top of page

“You can do it , I am with you”

অলিম্পিকত জিম্নাষ্টিক খেলি ব্ৰঞ্জৰ মেডেল পাই অহা অৰ্পিতাই সোণৰ মেডেলৰ আশাত এতিয়া দুগুণ উৎসাহেৰে অনুশীলন কৰিব ধৰিছে । প্ৰশিক্ষকে ওপজি পুৱাতে মুকলি পথাৰত অনুশীলন কৰাই থাকোতে Double Turn ত বাৰে বাৰে বাগৰি পৰিছে তাকে চাই থকা মানুহ এজনে চিঞৰী কলে ” You can do it , you can do it , I am with you “ আচৰিত হৈ অৰ্পিতাই ঘুৰি চালে এক বিজয়ী চিম্বল দেখুৱাই থকা এজনক দেখা পালে পিছদিনাও একেটা পৰিবেশ হল এইবাৰ ভাবিলে মানুহজন চাগে মানসিক ভাৰসাম্য হেৰুৱালোক । কিন্তু অৰ্পিতাই এইবাৰ অতি সোনকালে এবাৰো পৰি নোযোৱাকৈ Double Turn কৰিব পাৰিলে , লাহে লাহে সেইলোকজনৰ you can do it , I am with you বাক্যটোৱে অৰ্পিতাক কব নোৱাৰাকৈৱে বহুত শক্তি যোগোৱা হল তাই এনে অনুভৱ কৰিব ললে। এদিন বতৰ বহুত বেয়া আছিল অৰ্পিতাই নিজৰ প্ৰশিক্ষণ কিন্তু বন্ধ কৰা নাই এটা মাত্ৰ সলনি হল you can do it , I am with you কোৱাজন নাহিল আৰু তাইও এবাৰো নপৰাকৈ Double Turn কৰিব নোৱাৰিলে। অলিম্পিকৰ দিন চমু চাপিল কৰ্ডত ভৰি দিয়েই হৃদয়খনে তাইৰ সেই বাক্যতো শুনিবলৈ বাৰে বাৰে খলকনি তুলিলে কিন্তু ইমান দূৰ দেশ এখনলৈ জানো সেইলোকজন আহিব পাৰিব ভাবি থাকোতেই অতি স্পষ্টকৈ তাই নিচেই কাষতে শুনিবলৈ পালে You can do it, , you can do it , I am with you , এইবাৰ তাইৰ অকল শক্তিয়ে নহয় অন্তৰত এক বূজাব নোৱাৰা তৃপ্তিৰ খলকনি জগা যেন অনুভৱ কৰিলে ফলত তাই সোণৰ মেডেল দেশলৈ কঢ়িয়াই আনিলে । মেডেল লৈ থকাৰ সময়ত তাইৰ চকুৱে সেই বিশেষ লোকজনক বিচাৰিব ধৰিলে তেতিয়া প্ৰশিক্ষকজনে মবাইলতো তাইৰ কাষত লৈ গৈ অন কৰি দিলে আৰু সেই বাক্যতো শুনিবলৈ পালে you can do it, I am with you চকুলো দুটা কাৰণত দুধাৰি বৈ গল অৰ্পিতাৰ।

0 views0 comments

Comentarios


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page