The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- চিগাৰেট
মই চিগাৰেট, পকেটে পকেটে মোৰ বিভিন্ন বেশ, মোৰ গোন্ধেৰে মই এচামক আকৃষ্ট কৰোঁ, ক্ৰমান্বয়ে আসক্তিলৈ ৰূপান্তৰ কৰোঁ। ধোৱা হৈ হাওঁফাওঁত গৈ বহো, বিষাক্ত নিকোটিনেৰে নখক্ষত কৰি হাওঁফাওঁ ক্ষতিগ্ৰস্ত কৰোঁ; দুৰাৰোগ্য ৰোগৰো সৃষ্টি কৰোঁ। কত কিশোৰে মোৰ আঙুলিত ধৰি ডেকা হ’বলৈ শিকে, মোৰ সহায়ত হেনো উদ্বিগ্নতা কমে; সিহঁতে মোক উদ্দীপক বুলি মনে প্ৰাণে মানে। সেইবাবে মই অহংকাৰ কৰো, বহুত শিক্ষিতক মই আঙুলি ঠাৰত নচুৱাব পাৰোঁ, লাহে লাহেকৈ হৃদৰোগৰো কাৰণ হৈ পৰো। কোনোবাই বেয়া পালেও মই পৰোৱাই নকৰো, উদ্দীপকৰ ভাও ধৰি উৎপীড়ণ কৰোঁ। #assamesekobita #axomiyakobita #cigarette #SahityaChorcha
- জোন
জোন— নীলিম আকাশলৈ উৰা মাৰে মোৰ মন! মোৰ আশা ভৰা কাৰেঙত তুমি হ’বা মোৰ সোণ। জোন— তুমি পুৱতি নিশা ধ্ৰুৱ তৰা হৈ উজ্বলিৱা মন আকাশত, তোমাৰ উদ্দিপ্ত পোহৰত শুকুলা ডাৱৰ ফালি, বিচাৰি যাম মই নিভাজ হৃদয়ৰ, আজন্ম প্ৰেমিক জন। জোন— তোমাৰ উদ্দিপ্ত পোহৰত মোৰ আশা ভৰা কাৰেঙত সাজিম এখনি আমি দুয়ো তৰা ফুলৰ বাগিচা। জোন— তাতে দুয়ো বহিম, নাচিম নৃত্য নতুন ভংঙ্গীৰে দুভৰিৰ নূপুৰ বজাই, ব্যাকুল হৃদয়খন লৈ, প্ৰেমত মচগুল হৈ। জোন— তোমাৰ উদ্দিপ্ত পোহৰত মোৰ আশা ভৰা কাৰেঙত তুমি হ’বা মোৰ সোণ। #assamesekobita #axomiyakobita #jun #SahityaChorcha
- আত্মলিপি
আজিকালি… বৰ সহজেই আঁতৰি যায় মানুহ ইজন সিজনৰ পৰা, বৰ সহজেই ভাগি যায় সম্পৰ্কৰ বান্ধোন নৌ গঢ়োতেই আশাৰ সৌধ। বৰ সহজেই হেৰাই যায় আপোনত্ব চেনেহ,প্ৰীতি, হেঁপাহ বৰ সহজেই কৈ দিব পাৰে “পাহৰি যোৱা” বুলি। আজিকালি… বৰ সহজেই মানুহ মুক্ত হ’ব খোজে ছিঙি পেলায় প্ৰীতিৰ শিকলি, বৰ সহজেই কৈ দিব পাৰে “ভুল নুবুজিবা” বুলি। বৰ সহজেই টোপনি যায় মানুহ প্ৰিয়জনক বিদায় দি আহি, বৰ সহজেই হাঁহে,কান্দে,গল্প কৰে বিন্দাচ জীৱন কামনা কৰে। আজিকালি… বৰ সহজেই মানুহে আজুৰি মোহাৰে বুকুৰ মাজৰ ঘৰ, বৰ সহজেই মানুহে শুনিব পাৰে মৰমৰকৈ ভঙা কলিজাৰ স্বৰ। আজিকালি… বৰ সহজেই মানুহ স্বাৰ্থৰ বাটত আগবাঢ়ে কংক্ৰীট জোৱাৰত উটি যায়, হেঁপাহৰ বৰষুণ নেওচি, মৰমৰ আহ্বান গচকি অচিন পথত হেৰাই যায়। কাৰোবাৰ আশা হেৰায়, হেৰায় সপোন কোনোবাই বাট বুলে নতুন আশাৰে নতুন সপোন ৰচি বসুধা বুকুত। #assamesekobita #atmalipi #axomiyakobita #SahityaChorcha
