The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
Search this site
606 results found with an empty search
- ফাগুনৰ ৰং
ফাগুন কিয় কৰিলি পগলা তোৰ ৰঙা বুলীয়া আবিৰে ৷ পলাশৰ তেজৰঙা বুলেৰে সজালি কলিজাত প্ৰেমৰ সুৰভিৰে ৷৷ তোক নিজতকৈ ভালপোৱা বাবেই বাৰে বাৰে পৰো তোৰ প্ৰেমত ৷ হাজাৰ দুখকো নেওচি হাঁহিব বিচাৰো প্ৰাণখুলি তোৰেই নামত ৷৷ তই আহিলেই ফুলি উঠে পলাশ,শিমলু মোৰ পদূলিতে৷ জিলিকি উঠে আকাশৰ তৰাজাক চতিয়না ফুলৰ শুভ্ৰতাৰে গধূলিতে ৷৷ #assamesekobita #axomiyakobita #fagunorrang #SahityaChorcha
- বিহংগম (ষষ্ঠ খণ্ড) : যাদু আৰু সাধুৰ দেশৰ দিহিঙে দিপাঙে
“ওঁম মনি পদ্মে হুম” বুলি উচ্চাৰণ কৰি ধৰ্মাত্মা লামাই গাড়ীৰ খিৰিকীখন অলপ উঠাই দি গলগলীয়া মাতেৰে অভিনন্দনক মহাপ্ৰভু পদ্মসম্ভাৱাৰ জীৱন কাহিনী কবলৈ আৰম্ভ কৰিলে ৷ প্ৰায় কুৰিখন তন্ত্ৰ আৰু সুত্রত উল্লেখ থকা মতে মহাত্মা অমিতাভে (গৌতম বুদ্ধ) তেওঁ পদ্মসম্ভাৱা ৰূপত পৃথিৱীত দ্বিতীয় বাৰৰ কাৰণে জন্ম গ্ৰহণ কৰিব বুলি আগতেই ভবিষ্যতবানী কৰি থৈছিল ৷ মহাপৰিনিৰ্ভানা সূত্ৰত উল্লেখ থকা মতে এদিনাখন সান্ধ্য প্ৰাৰ্থনাৰ অন্তত মহাপ্ৰভূ অমিতাভে তেওঁৰ প্ৰিয় শিষ্য তথা নিজৰে সম্বন্ধীয় ভাতৃ আনন্দ আৰু আন শিষ্যসকলক ক’লে যে – প্ৰকৃতিৰ নিয়ম অনুসৰি জন্ম লোৱা সকলো প্ৰাণীৰ মৃত্যু অনিবাৰ্য্য ৷ প্ৰকৃতিৰ আহ্বানত মোৰো মহাপ্ৰয়াণৰ সময় আহি পৰিছে ৷ মহাপ্ৰয়াণৰ বাৰ বছৰ ( সেই যুগ অনুসৰি ১২০০ বছৰ) ৰ পাছত মই পৃথিৱীত পদ্মসম্ভাৱা নামেৰে পুনৰ জন্ম ল’ম ৷ মহাপ্ৰভূ অমিতাভৰ মুখৰ কথাষাৰ শুনি গুৰু আনন্দ আৰু অন্য শিষ্যগন শোকত ম্ৰিয়মান হৈ পৰিল ৷ তেতিয়া মহাপ্ৰভূ বুদ্ধই তেওঁলোকক প্ৰবোধ দি ক’লে – পদ্মসম্ভাৱা মোতকৈও অধিক বুদ্ধিমান আৰু বিদ্বান হৈ জন্ম ল’ব ৷ তেওঁ সাগৰ তলিৰ বহুমূলীয়া ৰত্নৰ দৰে ৰোগনিৰাময়ী , চন্দ্ৰৰ দৰে শীতল, ,সূৰ্য্যৰ সদৃশ দিপ্তীমান,সিংহৰ দৰে সাহসী, গড়ূৰ দৰে বেগী আৰু প্ৰবল প্ৰতাপী হৈ ধৰ্মৰ বানী প্ৰচাৰ কৰিব ৷ মই প্ৰদান কৰা হীনযান আৰু মহাযান সুত্রৰ উপৰিও তেওঁ পৃথিৱীত বজ্ৰায়ান সুত্রৰে ধৰ্মৰ স্থাপন কৰিব ৷ লোককথা অনুসৰি অষ্টম শতিকাত জম্বুদ্বীপৰ উৰগেন প্ৰদেশ বৌদ্ধ লামা (বিদ্যা ধৰ) সকলৰ কাৰণে এখন প্ৰসিদ্ধ স্থান আছিল ৷ সেই সময়ত এই উৰগেন ৰাজ্যৰ আঠখন প্ৰখ্যাত শ্মশানত বিভিন্ন ঠাইৰ পৰা অহা লামা আৰু যোগী সকলে তন্ত্ৰ মন্ত্ৰৰ কঠোৰ সাধনা কৰিছিল৷ তাৰোপৰি উৰগেন আছিল দহজন হেৰুকা দেৱতাৰ বসবাসৰ কেন্দ্ৰ স্থান ৷ এই উৰগেন ৰাজ্যৰ নিঃসন্তান চক্ৰৱৰ্তী ৰজা ইন্দ্ৰভূতি সুশাসক আৰু