top of page

 SEARCH RESULTS 

Search this site

606 results found with an empty search

  • বিহংগম – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে (অষ্টম খণ্ড)

    ধৰ্মাত্মা লামাজনৰ পাছে পাছে গৈ অভিনন্দন এজন বাধ্য ছাত্ৰৰ দৰে গৈ টেক্সিৰ আসনত বহি পৰিল ৷ ড্ৰাইভাৰজনে স্থানীয় ভূটীয়া ভাষাত লামাজনক খুব নিম্ন স্বৰত কিবা কথা পাতিলে ৷ সেই কথা বতৰাৰ মাজত ড্ৰাইভাৰজনৰ মুখত চিন্তাৰ ভাব ফুটি উঠিছিল ৷ অভিনন্দনে ড্ৰাইভাৰজনৰ মনৰ চিন্তাৰ কাৰণ জানিব কাৰণে খুব উৎসুক হ’ল ৷ তাৰ উৎসুকতা আতৰ কৰি ধৰ্মাত্মা লামাই কলে- বাচা, পথ দুৰ্ঘটনাৰ কাৰণে তোমাৰ লটিঘটি হোৱা বাবে ড্ৰাইভাৰ বন্ধুৰ মনত দুখ লাগিছে ৷ মাত্র তিনি ঘন্টাৰ যাত্ৰাপথকন অভাৱনীয় ভাবে কষ্টকৰ আৰু দিঘলীয়া হোৱাৰ বাবে তোমাৰ চাগে অসুবিধা হৈছে তাকে লৈ তেওঁ চিন্তা কৰিছে ৷ ধৰ্মাত্মাৰ কথা শুনি অভিনন্দন স্তম্ভিত হৈ পৰিল ৷ আমাৰ ইয়াত যদি এনে পৰিস্থিতিৰ সৃষ্টি হল হেতেন এনেদৰে অচিনাকী আৰোহীৰ সুবিধা- অসুবিধাৰ কথা চিনতা কৰি মুৰ নঘমালে হেতেন৷ ওলোটাই আৰোহীক অতিৰিক্ত ভাৰা মূল্য ভৰিৰ লাগিব বুলি সকীয়নিহে দিলে হেতেন ৷ কিন্ত ভূটীয়া ড্ৰাইভাৰ জনৰ আৰোহী এজনৰ বাবে চিন্তাৰ পৰিধি শলাগিব লগীয়া ৷ ভূটীয়া সকল সচাঁই বহুত সৰল আৰু শিষ্টাচাৰী ৷ সেইয়াহে আচল মানুহৰ মহানুভৱতা৷ বাচা, মোৰ গন্তব্যস্থান পাবলৈ আৰু বেছি সময় নাই গতিকে তোমাক মই দুটামান বিশেষ জৰুৰী কথা কম ৷ মন দি শুনিবা ৷ তোমাক আৰাধ্য গুৰু তথাগতে মংগল কৰিব ৷ ধৰ্মাত্মা লামাজনৰ মাতত অভিনন্দনৰ সম্বিত ঘুৰি আহিল৷ সি কৰযোৰে মূৰ দোৱাই ধৰ্মাত্মা লামাজনক কৈ যাব লৈ অনুৰোধ কৰিলে৷ লামাই উৎসাহিত হৈ এটা দীঘল গল হেকাৰি মাৰি লৈ কবলৈ আৰম্ভ কৰিলে -অষ্টম শতিকাৰ আৰম্ভণিতে ট্ৰিচঙ দিউচেন তেৰ বছৰ বয়সতেই তিব্বতৰ ৰাজপাটত বহিল৷ তেওঁ ৭৫৫ খ্ৰীষ্টাব্দৰ পৰা ৮০৪ খ্ৰীষ্টাব্দ লৈ ৰাজত্ব কৰিছিল ৷ তেওঁ মহাযান বৌদ্ধ পন্থাৰ সম্যকদৰ্শনৰ ইশ্বৰ মন্জুশ্ৰীৰ অৱতাৰ বুলি তিব্বতৰ জনসমাজত বিশ্বাস আছিল ৷ সেই সময়ত তিব্বতত বৌদ্ধ ধৰ্মতকৈ স্থানীয় বন ধৰ্মৰ প্ৰভাৱ বহুত বেছি আছিল ৷ মানুহে ডাকিনী -যোগিনী আৰু পিশাচৰ পূজাৰ পাতল কৰিছিল ৷ আৰু ইফালে ৰজা ট্ৰিচঙ আছিল বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট ৷ তিব্বতত বৌদ্ধ ধৰ্মৰ সংস্থাপনৰ কাৰণে ৰজা ট্ৰিচঙে ভাৰতৰ বৌদ্ধ গুৰু শান্ত-ৰক্ষিতাক নিমন্ত্ৰণ দিলে ৷ শান্ত-ৰক্ষিতাই তিব্বতত বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰা সময়তে ৰজা ট্ৰিচঙে মন্ত্রী-পাৰিষদৰ লগত বিবেচনা কৰি ৰাজ্যত এটা বিশাল বৌদ্ধ মঠ সাজিব ল’লে ৷ কিন্ত তিব্বতৰ পাৰম্পৰিক বন ধৰ্মালম্বীৰ লোকসকলে ৰজাৰ কাৰ্য্যত ক্ষোভিত হৈ পৰিছিল ৷ বন ধৰ্মত বিশ্বাসী গোড়া মানসিকতাৰ বেজ-ওজা বোৰে ৰজাৰ কাৰ্য্য ত বাধা দিবলৈ ৰাতি বিৰাহ-ভুত আদিৰ দ্বাৰা মঠৰ বহুলক্ষতি কৰিছিল ৷ তেতিয়া ৰজা ট্ৰিচঙ উপায়ান্তৰ হৈ গুৰু শান্ত-ৰক্ষিতাৰ ওচৰ চাপিল ৷ গুৰু শান্ত-ৰক্ষিতাই ৰজা ট্ৰিচঙক মনোবল নেহেৰুৱাই গুৰু পদ্মসম্ভাৱাক নিমন্ত্ৰণ দি আনিবলৈ উপদেশ দিলে ৷ ৰজাই গুৰু শান্ত-ৰক্ষিতাৰ কথাত অকনো বিলম্ব নকৰি বাকী নামৰ এজন দূতক পদ্মসম্ভাৱাক নিমন্ত্ৰণ জনাই নেপাললৈ পঠিয়াই দিলে ৷ সেই সময়ত গুৰু পদ্মসম্ভাৱাই নেপালত ধৰ্মৰ প্ৰচাৰত ব্যস্ত আছিল ৷ ৰজাৰ নিমন্ত্ৰণ পাই গুৰু ৰিনপোচেই ( পদ্মসম্ভাৱাই ) আপাৰ তিব্বতৰ মংগ্যুল জিলাৰ জাৰা বাগ্য়ীয়া গুহাত আশ্ৰয় ললে গৈ ৷ অৱশেষত গুৰু ৰিনপোচে পদ্মসম্ভাৱাৰ কাৰণে ৰজা ট্ৰিচঙে সফলতাৰে তিব্বতত বিশাল চাম্য়ে মঠ বনাই সম্পূৰ্ণ কৰিলে ৷ তাৰপাছত প্ৰায় দুকুৰি বছৰ ধৰি গুৰু পদ্মসম্ভাৱাই তিব্বত আৰু তাৰ পাদদেশৰ ঠাইবোৰত ব্ৰজায়ন বৌদ্ধ ধৰ্ম সংস্থাপন কৰি পাছলৈ ভূটান আৰু ভাৰতৰ ছিকিমলৈ প্ৰস্থান কৰিছিল ৷ গুৰুজনাই লগত পচিশ জন প্ৰধান শিষ্যক লগত লৈ ভূটানত প্ৰবেশ কৰি ইয়াত বহুত মায়া বিদ্যাৰ কৌশলসতাই ব্ৰজায়ন বৌদ্ধ ধৰ্ম সংস্থাপন কৰিছিল ৷ তুমি ভূটানত বহুদিন ধৰি থাকিবা আৰু প্ৰভু ৰিনপোচেৰ আশীৰ্বাদত তেওঁৰ বহ মঠ মন্দিৰ দৰ্শন কৰিবলৈ পাবা ৷ গুৰুজনাৰ নানান মহিমামণ্ডিত কাহিনীও শ্ৰবণ কৰিব পাবা ৷ গুৰুজনাৰ কাহিনীবোৰে তোমাৰ আত্ম আৰু শৰীৰত অফুৰন্ত উৎসাহ দিব ৷ তুমি উপকৃত হ’বা ৷পদ্মসম্ভাৱাৰ জীৱন গাঁথাৰ শ্ৰৱন সকলোৰে প্ৰাপ্ত নহয়৷ গুৰুৱে পূৰ্বনিৰ্ধাৰিত কিছুমান লোকক কিবা উদ্দেশ্য ৰাখি তেওঁৰ শ্ৰৱন কীৰ্ত্তন কৰিবলৈ সুযোগ দিয়ে ৷ তুমিও সেই সুযোগৰ পাত্র হ’লা ৷ অনাকাংক্ষিত ভাবেই গুৰুজনাৰ বিভিন্ন লাখাঙ আৰু মঠৰ,দৰ্শন কৰিব লৈ সুযোগ পাবা ৷ সেই সুযোগ বোৰ হাতৰ পৰা ওলাই যাব নিদিবা ৷ মোৰ গন্তব্যস্থান পাবলৈ আৰু মাত্র কেইটামান মুহূৰ্ত বাকী আছে ৷ মই তোমাক দুটামান