- পোহৰৰ কণিকা
মই এগৰাকী দুৰন্ত প্ৰেমিক তোমাৰ পৰা আজুৰি আনিম প্ৰেমৰ ফল্গু ধাৰা। স্নান কৰিব খোজো বয় পৰা মৰম নদীৰ চেঁচা চেঁচা জলৰাশিৰ মাজত। হেৰাই যাম সাগৰৰ বুকুত গভীৰতাই সাৱটি ল’ব আকুলতাৰে। থপিয়াই অনিম দুহাতেৰে তুমি লুকাই ৰখা চেনেহৰ সফুঁৰাবোৰ। মোৰ দেহৰ প্ৰতি ৰক্ত বিন্দুত বিয়পাই দিম অণু পৰমাণুৰ ভগ্নাংশ। সিক্ত শৰীৰৰ ভাঁজে ভাঁজে লিপিত খাই পৰিব ভালপোৱাৰ টুকুৰা বোৰ। সিচঁৰিত হৈ ৰ’ব তোমাৰ উজ্জ্বলতাৰ ফাঁকেৰে সৰকি অহা পোহৰৰ কণিকাবোৰ।। #assamesekobita #axomiyakobita #Puhororkonika #SahityaChorcha
- কৰ’ণাৰ সংহাৰ ৰূপ
আকৌ কৰ’ণাৰ সংহাৰ ৰূপ, মানৱ জাতিৰ ওপৰত প্ৰকৃতিৰ প্ৰকোপ। আতংকত জীৱন প্ৰত্যেক দিনা, সদায় নতুনকৈ জাৰি নীতি-নিৰ্দেশনা। কৰ’ণা সাৰিবলৈ উপায় সহজ, সদায় ৰাখা বজায় দূৰত্ব দুগজ। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা, সকলো কামৰ পূৰ্বে চাবোনেৰে হাত ধোৱা। যদি নালাগে বেজিৰ বিন্ধা, অত্যন্ত জৰুৰী মূখা পিন্ধা। বীজাণুনাশক ৰসায়নৰ ঘৰে ঘৰে ব্যৱস্থা, দেশত বৰ্তমান সংকটকালীন অৱস্থা। #SahityaChorcha #axomiyakobita #corona #assamesekobita #covid19
- বসন্তৰ আগমনত
স্বৰ্কীয় প্ৰতিভাৰে বহাগ আহে পৃথিৱীলৈ। ঠেঁটুৱে ধৰা শীতত নিৰস হৈ পৰা,গছ-লতিকায়ো সজীৱ হৈ পৰে,বসন্তৰ আগমনত। প্ৰকৃতিও হৈ পৰে উন্মনা, প্ৰাণৱন্ত হৈ পৰে প্ৰকৃতি আৰুবিহংগ পক্ষীগন। উলাহতে নাচি-বাগি উল্লাসিত হয় মন। সৃষ্টিৰ ৰহস্য ভেদ কৰি বসুমতী হৈ পৰে শষ্য-শ্যামলা। আমে মলিয়ায় নতুন কুঁহিপাতে বিৰিখক কৰে শুঁৱনী, ফাগুনৰ পছোৱা বতাহ লগতে বৰদৈচিলাজনীয়ে দিয়ে চ’তৰ বিহুৰ বতৰা। মন যে ৰাই-জাই কৰে, বাজে ঢ়োল-পেপা-গগনা। বিহু গীতৰ ৰাগিনীয়ে ডেকা-বুঢ়া সকলোকে কৰে বলীয়া। সমন্বয়ৰ গীত জুৰি একত্বিকৰনৰ হেঁপাহেৰে, বিহুৱে আনে একতাৰ ডোল। আই মাতৃ জীয়াই থাকিব যেতিয়ালৈ একতাৰ অবসান নঘটিব। শতকোটি প্ৰনাম কৰিছো আই ঐক্য সংহতি বিহুৱেই ৰাখিব তোৰ সন্মান জীয়াই। #SahityaChorcha #Rongali #Baxonta #Bohagbihu #assamesekobita
