The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- আশাৰ ৰেঙনী বিচাৰি
বুকুত বেদনাসিক্ত এবুকু দুখ লৈ আশা বোৰ শুকান মৰহা পাতৰ দৰে মৰহি যাৱ ধৰিছে। শাওনৰ পথাৰত বোকা পানীৰ পলস পেলোৱা দি বুকুত বেদনাৰ পৰশ পৰিছে। কলিজাৰ কুঁহে কুঁহে কেঁচা তেজৰ চেকুৰা বোৰ গোট মাৰি ক’লা পৰিব ধৰিছে। দুচকুৰ অশ্ৰুৰ টোপাল বোৰ অৰ্হনিশে বৈ দুগালত ক’লা দাগ বহিছে। নীৰৱে পিৰালি চুকত বহি এতিয়া ভাবোন্মত মই। কিদৰে বিছাৰি পাম, মোৰ আশাৰ ঠিকনা! হেঁপাহৰ ৰঙীল সপোন সোনালী দিনৰ বতৰা। #asharrengoni #assamesepoetry #axomiyakobita #SahityaChorcha
- হে নাৰী তুমি অনন্যা
হে নাৰী তুমি ধৈৰ্য্যৰ এক অবিচল শৃংগ! ত্যাগৰো বিশেষ আকৰ্ষণ; ৰূপেৰে তুমি জগতৰ দীপ্তি; সাহসেৰেও অদ্বিতীয় বীৰাঙ্গণা; তুমিয়ে কনকলতা বৰুৱা গুলিবিদ্ধ শৰীৰেৰে মাতৃভূমিৰ ধ্বজা উৰুৱালা; জয়মতী আই ৰূপেৰে জন্মি দেশৰ ভৱিষ্যত মঙ্গলেৰে প্ৰতিটুপি তেজ শত্ৰুক সমৰ্পিলা; স্বাধীনতা সংগ্ৰামী যুদ্ধা তুমিয়ে চুচেতা কৃপলানি; ভূগৰ্ভত সুৰঙ্গ খান্দি শত্ৰুপক্ষক বুদ্ধিমত্তাৰ চমক দেখুঁৱালা; চিপাহী বিদ্ৰোহৰ অনন্যা বীৰাঙ্গনা তুমিয়ে ৰাধা ও ৰুক্মিণী দেৱী; বংগ বিভাজন বিৰোধিতা কৰি নিজৰ শক্তি ও সাহসৰ পৰিচয় দিলা; তুমিয়ে সৰলাদেৱী চৌধাৰিনী ও চিষ্টাৰ নিবেদিতা আত্মনিৰ্ভশীল হোৱাৰ পথ দেখুওৱা তুমিয়ে বিদেশিনী মহিলা; ঝাঞ্চিৰ ৰাণী লক্ষ্মীবাইৰ দৰে অদ্বিতীয় কলাকুশলীৰ শক্তিদায়িনী তুমি নাৰী ৰূপী; তুমিয়ে ভাৰত ভূমিৰ নাইটিংগেল সৰোজিনী নাইডু; মানৱপ্ৰেমেৰে বান্ধিছিলা একতাৰ যাদু; হেৰাকা আন্দোলনৰ গুৰি ধৰোঁতা তুমিয়ে ৰাণী গাইদালু নাগামিছ সকলৰ সাংস্কৃতিক দিশ ৰাখিছিলা অক্ষুণ্ণ; সিন্ধু তাইৰ দৰে অভিনৱ জীৱনাদৰ্শৰ অধিকাৰিনী তুমি মাতৃত্বৰ মৰমেৰে গঢ়িলা অনেক আত্মনিৰ্ভৰশীল জীৱন; হে নাৰী তুমি যুগ শ্ৰষ্টা যুগে যুগে বন্দিতা সৃষ্টিকৰ্তাৰ এক অভিনৱ পাৰদৰ্শিতা! #SahityaChorcha #women #nari #axomiyakobita #assamesekobita
- জীৱন