কথা কওঁ তুমি মন দি শুনিবা ৷ এই ভূটান ভ্ৰমণৰ সময়ত তোমাৰ হৃদয়ত এক উদগীৰণ ঘটিব ৷ এই উদগীৰণত বিচ্ছুৰিত লাভাৰ দবানলে তোমাক দহি পেলাব বিচাৰিব ৷ কিন্ত বাচা, তুমি কোমল মনৰ অন্তৰ চাফা লৰা ৷ তথাগতে তোমাক ৰক্ষা কৰিব ৷ তোমাক এই তামৰ বাতিটো আৰু কাঠৰ মাৰি দাল উপহাৰ দিছো ৷ এই বাতিটোৰ চাৰিওফাল কাঠৰ,মাৰিডাল ঘুৰাই থাকিলে শব্দ তৰংগৰ উদ্ভৱ হ’ব ৷ যিমান লাহে লাহে মাৰিডাল ঘুৰাব সিমানবেছি প্ৰাবল্যতাত শব্দ তৰংগৰ সৃষ্টি হ’ব আৰু তোমাৰ হৃদয়ৰ মাজত ওঁম শব্দ গুঞ্জৰিত হৈ উঠিব ৷ তেতিয়াই তোমাৰ মনৰ,দুখ বেদনা, কাম ক্ৰোধ আদি মাৰ,গৈ মনত প্ৰশান্তিবোধৰ মলয়া ব’ব ৷ এই সমগ্ৰ প্ৰদ্ধতিটোকে শব্দ যোগা বুলি কয় ৷ কথাৰ সামৰণি মাৰি ধৰ্মাত্মা লামাই উপহাৰটো অভিনন্দনৰ হাতত তুলি দিলে ৷ সি আনন্দমনে ধৰ্মাত্মাৰ হাতৰ পৰা সাদৰৰে গ্ৰহণ কৰি বেগত সুমুৱাই ল’লে ৷ ধৰ্মাত্মা লামাই থিম্ফুৰ পৰা নাতিদূৰত চিগিয়েল বুলি ঠাইখনতে ড্ৰাইভাৰজনক গাড়ীখন ৰখাবলৈ দি অভিনন্দনক মূৰ গা পিহি আশীৰ্বাদ দি বিদায় ল’লে ৷ অভিনন্দনেও শ্ৰদ্ধা সহকাৰে লামাজনৰ দুই ভৰি চুই প্ৰণাম কৰিলে ৷ ধৰ্মাত্মা লবজান থিনলে দৰজীৰ সান্নিধ্যত যোৱা পাচ ঘন্টা সময় কেনেদৰে অতিবাহিত হৈ গ’ল আৰু কিমান কথা যে জানিব পাৰিলে সি নিজেই বিশ্ময় মানিলে ৷ ধৰ্মাত্মাই অভিনন্দনক এৰি থৈ যোৱাৰ পাছত সি নিজক খুবেই ৰিক্ত অনুভৱ কৰিলে ৷ ধৰ্মাত্মাৰ বহু কথাই তাৰ মনৰ মাজত সাথঁৰ হৈ ৰ’ল ৷ সি নাজানে তাক লামাজনে ইমানবোৰ কথা কোৱাৰ আৰত কি উদ্দেশ্য প্ৰণোদিত হৈ আছে ৷ কিন্ত জ্ঞানী ধৰ্মাত্মা লামাজনৰ পৰা সি কম সময়ৰ ভিতৰতে বহুত ৰসাল আৰু আধ্যাত্মিক জ্ঞান প্ৰাপ্তি কৰিলে ৷ সেইটোৱেই তাৰ কাৰণে পৰম অহোভাগ্য আছিল ৷ অভিনন্দনৰ চিন্তাত যতি পেলাই ধাৰাম কৈ উঠা ভয়ানক শব্দত ড্ৰাইভাৰজনে কেচ্ কৈ গাড়ীখন ব্ৰেক মাৰি ৰখাই দিলে ৷ তাহাঁতৰ আগে গৈ থকা ট্ৰাক খনে ভীষণ শব্দ কৰি ব্ৰেক মাৰি ৰখাই দিয়াত কথমপি অভিনন্দন হতঁৰ গাড়ীখন গৈ ট্ৰাকখনৰ তলত নোসোমাল ৷ নিমিষতে ট্ৰাকখনৰ চাৰিওফালে মানুহে জুম বান্ধিলে ৷ থিম্ফুৰ নিচেই সমীপৰ বেবেচা নামৰ ঠাইখনত হঠাৎ এক হুৱা-দুৱা পৰিবেশৰ সৃষ্টি হ’ল ৷ অভিনন্দন আৰু ড্ৰাইভাৰজনে গাড়ীখন ৰাস্তাৰ দাঁতিত কাষৰীয়া কৰি দূৰ্ঘটনাটোৰ বুজ ল’ব লৈ আগবাঢ়ি গল৷ #assameseupanyas #axomiyaupanyas #bihangam #SahityaChorcha

