top of page

 SEARCH RESULTS 

605 items found for ""

  • শ্বহীদ কুশল কোঁৱৰ

    আজি সুঁৱৰিছো তোমাক সুঁৱৰিছো তোমাৰ মহান বলিদানক, আজি গভীৰ শ্ৰদ্ধাঞ্জলিৰে সুঁৱৰিছো অসমৰ মহান সন্তানক। সামাজিক কৰ্মৰ স্বাৰ্থত নিজৰ চাকৰিও ত্যাগ কৰে, স্বাধীনতা আন্দোলনত জঁপিয়াই শেষত ফাঁচিকাঠ বৰণ কৰে। আছিল দৃঢ় বিশ্বাসী অহিংস আন্দোলনৰ, আদৰ্শৱান স্বাধীনতা সংগ্ৰামী আমাৰ শ্বহীদ কুশল কোঁৱৰ। তেওঁ এগৰাকী সাহসী নেতা আছিল নিষ্ঠাৱান ব্যক্তি, শত শত নমন কোঁৱৰদেৱ মহান তোমাৰ দেশভক্তি। #assamesekobita #axomiyakobita #kushalkonwar #SahityaChorcha

  • জীৱন শলিতা

    ধুমুহাত গছবোৰে নাচিছে হালি জালি যেন চঞ্চলা ষোড়শী গাভৰুৰ লাহি ককাল ভাঙিছে নাচোনত। উফৰি পৰিছিল চৰাইৰ বাহবোৰ পোৱালিৰ ক্ৰন্দনত থিতাপি হেৰাই ক্ৰমাত। হেৰোৱা সুৰৰ ছন্দ বিচাৰি হাঁহাকাৰ দুৰ্ভগীয়া কলাকাৰৰ। বীনাত নাবাজে সুৰৰ মুৰ্ছনা তাঁৰ ছিঙি হয় থানবান আঙুলিৰ ছেপাত। একেটি ছন্দেৰে গথাঁ জীৱনৰ পৰিক্ৰমাই পৰাপাৰ বিচাৰি হয় নিঠৰুৱা। জ্বলাই ৰাখিব খোজা জীৱনৰ শলিতাই বিচাৰি ফুৰিছে খাদ্যৰ টুকুৰা। তথাপিও থাকিব জীয়াই শেষ বিন্দুলৈকে আশাৰ শইচকে বুকুত খামুচি।। #assamesekobita #axomiyakobita #jivonholita #SahityaChorcha

  • মুখা

    এখন মুখা… সেই মুখাৰ আঁৰত থাকে কেইবাখনো মুখা নেদেখা মুখ,অচিনা মুখা দিনক ৰাতি, ৰাতিক দিন কৰিব পৰা মুখা, সঁচাৰ সূৰ্যক মিছাৰে সোপা দিব পৰা মুখা, শক্তিশালী,বেপৰোৱা মুখা। দিনৰ পোহৰত এখন মুখা, ৰাতিৰ আন্ধাৰত সলাই আন এখন মুখা, মুখাৰ আঁৰৰ মুখ… সযতনে ভণ্ডামীবোৰ লুকুৱাই ৰখা মুখ পোহৰত ভদ্ৰতাৰ মুখাখন পিন্ধি আওঁৰাই সভ্যতাৰ বাণী, ৰাতি সিয়ে হৈ পৰে ধৰ্ষণকাৰী অসভ্য,বৰ্বৰ,নিশাচৰ প্ৰাণী। পুনৰ আন এখন মুখা গুণ্ডাগিৰিৰ সভ্য সমাজৰ অসভ্য সেনানী। আৰু আছে মুখাৰ আঁৰৰ বহু কাহিনী এয়া মাথো আৰম্ভণি। #SahityaChorcha #mask #axomiyakobita #Mukha #assamesekobita