মিলিব জানিলে সকলো আপোন এখন নিৰ্মল হৃদয় বোৱতী নৈখনৰ দৰে চিৰকাল প্ৰবাহিত হয় মৰম, ভালপোৱা আৰু বিশ্বাসৰ ভেটিত। কৰ্মৰ স্বীকৃতিয়ে সাহস ,প্ৰেৰণা যোগাই। মৰম ভালপোৱাৰ বাবে অনুমোদন নালাগে লাগে মাথোঁ এখন নিভাঁজ হৃদয় হৃদয় নৈৰ বুকুত উপলব্ধ হয় আনন্দ ভাড়া শীতল প্ৰশান্তি। ভেদা – ভেদ পৰিহাৰী হাতে হাত ধৰি মিলনৰ প্ৰাচীৰ সৃষ্টিৰে আদর্শ দেখুৱাই আগবাঢ়ে জীৱন যুদ্ধ। জীৱন ক্ষন্তেকীয়া আশা আৰু সপোনৰ প্ৰাপ্তি মুখ্য। জীৱনত চিৰশান্তি বিচাৰি মায়াময় সংসাৰত প্ৰত্যেকেই কৰে জীয়াই থকাৰ অভিসাৰ। #assamesekobita #axomiyakobita #jivan #SahityaChorcha
- তুমি আহিবা ৰং দিম বুলি
ৰঙৰ উৎসৱৰ দিনত তোমালৈ পৰিছে মনত, ভালপোৱাৰ যি ৰং সানিলা হৃদয়ত কলিজা উতলা হ’ল বসন্তৰ চিৰঞ্জীৱ নিকুঞ্জকাননত, সেই ৰঙেৰে ৰঙীন আজিও বুকু, সপোনেৰে ভৰপুৰ মোৰ দুচকু । তুমি নাহিলে বাৰু কেনেকৈ হ’ব ? ৰঙৰ উৎসৱ মোৰ অথলে যাব! এমুৰ পকা চুলিৰে মই পকামুৰীয়া বুঢ়ী, পকা থেকেৰা যেন গাল দুখনো আজি সোতোৰা-সুতৰি, কঁপা কঁপা হাতেৰেই ফাকু দিম সানি, উভতি আহিব যৌৱনৰ ধেমালি । তুমি নাহিলে বাৰু কেনেকৈ হ’ব? আয়ুস ৰেখাও বেদনাত চুটি হৈ যাব ! পাৰিলে আহিবা ৰং দিম বুলি, আকৌ তেজগোৰা হ’ব কোঁচখোৱা গাল দুখনি ; খৰস্ৰোতা হ’ব ৰক্তবাহী নলী, হোলী খেলিম আমি দুয়ো মিলি, হাঁহি হাঁহি উৰিব ফাগুনৰ ধূলি, হৃদয়ত ফুলিব নানাৰঙী গোলাপৰ পাহি । #SahityaChorcha #axomiyakobita #Holi #fagun #assamesekobita
- ফাঁকুৰ ৰং
ফাঁকুৰ ৰং চেনেহৰ ৰং, ফাঁকুৰ ৰং আনন্দৰ ৰং। নাথাকেগে কাৰো জীৱন কলা-শুকুলা, সুখময় জীৱন এটিৰে মুক্তিৰ পথ মুকুলা। ফাঁকুৰ ৰঙেৰে ৰঙীন আমাৰ পৃথিৱী, একতাৰ ফাঁকু জৰী আমাৰ বন্ধু-বান্ধৱী। #assamesepoetry #axomiyakobita #Fakurrang #SahityaChorcha
- দিশহাৰা
অশ্ৰু ধৰা নিগৰি বৈ যায়, শোকে খুন্দা মাৰে বুকুত। লেহুকা হৃদয় খন সন্তনা দিব নোৱাৰোঁ, বেদনাত হাউলি পৰে মন। ভাবিব নোৱাৰোঁ বুদ্ধি হেৰাই জুখিব নিৱাৰোঁ কিয় ইমান কোমল অন্তৰ খন? বহু কথা কবলৈ আছিল, কবলৈ সাহস নহ’ল, সময়ত কব নোৱাৰিলোঁ। জীৱনৰ দৰ্শন উপলব্ধি কৰিব নোৱাৰিলোঁ, টনকিয়াল নহ’ল মন। অহৈতুক সুখ বিচৰা নাই , দুখ আদৰি লবলৈ ইচ্ছা নাই, হাঁহি নিলাজি বনৰ দৰে জয় পৰি গ’ল। মধুৰ সময়, সুখৰ সময়, বহু আঁতৰত ৰ’ল, আলসুৱা মনে সাৱতি ধৰে আবেগ, সময় নষ্ট কৰে, অনুশোচনাই ঘেৰি ধৰে মোক। অনুভৱত মৰম আছে , আশাৰ মাজত জীৱন, স্ব-অভিমানী মনে দৌৰি ফুৰে নিজৰ পথত। মধুৰ জীৱন হৈ পৰে মোহভঙ্গ জীৱন , য’ত নিজকে প্ৰশ্ন কৰাৰ সময় নাথাকে । শুদ্ধ উত্তৰ বিচাৰি নাপাওঁ , আতিথ্য লভিবলৈ সাদৰি হৃদয় ওচৰত নাই , সাচি ৰখা মৰম লেৰেলি শুকাল। #assamesekobita #axomiyakobita #dixhara #SahityaChorcha
- সেই জীৱনকেই আহিছো পাৰ কৰি
সেই জীৱনৰ দিন বোৰেই আহিছো পাৰ কৰি কৰ্মৰ বাদে জাৰ জহ বৰষুণ যি নেপায় চিনি সহ্য ধৈৰ্য্য যুদ্ধই যাৰ আজন্ম সতেজ লগৰী শোষণ নিষ্পেষণ নিপীড়নৰ যি অহৰ্নিশে বলি সেই জীৱনকেই হেলাৰঙে আহিছো পাৰ কৰি অনাহাৰ অনিদ্ৰা অৱহেলা অপাৰ সমস্যাই স্বপ্ন ভাঙি ভাঙি ঘূৰাই যাৰ জীৱনৰ চকৰি যাৰ শৱদেহত মৃত্যুৱেও নেপায় আদৰ বিছাৰি সহাৰি নপায় কাৰো মাতিলেও চিঞৰি চিঞৰি আহি আছো সেই জীৱনৰেই হাত ধৰি ধৰি দিনপাৰ কৰে যি লঘোনে ভোকে কাম কৰি গালি শপনি অমানৱীয় অত্যাচাৰ নীৰৱে সহি ত্ৰাস শংকা দুখসাৱতি ক্ষণিক টোপনি যায় ৰাতি এই খন মানুহৰ সমাজতেই কটাও দিন ৰাতি এইখনেই সেউজ মনৰ আচল মানুহৰ পৃথিৱী কোনেও নেপায় চিনি কোনেও নিদিয়ে সহাৰি যাত্ৰা পথৰ অলেখ বাধা য’ত আঁতৰাব নোৱাৰি আওকান কৰি সূৰ্য্যও যায় দূৰলৈ আঁতৰি অন্যায় অত্যাচাৰ অধৰ্মৰ যি যুগে যুগে বলি অভাৱ অনাতন হতাশা নিৰাশাৰে যি চহকী প্ৰেম সহৃদয়তাসমৃদ্ধ দুৰ্ভগীয়া সৰ্বহাৰা জীৱন যাপন কৰিয়েই যি থাকে হাঁহি মাতি দুখকেই সুখ বুলি ভাৱি যি কতাই দিন ৰাতি সেই জীৱনকেই হাঁহি হাঁহি আহিছো পাৰকৰি সেই সমাজতেই কতাও দিনৰাতি হাঁহি মাতি শিপা নিচিগা দুখৰ মাজত সুখ বিছাৰি বিছাৰি জীয়াই থকা কেইদিনো এনেকৈয়ে যাব চলি দুখ দুৰ্দশা দুৰ্ভাগ্য দুৰ্য্যোগৰ সতে যুঁজি যুঁজি লগত থকাবোৰো অজানিতে যাব আঁতৰি মৃত্যুৰ অন্তত এদিন নীৰৱে যাব মাটিত মিলি #assamesekobita #axomiyakobita #jivonkeiparkori #SahityaChorcha
- এন্ধাৰ নিশা