  • জোনাকৰ সময়

    সেই সময় জোনাক আছিল, প্ৰতি পলে পোহৰ বাগৰিছিল, জীৱন জিলিকি আছিল। আন্ধাৰ আতৰি গৈছিল অন্য দিশত, ক্ষুব্ধ মনৰ ভাৱ আতৰিল বেজাৰত। উৰ্ম্মিমালা বাগৰি ফুৰিল সোনালী বালিত, অভিমান কৰি আতৰিল সাগৰৰ বুকুত। #assamesekobita #assamesepoetry #junakortime #SahityaChorcha

  • তোমাৰ মৰমেৰে

    কাৰোবাক হৃদয়ৰ গভীৰতালৈ সোমোৱাই নল’বা৷ প্ৰাণখুলি মনৰ গোপন কথাবোৰ কেতিয়াও নাপাতিবা৷৷ দুচকুত চকু ৰাখি সেইজনৰ আগত বাকৰুদ্ধ হৈ নপৰিবা৷ আনৰ বাবে জীৱনৰ ৰংবোৰ কাহানিও আচুতীয়া কৰি নাৰাখিবা৷৷ এদিন যেতিয়া সেইজনে নিজৰ স্বাৰ্থ পূৰণ কৰি তোমাক ঠেলি পথাব৷ তুমিও নিজৰে মাজতে তেতিয়া অকলসৰীয়া আশ্ৰয়হীনা হৈ পৰিবা৷৷ সেইজনে তোমাক মাথোঁ তেওঁৰ নিসংগতা সময়তহে লগৰী কৰিছিল৷ কোনোদিনেই তোমাৰ ভালপোৱা অনুভূতিক মৰ্য্যদা দিয়া নাছিল৷৷ তুমি অসহায় হৈ পৰিবা যেতিয়া তেওঁ তোমাক নেদেখা ভাঁও জুৰিব৷ দিশহাৰা হৈ পৰিব তেতিয়া জীৱনৰ কক্ষপথ বেদনাবোৰে ইতিকিং কৰি হাঁহি ফুৰিব৷৷ #Assamesestabak #axomiyastabak #moromore #SahityaChorcha

  • তোমাৰ নিঃস্বাৰ্থ প্ৰেম

    তোমাৰ নয়নত সূৰ্য্যৰ পোহৰৰ জিলিকনি, জীৱন হল আনন্দময় মুখত হাস্যৰ বিৰিঙনি। তোমাৰ সতে থকা পলে মোক কৰিছে ধনী, তোমাৰ সতেহে পাৰিম কটাব সমস্ত জীৱনী। তোমাৰ নিঃস্বাৰ্থ প্ৰেমে দিলে মূল্যৱান শিকনি, পাৰিম বাধা নেওচিবলৈ মেলিলো জীৱনৰ নাওঁখনি। #assamesekobita #axomiyakobita #niswarthaprem #SahityaChorcha