  • আধা লিখা কবিতা

    সপোন বিলাক সপোনহৈ ৰৈ গ’ল, দি গ’ল মাথোঁ এটি মিঠা অনুভূতি! কথা বিলাক ভবাৰ দৰে নাছিল। কিন্তু অনুভৱ বিলাক সচাঁ আছিল! কথা বিলাক দীঘল আছিল নে চুটি। কল্পনাৰ চহৰ খনত এজাক আপুৰুগীয়া কৃত্ৰিম বৰষুণ, মৌন দুটি ওঁঠৰ আলমত স্থগিত হৈ থাকিল শব্দৰ লহৰ! কিছু কথা তোমাৰ আছিল কিছু কথা মোৰ। অবুজ হৃদয়ৰ স্তব্ধ স্পন্দনত বিয়পি পৰিছিল অমৃতৰ কিছু টোপাল। হঠাৎ জিকাৰ খাই শিহৰি উঠিছিল মৃত আত্মা। বন্ধ দুটি চকুত জিলিকি উঠা সূৰ্যৰ কিৰণত দেখা স্পষ্ট ছবি খন তোমাৰে আছিল। কিন্তু বুজি নাপালোঁ ই বাস্তৱ আছিল নে সপোন আছিল? হয়তো বাস্তৱৰ আধাৰত মোৰ হৃদয়ৰ ভাঁজে ভাঁজে নীলা চিয়াঁহীৰে লিখি থোৱা ই মোৰে আধা লিখা কবিতা আছিল। #Adhalikhakobita #assamesekobita #axomiyakobita #SahityaChorcha

  • বিপ্লৱৰ হাতুৰী

    সংগ্ৰামী আজি আমি সংগ্ৰামী কৃষক, শ্ৰমিক, হালোৱ, বনোৱ সৱে আজি আমি সংগ্ৰামী বিপ্লৱী আজি আমি বিপ্লৱী, কৃষকৰ ৰঙা তেজেৰে গাঠিম ঐক‍্য মিলনৰ মালাধাৰী কৃষকৰ মাটিত আমি কৃষকৰ নিচান উৰুৱাম। একেডাল দুলেৰে পাহাৰ বগাম। সংগ্ৰামী আজি….. পুজিপতি ধনী দালাল বংশক ন‍্যায় বিচাৰে কৰিম ধবংস অ‍ন‍্যায় অবিচাৰ ইয়াত নচলিব নাৰী ধষন ব‍্যভিচাৰ ইয়াত নচলিব সংগ্ৰামে গঢ়ি যাম নতুন সমাজ ঐক‍্য,শান্তি আমাৰ সংগ্ৰাম। সংগ্ৰামী আজি….. কৃষক মুক্তি আমি সংগ্ৰামী নাৰী মুক্তি আমি সংগ্ৰামী সংগ্ৰামে আনিম আমাৰ স্বাধীনতাক ইনক্লাৱ জিন্দাবাদ, ইনক্লাৱ জিন্দাবাদ কৃষকৰ বোৱাৰী আমি কৃষকৰ জীয়াৰী কৃষকৰ আশীক সীৰত লৈ আহা সৱে মিলিজুলি যাওঁ আগুৱাই। বুৰঞ্জীৰ জয়গান গোৱা দেশৰ আমি মানুহ শান্তি প্ৰয়াসী আমি মানুহ। ৰক্তপিপাষু দেশদ্ৰোহী দানৱক উফৰাই গঢ়ো নতুন সমাজ দৰিদ্ৰতা মানুহক ৰাখো জীয়াই ৰক্ষা কৰো দেশৰ মহানতাক। #SahityaChorcha #assamesepoem #biploborhathuri #axomiyakobita #assamesekobita

  • আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু কিছু চিন্তা

    আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰাচীন ভাৰতীয় জীৱন শৈলীৰ অংগ স্বৰূপ যোগৰ গুৰুত্ব সমগ্ৰ বিশ্বই ক্ৰমে উপলব্ধি কৰিব ধৰিছে বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই প্ৰতি বছৰৰ ২১ জুনৰ দিনটো “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস” হিচাপে পালন কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত লয়। ৰোগ প্ৰতিৰোধৰ তিনিটা স্তৰ আছে, প্ৰাথমিক প্ৰতিৰোধ (Primary Prevention), দ্বিতীয় পৰ্যায়ৰ ৰোগ প্ৰতিৰোধ (Secondary Prevention) আৰু তৃতীয় পৰ্যায়ৰ ৰোগ প্ৰতিৰোধ (Tertiary Prevention)। প্ৰাথমিক প্ৰতিৰোধ হ’ল সৰ্বোত্তম, ৰোগ শৰীৰত সোমাবলৈ দিয়াৰ পৰাই বিৰত ৰাখিব পৰাটোৱেই হ’ল প্ৰাথমিক প্ৰতিৰোধ। দ্বিতীয় প্ৰকাৰৰ প্ৰতিৰোধ হ’ল ৰোগে শৰীৰত থিতাপি লোৱাৰ পাছত প্ৰাৰম্ভিক অৱস্থাতেই তাক ধৰা পেলাই চিকিৎসা কৰা (Early Detection and Treatment)। তৃতীয় পৰ্য্যায়ৰ প্ৰতিৰোধ হ’ল ৰোগ হোৱাৰ পাছত ৰোগৰ লক্ষণ আৰু জটিলতাক নিয়ন্ত্ৰণ কৰা। দুৰ্ভাগ্যজনক ভাবে আমি প্ৰথম আৰু দ্বিতীয় পৰ্যায় দুটা আওকান কৰি তৃতীয় পৰ্যায়তহে গুৰুত্ব দিওঁ, কাৰণ “টান পাৰিলেহে ৰাম” বোলাটো আমাৰ স্বভাৱগত বৈশিষ্ট্য। প্ৰকৃতাৰ্থত আমি সকলোৱে ৰোগৰ চিকিৎসাৰ কথাহে কওঁ কিন্তু প্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ অজ্ঞতাতকৈ অনীহাই বেছি ক্ৰিয়া কৰে। ৰোগ হ’লে চিকিৎসা কৰিম বুলি হাত সাৱটি বহি নাথাকি ৰোগক দুৰতে বিদূৰ কৰিব পৰা টোহে প্ৰকৃত বুদ্ধিমানৰ কাম। প্ৰথম পৰ্য্যায়ৰ প্ৰতিৰোধৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দি শৰীৰক নিৰোগী কৰি ৰাখিব পৰাটোই সৰ্বোত্তম চিন্তা। ব্যস্ত দৈনন্দিন জীৱনৰ মাজত অন্ততঃ এঘণ্টা সময় ব্যায়াম, আসন আদিৰ বাবে ব্যৱহাৰ কৰিলেও বহুখিনি ৰোগ প্ৰতিৰোধ হব পাৰে। জীৱনযোৰা দৌৰা-দৌৰি , টকা-পইচা এই সকলোবোৰৰ অন্তৰ্নিহিত উদ্দেশ্য নো কি? অলপ মান “সুখ” ৰ সন্ধান নহয় জানো। কিন্তু আমি পাহৰি যাওঁ যে “पहला सुख निरोगी काया।” অসমীয়া কবিয়েও কৈছে “সুখ নাই, সুখ নাই চিৰ ৰোগীয়া”। আকৌ কথাতে কয় বোলে “দেহা থাকিলেহে বেহা”। জন্মান্তৰবাদত বিশ্বাসী আমাৰ আধ্যাত্মিকতাৰ দৃষ্টিৰে কোটি কোটি জন্মৰ পুণ্যৰ ফলত হে লভিছো এই মানৱী দেহা। গতিকে দুৰ্লভ মনুষ্য দেহাক সযতনে ৰাখি মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক সৰ্বাংগীন বিকাশ সৰ্ব প্ৰথম আৰু সৰ্বপ্ৰধান মনুষ্য কৰ্তব্য হোৱা উচিত। মানৱ শৰীৰটো কেৱল শৰীৰ নহয়, ই এক মন্দিৰ; সুস্বাস্থ্য আৰু মগজুত সূচিন্তা প্ৰসূততাৰে ইয়াক পৱিত্ৰ কৰি ৰাখি সমাজলৈ সাধ্যানুসাৰে অৱদান আগবঢ়াই যাব পৰা আঁৰতে লুকাই আছে সফল মানৱ জীৱনৰ উদ্দেশ্য। সেয়েহে শাস্ত্ৰই কৈছে “শৰীৰ মধ্যং খলু ধৰ্ম সাধনম্।” শৰীৰক সুস্থ সবল নিৰোগী কৰি ৰাখিব বাবে নিয়মানুৱৰ্তী জীৱন