জোনাক বিহীন এন্ধাৰ নিশা, খিৰিকিৰ ফাঁকেৰে, নিশব্দে দুৰ্স্বপ্ন বোৰ কাষ চাপি আহে। তুমি বিহীন উজাগৰী নিশা, নিজকে অসহায় যেন লাগে। দোধোৰ মোধোৰ হয় মন, এন্ধাৰৰ আৱৰণ ফালি, তীক্ষ্ণ দৃষ্টিৰে চাওঁ, পুৱা শিতানৰ গাৰু লুটিয়াই। তোমাৰ মধু ময় বাসনা হৃদয়ৰ বতৰা বোৰ, কিজানি বা তাতেই বিচাৰি পাওঁ। নিশব্দে উচুপি উচুপি, মৌনতাৰ শিকলি চিঙি ধুমুহাৰ সতে বিলীন হৈ, তোমাক বিচাৰি যাওঁ। #assamesekobita #assamesepoetry #Endharnixha #SahityaChorcha
- বিহংগম (সপ্তম খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে
কিছুদুৰ আগুৱাই আহি কেকুৰীটো ঘূৰিয়েই অভিনন্দনৰ পথৰ দাঁতিত এটা মাটিৰে নিৰ্মিত প্ৰকাণ্ড ধুনিৰ ওপৰত চকু পৰিল ৷ বতাহত ধুনিটোৰ পৰা উৰি থকা সুগন্ধিত ধোৱাই গোটেই ঠাইখন তাৰ পবিত্ৰ যজ্ঞস্থলীৰ দৰে লাগিল ৷ ধুনিৰ কাষত পাহাৰৰ গাত থকা শিলৰ ফাক বোৰত ৰঙ বিৰঙৰ অসংখ্য সৰু সৰু বৌদ্ধ স্তুপাৰ আকৃতিৰ মূৰ্তি চকুত পৰাত অভিনন্দনে তাৰ কৌতুহলী মনটোক ধৰি ৰাখিব নোৱাৰি শিলৰ ফাকটোলৈ আগুৱাই গ’ল ৷ ভাইটি চা চা বোৰ হাতেৰে নুচুবা ৷ আৰু সাৱধান সেই পবিত্ৰ আৰু মন্ত্ৰ পুত চা-চা বোৰত ভুলটো যাতে ভৰি নপৰে ৷ ভক্তিৰে মুৰ দোৱাই আতৰি আহা ৷ তাৰ পিচে পিচে আহি থকা ধৰ্মাত্মা লামা লবজান থিনলে দৰজীৰ মাতত অভিনন্দন থমকি ৰ’ল ৷ সি ধৰ্মাত্মাৰ ওচৰলৈ ওভতি অহাত ধৰ্মাত্মাই ক’লে- বাচা ভূটান ৰ মাটিত খোজ দিওতে সদায়েই লেখিজুখি খোজ দিবা ৷ ইয়াত সকলোবোৰৰ আৰতেই কিবা নহয় ৰহস্যজনক কাৰণ সম্বলিত হৈ থাকে ৷ গুৰু ৰিনপোচে (পদ্মসম্ভাৱা) ৰ ব্ৰজায়ন সূত্ৰ অনুসৰি ভূটানৰ ৰীতিনীতি সকলোবোৰ মায়াবী তান্ত্ৰিক বৌদ্ধ ধৰ্ম মতে পালন কৰা হয় ৷ গতিকে কেতিয়াও ইয়াৰ লোক বিশ্বাস আৰু পৰম্পৰাগত ৰীতি নীতিক উপেক্ষা নকৰিবা ৷ শিলৰ ফাকত সেইবোৰ বগা নিমজ শিলৰ গুৰিৰে বনোৱা সৰু সৰু চোৰ্তেন ( স্তুপা ) যাক তিব্বত আৰু ভূটানত চা চা বুলি কোৱা হয় ৷ নিজৰ প্ৰিয়জনৰ উন্নতিৰ কাৰণে, নৰিয়া পাটীত পৰি থকা ৰোগীৰ উপশমৰ বাবে অথবা বিদেহী আত্মাৰ সদগতিৰ বাবে লাখাঙৰ লামাই গননা মতে এই সৰু সৰু চোৰ্তেন সমূহ পবিত্ৰ স্থানত ৰখা হয় ৷ চা চাৰ ৰঙ, আকাৰ আৰু সংখ্যা সকলোবোৰ গননাত ঠিৰাঙ কৰা হয় ৷ সৰু সৰু শঙ্কু আকৃতিৰ এই চা-চাবোৰ জংগ, চোৰ্তেন ( স্তুপা) আৰু