰী ভৰ বাৰিষাৰ বানত যায় উটি ভাঁহি যদিও হেৰুৱাও থৰ পুণৰ সাজি লওঁ ঘৰ কাল ধুমুহাই ভাঙে পুনু মষিমূৰ কৰি অনিৰ্বাণ ধুমুহাই অজান হিয়া কঁপাই ৰওঁ বাৰে বাৰে হিয়া মন থিৰ কৰি জ্বলিব এদিন চাকি জীৱন পোহৰ কৰি দুৰ্বিসহ দুখবোৰো এদিন যাব আঁতৰি আশাৰ চাকি জ্বলাই ৰৈ আছো বাট চাই সপোনবোৰ বাস্তৱ হ’ব বুলি ভাৱি ধিমিকি ধিমিকি জ্বলা চাকিৰ তলত বহি ৰাতিবোৰ আছো মাথো পাৰ কৰি পাৰ হৈছে দিনবোৰ মাথো কান্দি কান্দি সুখৰ মুখ কোনোদিনে নেপালো দেখি অশ্ৰুৰে জীৱন জানা নিকা কৰিব নোৱাৰি ত্ৰাস সন্ত্ৰাসেৰে দিনবোৰ যায় বাগৰি কৰ্ম ভাগ্য তৃষা স্বপ্ন সকলোৱেই অসাৰ নিয়তিৰ চাতুৰী একো বুজিব নোৱাৰি কৰিছো খাইছো মাথো জীয়াই আছো জীৱন সাৰ্থক বুলি ক’বই নোৱাৰি #assamesekobita #axomiyakobita #koboinuwari #SahityaChorcha