  • দূৰদৰ্শী খেতিয়কজন

    ১৯৮৬ চন মানৰ কথা হ’ব৷ দুপৰীয়া স্কুল চুটীৰ পাছত ঘৰৰ আগফালৰ বাৰান্দাৰ দীঘল বেঞ্চখনত পেটখালা খাই গল্প পুথি এখন পঢ়ি আছিলো ৷ তেনে সময়তে মোৰ বৰদেউতা ৰত্নকান্ত চৌধুৰী (বটল বৰতা) আহি ঠুতৰিটোত চেপি মৰমতে মাতিলে, ফোচ ব’ল আজিটোক বিয়াখন খাবলৈ গেৰন্টত লৈ যাম৷ সাধাৰণত মুৰৰ পকা চুলি উঘালি দিয়া, ঘামচি ফুটাই দিয়া, বাৰীৰ বেৰকোৰত তমাল বান্ধি দিয়া ইত্যাদিবোৰ কাম কৰি দিবলৈ মাতিলে বৰতাই ঠুতৰিত চেপি মৰমতে মোক ফোচ বুলি মাতে৷ বৰতাই হাতৰ টিপত লৈ থকা চাৰি অনা বা আধলিৰ উমান পালেই লৰা লৰি কৈ বৰতাৰ কামত হাত উজান দিও৷ অৱশ্যে তাৰ মাজতে পেচাব কৰি আহো বুলি কেতিয়াবা মুৰ পোলোকা মাৰি পলাই পত্ৰং ও দিও৷ যি কি নহওক বৰতাই মোক বিয়া খাবলৈ যোৱাৰ প্ৰস্তাৱ দি গুছি যোৱাৰ পাছত দেউতাৰ ওচৰ পালো৷ শৈশৱত মই পঢ়াশুনাৰ বিজুতি ঘটায় বিয়া আদি খাবলৈ যোৱাটো দেউতাই বৰ এটা পচন্দ নকৰিছিল ৷ দেউতাৰ অনুমতি অবিহনে যিকোনো অনুস্থানলৈ যোৱাৰ কথা মই ভাবিবই নোৱাৰিছিল৷ পাছে সেইদিনাখন বৰতাৰ লগত গেৰেন্টৰ সেই বিশেষ বিয়াখনলৈ যাবলৈ দেউতাই অলপো বাধা দিয়া নাছিল৷ কুৰুৱা হাইস্কুলৰ কাষৰ ৰাস্তাটোৱেদি নামি পথাৰৰ মাজে মাজে যোৱা আলিবাটেৰে বৰতাৰ লগে লগে বিয়া খাবলৈ বুলি গৈ থাকিলো৷ পথাৰৰ মাজত কংক্রিটৰ দীঘল দীঘল নৰ্দমা দেখি মোৰ মনত প্ৰশ্ন উদয় হোৱাত সেইবোৰ দৰাচলতে কি বুলি সুধিলো৷ বৰতাই সেইবোৰ খেতিত পানী যোগান ধৰিবৰ কাৰণে সজা নৰ্দমা বুলি ক’লে৷ ১৯৬০ চনলৈ সেই পথাৰখন এখন অটব্য অৰণ্য আছিল বুলি ক’লে৷ এজন নেপালী মানুহৰ উদ্যোগত সেই হাবিখনে এটা সময়ত মোট সলাই পথাৰৰ ৰূপ ল’লে, সমবায় গঠন হ’ল আৰু কুৰুৱাৰ পথাৰত এক নতুন সেউজ বিপ্লৱৰ সূচনা হ’ল৷ হাবি ভাঙি তৈয়াৰ কৰা পথাৰখনৰ পাঁচশ বিঘা মান বাম মাটিত কংক্ৰিটৰ নৰ্দমাৰে বিনা যা-যন্ত্র নোহোৱাকৈয়ে বৰনদীৰ পানীৰ যোগান আৰম্ভ হ’ল৷ চন পৰা মাটিত ধান মাহ লহপহাই উঠিব ল’লে৷ মাত্র প্ৰাথমিক বিদ্যালয়লৈ পঢ়া মানুহ জনে তেতিয়াৰ দৰং জিলাৰ সদৰ তেজপুৰ আৰু অসমৰ ৰাজধানী শ্বিলঙলৈ নিজৰ অনুগামীসকলৰ লগত বাটকুৰি বাই গৈ চৰকাৰক খাটনি ধৰি কুৰুৱাৰ পৰা গেৰেন্ট আৰু ডুমুনীচকীলৈ যোৱা পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷ বৰতাৰ মুখত সেই মহান দূৰদৰ্শী কৃষকজনৰ কথা শুনি শুনি আহি অবশেষত বিয়াঘৰ পালেহি৷ সোমাই আহোতেই দুৱাৰমুখতে আদৰি লৈ গ’ল আমাৰ স্কুলৰ বিষয় শিক্ষক শ্ৰদ্ধাৰ বলবাহাদুৰ চাৰে৷ তেতিয়াহে গম পালো যে চাৰৰ দুয়োজনী ভনীয়েকৰ একেদিনাই বিয়া হৈছে৷ চাৰে বৰতা আৰু মোক আদৰ সাদৰ কৰি অভ্যৰ্থনা কক্ষলৈ লৈ গ’ল৷ পেট পূৰাই খোৱাৰ পাছত কইনাক উচৰ্গা দিয়া পাছত বৰতাই মোক লগত লৈ চাৰহঁতৰ চৰাঘৰ পোৱালেগৈ৷ চৰাঘৰত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে মানুহ এজনৰ ফটোখনত এডাল ফুলৰ মালা ওলমাই এগছি বন্তি জ্বলাই থোৱাৰ বাবে তেওঁ চাৰহঁতৰ কিবা লাগে নেকি বুলি সোধাত বৰতাই হাঁহি এটা মাৰি ক’লে, ধেইত সেইজন অন্তৰি মহাজন, বল বাহাদুৰ মাষ্টৰ আৰু এই কইনা দুজনীৰ বাপেক৷ এই অন্তৰি মহাজন মানে ডম্বৰু বাহাদুৰ চেত্রীৰ কথাই তোক তেতিয়াৰ পৰা কৈ আহিছিলো৷ তেওঁৱেই বমন আৰু কুৰুৱাৰ পথাৰত সেউজ বিপ্লৱৰ সূচনা কৰিছিল বুলি জানিব পৰাত মোৰ শিশু মনটোও সেইদিনাখন তেওঁৰ প্ৰতি শ্ৰদ্ধাত দো খাই পৰিছিল৷ পাছলৈ কৰ্মসুত্ৰে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তেলেংগনাজিলাৰ ভিতৰুৱা অঞ্চললৈ যেতিয়াই গৈছো পথাৰৰ মাজৰ ইটাৰে গঁথা পানী যোগান ধৰা নৰ্দমবোৰ দেখিলেই মোৰ গাঁওৰ অন্তৰি মহাজন নামৰ মহান দূৰদৰ্শী কৃষকজনৰ কথা মনলৈ আহে৷ তেওঁৰ বিদেহী আত্মা যতেই আছে ভগৱানে শান্তিৰে ৰাখক ৷ মোৰ গাঁৱৰ মোৰ অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ সাহস লভে তাৰেই কামনাৰে আজিলৈ সামৰিছো ৷ #Assamesegolpa #axomiyakahani #farmer #SahityaChorcha