লাখাঙ ( মন্দিৰ) ৰ কাষত মানুহে সহজে হাতেৰে ঢুকি নোপোৱা ঠাইত যেনে গুহা , শিলৰ ফাক, গছৰ ধোন্দৰ মাজত ভক্তি ভাবেৰে যথাযোগ্য স্থানত ৰখা হয় ৷ কেতিয়াবা আকৌ গননা বিশেষে চা-চাবোৰ চন্দন অথবা চীদাৰ কাঠৰ ভূৰ সাজি নদীত উটুৱাইও দিয়াও হ’য় ৷ হিমালয়ৰ পাদদেশৰ ভাৰত, ভুটান আৰু তিব্বতৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ লোক সকলে ভগৱানক চা-চা উচৰ্গিত কৰা প্ৰথা হাজাৰ হাজাৰ বছৰ ধৰি চলি প্ৰচলিত হৈ আহিছে বুলি অনুমান কৰা হয় ৷এটা প্ৰজন্মৰ পাছত আনটো প্ৰজন্মই ধাৰাবাহিক ভাৱে চা-চা বনোৱা পদ্ধতি সমূহো নিয়ম মানি অনুসৰণ কৰি গৈছে ৷ চা-চা বনোৱা মানুহজনৰ লগতে যাৰ কাৰণে বনোৱা হয় তেওঁলোক দুয়োজনৰে মনৰ শ্ৰদ্ধা- ভক্তি আৰু ধাৰ্মিক আস্থাৰ ওপৰত চা-চাৰ কাৰ্য্যক্ষমতা আৰু গুনাগুন নিৰ্ভৰ কৰে ৷ চা-চা বনাবলৈ সাধাৰণতে পাৰো আৰু দক্ষিণ ভূটানৰ বিভিন্ন প্ৰান্তৰ পৰা পবিত্ৰ আঠালতীয়া বোকা সংগ্ৰহ কৰি অনা হয় ৷ সেই বোকাৰ সতে সুগন্ধি কেশ্যৰ , পবিত্র ঔষধি আৰু মচলা মিহলাই আটাৰদৰে লাডু বনাই কাঠ বা ধাতুৰ খাচত ঢালি দি ৰ’দত শুকুৱাই লয়৷ চা-চা বনোৱাৰ সময়ত বনোৱা মানুহজনে নিৰাধাৰ মণ্ত্রোচ্চাৰণ কৰি থাকিব লাগে ৷ কেতিয়াবা একোটা মন্ত্র সহস্ৰাধিক বাৰো উচ্চাৰণ কৰিবলগীয়া হয় আৰু শেষত সংস্কৃত ভাষাত মন্ত্র লিখা কাগজ এখন মেৰিয়াই চা-চাটোৰ ভিতৰত সযতনে সুমুৱাই দিয়া হয় ৷ মন্ত্র সমূহ সমূহ সাধাৰণতে সুগন্ধি চন্দন অথবা চাইপ্ৰাছ গছৰ গুটিৰে তৈয়াৰী চিয়াঁহীৰে লিখা হয় ৷ সেয়েহে এই মন্ত্ৰপুত চা-চা সমূহৰ পৰা অহৰহ পবিত্ৰ আৰু মিঠা সমীৰণ পৃথিৱীৰ বায়ুমণ্ডলত বিয়পি থাকে ৷ দেৱ-দেৱী সকল এই মিঠা সমীৰণ আৰু পবিত্ৰ মন্ত্রবানীত সন্তুষ্ট হৈ ভক্তৰ আহ্বান স্বীকাৰ কৰি আশীৰ্বাদ প্ৰদান কৰে বুলি জনশ্ৰুতি আছে ৷ চা-চা দুই প্ৰকাৰৰ, সৰু সৰু চা-চা বোৰত আঠটা স্তূপাৰ প্ৰতিকৃতি আৰু ডাঙৰ চা-চা বোৰত এশ আঠটা স্তূপৰ প্ৰতিকৃতি সাজকটা থাকে ৷ বৌদ্ধ ধৰ্মত ১০৮ সংখ্যা টো অতি পবিত্ৰ বুলি মনা হয় ৷ বৌদ্ধ ধর্ম মতে , মর্ত্যত ১০৮ টা পার্থিব ইচ্ছাই বিৰাজ হৈ থাকে , মানুহে জীৱনত কমেও ১০৮বাৰ মিছা