  • বিহংগম (পঞ্চম খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

    বৌদ্ধ ধৰ্মত জল ইশ্বৰৰ কাৰণে আটাইতকৈ পবিত্র, নিৰ্মল, স্বচ্ছল আৰু উৎকৃষ্ট অঞ্জলি বুলি মনা হয়৷ সেই কাৰণে লামা সকলে পবিত্ৰ জল চতিয়াইহে পূজা পাতল আদিৰ সুভাৰম্ভ কৰে৷ তেওঁলোকে যাত্ৰা পথত পোৱা পবিত্ৰ নদী বা নিজৰাৰ পৰা জল সংগ্ৰহ কৰাটো এটা পৰম্পৰাগত ৰীতিও৷ মহাত্মা লবজান থিনলে দৰজী এ অভিনন্দনক উদ্দেশ্যি কথাখিনি কৈ ইষ্ট দেৱতাক স্মৰণ কৰি পানীত ডুব মাৰিলে৷ জাগীমিনচুৰ পবিত্ৰ হিম চেঁচা পানীত ভৰি থোৱাৰ লগেলগেই অভিনন্দন ঠান্ডাত শিঞৰি উঠিল ৷ হৰি ওঁম হৰি ওঁম বুলি উচ্চাৰণ কৰি সিও মহাত্মা লামাৰ কাষতেই পানীত ডুব মাৰিলে৷ চেচা পানীত ডুব লগোৱাৰ পাছত তাৰ কিছু পৰিমানে দেহৰ শীতলতা কমি যোৱা যেন অনুভব হ’ল৷ মহাত্মা লামাই তাৰ মনৰ ভাব বুজি পাই কলে, তিব্বত সীমান্ত আৰু হিমালয় গিৰিমালাৰ পৰা ওলাই ভূটানৰ মাজেৰে বৈ যোৱা নদীসমূহৰ পানীত বহুত পৰিমাণে মহৌষধি মিহলি থাকে৷ হিমালয় গিৰিমালাৰ জংঘলৰ মাজৰ নানান ঔষধি বন বিৰিখ জান জুৰিৰ পানীৰ সতে মিহলি হৈ ভৈয়ামলৈ বৈ আহে ৷ নানান ৰাসায়নিক পদাৰ্থ যেনে চালফাৰ, ফচফৰাচ, পটাছিয়াম, বেন্টনাইত আৰু ৰূপ আদি পদাৰ্থ এই নদীৰ জলৰাশিত থকাও প্ৰমাণিত হৈছে ৷ কিন্ত দুখৰ কথাটো হ’ল সমস্ত ভূটানবাসীৰ আৰাধ্য এই পবিত্ৰ নদীবোৰ ভাৰতৰ ভূমিত প্ৰবেশ কৰাৰ লগে লগেই তাৰ আদৰ নাইকিয়াই হৈ পৰে ৷ কিন্ত অতীজত এই নদীসমূহ ভাৰত পূন্যভূমিৰ লোক সকলৰো পূজ্য আছিল৷ কিন্ত সময়ৰ সোঁতত ধৰ্ম আৰু কৰ্মৰ পৰিবৰ্তনৰ লগে লগে এই পৰম্পৰা লোপ পাব ধৰিলে৷ মানুহে গেলা পঁচা জাবৰ জোথৰ আৰু ৰাসায়নিক বিষাক্ত দ্ৰব্য পেলাই নদীৰ পানী প্ৰদূষিত কৰিবলৈও কুন্ঠাবোধ নকৰা হ’ল৷ নদীসমূহ মাতৃ স্বৰূপীনি পৃথিৱীৰ স্তনৰ পৰা বৈ থকা পবিত্ৰ পুস্তিকাৰক অমৃত আৰু ইয়াৰ সংৰক্ষণ কৰাতো আমাৰ কৰ্তব্য৷ কথাখিনি কৈ মাহাত্মা লামাজনে অভিনন্দনক জামোলহাৰি পৰ্বতৰ ফালে মুৰ দোৱাই আশীৰ্বাদ লবলৈ ক’লে৷ পৰ্বতপিতা কাঞ্চনজংঘাৰ ভাৰ্য্যা জামোক ভূটান আৰু তিব্বতত শক্তিৰ অধিষ্ঠাত্ৰী ৰূপত পূজা কৰা হয়৷ তেওঁকেই পাৰোবাসীয়ে ইষ্ট দেৱতা হিচাপে পূজে ৷ তেওঁৰ আশীৰ্বাদ অবিহনে ভূটান অসুৰক্ষিত ৷ মা জামোলহাৰিৰ আচলতেই পাৰোৰ বিখ্যাত টাকাটচাঙ্ মনেষ্ট্ৰী (টাইগাৰ নেষ্ট মন্দিৰ) আৰু নীলা মন্দিৰ অৱস্থিত ৷ তুমি ভূটানৰ পৰা উভতি যাওতে শাক্যমুনি বুদ্ধৰ দ্বিতীয় অৱতাৰ প্ৰভূ পদ্মসম্ভাৱাই