top of page

 SEARCH RESULTS 

605 items found for ""

  • এজন দুঃসাহসিক পিতৃৰ আত্ম কথা

    তিনিজন নলে গলে লগা বন্ধু দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত সদায়েই সন্ধিয়া মংগলদৈৰ পৰা কুৰুৱালৈ অহা বাছখন মৰমীচ’ক পোৱাৰ পাছতে লগালগি হয় ৷ তিনিজন বন্ধুৰ মাজৰে এজনৰ আকৌ মৰমীচ’কৰ নৰকান্ত দাদাহঁতৰ ঘৰৰ কাষত এখন গেলামালৰ দোকান আছিল ৷ সেই দোকানখনতে জাৰ জহ প্ৰায় সকলো দিনতে বন্ধু তিনিজনে সন্ধিয়াৰ পৰা মাজৰাতি পৰ্যন্ত কথাৰ মহলা মাৰে ৷ গাঁওবাসী শুই নিহপালি দিলে তেওঁলোক ঘৰাঘৰি উভতি যায় ৷ ১৯৮৭ চনৰ এটা পুহমহীয়া জোনাক ৰাতিৰ কথা ৷ সেই নিশা প্ৰায় দহমান বজাত মৰমী চকৰ সেই বিশেষ দোকানখনৰ আড্ডা আধাতে সামৰি এজন বন্ধু ঘৰলৈ বুলি উভতিল ৷ মানুহজন আহি দূৰ্গা পূজা মণ্ডপৰ পিছফালে থকা কুৰুৱা পশু চিকিৎসাকেন্দ্ৰটোৰ কাষৰ কৃষ্ণচূড়া ডালৰ তল পাওঁতেই কিছু দূৰৈত এটা সৰু শিশুৰ কান্দোনৰ শব্দ শুনিবলৈ পালে ৷ মানুহজন আহি কুৰুৱা এম ভি স্কুলৰ ওচৰ চপাত সেই কান্দোন স্কুলখনৰ উত্তৰ দিশৰ নৱ নিৰ্মিত ভবনটোৰ পৰা ভাঁহি অহাৰ উমান পালে ৷ উচুপি উচুপি কন্দাৰ শব্দ শুনি মানুহজনে কোনোবা সৰু ল’ৰা সন্ধিয়া খেল ধেমালি কৰি শ্ৰেনী কোঠাৰ মাজত আবদ্ধ হৈ ৰ’ল বুলি সন্দেহ কৰি স্কুলৰ প্ৰাংগনত উপস্থিত হ’ল ৷ সেই শীতৰ মাজনিশা পুৰণি জৰাজীৰ্ণ বিদ্যালয়খনৰ নৱ নিৰ্মিত শ্ৰেনী কোঠা সমূহৰ দুৱাৰত তলা উলমি থকা দেখি মানুহ জনে কোনে কান্দি আছ’ অঐ বুলি চিঞৰি চিঞৰি মাতিলে ৷ কেবাবাৰো মতাৰ পাছত কোনো উত্তৰ নাপাই মানুহজন বিভ্ৰান্ত হৈ স্কুলৰ প্ৰাংগনৰ পৰা ওলাই আহোঁতেই শ্ৰেনী কোঠা এটাৰ টেবুল এখনত কোনোবাই বহুত জোৰে ভুকুৱাই দিলে ৷ মাজনিশাৰ নিতাল নিস্তব্ধতাৰ মাজতে সেই ভয়ংকৰ শব্দত স্কুলখনৰ পুৰনি ভবনটোৰ পৰা কেইটামান নিশাচৰ চৰাই ধপধপাই উৰি গৈছিল ৷ লোমহৰ্ষক ঘটনাটোৰ পাছত মানুহজন সেই পুহমহীয়া ঠেটুৱৈ ধৰা জাৰতো জ্বৰ ঘমাদি ঘামিছিল ৷ তথাপিওঁ তেওঁ বুকু ডাঠ কৰি শ্ৰীকৃষ্ণৰ অষ্টোত্তৰ শত নামখনকে পাঠ কৰি কৰি ঘৰলৈ বুলি কোবা কুবিকৈ খোজ ধৰিছিল ৷ ভিতিবিহ্বল হৈ ঘৰত সোমাইয়েই তেওঁ এচিকতা নিমখ মুখতলৈ ঘৰৰ সকলোকে হৈ যোৱা ঘটনাটোৰ কথা কোৱাৰ পাছত সকলো সন্ত্ৰাসিত হৈ পৰিছিল । সেই দুৰ্দান্ত