কয়,১০৮বাৰ বিভ্ৰান্ত হয়, যোগে, য্যোগ সাধনাত ১০৮বাৰ সূৰ্য্য নমস্কাৰ কৰা হয়,অৰ্থাত পৰিবৰ্তনশীল জগতক সন্মান জনোৱা হ’য় ৷ চাংথাব টো থকাকলৈ চাই ইয়াৰ ওচৰে পাজৰে চোৰ্তেন অথবা লাখাঙ থকাটো খাটাঙ , ধৰ্মাত্মা লামাই ধোৱাই থকা ধুনিটোলৈ আঙুলিয়াই অভিনন্দনক উদ্দেশ্যি কলে ৷ ধৰ্মাত্মা লামাই গুৰু গম্ভীৰ মাতেৰে কৈ থকা অত্যন্ত তত্ত্ব গধুৰ আৰু ৰহস্য ভৰা কথা সমূহ শুনি শুনি সি যেন এখন অলৌকিকতাৰ জগতত বিচৰণ কৰি আছিল ৷ ধৰ্মাত্মা লামাৰ ইংগিতত ধুনিটো ফালে আঙুলিয়াই সেইটোনো আচলতে কি বুলি সি প্ৰশ্ন কৰিলে ৷ ধৰ্মাত্মা লামাই খুব মৰমৰে অভিনন্দনৰ মুৰত হাতখন থৈ ‘ওঁম মনি পদ্মে হুম ‘ বুলি কৈ গ’ল , সেইটো এটা ধূনাৰ ধুনি ৷ ভূটানত সূৰ্য্যোদয়ৰ লগে লগেই জং, চোৰ্তেন আৰু লাখাঙৰ ওচৰত এন ধুনিত সুগন্ধিত ধোৱাৰ কাৰণে চন্দন, চীডাৰ, চাইপ্ৰাছ আদি গছৰ ডাল-পাতৰ ওপৰিও ধূনা আদি দিনটোৰ কাৰণে জ্বলাই দেব-দেৱীক স্মৰণ কৰি নৈবেদ্য হিচাবে উৎসৰ্গিত কৰা হয়। প্ৰতি ঘৰ মানুহৰ ঘৰৰ সন্মুখতো দিনটো এনে সুগন্ধিত ধূপ ধূনা জ্বলাই ৰখা হয় ৷ হিমালয়ৰ পাদদেশৰ ঠাইবোৰত ধূপ ধূনাৰ উপাস্য দেৱী ডুগপোৱেমাক উপাসনা কৰা হয়৷ ভূটানত সকলো পূজাপাতল আৰু মাংগলিক কামত চাঙ মানে সুগন্ধি ধূপ -ধূনা জ্বলোৱাটো অনিবাৰ্য্য ৷ ধূপ-ধূনা কেবল সুগন্ধিত নৈবেদ্যই নহয় ই ইশ্বৰৰ ওচৰত ভক্তৰ বহু প্রস্তাব ব্যক্ত কৰাৰ কাৰণে এটা মাধ্যমো । ধূপ-ধূনা জ্বলাই দিয়াৰ লগে লগে অন্যান্য পদার্থবোৰ প্রথমে গভীৰ মহাশূন্যৰ মাজত শুদ্ধ হৈ যায় তাৰ পাছত ধোঁৱাৰ কুণ্ডলীবোৰ অলৌকিকভাবে মহাশূন্যৰ সম্প্ৰসাৰণত ওপৰলৈ উৰি যায়, এটি য্যোগ প্রক্ষেপনৰ মাধ্যমেৰে এই ধোঁৱাৰ নৈবেদ্য মেঘলৈ ৰূপান্তৰিত হয়। ধোঁৱাৰ নৈবেদ্য মেঘবোৰ বহু গুণে মহাব্যোমত আৱৰি পৰে আৰু বিভিন্ন জনলৈ শ্ৰদ্ধা আৰু ভক্তিৰ নৈবদ্য কঢ়িয়াই নিয়ে ৷ বৌদ্ধ সাহিত্যৰ মতে এই নৈবদ্য বিশেষ চাৰি সিদ্ধৰহে প্ৰাপ্তি হয় ৷ ১. যি সকল বুদ্ধৰ দৰে জ্ঞানী আৰু শ্ৰদ্ধাৰ পাত্র ২. আকাশৰ দেবতা যি সকল মহৎ গুনৰ অধিপতি আৰু ধৰ্ম ৰক্ষক৷ ৩. ছয় জগতৰ সংবেদনশীল সত্বা, যিসকলে অস্তিত্ব চক্রৰ ভূক্তভোগী আৰু