মৰম লাগে মৰম
তুমি কান্দিছা, কান্দা
চকুপানী শেষ নোহোৱালৈকে
কান্দিয়েই থাকে। তুমি এদিন কৈছিলা নহয়
মোৰ সুখৰো, দুখৰো আধা
ভাগ তোমি লবা বুলি, লবাই
কিয়নো, তুমি যে মোৰ অৰ্ধাঙ্গিণী। সেয়ে এতিয়া, কান্দি থাকা,
পুত্ৰৰ মায়ামোহৰ কথা পাহৰিব নোৱাৰি বৃদ্ধাশ্ৰমত
এতিয়া ভালদৰে থাকা। আমাৰ দৰে মানুহবোৰ
পুত্ৰৰ বাবে এতিয়া
আৱৰ্জনা হৈ পৰিছো আৰু জাৱৰক যেনেকৈ ডাষ্টবিনত পেলাই থয়
ঠিক একেদৰেই আমকো আজি
আমাৰ মৰমৰ পুত্ৰই
পেলাই থৈ গল বৃদ্ধাশ্ৰমত। আমাৰ মনবোৰ
বৰ সহজ সৰল আছিল ও
আমি আগতেই এটা বৰ
ডাঙৰ ভুল কৰি পেলাইছো। সেই তেতিয়া