ধৰ্ম পৰায়ন আছিল ৷ ৰজা ইন্দ্ৰভুতিয়ে সকলো প্ৰজাকে নিজৰ সন্তানৰ দৰে পালন কৰিছিল ৷ বহুগৰাকী ৰানী থকা চত্বেও উত্তৰাধিকাৰী নথকা কাৰণে ৰজা ইন্দ্ৰভূতিৰ সুখী নাছিল ৷ শাক্যমুনি মহাপ্ৰভূ অমিতাভ বুদ্ধই ৰজা ইন্দ্ৰভূতিৰে সন্তানহৈ ৰজাক পিতৃত্বৰ আনন্দ দিবলৈ বান্চা কৰিলে ৷ সন্তান লাভৰ কাৰণে নিঃসন্তান ৰজা ইন্দ্ৰভূতিয়ে নিজৰ ৰাজকোষৰ ধন ঐশ্বৰ্য্য দুখীয়া দৰিদ্ৰক পাৰ্য্য মানে দান কৰিছিল ৷ উদাৰ মনৰ ৰজাই দান দিওতে দিওতে ৰাজকোষৰ তলি উদং হৈ পৰিল কিন্ত দান বিছাৰি অহা লোকৰ অন্ত নপৰিল ৷ অৱশেষত ৰজা উপায়ান্তৰ হৈ সাগৰৰ মাজৰ নাগদ্বীপত গৈ নাগকন্যাক উপাসনা কৰাত লাগিল ৷ ৰজা ইন্দ্ৰভূতিৰ আকূল আবাহনত সন্তুষ্ট হৈ নাগকন্যাই ৰজাক এটা অভিলাষী ৰত্ন দান কৰিলে ৷ সেই ৰত্নটো ঘহি যি বিচৰা যায় সেইটোৱেই প্ৰাপ্তি হয় ৷ ৰত্ৰন লাভ কৰি ৰজা হৰষিত হৈ নিজৰ ৰাজ্যলৈ উভতিল ৷ ৰাজকাৰেঙলৈ গৈ থাকোতে বাটত ৰজা ইন্দ্ৰভূতি আৰু তেওঁৰ লগত যোৱা সৈন্য সামন্তই ধনকোষ হ্ৰদৰ মাজত এটা বহুৰঙী পদুম ফুলৰ ওপৰত এটা আঠবছৰীয়া শিশুক বহি থকা দেখিলে ৷ ৰজাই ওচৰ চাপি গৈ দেৱশিশুটোৰ মুখত ধৰ্মৰ অমৃত বানী কথা শুনি বিস্ময় মানিলে ৷ ভক্তি সহকাৰে ৰজাই তেওঁক নিজৰ সন্তান হিচাপে পাবলৈ বিচাৰে বুলি জনোৱাত দেৱশিশুটিয়ে ৰজাৰ কথাত সন্মতি দিলে ৷ দেৱশিশুটিক ৰজাই আদৰ সাদৰ কৰি ৰাজপ্ৰসাদলৈ আনি পদুম ফুলৰ পৰা জন্মা কাৰণে পদ্মসম্ভাৱা নাম প্ৰদান কৰিলে আৰু ডাঙৰ দীঘল কৰি যুৱৰাজ পাতিলে ৷ ৰজা ইন্দ্ৰভুতিয়ে নাগকন্যা প্ৰদত্ত অলৌকিক ৰত্নটোৰ জৰিয়তে বহু ধন সোণ গোটাই উৰগেন ৰাজ্যক পুনৰ সমৃদ্ধিশালী কৰি তুলিলে ৷ আৰু ইপিনে যুৱৰাজ পদ্মসম্ভাৱাই ৰাজপ্ৰসাদৰ লাহ-বিলাহৰ মাজত লাহে লাহে উকমুকনি অনুভৱ কৰিব ধৰিলে ৷ ভৱিষ্যতে চক্ৰবৰ্ত্তী ৰজাহৈ ৰাজসিক সুখৰ মাজত তেওঁৰ প্ৰজ্ঞান প্ৰাপ্তি আৰু ধৰ্ম প্ৰতিষ্ঠা দয়োটা কামেই আধৰুৱা হৈয়েই ৰব বুলি বোধগম্য হ’ল ৷ সেয়েহে তেওঁ যিকোনো উপায়েৰে লাহ-বিলাহেৰে পৃৰ্ণ জীৱনটোৰ পৰা মুক্ত হোৱাৰ অভিপ্ৰায়েৰে এদিনাখন ৰাজ প্ৰসাদৰ চাতৰ ওপৰত হাতত এপাট ত্ৰিশূল লৈ বিশেষ ভংগীমাত তাণ্ডৱ নৃত্য কৰিব ধৰিলে ৷ নাচি নাচি এপাকত হাতৰ ত্ৰিশূল পাত অভিনয়ৰ চলেৰে এজন ধৃত মন্ত্ৰীপূত্রৰ বুকুত বহাই দিলে ৷ লগে লগে প্ৰসাদত টোলপাৰ লাগি পৰিল ৷ ৰাজসভাৰ নিৰ্দেশ মৰ্মে পদ্মসম্ভাৱাক ৰাজপ্ৰসাদৰ পৰা নিৰ্বাসিত কৰি উৰগেন ৰাজ্যৰ পূবত থকা শিল্য-ত্শাল শ্মশানত স্থান দিলে ৷ পদ্মসম্ভাৱাই ৰাজপ্ৰসাদৰ বাহিৰত ভৰি দি পিন্জৰামুক্ত বিহংগৰ দৰে খাদ্য আৰু কাপোৰৰ সন্ধান তশিল্য-ত্শাল,গাও-ত্শাল, শশালিঙ্গ আদি