যাপন, স্বাস্থ্য সন্মত খাদ্যভাস, ৰাগীয়াল দব্যৰ বৰ্জন, নিয়মিত ব্যায়াম আৰু যোগাভ্যাস হ’ল মূল মন্ত্ৰ। শাৰীৰিক আৰু মানসিক সুস্থতা বৰ্তাই ৰখাত যোগাসনৰ প্ৰভূত ভূমিকা আছে। যোগাসন ঐতিয্যময় সুউচ্চ ভাৰতীয় মহান সংস্কৃতিৰ অন্য এক বৰ্ণিল ধ্বজাবাহক। মহাকাব্য সমূহৰ উল্লেখ অনুসাৰে প্ৰাচীন ঋষি মুনি সকলে ধ্যান আৰু যোগৰ বলত অসাধ্য সাধন কৰিছিল, সাধনাৰে মোক্ষ লভিছিল। হিন্দু ধৰ্মৰ উপৰিও বৌদ্ধ আৰু জৈন ধৰ্মৰ গন্থত যোগাসনৰ কথা উল্লেখ আছে। খ্ৰীষ্টপূৰ্ব ৫০০ বছৰৰ আগতেই মহৰ্ষি পতঞ্জলিয়ে ১৯৬ টা যোগ সূত্ৰৰে “পতঞ্জলি যোগ সূত্ৰ” উদ্ভাৱন কৰিছিল। আমাৰ অধিকাংশ ৰোগ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ৰেক (Stress) জনিত। উদ্ৰেকৰ ফলশ্ৰুতিত কেটেকলামাইন (Catecholamines) নামৰ কিছুমান ৰাসায়নিক দ্ৰব্য নিৰ্গত হয়। অত্যধিক কেটেকলামাইন শৰীৰৰ বাবে অতি ক্ষতিকাৰক; ই হৃদপিণ্ডৰ স্পন্দনৰ গতি ত্বৰাণিত কৰি হৃদৰোগৰ আশংকা বঢ়াব পাৰে, ৰক্তচাপ বঢ়াব পাৰে, বহুমূত্ৰ ৰোগ বঢ়াব পাৰে আৰু আনুসংগিক অনেক ৰোগৰ উৎপত্তি আৰু জটিলতাৰ কাৰক বা অনুঘটক হব পাৰে এই “ষ্ট্ৰেছ” জনিত শৰীৰৰ আভ্যন্তৰীণ ৰাসায়নিক পদাৰ্থ বোৰ। যোগে “ষ্ট্ৰেছ” প্ৰসমন কৰি অংগ বোৰক ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে। উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, শ্বাস জনিত ৰোগ, পাচনযন্ত্ৰৰ ৰোগ, গাঁঠিৰ বিষ, ডিঙিৰ বিষ, কঁকালৰ বিষ, মানসিক ৰোগ আদি বহুবোৰ ৰোগৰ প্ৰাথমিক প্ৰতিকাৰ তথা চিকিৎসাত যোগৰ মহৎ ভূমিকা অনস্বীকাৰ্য। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা ক্ষেত্ৰতো যোগৰ শক্তিশালী ভূমিকা আছে। বৰ্তমান কোভিড অতিমাৰীৰ পটভূমিত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু মানসিক চাপ দূৰ কৰাত যোগ অতীব প্ৰাসংগিক। ভাৰতীয় এই প্ৰাচীনতম কলা আৰু বিজ্ঞানৰ সমাহাৰ সদৃশ যোগৰ মাজত নিহিত গুণৰাজিক আজি সমগ্ৰ বিশ্বই অনুধাৱন কৰিব পৰাটো ভাৰতীয় হিচাপে আমাৰ গৌৰৱ গাঁথা হৈ ৰ’ব। যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগেই “যোগ প্ৰশিক্ষক”, “ব্যায়াম প্ৰশিক্ষক” , “ফিটনেছ ট্ৰেইনাৰ” আদি ন ন কৰ্ম সংস্থাপনৰ পথো বিশ্বজুৰি উন্মোচিত হব পৰা সম্ভাৱনাময়তা অন্য এক ধনাত্মক চিন্তা হব পাৰে। যোগ মানে কেৱল যোগ, ধনাত্মক, কোনো ঋণাত্মক দিশ দৃশ্যমান হোৱা নাই। আহক যোগক জীৱনৰ লগত যোগ দিও। ব্যায়াম, যোগ আদিক জীৱন শৈলীৰ অংগভূত কৰি সুস্থ শৰীৰ আৰু সুস্থ মনেৰে এক সুস্থ জীৱনক উদযাপন কৰোঁ। সকলো সুস্থ থাকক, সকলো শান্তিৰে থাকক। সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিৰাময়াঃ। সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ভবেৎ।। May all be happy, May all be healthy, May all experience what is good and let no one suffer. #SahityaChorcha #Internationalyogaday #axomiyaprabandha #assameseprabandha #Yogdivas