দিব্যজ্ঞান প্ৰাপ্তি কৰা সেই পবিত্ৰ স্থানত মুৰ দোৱাই যাবা৷ তোমাৰ ভবিষ্যত মংগল হ’ব৷ “ওঁম মনি পদ্মে হুম” বুলি উচ্চাৰণ কৰি মাহাত্মা লামাজন আৰু টেক্সি ড্ৰাইভাৰজন নদীৰ পৰা পাৰলৈ উঠি যোৱাৰ পাছত অভিনন্দনে লাহে লাহে পানীৰ পৰা পাৰলৈ বুলি খোজ ললে৷ তাৰ কাৰনে লাহে লাহে সকলোবোৰ যেন ৰহস্যজনক হৈ পৰিব ধৰিছে৷ সি কি উদেশ্য লৈ আজি থিম্ফুলৈ আহিছিল আৰু এতিয়া সি কি কি কৰিব ধৰিছে৷ সকলোবোৰ বাৰু পূৰ্বৰে পৰা নিৰ্ধাৰিত অনুযায়ী হৈ যাব ধৰিছে নেকি৷ পাৰো বিমানবন্দৰৰ পৰা ওলাই অহাৰ পাছতেই তাৰ অনুসন্ধিৎসু মনটোৱে কাৰোবাক বিচাৰিছিল যিয়ে কিম্বদন্তিৰ দেশখনৰ বিষয়ে তাক ক’ব৷ আৰু আচম্বিতে মহাত্মা লামাজনে তাৰ মনৰ সকলো গোপন অভিলাষ পুৰণ কৰি গৈছে৷ এইয়া চাগে সচাঁকৈয়ে প্ৰভূ শাক্যমুনি বুদ্ধৰে লীলা বুলি মনতে ভাবি অভিনন্দনেও মুখৰ ভিতৰতে “ওঁম মনি পদ্মে হুম” বুলি আওৰাব ললে৷ নদীৰ পৰা উঠি পাৰ পাওঁতেই হাতীয়ে চিঞৰ মৰা দৰে দুই তিনিবাৰ মান পাহাৰৰ মাজত গুঞ্জিত হোৱা শব্দটো শুনি অভিনন্দনে অনুসন্ধিৎসুক ভাবে সেইটো কিহৰ শব্দ বুলি মহাত্মা লামাক সুধিলে৷ সেইয়া ডুঙ-চেনৰ শব্দ৷ ভূটান আৰু তিব্বতত পূজা পাতল কৰিলে এবিধ দীঘল শিঙা (ডুঙ-চেন), সৰু শিঙা (গ্যালিঙ), টিংচা (তাল),নাগাৰা (চয়ে-ন্গা) আৰু শংখ (কাৰ-ডুঙ) বজোৱা নিয়ম আছে ৷ এইবোৰ বাদ্য যন্ত্ৰৰ শব্দত বেয়া আত্মা আৰু অপশক্তি বোৰৰ পতন হয়৷ আজিৰ বিজ্ঞানেও শব্দশক্তি বিভিন্ন ধৰণৰ কাৰ্য্যত ব্যৱহাৰ কৰিব ধৰিছে৷ ডুঙ-চেন এবিধ দহৰ পৰা বাৰফুট দিঘল তিববতীয় পেঁপা৷ তিব্বতত আকৌ এই বিশেষ পেঁপাটোক ৰাগ- ডুঙ বুলিহে কয়৷ প্ৰায় ৮৩৬ খ্ৰীষ্টাব্দত তিব্বতৰ ৰজা লেঙ ডাৰ্মাই দেশত বৌদ্ধ ধৰ্ম নিষিদ্ধ কৰি অতীজৰ বন বুলি ধৰ্মীয় বিশ্বাস বলবৎ কৰিছিল৷ সেই সময়খিনি তিব্বতত ধৰ্ম যুদ্ধৰ সূচনা হৈছিল৷ বৌদ্ধলামা সকল প্ৰানৰ মমতাত ভূটান আৰু ভাৰতৰ বিভিন্ন স্থানলৈ পলায়ন কৰিছিল৷ ১০৪০ খ্ৰীষ্টাব্দ মানত পশ্চিম তিব্বতৰ ন্ঙাৰি প্ৰদেশৰ ৰজা ল্হা-চুন-জাংচুপ-ৱৌ এ ভাৰতবৰ্ষৰ প্ৰসিদ্ধ বৌদ্ধগুৰু অতীশক তিব্বতত বৌদ্ধ ধৰ্মৰ পুনৰ্স্থাপনৰ হেতু নিমন্ত্ৰণ জনাই প্ৰথম বাৰৰ বাবেএই পেপাঁ বজাইছিল৷ ৰীতিমতে সদায়েই দুটা ডুঙ-চেন পেঁপা একলগে বজোৱা হয়৷ মহাত্মা অতীশৰ আচল নাম আছিল অতীশ দীপাংকৰ শ্ৰীজ্ঞান৷ তেওঁৰ পিতৃৰ নাম আছিল কল্যাণ শ্ৰী আৰু মাতৃ প্ৰভাৱতী৷ ৯৮২খ্ৰীষ্টাব্দত মহাত্মা অতীশৰ জন্ম হৈছিল তেতিয়াৰ অখণ্ড