ভূত-পিশাচে পিনপিনাই থকা শ্মশানবোৰত গৈ যাদুকৰী বিদ্য সাধনাত ব্ৰতী হৈ পৰিল ৷ এই নিৰ্বাসিত জীৱনকালত পদ্মসম্ভাৱাই ভাৰতবৰ্ষৰ বিভিন্ন পবিত্র স্থানলৈ গৈ প্ৰখ্যাত বৌদ্ধ সন্যাসী আৰু বিদ্যাধৰৰ ওচৰত যোগ-তন্ত্ৰৰ গভীৰ অধ্যয়ন কৰিলে ৷ পাছলৈ তেওঁ কা-গীয়াদ ডাৰচেক্ দুপা নামৰ অত্যন্ত ৰহস্যময় মহায়োগ তান্ত্ৰিক বিদ্যাত নিপুণ হৈ পৰিল ৷ পদ্মসম্ভাৱাই তান্ত্ৰিক বিদ্যাৰ আধাৰত বৌদ্ধ ধৰ্মৰ বজ্ৰায়ান সূত্ৰ ৰচনা কৰি বিভিন্ন ভাৰতৰ বিভিন্ন অঞ্চলত তান্ত্ৰিক বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠাত ব্ৰতী হৈ পৰিছিল ৷ লোককথা মতে মন্ডী ( এতিয়াৰ হিমাচল প্ৰদেশ) ৰজা অৰ্শধৰৰ একমাত্ৰ দুহিতাই পদ্মসম্ভাৱাৰ আদৰ্শত আকৰ্ষিত হৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ৷ সেই সময়ত বৌদ্ধ ধৰ্ম ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নিষিদ্ধ আছিল ৷ ৰজা অৰ্শধৰে নিজৰ জীয়েকৰ কান্ডত হিতাহিত জ্ঞান হেৰুৱাই গুৰু পদ্মসম্ভাৱাক ধৰি আনি ৰিৱালসৰ্ নামৰ ঠাইত এখন চন্দন কাঠৰ চিতাত তুলি বহু পৰিমাণৰ মিঠাতেল ঢালি অগ্নি সংযোগ কৰি দিছিল ৷ প্ৰচলিত জনপ্ৰবাদ মতে চিতাৰ জুই একেৰাহে সাতদিন সাত ৰাতি জ্বলাৰ পাছত সেই স্থানত এটা হ্ৰদৰ উৎপত্তি হৈছিল ৷ হ্ৰদৰ পানীৰ মাজত এপাহি ৰঙীন পদুম ফুলৰ ওপৰত এজন পোন্ধৰ বছৰীয়া কিশোৰৰ ৰূপত গুৰু পদ্মসম্ভাৱা যোগমুদ্ৰাত বিৰাজমান হৈ আছিল ৷ এই অদ্ভূত অলৌকিক ঘটনাটো সংঘটিত হোৱাৰ লগে লগে মন্ডীৰাজ অৰ্শধৰ ভিতিবিহ্বল হৈ গুৰু পদ্মসম্ভাৱাৰ শ্ৰীচৰণত দীঘল দি পৰিছিল ৷ তেওঁ পদ্মসম্ভাৱাৰ ওচৰত বৌদ্ধ ধৰ্মৰ দীক্ষা গ্ৰহণ কৰি বৌদ্ধ ধৰ্মৰ প্ৰচাৰত ব্ৰতী হৈ পৰিছিল ৷ ‘ওঁম মনি পদ্মে হুম ‘ বুলি উচ্চাৰণ কৰি হাতৰ জপমালাডাল ধৰ্মাত্মা লামা লবজান থিনলে দৰজীয়ে অভিনন্দনৰ কপালত স্পৰ্শ কৰাৰ লগেলগে সি সম্বিত ঘূৰাই পালে ৷ ধৰ্মাত্মা লামাৰ মুখৰ ৰসাল আৰু বিস্ময়কৰ কাহিনী শুনি গৈ থাকোঁতে কিমান সময় অতিবাহিত হৈ গল সি গমেই নাপালে ৷ থোৰা সময় গাড়ী ৰুকানা হোগা ৷ গুৰু কা সন্দেচ হ্যায়, আগে তকলিফ হোগা ৷ গলগলীয়া অথচ সুক্ষ্ম স্বৰত কোৱা ধৰ্মাত্মা লামাজনৰ কথাষাৰে অভিনন্দনৰ গাটো চেবাই গ’ল ৷ ধৰ্মাত্মা লামাজনৰ নিৰ্দেশ মৰ্মে ড্ৰাইভাৰজনে গাড়ীখন ৰাস্তাৰ কাষত ৰখাই দিলে ৷ অভিনন্দনে হাতৰ ঘড়ীটোলৈ চাই দেখিলে দিনৰ তিনিটা বাজিছে ৷ পাৰো-থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা হেতেন সি ইতিমধ্যেই থিম্ফু পাই গ’ল হেতেন ৷ চিন্তা নকৰিবা বাচা, থিম্ফু আৰু পাবলৈ বেচি সময় নাই ৷ আৰু মাত্র দুঘন্টাৰ পথ ৷তুমিও প্ৰভূ পদ্মসম্ভাৱা ৰিনপোচেৰ কাহিনী শুনি শুনি গৈ থাকিলে কেতিয়া থিম্ফু পাবা গমেই নাপাবা৷ অলপ আগত বিপদ আমাৰ কাৰণে ৰৈ আছে ৷ কিন্ত সকলোবোৰ সময়ৰ অধীন ৷ অলপ সময় ইয়াত ৰৈ দিলেই তাত ৰৈ থকা বিপদৃ আমাক চুব নোৱাৰিব ৷ ৰহস্যময়ী ধৰ্মাত্মা লামাজনৰ মুখৰ কথাখিনি শুনি অভিনন্দন শিঞৰি উঠিল ৷ লামাজন নিশ্চয় মহায়োগ তান্ত্ৰিক নহলে তাৰ মনৰ ভিতৰৰ কথা আৰু ভবিষ্যত দুৰ্ঘটনাৰ কেনদৰে আগজাননী দিছে ৷ নে ই মাত্ৰ কাকতালীয় কথা ৷ ভাবনাত বিভোৰ হৈ অভিনন্দনে গাড়ীখনৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল ৷ গাড়ীখনৰ পৰা ওলাই অহাৰ লগে লগে এচাতি বতাহে কঢ়িয়াই লৈ অহা ধুপধুনাৰ মিশ্ৰিত সুগন্ধই অভিনন্দনৰ মন শাঁত পেলাই দিলে ৷ বতাহত উৰি অহা ধোৱাৰ পৰা সি ওচৰতে কৰবাত পূজাপাতল হৈ থকা বুলি অনুমান কৰি তাৰ উমান লবলৈ আগলৈ খোজ দিলে৷ #assameseupanyas #axomiyaupanyas #bihangam #SahityaChorcha
- এক চিন্তা
ভাইহঁত জাতিটো নাথাকিব ভাইহঁত দেশখন বিক্ৰী হব ভাইহঁত বুজিওঁ নুবুজ কিয়? ভাইহঁত চলনাত ভোল গলি কিয়? ভাইহঁত ভাষাওঁ হেৰাই যাব ভাইহঁত দেশৰেমাটিত তেজৰ তুমৰলি হব হব যেন লাগিছে ভাইহঁত নিজৰে মাটিত নিজেই আলহী হ’ম যেন লাগিছে তেতিয়া সময় আৰু নাথাকিব! ভাইহঁত শান্তনাত শুবলৈ এৰিবৰ হ’ল ভাইহঁত একমুঠ হৈ ভাৱিৰ হ’ল! সময়ে নহলে কাকো ক্ষমা নকৰিব। ভাইহঁত কথাবোৰ এয়াকে কলো! #assamesekobita #axomiyakobita #eksinta #SahityaChorcha
- ব’হাগ আকৌ আহিব
যোৱাটো ব’হাগত বিহুৱান খনৰ মাজত সুমাই দিয়া ৰঙা গোলাপ পাহী সাঁচি ৰাখিছো সযতনে। ৰিঙা ৰিঙা লগা দুয়োৰে মৰমৰ সুবাসত বাহ লৈছিল সপোনৰ কাৰেং। স্বপ্নগধুৰ কাজলসনা দুচকুত বগাই ফুৰিছিল তোমাৰ প্ৰতিচ্ছবিৰ এখনি নীলা সাগৰ। মন দাপোনত ভুমুকি মাৰিছিল প্ৰসাৰিত তোমাৰ হাতৰ পৰশত শিঁহৰিত মোৰ দেহৰ ৰক্ত প্ৰবাহ। জাগ্ৰত ইন্দ্ৰিয়ৰ ক্ষুধাত ৰোমাঞ্চিত মোৰ হৃদয়ত থুপিকৃত অণু-পৰমাণুৰ জাক। অনাগত ব’হাগৰ অপেক্ষা ওখ কলডিলিয়া খোপাত জিলিকিব এপাহী সতেজ বগা কপৌ সযতনে – আলফুলে। #SahityaChorcha #assamesepoetry #axomiyakobita #bohag #assamesekobita
- তুমি
অনুৰাধা, নভোমণ্ডলৰ সপ্তদশ এটি নক্ষত্ৰ তুমি! কোমল সিদ্ধ তুমি এটি উশাহ: সেই উশাহৰ বুকুতে মই, তোমাৰ ওঁঠত উশাহ লৈ আছো তুমি এৰি দিয়া নিশ্বাস- তুমিতো জানাই! তুমি একেই নিশ্বাসত মোৰ বুকুত খুপি খুপি মেৰিয়াই ল’লা এটি মিঠা জোনাক হৈ সুখ-দুখ তোমাৰ মোৰ যেন আজন্ম লগৰীয়া- ঘৃণা -অপবাদও যেন ভগৱানেৰেই দান! নিৰংকুশ তুমি মই! #assamesekobita #axomiyakobita #SahityaChorcha #tumi
- মনোবল