আৰু দুঃসাহসিক মানুহজন আছিল মোৰ জীৱনৰ আদৰ্শ , প্ৰিয় বন্ধু , বাস্তৱৰ নায়ক, মাৰ্গদৰ্শক, তথা নমস্য গুৰু মোৰ মৰমৰ দেউতা স্বৰ্গীয় ব্যোমকেশ চৌধুৰী ওৰফে কাবুল মাষ্টৰ ওৰফে বাঘেখোৱা মাষ্টৰ ৷ দেউতাৰ নলেগলে লগা অন্তৰংগ বন্ধূ দুজন আছিল দেউতাৰ সহশিক্ষক ৺বিশ্ব শইকীয়া আৰু আনজন মোৰ শৈশৱৰ দ্ৰোণাচাৰ্য্য ৺ডম্বৰুধৰ দাস ৷ মোৰ দেউতা কুৰুৱাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ৷ কুৰুৱাবাসীৰ বাবে দেউতা এজন সুদক্ষ, খঙাল আৰু ছাএ-ছাত্রীৰ প্ৰিয়ভাজন শিক্ষক হিছাপে পৰিচিত আছিল ৷ দেউতাৰ বেতৰ কোবৰ পৰা ৰক্ষা পাবলৈ কিছুমানে চোলাৰ তলত তামোলৰ ঢকুৱা পিন্ধি অহা ঘটনাও ঘটিছিল ৷ কিন্ত দেউতাৰ সেইসকল ছাত্ৰ আজিৰ সমাজত সুপ্ৰতিস্থিত ডাক্তৰ, ইন্জিনীয়াৰ, অধিবক্তা আৰু আমোলা বিষয়াৰ পদবীত কৰ্মৰত হৈ আছে ৷ দেউতাই সেই সকল ছাত্ৰৰ সফলতাক বুকু ফিন্দাই আমাৰ লগতে আনক কৈ তৃপ্তি পাইছিল ৷ পৰীক্ষাৰ সময়ত যাতে মাচুলৰ নামত কোনো ল’ৰা ছোৱালী পৰীক্ষাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি দেউতাই সদায়েই নজৰ ৰাখিছিল আৰু পাৰ্য্যমানে সহায় কৰিছিল ৷ আমাকো দেউতাই বিপদৰ সময়ত সদায়েই মানুহক নিজৰ শক্তি সামৰ্থ্য অনুসৰি সহায় কৰিব উপদেশ দিছিল ৷ চুবুৰীয়া আৰু চিনাকী কাৰোবাৰ লৰা-ছোৱালীয়ে মেট্ৰিক বা প্ৰৱেশিকা পৰীক্ষা দিবলৈ ওলালে দেউতাই পৰীক্ষাৰ ফলাফল ওলোৱা পৰ্যন্ত খবৰ বাতৰিলৈ উৎসাহিত কৰি ভাল পাইছিল ৷ এই খিনিতে দেউতাৰ এজন দুৰ্ভগীয়া তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰৰ কথা উল্লেখ কৰিব বিচাৰিম ৷ যি জনৰ দুৰ্ভাগ্যৰ কথা সোঁৱৰি দেউতাই প্ৰায়েই দুখ কৰিছিল ৷ সেই জন আছিল বাপন দাস ওৰফে বনৰীয়া বাপন ৷ মেধাসম্পন্ন সেই বাপন নামৰ ছাত্ৰজনে এবাৰ স্কুল খটি কৰি শিয়াল ধৰিব যোৱাৰ বাবে দেউতাই বেতৰ কোব দি কলাফুল উখহাই পেলাইছিল ৷ দেউতাৰ শাস্তিত বাপনে দেউতাৰ ভৰিত ধৰি ভবিষ্যতে ভাল হম বুলি শপত খাইছিল ৷ তাৰ পাছত সেইজন বাপন দাস পঢ়াশালি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সদায়েই প্ৰথম স্থান দখল কৰি গৈছিল ৷ কিন্ত দুৰ্ভাগ্যবশত সেই বাপন দাস মানসিক বিকাৰগ্ৰস্ত হ’ল আৰু কোনোদিনেই সুস্থ হৈ নুঠিল ৷ শৈশৱৰ বনৰীয়া বাপনজনে