মমত্ববোধৰ যোগ্য। ৪. অতৃপ্ত আত্মা যি সকলৰ ওচৰত পূৰ্ব জন্মত ঋণ পৰিশোধ কৰিব পৰা নগল ৷ ধুপধুনাৰ পৰা উদ্ভাৱিত মেঘৰ নৈবেদ্যৰে সন্তুষ্ট হৈ আহ্বান কৰা এই চাৰি সিদ্ধিই প্ৰাৰ্থনাকাৰী সকলক আশীৰ্বাদ কৰে ৷ ব’লা বাচা গুৰু ৰিনপোচেৰ আশীৰ্বাদত আমাৰ যাত্ৰাপথৰ বিঘিনি আঁতৰি গৈছে ৷ আমি আৰু পলম নকৰি থিম্ফুলৈ গমন কৰা উচিত হ’ব ৷ তোমাৰ ড্ৰাইভাৰ জনেও বিৰক্তি পাব পাৰে ৷ তুমি বৰ সৰল, উদাৰ আৰু ধাৰ্মিক ল’ৰা ৷ এটা এই আধা ঘন্টাৰ যাত্ৰাপথত তোমাক তোমাৰ জীৱনৰ দুটামান গোপন কথাৰ সম্ভেদ দিম ৷ তুমি নিজকে চম্ভালিব পাৰিলে কিছুমান অবাঞ্চিত কষ্টৰ পৰা মুক্ত হ’বা ৷ ধৰ্মাত্মা লামাজনৰ মুখৰ কথাখিনি এইবাৰ অভিনন্দনে নিজক আৰু ধৰি ৰাখিব নোৱাৰিলে ৷ সি ধৰ্মাত্মা লামাজনৰ ভৰিখনত ধৰি কলে- মহাপুৰুষ আপোনাক বাটতে পাই যোৱাটো মোৰ অতি কাৰণে অহোভাগ্য , কিন্ত আপুনি মোৰ মনৰ কথাবোৰ কেনেদৰে জানিব পাৰিছে, আৰু মোৰ দৰে সামান্য পঠিক এজনৰ প্ৰতি সদয় হৈ কিয় ইমান কম সময়তে ইমান বোৰ ধৰ্ম আৰু ৰহস্য জ্ঞান দিছে? ই মোৰ বাবে সচাঁই এটা সাথৰ হৈ পৰিছে ৷ গতিকে দয়াময় আপুনি মোৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ উত্তৰ দিবনে? ‘ওঁম মনি পদ্মে হুম ‘ ধৰ্মাত্মা লামাই হাতৰ জপমালাডাল অভিনন্দনৰ কপালত লগাই দি কলে- বলা বাচা, গাড়ীতে বহি তোমাৰ প্ৰশ্নৰ উত্তৰ দিও, ন কি কোৱা৷ ধৰ্মাত্মা লামাজনৰ প্ৰস্তাৱক সমৰ্থন জনাই অভিনন্দন লামাজনৰ সতে কেকৰীটোৰ সিপাৰে ৰৈ থকা টেক্সিখনলৈ খোজ দিলে৷ #Assamesegolpa #Axomiyagolpa #bihangam #SahityaChorcha
- অনুভৱৰ মাজত
অনুভৱৰ মাজত বিচাৰো তোমাক, তুমি দূৰলৈ গুচি নাযাবা , চুই চাব বিচাৰোঁ তোমাক , তুমি কিয় বিচৰা অন্য এখন হিয়া! মৌ মাখিয়ে ফুলৰ ৰেণু চুহি লৈ গ’ল, মেল খোৱা পাহি বোৰ লেৰেলি শুকাল। কব লগা কথা বোৰ পাহৰিলোঁ মই, সময় থাকোতেই নকলোঁ তোমাক, তুমি গুচি গলা বহু দূৰলৈ। মনৰ ভাৱ লাহে লাহে উৱলি গ’ল , জাপিবলৈ নহল বুকুত হিয়া খন হাউলি পৰিল দুখৰ মাজত। শেতা পৰা মুখ খন চাবলৈ নহল, নিৰাশাই আগুৰি ধৰিলে মোক, সেই বাবে অনুভৱৰ মাজত বিচাৰো তোমাক। #anubhavormajot #assamesekobita #axomiyakobita #SahityaChorcha