ভাৰতৰ বিক্রমপুৰ (এতিয়া বাংলাদেশৰ মুছিগণ্জ) ত৷ মহাত্মা অতীশে সফলতাৰে তিব্বতত বৌদ্ধ ধৰ্মৰ পুনৰ্স্থাপন কৰিছিল৷ “ওঁম মনি পদ্মে হুম” বুলি উচচাৰণ কৰি মহাত্মা লামাই অভিনন্দনৰ মুৰৰ তিতি থকা চুলিখিনি মৰমেৰে তাৰ হাতৰ গামোচাখনৰে মচি দি পুনৰ কবলৈ ধৰিলে, বৌদ্ধ ধৰ্মৰ বজ্ৰায়ান শাখাৰ মতে শাক্যমুনি বুদ্ধৰ আঠোটা প্ৰতীকৰ ভিতৰত কাৰ-ডুঙ (শংখ) ও এটা পবিত্ৰ প্ৰতীক৷ কাৰ-ডুঙ মানে এই শংখটোৱে মহাত্মা মহাপ্ৰভূ বুদ্ধই প্ৰদান কৰা দীক্ষাৰ খ্যাতি সূচায়৷ শংখ একমাত্ৰ বাদ্যযন্ত্ৰ যাৰ পৰা ওলোৱা শব্দ-ধ্বনি দশোদিশে সমান বেগত বিয়পি পৰে৷ এই শংখই মহান বৌদ্ধধৰ্মৰ সত্যতাক নিৰ্ভীক ভাবে চাৰিও দিশে প্ৰচাৰ কৰে৷ তুমি ভূটানৰ সকলো স্থানতেই এইবোৰ বাদ্য যন্ত্ৰৰ শব্দ আৰু মন্ত্ৰ ধ্বনি শুনিব পাবা৷ মনদি শুনিলে এই মন্ত্র ধ্বনিয়ে তোমাৰ মনৰ অৱসাদ আৰু অস্থিৰতা দূৰ কৰি দিব৷ মহাত্মা লামাৰ সৰল আৰু তথ্যপূৰ্ণ সাৱলীল কথা বতৰাই অভিনন্দনক মুহি পেলাইছিল৷ সি নিৰলে মহাত্মা লামাৰ কথাবোৰ গুৰুত্বসহকাৰে শুনি গৈছিল ৷ নদীৰ পাৰত এজন ভূটীয়া মানুহে জাগীমিনচুৰ পাৰত গোল গোল শিল কিছুমান জাপ জাকৈ ৰাখি ৰদত গৰম কৰি থকা দেখা তাৰ মনত আকৌ কৌতুহল জাগি উঠিল৷ সি লামাজনক কথাটো সোধাত তেওঁ কলে – এই নদীৰ পানী বহু ঔষধি আৰু সেয়েহে নদীৰ শিল সমূহৰো ঔষধি গুণ থকাটো স্বাভাৱিক ৷ শিল সমূহ ৰদৰ তাপত গৰম কৰি তাৰ,সেক ল’লে বাত-বিষৰ পৰা উপশম পাব পাৰি৷ সেই বাবে তেওঁ শিলবোৰ ৰ’দাই আছে৷ আহা এতিয়া আমি গাড়ীত বহো৷ এতিয়াও আমি থিম্ফুলৈ বহু দূৰ পথ যাবলৈ আছেই৷ অবশ্যে তোমাৰ কথা সুকীয়া তুমিটো দীঘলীয়া আৰু দূৰ্গম যাত্ৰা ভালেই পোৱা৷ ব’লা তোমাক গোটেই ৰাস্তা মই টাকাটছাম মনেষ্ট্ৰী আৰু মহাগুৰু পদ্মসম্ভাৱাৰ মাহাত্ম্যৰ কথা কম৷ তুমি শুনি ভালেই পাবা৷ মহাত্মা লবজান থিনলে দৰজীৰ কথাষাৰ শুনি অভিনন্দন থতমত খালে৷ লামাই তাৰ মনৰ প্ৰতিটো কথাই কেনেদৰে গম পাই যায়৷ লামাজন যাদুকৰ নেকি বাৰু নে তাৰ সৰলতাৰ সুযোগ লৈ তাক বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰোৱাৰ মতলব লৈছে৷ তথাপিও কিয় জানো তাৰ লামাজনৰ প্ৰতি অন্তৰৰ ভক্তি আৰু সন্মান উপচি পৰিছিল তেওঁৰ মুখৰ প্ৰতিটো কথাই তাৰ কাৰণে অমূতবানী যেন লাগিছিল৷ অভিনন্দনে কাপোৰ কানি খিনি বেগত সুমুৱাই লৈ মহাত্মা লামাৰ পাছে পাছে গৈ গাড়ীৰ ওচৰ পালেগৈ৷ #assameseupanyas #axomiyaupanyas #bihangam #SahityaChorcha