মানসিক ভাৰসাম্য হেৰুৱাই এজন সচাঁকৈয়ে বনৰীয়া মানুহ হৈ পৰিল৷ দেউতাৰ মৰমৰ ছাত্ৰ বনৰীয়া বাপনৰ সন্যাসীৰ বেশৰ ছবিখনে মাজে সময়ে মোকো আমনি কৰে ৷ ১৯৫৬ চনৰ আহিন মাহৰ এটা অভিশপ্ত দিনৰ কথা আজি অৱগত কৰাব বিচাৰিম আপোনালোকক ৷ সেই সময়ত নাগৰিক সকলে পোহনীয়া গৰু,মহ আৰু হাতীৰ খাজনা দিব লাগিছিল ৷ তেতিয়া মোৰ ককা দেউতা ৺ গংগাধৰ চৌধুৰীৰ পাছত দেউতা আছিল মৌজাৰ খাজানাদাৰ ৷ সেই অভিশপ্ত দিনটোতেই ওপৰ কুৰুৱাৰ থানৰ ঘাটৰ বেতনিখিনিত এটা ঢেঁকীয়াপতীয়া ৰাইজৰ দৃষ্টিগোচৰ হ’ল ৷ বাঘটো মাৰিবৰ কাৰণে ৰাইজে চাৰিওফালে বেতৰ জাৰণিখন বেৰি ধৰিছিল ৷ ককাদেউতাৰ পুৰণি বন্ধুকখন লৈ সেই সময়ৰ কুৰুৱাৰ বিখ্যাত চিকাৰী মোৰ সম্পৰ্কীয় বৰদেউতা ৺দীনকান্ত চৌধুৰী ওৰফে ফকৌ চৌধুৰীয়েও এডাল গছৰ ওপৰত উঠি খাপপিতি আছিল ৷ দেউতাই খাজনা তুলি আহি বাঘ থানৰ ঘাটত বাঘ ওলোৱা খবৰ পাই কাছ মাৰা যাঠি এপাটকে হাতত লৈ বেতৰ জাৰণিখনৰ মাজলৈ সোমাই গ’ল ৷ কিন্ত দুৰ্ভাগ্যবশত পোৱালিৰ সতে চোপপিতি থকা এজনী বাঘিনী দেউতাৰ গাৰ ওপৰত জপিয়াই পৰিল ৷ অপ্ৰত্যাশিত অতৰ্কিত আক্রমণত দেউতা আৰু বাঘিনীজনী তীব্ৰ ডবৰা ডবৰি লাগি পৰিছিল ৷ ঘটনাটো ঘটাৰ লগে লগে ৰাইজৰ মাজত হুৱাদুৱা লাগি পৰিছিল ৷ কিংকৰ্তব্যবিমোৰ হৈ ফকৌ বৰদেউতাইয়ো শুন্যতে কেইবা জাই গুলী ফুটাই দিয়াত বাঘিনীজনী অৱশেষত পলাই গৈছিল ৷ অৱশেষত ৰাইজে জাৰণিখনৰ মাজৰ পৰা দেউতাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি লগে লগে ঘাট নাৱেৰে গুৱাহাটীলৈ লৈ আহিছিল ৷ কিন্ত গুৱাহাটীত হাস্পতালৰ সুবিধা নথকাৰ বাবে সেই সময়ত শ্বিলঙত থকা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰবাৰ্ট হাস্পাতালখনলৈ দেউতাক প্ৰেৰণ কৰা হৈছিল ৷ দেউতাৰ মামাক আৰু মহাকসকল সেই সময়ত প্ৰতিপত্তিশীল আৰু প্ৰতিস্থিত ব্যক্তি আছিল ৷ দেউতাৰ মোমায়েক সেই সময়ৰ নাগালেণ্ডৰ গৱৰ্ণৰ সচিব ৺ ভীমশেখৰ বৰুৱা ( এজন সুদক্ষ লেখক আৰু চিকাৰী ) , ৺লক্ষী শেখৰ বৰুৱা ( অসমৰ প্ৰথম জন ঘড়ীৰ মেকানিক) , সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত ৺ খনীন চন্দ্ৰ বৰুৱা, আৰু মোমায়েক গুৱাহাটীৰ বিশিষ্ট ব্যবসায়ী ৺ গিৰিজানন্দ চৌধুৰী( শ্ৰীমন্তশঙ্কৰ একাডেমীৰ স্বত্বাধিকাৰ)ৰ তত্বাৱধানত