- কবিতাৰ বাবেই মই জীয়াই আছো
মই হয়তো কবিতাৰ বাবেই জীয়াই আছো কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো সঁচা মানুহৰ সঁচা পৃথিৱীৰ সপোন ৰচো কবিতাৰ বাবেই মোৰ অন্তৰৰ অপাৰ তৃষ্ণা কাব্যৰসামৃততেই ডুবি থাকে নিতে মোৰ কাব্যৰসামৃত বিভোৰ অন্তৰ আত্মা মই কবিতা বিছাৰো মাথোন কবিতা অনিন্দ্যসুন্দৰ সূৰ্য্য বুলীয়া সুৰম্য কবিতা ষড়ৰসসিক্ত নৱৰসসিদ্ধ সেউজীয়া কবিতা তুমি মোক মাথোন কবিতা দিয়া তোমাৰ আত্মিক ভাষাৰে মই মোৰ আত্মাক চাব খোজো কবিতাৰ অপ্ৰতিম ৰসেৰেই জ্বলাব বিছাৰো আত্মোপম আত্মাৰ পৰমাত্মিক শলিতা আজীৱন মই কবিতাৰ অপ্ৰতিৰোধ্য প্ৰেমিক অবিৰল কবিতা প্ৰেম মোৰ নৈসৰ্গিক অভিনিৱিষ্ট ব্ৰহ্মময় অভিব্যঞ্জনা অলক্তৰাগী অৰিন্দম অৰবিন্দৰে সুশোভিত অৱমোচন প্ৰদানী মহা অববুদ্ধ মৃত্যুও অসমৰ্থ বিধ্বস্ত কৰিবলৈ মোৰ কাব্য প্ৰেমৰ প্ৰাৱল্য কবিতাই মোৰ জীৱনৰ লাৱন্য সবিতা প্ৰাণভৰি ভালপাওঁ কবিতা জীয়াই থাকিবলৈ লাগে মোক কবিতা আৰু কবিতা কাব্যশিল্পৰ ঝংকাৰী শব্দৰ মাজেৰে স্পন্দিত শব্দ বিচ্ছুৰিত ভাৱৰ লহৰে লহৰে বৈ যায় অনাবিল তৰঙ্গায়িত মধুময় মূৰ্চ্ছনাৰে অনন্য অপূৰ্ব মহত্ত্বমণ্ডিত আশ্চৰ্য মুগ্ধতা অনিবৰ্চনীয় য’ত সত্য সুন্দৰৰ প্ৰজ্ঞানী মালিতা কবিতাৰ প্ৰেমত পৰি পোৱাযদি কেতিয়াবা কণক কান্তি ক্ৰান্তদৰ্শনী কাব্যিক কৈৱল্যতা গূঢ় গ্ৰাঢ় অনন্ত ৰহস্য তাৰ তুমিও বুজি পাবা আজি দিয়া মোক মাথোন কবিতা সুখ দুখ নৱৰসদীপ্ত কবিতা অনিন্দ্য সুন্দৰ কৰুণা কান্তিময় কবিতা কবিতাৰ বাবেই মই জীয়াই আছো শান্তিৰে জীয়াই থাকিবলৈ বিছাৰো মাথোন কবিতাৰ সুষমা #assamesekobita #axomiyakobita #kobitarbabeimoi #SahityaChorcha
- হে শ্বহীদ প্ৰণামো তোমাক
চিৰ যুগমীয়া তুমি অসমে বিচাৰে যাক, হে শ্বহীদ! সস্তাঙ্গে প্ৰণামো তোমাক। জাতি-মাটি-ভেঁটি ৰক্ষাত প্ৰাণৰ আহুতি, অকণো সংকোচ নকৰি ল’লা মৃত্যুক সাৱটি। অসমবাসীৰ স্মৃতিত আজীৱন তোমাৰেই নাম, অসমী আইৰ সন্তান তোমাক সশ্ৰদ্ধ প্ৰণাম। #assamesekobita #axomiyakobita #SahityaChorcha #swahidpranamu