চাৰিদিন আগত অজয়ৰ মানিবেগটো চুৰি হ’ল ৷ বেগটোৰ লগতে ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড , ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নগদ পাঁচ হাজাৰ টকাৰ গ’ল ৷ ইফালে পত্নী জয়াক অহা ৰবিবাৰৰ দিনা এপলো হাস্পতালত ভৰ্তি কৰাব লাগে ৷ জৰুৰীকালীন পেটৰ অপাৰেচন এটা কৰাব লাগে ৷ এপল’ হাস্পাতালৰ ডা: জৈনৰ পৰা অপাৰেচনৰ তাৰিখ পোৱাটোৱেই বহুত ডাঙৰ কথা গতিকে সি পোৱা সুযোগকন হেৰুৱাব নুখুজিলে ৷ বন্ধু ৰাজাৰ পৰা অলপ নগদ টকা লৈ কামবোৰ এফালৰ পৰা চিজিল কৰিব বুলি ভাবি গাড়ীখনৰ ষ্টিয়াৰিংত হাত দিয়েই গম পালে আগচকা দুয়োটাই পাঙ্কচাৰ হৈ আছে ৷ টেক্সি এখনকে ধৰি অজয় কোনোমতে অফিচ পালেহি ৷ টেবুলত ৰখা লেফাফাটো খুলি জীয়েক জীতাৰ স্কুলৰ পৰা গোহাৰি খন পঢ়ি চকু থৰ লাগিল ৷ তিনি দিনৰ ভিতৰত জীতাৰ স্কুল বদলিৰ প্ৰমাণ পত্ৰ খন জমা দিব লাগে ৷ কৰোণা মহামাৰীৰ সময়তে কলিকতাৰ পৰা দিল্লীলৈ গুছি অহাৰ পাছতেই বিদ্যালয়ৰ কাৰ্য্যালয় বন্ধ থকাৰ বাবে জমা দিয়া নহ’ল ৷ ততাতৈয়াকৈ অফিচৰ পৰা ঘৰলৈ আহি বহুত বিচাৰ খোচাৰ কৰিও প্ৰমাণ পত্ৰখন নাপাই অজয় বিমোৰত পৰিল ৷ সকলো সমস্যাই একলগে জুমুৰি দি ধৰাত সি উপায়ান্তৰ হৈ পৰিল ৷ ইতিমধ্যেই চাৰিটা বাজিলেই, স্কুল লৈ গৈও একো লাভ নহ’ব ৷ পোনতেই সি পুলিচ চকীত গৈ এখন আবেদন দি অহাটোৱেই উচিত হ’ব বুলি প্ৰতিবেশীৰ পৰা ঠিকনাটো বুজি থানালৈ বুলি খোজ দিলে ৷ থানা অধীক্ষক জনৰ লগত আলোচনা হৈ থানাৰ বাৰাণ্ডাত থকা টেবুলখনতে আবেদন খন লিখি থাকোতে এহাল দুখীয়া বুঢ়াঁ-বুঢ়ীঁয়ে হিন্দীতে পতা কথা-বতৰা তাৰ কানত পৰিল ৷ কথাৰ পৰা সি বুজিব পাৰিলে বুঢ়াঁ-বুঢ়ীঁৰ এটা লৰা হাস্পাতালত মৃত্যুৰ সতে যুঁজি আছে আৰু আনটো লৰাক কোনোবাই মিথ্যা প্ৰৰোচনাৰে দোষী সজাই লক্ আপত সুমুৱাইছে ৷ সমস্যাৰে জৰ্জৰিত অসহায় অন্ধ বৃদ্ধই ভগৱানে এই বয়সত কিয় কষ্ট দিছে বুলি নিজৰ কপালকে ধিক্কাৰ দিলে ৷ স্বামীক প্ৰবোধ দি বুঢ়ীয়ে সৰল ভাবে কলে, পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰ নিজে ভগৱান আছিল ৷ তেওঁৰ সোঁৱৰণীখনৰ জন্মচক্রত নৱগ্ৰহ নিজ স্থানত সঞ্চাৰ হৈ পূৰ্ণ দৃষ্টি প্ৰদান কৰিছিল ৷ কিন্ত সেই ভগৱানেই জীৱনৰ আধাতকৈ বেছি সময় দুখ কষ্ট খাবলগীয়া হৈছিল ৷ যুবৰাজ হৈ নব বিবাহিতা পত্নীৰ সতে জংগলত কটাব লগা হল, অসুৰ দানবৰ লগত যুদ্ধ কৰিব লগা হ’ল, যিজনী পত্নীৰ কাৰণে মহাযুজ দিব লগা হৈছিল তেওঁকেই ত্যাগ দিব লগা হ’ল, নিজে মহাৰাজ হৈ অট্টালিকাত থাকোতেই সন্তান ঋষিৰ কুটীৰত জন্ম হ’ব লগীয়া হ’ল ৷ গতিকে আমি নৰমনিচ কোন কুটা ৷ দুখ কৰি লাভ নাই ৷ সমস্যা আহিলেই যেতিয়া নপলাই যুজঁ দিয়াৰ অন্যথা নাই ৷ বৃদ্ধাৰ কথাখিনিয়ে অজয়ৰ হৃদয়ত এক অফুৰন্ত উদ্যম সঞ্চাৰিত কৰি পেলালে ৷ বুঢ়াঁ-বুঢ়ীঁৰ জলন্ত সমস্যাৰ প্ৰত্যাহ্বানৰ তুলনাত তাৰ সমস্যাবোৰ নিচেই নগন্যবোধ হ’ল ৷ একেলগে আগুৰিধৰা সমস্যাবোৰ সাহসেৰে সমুখীন হ’বলৈ এক দৃঢ় মনোবল লৈ অজয়ে আবেদন খন জমা দিবলৈ থানা অধীক্ষকৰ কাৰ্য্যালয়লৈ সোমাই গ’ল ৷ #SahityaChorcha #manobal #assamesearticle #axomiyaprabandha #assameseprabandha
- কামাকাজি
কাঠচুৰিৰ অপৰাধত ছমাহ জেলৰ ভাত খাই দেবেন আজি সদৰৰ পৰা গাওঁ পালেহি ৷ লাজে আৰু অপমানত সি দিনটো ঘৰৰ ভিতৰতে সোমাই আছিল ৷ সন্ধিয়া চকা ডুবাৰ কিছুসময়ৰ পাছতেই তাহাঁতৰ পুৰণি আড্ডাৰ চাৰি পান্ডৱ আহি দেবেনৰ ঘৰত হাজিৰ হ’ল ৷ দেবেন, জীৱন, খৰ্গেই, বেনু আৰু কীৰতি পাচোঁজনৰ সৰুৰে পৰা মিলাপ্ৰীতি দেখি গঞাই তাহাঁতক পাছ পান্ডৱ বুলি মাতিছিল ৷ পাছে এসময়ৰ বুকুৰ কুটুম কেইজনক দেখি বিতৃষ্ণাত দেবেনৰ নাক কোঁচ খাই আহিল ৷ তথাপিও সি সৌজন্যতাৰ খাতিৰত তাহাঁতক বহিব দিলে ৷ তাৰ লগত তাহাঁতে ইটো সিটো কথা পতাৰ পাছতেই বেনুৱে গল খেকাৰি মাৰি আৰম্ভ কৰিলে, বোলো যি হোৱাৰ আছিল হ’ল ৷ আমি এটা বেলেগ কাম আৰম্ভ কৰিছো ৷ তোকো আমি অংশীদাৰ কৰিব বিচাৰো ৷ কথাৰ মাজতে হঠাত বেনুক বাধা দি দেবেনে কলে, ছমাহ কাৰাবাসত থাকোতে জেলত এখন কিতাপ পঢ়িছিলো ৷ দেবেনৰ কথাষাৰ শুনি চাৰিওটাই অবাক হৈ তাৰ ফালে চকু ডাঙৰ কৰি চালে ৷ কিন্ত দেবেনে তাহাঁতক ভ্ৰুক্ষেপ নকৰি কৈ গ’ল, ১২8০ খ্ৰীষ্টাব্দত এবাৰ চীন দেশৰ নৌসেনাই জাপানক চাৰিও ফালৰ পৰা আগুৰি ধৰি আক্ৰমণৰ কাৰণে উদ্ধত হৈ পৰিছিল ৷ কিন্ত চীনা সৈন্যৰ আক্ৰমণৰ আগতেই এজাক টাইফুন ধুমুহাই জাপানৰ পোতাশ্ৰয়ৰ লগতে কাষৰীয়া বৰ্তী এলেক সমূহৰ বিস্তৰ ক্ষতিসাধন কৰি পেলালে লগতে চীনা সৈন্যইয়ো ছত্ৰভঙ্গ দিলে ৷ ধুমুহা জাকে জাপানৰ বিস্তৰ ক্ষতি সাধন কৰিলে যদিও চীনা সৈন্যৰ অভাৱনীয় আক্ৰমণৰ পৰা ৰক্ষা পৰিল ৷ জাপানী সকলে সেই টাইফুন ধুমুহা জাকক আজিও পবিত্ৰ বতাহ মানে কামাকাজি বুলি শ্মৰণ কৰে ৷ কাঠৰ কাৰবাৰখন যে দৰাচলতে বেআইনী আছিল তহঁতে মোক এবাৰো গমেই পাব নিদিলি ৷ কাৰণ তহঁতেও জানিছিলি যে বেআইনী বুলি গম পালে মই কাহানিও সেই কামত হাত নিদিলো হেতেন ৷ আৰু মোৰ অবিহনে তহঁতে কাঠৰ কুন্ডা বিক্রী কৰা অনুমতি নেপালি হেতেন৷ জীৱনত বহুত দুষ্টামি হে কৰিলো কিন্ত অপৰাধ কৰা নাছিলো ৷ ভগৱানে এইবাৰলৈ ইমানতেই বচালে ৷ লগতে আগন্তুক সময়ৰ কাৰণে সতৰ্ক কৰিও গ’ল৷ পাৰ হৈ যোৱা ধুমুহা জাকে মোৰ জীৱনবৃক্ষৰ ডাল পাত সৰুৱাই গল যদিও ঘাই শিপাডাল উভালি নোৱাৰিলে ৷ এই ধুমুহা জাকো আছলতে মোৰ জীৱনৰ শ্মৰণীয় কামাকাজি৷ দেবেনৰ মুখৰ কথাখিনি শুনি তাৰ এসময়ৰ বুকুৰ কুটুম চাৰিও পান্ডৱ সুৰসুৰাই বহাৰ পৰা উঠি গুছি গ’ল৷ #assamesekobita #axomiyakobita #kamakaji #SahityaChorcha