- চেনেহৰ বহাগ বিহুটি
অতিকৈ চেনেহৰ বহাগৰ বিহুটি, অনুপম নৱ ৰূপত জিলিকিছে প্ৰকৃতি। গৰু বিহুৰ নতুন পঘা আঁৰি, হুঁচৰিৰ তালে তালে জীৱন সংগিনী বিচাৰি। ডাঙৰক কৰি সেৱা সৎকাৰ, পাওঁ আশীৰ্বাদ আইতা-ককাৰ। লাড়ু-পিঠাৰে কৰো ওৰে দিনটো উপভোগ, চেনেহীৰ পৰা বিহুৱান লবলৈ পাওঁ সুযোগ। #assamesekobita #axomiyakobita #SahityaChorcha #Seneharbohag
- বহাগ জানো অহা নাই
গুলপীয়া মুখ খনি শেঁতা পৰা দেখিলোঁ উমলি সময় কটাবলৈ, মন যোৱা নাই। চোতালৰ জাৱৰৰ দ’মত, পুৰণা অতীত আছে, খুচৰিলে বিচাৰি নাপাওঁ, সেই সুখ পচিল তাত। দূৰণিৰ পৰা কুলি জনীয়ে মাতিলে তোমাক, আজি অচিনাকি লাগে। প্ৰণয় ভাবৰ জন হেৰাল, অচিনাকি জন, অনুভৱত জিৰালে আহি। তৰুৱা কদম খৰিকাঁজাই, কৰবাত হে’ৰাল, বিচাৰি পাবলৈ নাই। মূগাৰ সাজত আজি তোমাক দেখা পোৱা নাই বহাগ জানো অহা নাই? #assamesekobita #axomiyakobita #Bohagjanuohanai #SahityaChorcha
- বিহুৱান
তুমি কুশলে আছা বাবেই হয়তো মইও কুশলে আছোঁ । প্ৰিয়া তোমাৰ বতৰা মই সুধিছিলোঁ মোৰ উশাহক । ধপ ধঁপাই বাজি উঠা মোৰ উশাহৰ স্পন্দন পাই মই গম পালোঁ তুমি কুশলে আছা । তুমি আছা বাবেই হয়তো মোৰ উশাহহতো স্পন্দন আছে । জানা নে প্রিয়া কপৌ ফুলিলেই , কুলি , কেতেকীয়েও মিঠা মাতত গীত গাবলৈ ললেই কিন্তু , মোৰ হৃদয়ৰ কপৌ পাহ এতিয়াও ফুলা নাই, তোমাৰ অপেক্ষাত আজিও ৰৈ আছে আধা ফুলাকৈ । ব্যস্ত চহৰৰ যান্ত্ৰিক সভ্যতাৰ যান্ত্ৰিকতাৰ মাজত তুমি হেৰাই গৈছাঁ নেকি? নে হেৰাই যোৱাৰ অভিনয় কৰিছা । তাঁতৰ শালৰ খিত খিতনিত যে তোমাৰ টোপনি ভাঙিছিল বুলি মিছাতে কৈছিলা আৰু মোৰ লগত তুমি যুঁজিছিলা। মই তেতিয়াও গম পাইছিলোঁ খংটো তোমাৰ মাথোঁ এটি অছিলা আছিল অভিমানৰ । তুমিও গম পাইছিলা তোমাৰ অভিমান যে মোৰ প্ৰিয় । আজিও মই জানো তোমাক ! আনৰ চকুত তুমি এটা জটিল অংক হলেও মোৰ বাবে তুমি এটি সহজ সূত্ৰ । তোমাৰ মৌনতাত লুকাই থাকে হাজাৰ প্ৰশ্ন ! ব্যস্ত চহৰত ব্যস্ততা এটি মাথোঁ অছিলা , তুমিযে আজিও গাঁৱলীয়া । দামী ব্ৰেণ্ডৰ কাপোৰ , ঘড়ী অথবা বিলাসী পাৰ্ফিউমতকৈ আজিও তোমাৰ প্রিয় মই দিয়া আশী সূতাৰ বিহুৱান খন । তুমি কেতিয়া আহিবা প্ৰিয়া মোৰ ঘিলা খোপাত কপৌফুল পিন্ধাবলৈ!! #assamesekobita #Bihuban #poetry #SahityaChorcha