  • আত্মবিশ্বাসৰ সেতু

    জীৱনৰ প্ৰতি পল জীৱনৰ প্ৰতি ক্ষণ, অটুট আত্মবিশ্বাস আভ্যন্তৰীণ শক্তিৰ ইন্ধন। বিফলতাৰ বান্ধোন স্বীকাৰ ঋণাত্মক চিন্তাৰ হাহাকাৰ, আত্ম বিশ্বাসৰ বল অদ্ভুত-অদম্য-নিৰাকাৰ। সৰ্ব জগত থিয় তোমাৰ বিৰুদ্ধে যিহেতু, একমাত্ৰ সাৰথি তোমাৰ আত্ম বিশ্বাসৰ সেতু। আত্ম বিশ্বাসীৰ কার্যফল অসাধ্যও হয় সাধ্য, কৃতকাৰ্য স্বয়ংকৃতভাবে পদ চুম্বীবলৈ বাধ্য। #SahityaChorcha #confidence #axomiyakobita #assamesekobita #atmabishaxorsetu

  • জয়াৰ বিননী

    শুনিছোঁ জেৰেঙাত জয়াৰ বিননী যুগৰ ব্যস্ত জীৱনত শুনিবলৈ কাৰোৰে আহৰি নাই। স্বদেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহিদৰ জননীযে কান্দে হিয়া ভাঙি। অনাথ শিশুৰ টেঁটুফলা চিঞৰ। এমুঠি অন্নৰ বাবে কতজনী গাভৰুৰ যৌৱন বিক্ৰীহোৱা সন্তাপ ধৰ্ষিতাৰ হিয়া ভঙা কান্দোন। শ্ৰমজীৱী শোষণৰ বলি হৈ হুমুনিয়াহৰ পেটত গামোচাৰ বান্ধ। কাল আমানিশা শ্মশানত যৌৱনত অনাকাংক্ষিত মৃত আত্মাৰ বিকৃত আৰ্টনাদ। জেৰেঙাত জয়াৰ উচুপনি জাঁজী হৈ বৈ যায় লুইত ধীয়াই নাৱৰীয়া ছদ্মবেশত গদাপাণি নীৰৱ দৰ্শকৰ বৈঠা বায়। আজিও কান্দিছে সতী জয়মতী আই বৰ্তমান সময়ৰ কেৰুনবোৰ চাই দুগালে দুধাৰী অবুজ চকুলো বোৱাই। #assamesekobita #axomiyakobita #joymoti #SahityaChorcha

  • শান্তিৰ কপৌ

    উতনুৱা ফাগুনৰ চঞ্চলা বতাহ জাকে আৱৰি ধৰিছিল মৰমৰ আবেগেৰে। মনত দোলা দি গৈছিল মৰমৰ এছাটি বতাহে। বিচাৰি ফুৰিছিল নোপোৱা কিবা এটি পোৱাৰ হেপাঁহত। আশাৰ বন্তি গছিৰ পোহৰত জিলিকিছিল চকুহাল। সাৱটি লৈছিলোঁ দুহাত মেলি শান্তিৰ কপৌযুৰি আলফুলে – মৰমেৰে। #assamesekobita #axomiyakobita #SahityaChorcha #shantirkapau

  •  অস্তমিত প্ৰাচুৰ্য

    এটি সূৰ্যৰ মৃত্যু হৈছিল সংগ্ৰামী  আত্মাৰ বিননিত  জৰজৰকৈ খহিছিল লুইত পাৰৰ মাটি, কৰুণ সুৰ এটি ৰৈ ৰৈ বাজিছিল “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?” পুৱতি তৰাটি ট ট কৈ জ্বলি  আছিল অস্পষ্ট নীৰৱতাত বুৰ গৈছিল দিনৰ সৌন্দৰ্য। প্ৰেয়সীৰ বিয়াৰ ৰভাতলীত ৰিণি ৰিণি ভাঁহিছিল সেই  অলিখিত জীৱন গাঁথা “পৰজনমৰ শুভলগনত  যদিহে  আমাৰ হয় দেখা” সোঁৱৰণিৰ শব্দবোৰ হেৰাইছে হেৰাইছে প্ৰশংসাৰ বাণী আত্মাৰ একান্ত নীৰৱতাত অনুভৱ কৰোঁ  তোমাৰ সংগ্ৰামী আদৰ্শ, যুগজয়ী সত্বা। নিঃকিণ চেতনাৰ নিৰুদ্দিষ্ট কলমৰ আগে শোণিত স্পৰ্শৰ এটোপাল চিয়াঁহীৰে বিষ্ণুৰাভা তোমাক ক’ব খোজো “লগন উকলি গ’ল, তেও যে নহ’ল কোৱা” #bishnurabha #SahityaChorcha #axomiyakobita #astmit #assamesekobita

  • উওৰ নাপালো বিচাৰি

    জীৱনৰ জটিল পথত উওৰ নাপালো বিচাৰি। এন্ধাৰ নিশা একা বেকা পথত দুকুৰি বছৰ পাৰ হৈ গ’ল! টোপনীত লাল কাল কঢ়িয়াই লৈ ফুৰোঁ চকুৰ পতাত উজাগৰে পাৰ কৰোঁ সময় বোৰ। নিশা বোৰৰ সতে কথা পাতো অকল সৰে! মাজ নিশা ফেচাৰ উৰুলি শুনি দুখোজ আগুৱাই গলোঁ। জীৱনৰ জটিল পথৰ সংবাদ বিচাৰি। সময় বোৰ এনে দৰেই বাগৰি গ’ল নিয়ঁতিৰ নিষ্টুৰ সময়টো জীৱনৰ জটিল পথত নাপালোঁ একো উওৰ বিচাৰি। #SahityaChorcha #uttar #axomiyakobita #answer #assamesekobita

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page