top of page

কাৰ ভাগ্য বা বেয়া

  • Sahitya Chorcha
  • Jan 11, 2021
  • 1 min read

আনদিনাৰ দৰেই আজিও গা-পা ধুই, পেট পূজা আদি কৰি থাপনাত আঁৰি থোৱা লক্ষ্মীদেৱীৰ ফটোখনলৈ চাই সেৱা এটা জনাই মাৰুতি গাড়ীখন লৈ দোকানলৈ বুলি আহি আছিলোঁ৷ বাটত মেকুৰীয়ে ৰাস্তা পাৰ হৈ যোৱাও মনত নপৰে৷ ছেঃ আজি দিনটো এনেই বেয়া যেন পাঁইছো৷ মই গাড়ীৰ ড্ৰাইভিং চিটৰ পৰাই স্পষ্টকৈ দেখা পাঁইছিলো কুকুৰটো সাউৎকৰে ৰাস্তাটো পাৰ হব বিচাৰিছিল৷

বেচেৰা সিও মোৰ দৰেই কামলৈ ওলাই আহিছিল কিজানি ৷ নিদিষ্ট স্পিডত আহি থকা সত্বেও কুকুৰটোক খুন্দা মাৰি ওফৰি আহি মোৰ গাড়ীখনৰ কাষতে লুটিবাগৰ খাই পৰিলেহি মানুহজন৷ মটৰচাইকেলখন চুঁচৰি আহি মোৰ গাড়ীখনতে খুন্দা মাৰিলে৷ মইয়ো ব্ৰেক মাৰি গাড়ীখন কোনো মতে ৰঁখাইছিলোহে৷ গাড়ীৰ পৰা নামি আহিলোঁ৷ দেখোঁ মানুহজন উঠিবৰ চেষ্টা কৰিছে৷ মানুহজন জীয়াই আছে তাৰমানে, মনত নিজকে প্ৰকাশ কৰিব নোৱাৰা আনন্দ অনুভৱ কৰিলোঁ৷ নাজানো কিয়? মোৰ গাড়ীখনলৈ চালোঁ সোঁফালৰ হেড লাইটো ভাঙি গিলাচৰ টুকুৰা ৰাস্তাত সিচঁৰিত হৈ পৰি আছে৷

মই নিজকে ভোঁৰভোৰালো আজি কাৰ ভাগ্য বা বেয়া আছিল হলে নাজানো কুকুৰটোৱেও দেখোন ভালকৈয়ে এখুন্দা খাইছিল৷

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page