- অশোক চক্ৰ
তুমি থাকা ক’ত? বকুল বনত নে? তাৰকা দেশত। দুহাত মেলি নাপাওঁ ঢুকি, ৰিঙিয়াই মাতিলেও নোচোৱা ঘুৰি। নিজ লক্ষ্যত উপনীত হৈ অগ্ৰাধিকাৰ সাব্যস্ত কৰি তিনি ৰঙৰ পতাকাৰ মাজত বতাহৰ তালে তালে বিজয়ৰ নিচান উৰুৱাই থাকা তুমি ভাৰত জিনি।। বন্দে মাতৰম্। বন্দে মাতৰম্।। #ashokchakra #assamesepoem #axomiyakobita #SahityaChorcha
- প্ৰভুৰ মহালীলা
থিতাপি লৈছোঁ মই অনন্ত গগনত, অগ্নিৰ পক্ষী মই এই মৰতত। বুকুৰ মাজত অসংখ্য অনুভূতিৰ মেলা, আমি মাথোঁ ক্ষুদ্ৰ অংশ প্ৰভুৰ এয়া মহালীলা। কি লৈ আহিছিলোঁ কি লৈ যাম, সৰগ-নৰক সকলোতে প্ৰভু তোমাকে পাম। #assamesekobita #assamesepoem #prabhurmahalila #SahityaChorcha
- শতিকাযুৰি আমি ফুটুকা ফুলহৈ আছো ফুলি
এফালে অসহ্য ভোক আনফালে ত্ৰাসৰ দুৰ্ব্বাৰ ধুমুহা অকোৱা পকোৱা পকনীয়া মুষলধাৰ বৰষুণ নদীৰ তান্ডৱী তৰ্নাষ্ঠিময় ঘনঘোৰ গৰ্জন সেই দুৰ্দান্ত দুৰ্য্যোগৰ দোভাগ ৰাতি চিঞৰি চিঞৰি আহি অতৰ্কিতে সাৱতি ধৰি যাচিছিলা ভালপোৱা বুকুত বান্ধি জীয়াই থকাৰ বাসনা অমৰ প্ৰেমৰ অমৃত ঢালি উচুপিছিলা কঁপিছিলা সৰ্বহাৰাহৈ অসহায় জীৱনক আদৰি মইও কঁপিছিলো ত্ৰাসত পৰি মহা সংকটৰ সন্মুখত হেৰাবলৈ দিয়া নাছিলো কিন্তু ধৈৰ্য্য প্ৰেম ভালপোৱাৰ কথা ভাৱিবলৈ তেতিয়া ক্ষণিকো নাছিল সময় কি কৰো কি নকৰো যদিও একোকে কৰিব পৰা নাছিলো নিৰ্ণয় নদীৰ পানী বাঢ়ি আহি বাঁহৰ আগলৈকে দুয়োকে নিছিল দাঙি আঁহত গছৰ ফেৰেঙনীত তোমাক তুলি পৰিনোযোৱাকৈ থৈছিলো বান্ধি টোপনিত পৰি যোৱাৰ দুঃস্বপ্ন দেখি কটাইছিলো উৎকত উজাগৰী ৰাতি দুৰন্ত দুঃসাহসী ৰাতি দোকোল টকাবানে উটুৱাই লৈ যোৱা দুৰ্দান্ত দুৰ্যোগব্যাপ্ত দুৰ্দশাগ্ৰস্ত সময়বোৰ চাই চাই চাই নদীৰ ৰুদ্ৰৰূপ মৰণত শৰণ দি সেই ৰাতিবোৰ কিযে অসহ্য অসহায় নিৰণ্ণ নিৰুপায় ৰুদ্ৰৰূপী কালিকা লগা নদীৰ ধ্বংশমূখী