  • হিমালয়ত বহিম

    হিমালয়ত বহিম ফকটিয়া বৰফৰে হুইস্কি গিলিম, মাজে মাজে, চলিব উচ্চ শব্দৰে ত্ৰিকাল ভৈৰৱৰ ধ্বনি বাবাৰ ভক্তিৰে মাতাল হিমালয়ত বহিম। মাথোঁ নাথাকিল তোমাৰ সান্নিধ্যত সনা বিষাদ বোৰ। হিমালয়ত বহিম সন‍্যাসী বনিম। মাতাল জাৰত মাতাল কবিতা লিখিম ফকটিয়া বৰফৰে হুইস্কি গিলিম। এন্ধাৰ ৰাতিত ৰং সানিম ধলং ধপং কৰা শৰীৰটোৰে তান্দপ্ নাচিম হিমালয়ত বহিম। #assamesekobita #assamesepoetry #HIMALAYATBOHIM #SahityaChorcha

  • আশ্চৰ্য মানুহৰ পৃথিৱী

    আনৰ বাবে আন্তৰিকতাৰে থাকোতে লাগি সৰহ ভাগ সময়েই যায় উৰি নিজৰ বাবে সময় নেথাকে সমুলি তথাপিও মানুহে জাপে দোষ উপৰ্যুপৰি হেঁচাঠেলা কৰি আসুৰিকতাৰ দৃষ্টিৰে চাই ঘূৰি ঘূৰি ধৰে আগভেটি মানুহে সদায় নিজৰটোহে বুজে আনক বুজিবলৈ চেষ্টা নকৰে সমুলি সৎ বুদ্ধি সৎ ভাৱ সৎ চিন্তাৰে কোনোদিনেও নেচাই পৃথিৱী আনৰ উন্নতি দেখি শুনি ঈৰ্ষাত মৰে জ্বলি পুৰি স্বেচ্ছাই অন্যায় অধৰ্মক সাৱতি আনৰ ফুৰে অপকাৰ সাধি লোকৰ দোষ খোঁচৰি খোঁচৰি নিজক বিজ্ঞ বুলি প্ৰমাণ কৰি কথাই প্ৰতি শাণিত শেল মাৰি আনন্দেৰে লভে আসুৰিক শান্তি কোনোকালে নুবুজে কিন্তু সিহঁতি নেচাই কণমানো চিন্তা চৰ্চা কৰি এইখন পৃথিৱীত আন কোনোবাইও মৌনতাৰে সিহঁতক থাকে লক্ষ্য কৰি সন্মান বিচাৰি সন্মান নেপালেই সততে সিহঁত হিংস্ৰতাৰে উঠে গুজৰি তলে তলে বিষাক্ত বতাহ বোৱাই পৃথিৱী পেলাব খোজে বিকল কৰি এইজাত মানুহক নল’লে ভালকৈ চিনি বাধাগ্ৰস্ত হ’বই হ’ব অমল অগ্ৰগতি এইসকল বিজ্ঞক ল’লে বিশ্বাস কৰি বিকল হ’বই জ্ঞান বিৱেক বুদ্ধি #assamesekobita #axomiyakobita #manuhorprithivi #SahityaChorcha

  • সপোনৰ দলিছা

    জিৰি জিৰি বতাহত আৱেগৰ দুকমুকনি, আশা ভৰা সংসাৰত জীৱনৰ পাটনি। ফুটুকা ৰঞ্জনেৰে সাজিছো সপোনৰ দলিছা, সুখৰ ৰূপ দেখাই কিয় অভিমান কৰিছা? সীমাহীন কৌতুকৰ মোৰ তিক্ত কাহিনী, তুমিও যদি নাই নাই জীৱন নাটৰ ৰাগিনী। #assamesekobita #axomiyakobita #SahityaChorcha #sopunordolisa

  • বৰষা তুমি আহা

    চ’ত মহীয়া ৰিঙা ৰিঙা বতৰত ধুলিৰ ধুমুহাই ছানি ধৰিছিল আকাশ। শিমলু জোপাত খাপ পিটি থকা শগুণ জাকে ডেউকা কোবাই উৰা মাৰিছিল নিজ বাহলৈ। তলভৰি সৰি পৰা শিমলু তুলাৰ শুভ্ৰ কোমল দলিচাত মন ভৰিছিল আকুলতাৰে। মনৰ এচুকত বাহ লৈছিল বৰষাৰ আগমনৰ বতৰাই। সিক্ত হ’ব ধৰণি সেউজী ৰহণ সানি কঢ়িয়াব আশাৰ বতৰা উপচি পৰিব মন। পৃথিৱীয়ে সাৱটিব তোমাক হে বৰষা তুমি আহিবা মৰহা ফুলনিখন সেউজী কৰিবলৈ। #SahityaChorcha #barikha #assamesepoetry #barsha #assamesekobita