ছয় বছৰ ধৰি চলা চিকিৎসাৰ অন্তত দেউতা সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছিল ৷ কিন্ত সেই সময়ৰ প্ৰযুক্তিগত চিকিৎসাৰ অভাৱত দেউতাৰ বাওঁহাতখন সম্পূৰ্ণভাৱে চিৰকালৰ বাবে অকামিলা হৈ পৰিল ৷ দেউতাই কোনো দিনেই নিজৰ শাৰীৰিক অক্ষমতাৰ বাবে কাৰো পুতৌৰ পাত্ৰ হোৱাটো নিবিচাৰিছিল ৷ মৃত্যুৰ আগমুহূৰ্তলৈ এখন হাতেৰেই নিজৰ কাপোৰ নিজেই ধুই পিন্ধিছিল ৷ এখন হাতেৰে ৫০ কিলোমিটাৰ পৰ্য্যন্ত চাইকেল চলাই কুৰুৱাৰ পৰা মংগলদৈলৈ অহা যোৱা কৰিছিল, কুঠাৰেৰ খৰি ফালিছিল, পৰঙি জাল মাৰি মাছ ধৰিছিল ৷ গা ধোৱা, খোৱা বোৱা, সাজপোচাক , পুৱা গধূলি নাম প্ৰসংগ কৰা আদি সকলোতে নিয়মানুবৰ্তিতা মানি চলিছিল ৷ পঢ়াৰ ক্ষেত্ৰত নিজৰ পৰৰ সকলোকে সমানে শাসন কৰিছিল ৷ পঢ়াই থাকিলে দেউতাৰ এহতীয়া চৰে গালত দাগ বহুৱাই তোলা আজিও মোৰ লগতে বহুতৰ স্মৃতিৰ মণিকোঠাত সজীৱ হৈয়েই আছে ৷ বমনৰ পথাৰলৈ যোৱাৰ পথত বুঢ়া গোসাঁই থানৰ পদুম ফুলৰ খালটোৰ সিপাৰে বাঘে গৰু চিকাৰ কৰা প্ৰত্যক্ষ কৰা, শীতৰ পুৱা লুইতত গা ধুবলৈ গৈ গড়ৰ সতে মুখামুমি হোৱা অনেক ঘটনা পৰিঘটনাৰ অভিজ্ঞতা দেউতাৰ হৈছিল ৷ কবলৈ গলে এলানি কাহিনী হ’ব ৷ দূৰ্দান্ত সাহসী আৰু পৰিশ্ৰমী হোৱাৰ বাবে বহু গাওঁবাসীয়ে দেউতাক বাঘেখোৱা মাষ্টৰ আৰু আমাক বাঘেখোৱাৰ চলি বুলিও সম্বোধন কৰিছিল ৷ আমাক কোনোবাই বাঘেখোৱাৰ চলি বুলি সম্বোধন কৰিলে বেয়া নাপাওঁ বৰঞ্চ নিজকে গৌৰৱান্বিত বোধ কৰো ৷ দেউতাৰ অনন্য পৰিচয়েই আমাৰ সাফল্যতাৰ আনুপ্ৰেৰণা আৰু সঞ্জীৱনী মন্ত্র ৷ দেউতাই সদায়েই মোক শিকাইছিল “জননী জন্মভূমি স্বৰ্গদৰ্পী গৰীয়সী ” ৷ ২০১৬ চনৰ ৮ জুলাই তাৰিখে মোৰ মৰমৰ দেউতাই বিৰানব্বৈ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷ দেউতাৰ পাৰ্থিব শৰীৰৰ নাই কিন্ত দেউতাৰ আত্মা আজিও মোৰ সমীপতেই আছে ৷ বিপদে আপদে আজিও দেউতাৰ কাল্পনিক কায়াৰ সতে কথা পাতো, অভিমান কৰো আৰু আশীৰ্বাদ আৰু উপদেশ বিচাৰো ৷ মোৰ দেউতাৰ আত্মৰ সদগতিৰ কাৰণে নিতৌ ভগৱানক প্ৰাৰ্থনা কৰো ৷ মোৰ গাঁৱৰ অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাই তাৰেই কামনাৰে আজিলৈ সামৰিছো৷ #ajonduhahokhikpritiratmakotha #assameseprabandha #assamesestory #SahityaChorcha