বিশাল বাসনাৰ সন্মূখত মৃত্যুৰ সতে মিতিৰালি কৰি চূলিৰ আগত জীউ বান্ধি বান্ধি অসহায় সাপ বেং বান্দৰৰ সতে কটোৱা সেই সংঘাট প্ৰৱল সংকটাপণ্ণ ৰাতি ভাৱিছিলো মাথোন তোমাৰ কথা নিজক পাহৰি পাহৰি দুৰ্যোগ প্ৰেম সংকট সংঘাটৰ কিযে নান্দনিক অদ্ভুত আশ্চৰ্য্য মিলন ভাৱিলেই গাৰ নোম উঠে শিয়ঁৰি কিযে অদ্ভুত সেই ভয়াল জয়াল ৰাতি মনত নেপেলালেও হৃদয়ত নবজাকে নেথাকে বুকুত নুথাকৈ নেথাকে কঁপনি এদিন নদী শান্ত হ’ল উদন্দ উত্তাল নদীৰ উন্মত্ত যৌৱন গ’ল ঢলি বিধ্বস্ত শাওনৰ পথাৰ বিনষ্ট দুৰ্গন্ধ দুৰ্ভিক্ষৰ কুটিল কিৰিলি জীৰ্ণ শীৰ্ণ অৱস দেহাৰে সৱল সতৰ্ক সন্দিহান খোজেৰে খুপি খুপি দুয়ো গ’লো দুয়োৰে আপোন ঘৰ বিছাৰি মই কিন্তু নেপালো তুমি পালানে নাই তাকো মই আজিও নেজানিলো গ’লা যি গ’লা আৰু নাহিলা ঘূৰি প্ৰতীক্ষাত জাপযোৱা প্ৰতীক্ষাৰে প্ৰতীক্ষাৰ বুকুত শেষহ’ল দিন ৰাতি যৌৱন গলি গলি নিৰৱে নিসঙ্গে যৌৱনতে হ’ল লীন হেৰোৱাবোৰ হেৰায়েই গ’ল কোনোদিন ক’তো নেপালো বিছাৰি নেপাওঁ আৰু বিছাৰি আশা নিৰাশা হতাশা আজি একোৱেই নাই সম্প্ৰীতি থাকিলেও নাই শান্তি সদাই নজ্বলে আখল নজ্বলে চাকি সৰ্ব্বহাৰা জীৱন আমাৰ যেন অকহি পুৰুষীয়া পৰম্পৰাগত অৰ্ণিবান সংস্কৃতি নদীৰ বুকুত বছৰে বছৰে সকলো হেৰুৱাই ঘূৰাই ঘূৰাই আকৌ নদীৰ পাৰতে ফুটুকা ফুলহৈ আছো নীৰৱে ফুলি সন্মূখ হওঁ সেই সময়বোৰৰ সতে বছৰি বছৰি দুৰ্যোগ দুৰ্ভীক্ষ দুখ দুৰ্দশা ভোগ কৰাতো আমাৰ বাৰ্ষিক অভ্যাস চিৰন্তন ফুটুকা ফুলৰ দৰে আমি আমাৰ জীৱনত নবয় হাহিঁৰ সুৱাস শোষণ নিষ্পেষণৰ আমি সদায় বলি শতিকাৰ পাছত শতিকা অবহেলিত হৈ ফুটুকা ফুলহৈ আছো ফুলি নদী আহিলেই আহে দুৰ্য্যোগ আনৰবাবেহে আহে সুযোগ নাহে কিন্তু আমাৰ বাবে সদায়েই আমি ভূগিব লাগে দুৰ্ভোগ এনেকুৱাই আমাৰ জীৱন আমাৰ নিত্যবৰ্তমান নিৰৱিচ্ছিন্নতাৰে চলি আহিছে যুগ যুগ তাল মান হাৰা জীৱন হ’লেও আমি নহও ম্ৰিয়মান আমাৰ জীৱনত প্ৰগাঢ় প্ৰেম আছে শান্তি নাই সততা সংগ্ৰাম অবিৰাম কিন্তু মুল্য নাই মাথোন দুৰ্যোগ দুৰ্য্যোগ আৰু দুৰ্ভিক্ষ দুৰ্ভোগ শত শত শতিকা জুৰি #assamesekobita #axomiyakobita #futukafhool #SahityaChorcha