  • কভিড -১৯ আৰু সাৱধানতা

    সজাক সচেতন আজিৰ পৰিস্থিতিৰ অতন্দ্ৰ প্ৰহৰী । সংকটৰ পৰা ৰেহাই বিপদৰ পৰা মুক্তি লাভৰ উপায় । উদিগ্নতা এৰাই চলি আতঙ্ক নিৰ্বাসন দিয়া আমাৰ কৰ্ত্তব্য। উৰা বাতৰি বিসৰ্জন নিশ্চয় দিম শুদ্ধ তথ্য আহৰণ কৰি। W.H.O সত্য তথ্য গ্ৰহণ কৰিম, চৰকাৰৰ নিৰ্দেশ পালিম। চৰকাৰী তথ্য বিশ্বাস কৰিম কঠোৰ নিয়ম পালন আমাৰ। নিয়ম ভঙ্গ এক অপৰাধ সৰ্ব সহযোগ আহ্বান সকলোৰে। কভিদ-১৯ অদৃশ্য শত্ৰু চিকিৎসা বিহীন মাৰাত্মক ৰোগ। নভেল ক’ৰণাই খেদি আহিছে অদৃশ্য শত্ৰুৰ ৰূপ ধৰি। ভয়াবহ বীজাণু আনিছে কঢ়িয়াই এক সংক্ৰমিত ৰোগ দিছে আগুৱাই। সতৰ্কতাই প্ৰতিবিধান, সাৱধানতা প্ৰয়োজন। ঘৰত ভিতৰত থকা সুৰক্ষিত হৈ থকা। দূৰত্ব বজাই ৰখা সংস্পৰ্শ নিলগাই থোৱা। সঘনাই হাত ধোৱা সতৰ্ক হৈ থকা। মাস্ক পৰিধান কৰা ৰিস্ক কমোৱা। হ’ম কোৱাৰেণ্টাইন, নিজক বিপদ মুক্ত কৰা। নিজক বচাই ৰখা পৰিয়ালক সুৰক্ষিত কৰা। চুবুৰীয়াক বচাই ৰখা, সমাজক বচোৱা। দেশক বচোৱা মানৱ জাতিক ৰক্ষা কৰা। #SahityaChorcha #awarness #axomiyakobita #corona #covid19

  • শ্ৰদ্ধাঞ্জলী

    ইজনৰ পিচত সিজন বীৰ পুত্ৰৰ মৃত্যুত ম্ৰীয়মাণ হৈছে আই অসমী। এজন বীৰ পুত্ৰ শ্বহীদ হৈ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰোঁতেই আহি গ’ল দ্বিতীয়টো দুঃসংবাদ। মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল অসমীৰ বীৰপুত্ৰ দিলীপ কুমাৰ দাসৰ। খবৰটো পাই ম্ৰীয়মান হ’ ল আই অসমী; ম্ৰীয়মাণ হ’ল আত্মীয়স্বজন। প্ৰথমে কিছুসময় নিৰুদ্দেশ হৈ আছিল তেওঁ; তাৰ পাচতে ঘোষণা হ’ল তেওঁৰ বীৰগতিপ্ৰাপ্তৰ বাতৰি। দুজনী ফুলকুমলীয়া ছোৱালী সহ পৰিয়ালক নিঠৰুৱা কৰি বিষয়াজন গুচি গ’ল দূৰদিগন্তলৈ চিৰদিনৰ বাবে। হে শ্বহীদ! মৃত্যু সকলোৰে চিৰন্তন কলা; কিন্তু তুমি সাৱটি ল’লা “অপৰাজেয় মৃত্যু।“ তুমি স্বৰ্গগামী হ’লা বীৰদৰ্পে দেশৰ বাবে। তুমি অমৰ হ’লা চিৰদিনলৈ ইতিহাসৰ বুকুত। অসীম শ্ৰদ্ধাৰ মালা গাঁথি তোমালৈ অন্তৰেৰে যাঁচিলো প্ৰণাম। বিদেহী আত্মাই পাওক স্বৰ্গত স্থান। #assamesekobita #axomiyakobita #SahityaChorcha #shardhanjali

  • স্খলনৰ পটভূমিত মানৱতা

    আধুনিকতাৰ মৰিচিকা ব্যক্তিকেন্দ্ৰিক-অনুশাসনহীনতা, জীৱন কৰ্মৰ সাৰশূন্যতা ভৱিষ্যত অনিশ্চয়তা অনিৰাপত্তা সকলো আশা নির্বাপনত হতাশা অসায়তা, সামঞ্জস্যহীন স্বপ্নদৃশ্য অৰ্থহীন ব্যতিব্যস্ততা। যুদ্ধোত্তৰ ধ্বংসৰ গৰাহত মানৱ জীৱনৰ বিচ্ছিন্নতা, সৰ্বাঙ্গীন পৰিস্থিতিৰ অৱনতি অস্ত্ৰ নিৰ্মাণৰ প্ৰতিযোগিতা। অৱক্ষয় চেতনাস্ৰোত মানুহৰ অক্ষমতা, প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি স্খলনৰ পটভূমিত মানৱতা। #assamesekobita #axomiyakobita #SahityaChorcha #skhalnarmanabota

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page