- ভূমিকা
বাংগালোৰ চহৰৰ বেল ৰোডৰ ফুটপাথত তেজ এডোঙা আৰু সৰু চেন্ডেল পাত দেখি অৰুনাভৰ বুকুখন মোচৰ খাই গ’ল৷ কালি সি বেল ৰোডলৈ আহোতেই চৰকাৰৰ বিদ্যুত বিভাগে ফুটপাথৰ মাজত থকা লোৰ বিজুলীখুটা কেইটামান কাটি থকা দেখিছিল৷ বিভাগীয় গাফিলতিৰ কাৰণে লোৰ অবশিষ্ট অংশ সমুহ ওলাইয়ে থাকি গ’ল যাৰ ফলত দুৰ্ঘটনাটো ঘটিল বুলি বুজি পালে৷ তাৰ আঙুলিত ধৰি খোজকাঢ়ি থকা জীয়ৰী আঠ বছৰীয়া ৰিদ্ধিৰ কোমল মুখখনলৈ চাই সি কিবা অলপ চিন্তা কৰি ঘৰলৈ উভতি গ’ল ৷ কাষতে নিৰ্মাণৰত এপাৰ্টমেণ্টটোৰ চুপাৰভাইজৰ জনক অনুৰোধ কৰি অলপ শিল, বালি আৰু চিমেণ্টৰ মিশ্ৰণ খুজি আনি ৰিদ্ধিক লগত লৈ পুনৰ সি বেল ৰোড পালে গৈ ৷ ৰিদ্ধিৰ সহায় লৈ সি প্ৰায় পাচটা মান তেনেকৈ লোৰ খুটাৰ অবশিষ্ট ওলাই থকা স্থানত লগত নিয়া কংক্ৰিটৰ মিশ্ৰণেৰে ঢাকি দি বাকী কেইটা কাইলৈ কৰিব বুলি উভতি আহিল৷ বাটৰ পথিকে তাৰ কান্ড-কাৰখানা চাই কিবা কিবি কৈ যোৱাৰ কাৰণে ৰিদ্ধিয়েঅলপ ইতস্ততবোধ কৰিলে ৷ তাইৰ মনৰ ভাবটো বুজিব পাৰি অৰুণাভে তাইক বুজালে, মাজনী আপত্তি দৰ্শোৱাতকৈ কেতিয়াবা কিছুমান আৰ্হি দেখুৱাৰ বেছি প্ৰয়োজন হ’য় ৷ জীৱনত যিকোনো সৎ কামৰে ভূমিকা নিজে লব পৰাটো পৰম সৌভাগ্যৰ কথা ৷ পিছদিনাখন পুৱাই অৰুণাভে কংক্ৰিটৰ মিশ্ৰণ লৈ ৰিদ্ধিৰ লগত বেলৰোড পালেগৈ ৷ কিন্ত এইয়া কি সিহঁত গৈ পোৱাৰ আগতেই দেখোন দহজন মান লৰা-ছোৱালীৰ এটা দলে ইতিমধ্যেই কংক্ৰিটৰ মিশ্ৰণেদি লোৰ অৱশিষ্ট অংশবোৰ ঢকা কাম আৰম্ভ কৰি দিছে৷ স্বভূমিকাই স্বীকৃতি পোৱাৰ আনন্দত অৰুণাভে ৰিদ্ধিৰ সতে লৰা-ছোৱালীৰ দলটোৰ সতে হাতেকামে লাগি গ’ল ৷ #assamesekobita #axomiyakobita #bhomika #SahityaChorcha
- তোমাৰ সান্নিধ্য
তোমাৰ কণ বিচ্ছেদত বৃদ্ধি বুকুৰ ধপধপনি, ৰিক্ত সময়ৰ সোঁতত ৰিক্ত হিয়াৰ উচুপনি। মোৰ জীৱন চাকিৰ তুমিয়ে তো শলিতা, এতিয়াও সুঁৱৰো স্বৰ্ণ অতীতৰ মধুৰতা। তোমাৰ সান্নিধ্যত মোৰ স্থিৰ জীৱন বিশ্বাস, তোমাৰ সতে বিলীন প্ৰতিটো শ্বাস নিশ্বাস। #assamesekobita #axomiyakobita #SahityaChorcha #tumarhanidhya
- নাৰী মই অপৰূপা
