অসমীয়া যুৱ সমাজ আৰু হান্সেই দৰ্শনৰ প্ৰয়োজনীয়তা
এটাৰ পাছত আনটো বিতৰ্কৰ যেন অন্তই নপৰে। কৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজতো থলুৱাৰ মাটিৰ বেদখল আৰু চৰকাৰৰ উচ্ছেদন, বিক্ষোভকাৰীৰ আন্দোলন আৰু আক্রমণ, আৰক্ষীৰ প্ৰত্যাক্ৰমণ , হত্যাকলৈ ৰাইজৰ বিৰোধ আৰু সমৰ্থন, ৰাজনৈতিক নেতাসকলৰ প্ৰহসন, গো মাংসৰ ভক্ষণাভক্ষন, অবৈধ বিদেশী নাগৰিকৰ প্ৰবজন, লাভাম্বিত আঁচনিৰে ধৰ্মান্তৰণ, থলুৱাৰ সংৰক্ষণ, এইডছৰ ভয়াবহ সংক্ৰমণ, ড্ৰাগছৰ বিক্রী আৰু সেৱন,অংগ সৰবৰাহকাৰীৰ অপহৰণ, ভন্ড নেতাৰ আন্দোলন আৰু শেহতীয়াকৈ নাৰীৰ পিন্ধন উৰণৰ বিতৰ্কই অসমৰ বৌদ্ধিক, ৰাজনৈতিক আৰু প্ৰশ