নৈতিক আৰু আধ্যাত্মিক শিক্ষা
- Sahitya Chorcha
- Dec 29, 2020
- 1 min read
নৈতিক আৰু আধ্যাত্মিক শিক্ষা অবিহনে আমাৰ আত্মা শুদ্ধ আৰু পৱিত্ৰ নহয়। নিজৰ প্ৰতিভাৰ দীপ্তিৰে জীৱন সুন্দৰ ৰূপত গঢ় দিব খোজা প্ৰতিজনৰে অতীব প্ৰয়োজন কৰ্মস্পৃহা, নিয়মানুৱর্তিতা, শৃংখলাবদ্ধ, সহিষ্ণুতা গুণ।
নৈতিক চিন্তা-চৰ্চাৰ জৰিয়তে মানুহৰ কৰ্তব্য দায়িত্ববোধ মহৎ হয়। আহক আমি আত্মপ্ৰত্যয় আৰু সৎ উদ্দেশ্যেৰে দিনটোত এটাকৈ হ’লেও আনৰ কাৰণে সহায়ৰ হাত আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁহক।
মহান মনীষী দাৰ্শনিক স্বামী বিবেকানন্দই ভাৰতৰ সকলো ধৰ্ম জাতি জনগোষ্ঠীক নৈতিক আৰু আধ্যাত্মিকতাৰে একাকাৰ কৰি মেহনতি জনতাৰ সম উন্নয়ন কামনা কৰিছিল এনেদৰে — “দৰিদ্ৰৰ পঁজাঘৰত, নাঙলৰ মুঠিত ধৰা খেতিয়কৰ কুটীৰত, মাছমৰীয়াৰ পঁজাত, মুচি আৰু হৰিজনৰ জুপুৰিত ভাৰতবৰ্ষ সাৰপাই উঠক মুদৈৰ দোকানত, কুমাৰৰ ভাটিত, কাৰখানাত, হাট-বজাৰত, হাবি বননিত, পাহাৰ পৰ্বতৰ মাজত।”
এই ধাৰণা সৰোগত কৰি আগুৱাই গ’লেহে আমাৰ এখন সুন্দৰ মানৱতাৰ সমাজ প্ৰতিষ্ঠা হ’ব।




Comments