  • ট্ৰেফিক ছাৰ

    ট্ৰেফিক ছাৰ, ভালনে আপোনাৰ? কি সংখ্যা আজি, যুগ্ম নে অযুগ্ম? নিত্য নতুন এচ.অ.পি. ১২/১/২/৫ ট্ৰেফিক ছাৰ ভালনে আপোনাৰ? হাফ লকডাউন নাই নেকি আপোনাৰ? নাইনে পুত্ৰ পৰিবাৰ? সদায় যে ৰ’দে বৰষুণে … তিনি আলি, চাৰি আলিত ডিউটি আপোনাৰ। তাহানিৰ সাধুৰ সেই গাত ৰ’দ নপৰা, বৰষুণ নপৰা মানুহজন তেনে আপুনিয়েই নেকি? কাৰোবাৰ মুখত মাস্ক নাই, কাৰিবাৰ মুৰত নাই হেলমেট সকলোকে সজাগ কৰা আপোনাৰেই কাম, তথাপিও….. পইচা খাই বুলি আপোনাৰেই বদনাম। ট্ৰেফিক ছাৰ আপোনাৰ কামেই কাম, মন্ত্ৰী মহোদয় অহাৰ আগে পিছে হব লাগিব সকলো ৰাস্তা খালি ট্ৰেফিক ছাৰ কেতিয়াবা সোধেনে কোনোবাই চাহ, ভাত খোৱাৰ কথা? সোধেনে ঘৰ সংসাৰৰ কথা? ব্যস্ত ৰাজপথত আপুনি আৰু ব্যস্ত চোৰ ডকাইত…. ট্ৰেফিক ছাৰ আৰু কিমান কাটিব ফাইন? কিমান খেদিব উতনুৱা ডেকাক? কিমান বুজাব কাৰ্ফিউ নমনাক? ভাবিলেই ভয় লাগে ট্ৰেফিক নোহোৱা এখন নগৰৰ কথা যেন সাধুকথা… ট্ৰেফিক ছাৰ ঘৰলৈকো যাব কেতিয়াবা, নগৰখনকে কিমান আৰু শৃংখলিত কৰিব! ভালে থাকক, কুশলে থাকক আপোনাৰ কৃপাতে চহৰ নগৰবোৰ স্মাৰ্ট চিটি হওঁক, ফুল ফুলক কংক্ৰীটৰ মহানগৰীত অত্যাধুনিক শৃংখলিত ফুল। #SahityaChorcha #trafficsir #axomiyakobita #assamesekobita #trafficpolice

  • ৰাভাদেৱৰ সমন্বয়ৰ স্বপ্ন

    ৰাভাদেৱৰ গীত কবিতা নাটকত সংগ্ৰামৰ প্ৰচণ্ড লহৰ, শোষিত জনতাৰ প্ৰাণত জাগ্ৰত জুই বিপ্লৱৰ। কৃষক-শ্ৰমিক একত্ৰ বলেৰে সমাজৰ আমূল পৰিৱৰ্তন, সুস্থ সবল সমাজ প্ৰতিষ্ঠা ৰাভাদেৱৰ জীৱন দৰ্শন। ৰাভাদেৱৰ সমন্বয়ৰ স্বপ্ন এতিয়া ছিন্ন বিচ্ছিন্ন হ’ল, নগা-খাচী-মিজো আদি অসমৰ পৰা বিভক্ত হ’ল। ৰাভাদেৱৰ মহান আদৰ্শক সহৃদয়ে সৰোগত কৰি, জনগোষ্ঠীৰয় লোকক মৰ্যাদা দিওঁ বাধাৰ প্ৰাচীৰ তৰি। তেতিয়াহে থাকিব বৈচিত্ৰময় অসমভূমি সপোনৰে, জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা ঐক্য-সম্প্ৰীতি এনাজৰীৰে। #bishnurabha #SahityaChorcha #assamesepoetry #assamesekobita #rabhadivas