নাৰী মই মাতৃত্বৰ ভ্ৰুণ এস্তমান ৰূপহী বাসন্তীৰ বিন্দুজ্যোতি গতি মোৰ জগত জোঁকাৰি নিত্য নতুন যশস্যাৰ অনুৰাধা ঐশ্বৰিক মহামহিমাম্বিত ভাগ্যশ্ৰী হৃদয় মোৰ অসিতোৎপলৰ পদ্মপলাশ নমস্য নিৰ্মলা বিপদবিনাশী। নাৰী মই সাগৰৰ সলিল সনাতন বৈ যাওঁ নিৰৱধি বিনোদিনী সুৰম্য সৌষ্ঠৱ বিভূষিত মন্দাকিনী ক্ষুদ্ধৱস্থাত সৃষ্টি মই আগ্নেয়স্ত্ৰৰ আগ্নেয়গিৰী। নাৰী মই মায়াবিনী অপৰূপা প্ৰেয়সী আনৰ্গ আস্বাদপূৰ্ণ সুৱাসিত কামিনী জীৱন পথত তেজস্বী ৰমণী স্থিতপ্ৰজ্ঞা আৰাধ্য কল্যাণীৰ দ্বীপশিখা হৃদয় জুৰোৱা নাতিশীতোষ্মী। নাৰি মই সদ্য অভস্ত প্ৰেমৰ অনুৰাগী মুৰ্ছিত হৃদয়ৰ সুৰৰ ৰাগিনী সংসাৰত আত্মত্যাগী জ্যোতিস্ময়ী অসুৰৰ অসূয়া অসুৰাৰি কালনাগিনী ৰূপী দংসনকাৰিণী। নাৰী মই প্ৰেমৰ পূজাৰী সতী সাৱিত্ৰী নাৰী মই মহিয়সী অপৰূপা প্ৰেয়সী। #SahityaChorcha #womensday #nari #axomiyakobita #assamesekobita
- মই নাৰী
মইয়ে গংগা, মইয়ে সৰস্বতী, মইয়ে লক্ষ্মী, সত্যভামা, মইয়ে ৰাধা মইয়ে ৰুক্মিনী জগত কৰ্তাৰ মইয়ে পাৰ্বতী মহাদেৱ ভোলাবাবাৰ। মইয়ে দৈৱকী, মইয়ে যশোদা, মইয়ে সত্যৱতী শান্তুনুৰ। মইয়ে কুন্তী জননী পাণ্ডৱৰ। মইয়ে গান্ধাৰ ৰাণী ধৃতৰাষ্টৰ। মইয়ে দ্ৰুপদ কন্যা পঞ্চপতিৰ পাঞ্চালী। মোৰেই দীৰ্ঘ কেশীৰ প্ৰেমত বন্দী পাতালৰ নাগ বাসুকী। মইয়ে জনক নন্দনী সীতা শ্ৰীৰামৰ, মইয়ে মন্দোদৰী লংকা ৰাজৰ। মইয়ে পুতনা , মইয়ে শূৰ্পনখা মইয়ে উৰ্বশী,ৰম্ভা,মেনকা। মইয়ে দেবেন্দ্ৰৰ জননী অদিতি, মইয়ে ইন্দ্ৰানী পাৰিজাত শশী। মইয়ে মোহোনী মইয়ে কামিনী মইয়ে সংহাৰী মা কালী। মইয়ে মনালিচা, মইয়ে ক্লিওপেট্ৰা, মইয়ে ৰাণী লক্ষ্মীবাঈ মইয়ে উষা,সখি চিত্ৰলেখা, জানো মইয়ে হৰলুকি মায়া। মইয়ে জয়মতী জেৰেঙাৰ গদাপাণি মোৰ পতি, মইয়ে স্বামীৰ বাবে দিছিলোঁ চাউদাংৰ হাতত প্ৰান আহুতি। মইয়ে পাহাৰী নাগিনী ডালিমী, গদাৰ প্ৰেমত পৰি হ’লো বাউলি। মইয়ে কনকলতা, উৰুৱাই ত্ৰিৰংগা, আনিলোঁ দেশৰ স্বাধীনতা। মইয়ে ৰোৱনি, দাৱনি, মইয়ে শিপিনী গৃহিণী, মইয়ে নাৰী, বিশ্বৰ জননী, বিশ্বৰ জননী। #SahityaChorcha #women #moinari #axomiyakobita #assamesekobita
- ফাগুনৰ প্ৰথম পূৱা
দিন গল মাহ গ’ল আহিল ফাগুনৰ প্ৰথম পুৱা, কৃষ্ণ পক্ষৰ শব্দহীন নিশা আজি জোনাক সৰা প্ৰথম পুৱা। পলাশ ফুলিব–ফুলে হাঁহিব, শিমলু ফুলে জগাব মনক ক্লান্তিৰ ভৰ দুপৰীয়া ক্ষণত। লুইতৰ শুকান বালিত, যাযাৱৰী কহুঁৱাই ঠন ধৰি হালিব জালিব ফাগুনত ফুলিব ফুল বতাহ বলিব। লুইতৰ পাৰে পাৰে, উকি মাৰি ৰেল গাড়ী, গুছি যায় ঝক ঝক শব্দ কৰি কঢ়িয়াই এজাক মানুহ। লুইতৰ বুকুৱেদি সৰু বৰ ভটভটি চলা চল কৰে, জাক জাক মানুহ উঠে, সিপাৰলৈ যোৱাৰ আশাত। #SahityaChorcha #fagunorpua #axomiyakobita #morning #assamesekobita