  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

    অসমীয়াৰ মনে পৰশা জ্যোতি সংগীতৰ ৰসধ্বনি, পহিলা বোলছবি জয়মতীৰে চলচ্চিত্ৰ জগতৰ পাতনি। অসমীয়া সাহিত্যত ৰূপকোঁৱৰদেৱৰ অনবদ্য অৱদান, অসমীয়া সংস্কৃতিৰ ৰত্ন হ’ল অধিক মূল্যৱান। ৰূপকোঁৱৰদেৱৰ শিল্পী মন বাল্য কালৰে পৰা, অনন্ত দেশপ্ৰেমেৰ তেজ দেহৰ শিৰে শিৰে ভৰা। সক্ৰিয় সংগ্ৰামীৰূপে জাপ দিছিল আন্দোলনত, মাহ-বছৰ ধৰি কাৰাবাসত দেশ স্বাধীনতাৰ খাতিৰত। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ সাহিত্যৰ অখণ্ড জ্যোতি, বিশাল বৃক্ষত ৰূপান্তৰিত অসমীয়া সাহিত্য-সংস্কৃতি। #assamesekobita #assamesepoem #Jyotiprasadagarwala #SahityaChorcha

  • মৌন দুটি ওঁঠৰ ভাষাৰে

    সুপ্ত দুনয়নে মৌন দুটি ওঁঠৰ ভাষাৰে কিনো বুজাব খোজা আহি অজানিতে নিৰৱে৷ আঁশাৰে পানশৈত হেঁপাহৰে কাৰেংটিত ৰচিলো হাজাৰটি মায়াভৰা সপোন গোপনে৷ ফাগুনৰে উন্মনা বাউলি মলয়াই ৰং সানিলে পলাশৰে ৰংঙত উতলা হৈ প্ৰেমৰে আবিৰ হৃদয়তে৷ আধৰুৱা প্ৰণয় বাটতে তুমি মোৰ হ’লাহি সাৰথি জ্বলি শেষ হ’ব খোজা মোৰ বিভীষিকা চাকিটিক দুহাতে ধৰি কলিজাতে৷ বিছৰা নাছিলোঁ কদাপিতো মদাৰৰ ৰংঙতে পাগলী হৈ তোমাৰ প্ৰেমৰ শলিতা গছি জ্বলাম বুলি নিস্তব্ধে৷ বিছাৰিছিলোঁ কৃষ্ণচূড়াঁৰ তুলবুলীয়া ৰঙীন সমাহাৰে জিলিকাই তুলিম আমাৰ শ্বাশত প্ৰেমক চিৰযুগমীয়া কৰি নিশব্দে৷ #assamesekobita #assamesepoetry #Maunutharbhashare #SahityaChorcha

  • তোমাৰ গীতৰ আভাৰে

    “জন্ম হ’লে মৃত্যু অনিবায্য” এইটো চিৰন্তন বাস্তব সত্য। তথাপিতো…… কমৰেড,কলাগুৰু,কলাবিদ দিব্যগুনেৰে বিভূষিত জনতাৰ হিয়াৰ আমঠু সংগ্ৰামী শিল্পী বিষ্ণু প্ৰসাদ ৰাভা। তোমাৰ অনুপস্থিতিয়ে কিয়? দিছে…… প্ৰতিজন অসমৰ জনতাকে ধৰি সমগ্ৰ বিশ্ববাসীৰ হৃদয়ৰ নিভৃত কোনত তোমাৰ মহাপ্ৰস্থানৰ অনুৰণন। হে,যুগনায়ক শিল্পী জীৱন্ত কিংবদন্তিত পৰিণত হোৱা কলা-কৃষ্টিৰ প্ৰকৃত সাধক তুমি। তোমাৰ মহাপ্ৰস্থানে কিমান অকলশৰীয়া কৰি থৈ গ’লা অসমীয়াৰ কৃষ্টিৰ পথাৰখন। পূৰ্বৰ অস্তগামী সূৰুযৰ পোহৰ ম্লান হ’ল আৰু অস্তমিত সূৰুযৰ নামি অহা আন্ধাৰত আমি দিশহাৰা হৈ ৰ’লো। হে, মহান শিল্পী তুমিতো অকল সাংস্কৃতিক জীৱনৰ ভোটাতৰাই নাছিলা তুমি আছিলা শংকৰদেৱ,লেলিন,মাস্কৰ আদৰ্শৰে অনুপ্ৰানিত হৈ দলিত,শোষিত,নিষ্পেষিত জনগনৰ উদ্ধাৰৰ হকে হাতত তুলি লৈছিলা কেতিয়াবা কলম আৰু কেতিয়াবা বন্দুক। হে,কালজয়ী যুগদ্ৰষ্টা কেনেকৈ শব্দহীন ভাবে কেনেকৈ দৰ্শক ৰূপে নীৰবতাৰে স্তব্ধতাৰে তোমাৰ কাষত জনগনৰ কোলাহল। তুমি এবাৰলৈ হ’লেও মূৰ তুলি চোৱাচোন? জন-জীৱণৰ লগত একাত্মহৈ জনতাৰ মৰম আৰু আৰ্শীবাদেৰে শিল্পী জীৱনৰ সংঘাতময় সময়বোৰ কেনেকৈ হেলাৰঙে পাৰ কৰিছিলা সেই জনগন আজি তোমাৰ নিচেই কাষৰত। পুনৰ জনম লৈ তুমি আকৌ আহিবা অসমবাসীৰ হিয়াৰ আমঠু হৈ। তোমাৰ গীতত ভাবৰ গভীৰতা স্বকীয়তা,স্বভিমান সদায় জিলিকি থাকিব যেতিয়ালৈকে বিশাল বৰলুইতৰ গতি নিৰবধিতাৰে প্ৰবাহমান হৈ বৈ ৰব যুগ-যুগান্তৰলৈ। #assamesekobita #assamesepoetry #SahityaChorcha #tumargitaraabhare

  • বীৰ লাচিত

    বীৰ লাচিত, বীৰ লাচিত মোৰ অসমৰ বীৰ, তোমাৰ অসম নাই আজি আছে মাএ নামহে বাকী। অসমৰ এই বিশাল মাটিত নাই কোনো বীৰ, ব্ৰহ্মপুত্ৰৰ এই দুয়ো পাৰত সাজিছে বিদেশীয়ে ঘৰ। কি উজনি, কি নামনি চাৰিওফালে কৰিছে প্ৰব্ৰজন, কি সত্ৰ, কি নামঘৰ সকলোৰে ভূমি কৰিছে দখল। সময় নাই আৰু সময় নাই বহুতযে পলম হ’ল, কেইদিনমানতে বিদেশীয়ে চলাব অসমখনক চৰকাৰ পাতি। বিদেশীয়ে অসমীয়াক খেদিব সন্ধান কোনে ৰাখিব? অসমী আই হব বাংলাদেশ খৱৰ কোনে ৰাখিব? আকৌ এবাৰ ৰঙা হ’ব শৰাইঘাটৰ বগাপানী, আকৌ অসমীক বচাবলৈ নাই যে আজি বীৰ। আকৌ তুমিয়েই বীৰহৈ জন্মিব লাগিব এই অসমত, আকৌ অসমীক তোমাৰ বীৰত্বৰেই বচাব লাগিব বিদেশীৰ পৰা। আকৌ এবাৰ শুনাব লাগিব তোমাৰ ৰণ আহ্বান বাণী, আকৌ শৰাইঘাটত যুঁজিব লাগিব বীৰ লাচিতহৈ হেংদাং দাঙি। #assamesekobita #assamesepoetry #SahityaChorcha #veerlachit

bottom of page