  • প্ৰতীক্ষা

    তুমি-মই গোৱা গীতবোৰ ধুমুহাৰ ডেউকাত উৰি গুচি গ’ল থাকি গ’ল কোনোবা সিপাৰে পৰি, হুমুনিয়াত পমি গ’ল নিয়তিৰ চকুলো নোৱাৰিলোঁ ৰাখিব ধৰি ৷ মেঘৰ কুঁৱলী ফালি উৰি গুচি গ’ল, ডুখৰীয়া হাঁহি সাঁচি থব নোৱাৰিলোঁ মোৰ কলিজাত ফুলা ফুল পাহি৷ ঢাকি থলোঁ মাথোঁ দুচকুৰ এধাৰি লোটক৷ চকুৰ পানীৰে মচিথব নোৱাৰিলোঁ মোৰ জীৱন বাটৰ খোজ৷ বুকুত ঘাঁ লৈ কিমান বজাম বাঁহী বৈ যায় চকুলোৰ ধাৰ, অজস্ৰ বাৰিষাই বুৰাই পেলায় মোৰ মন নদীৰ পাৰ৷ মাটিৰ চাকিত শলিতা জ্বলাই থাকি পামনো কি, তুমি নাই মোৰ কাষত , কোনে দিব আজি একাজলি পানী মোৰ মৰহি যোৱা মনৰ মাজত? তোমাৰ মৃত্যু দিন ধৰি অকণো ভাল লগা নাই মোৰ ৰাতি সদাই দেখোঁ তোমাৰ সপোন , য’তে আছা তুমি কুশলে থাকিবা মোৰ সোণ! তুমি আকৌ উভতি নহা কথা ভাবিলে ভাগি যায় বুকু মোৰ শোকত, অবুজন মনে মোৰ বুজনি নামানে তুমি ঘূৰি অহাৰ আশাত বাট চাই-থাকে, তোমাৰ মৃত্যুত দিনা ওলায় যোৱা মোৰ পদূলী মুখত৷ #assamesekobita #axomiyakobita #pratixha #SahityaChorcha

  • প্ৰতিবাদ

    মোৰ অনুপ্ততৰ নাম প্ৰতিবাদ মোৰ কোনো আকাৰ নাই মোৰ কোনো বৰণ নাই মোৰ কোনো সাজ নাই মোৰ কোনোধম্ম নাই, মোৰ প্ৰতিবাদ গণতন্ত্ৰৰ মোৰ প্ৰতিবাদে মোৰ আঙুলিত পিৰপিৰাই য’ত ভুল,অন‍্যায়,অবিচাৰত। মোৰ মন-মগজু স্বীকাৰ কৰে জনগনই য’ত বিন্দু হৈ মাতমাতে কাৰণ তাতেই মই সপোন সজাওঁ নাম যাৰ প্ৰতিবাদী, মই যেতিয়া চিঞৰ মূখি হৈ পৰো অৱগুণ্ঠ অতৰাই আইয়ে হিয়া ঢকিয়াই কান্দে যাৰ নাম প্ৰতিবাদী। প্ৰতিবাদে আজুৰি আনিম বিশ্বৰ বিজয়িনী শক্তি মোৰ কণ্ঠ সত্বাই জিনিব আকাশ পাতিম অকৃত্ৰিম সুখৰ উৎসৱ মই যুঁজি যুঁজি জীয়াই থাকিম। #SahityaChorcha #assamesepoem #pratibad #axomiyakobita #assamesekobita

  • বুকুত আজি জুই জ্বলে

    চৌদিশে এয়া… কিহৰ কিৰিলি শুনিছো অনাকাঙ্ক্ষিত সময়ৰ অঘোষিত আস্ফালন বুকুত বাজিছে ব্যথাভৰা নিনাদ সহিব পৰা নাই পিতৃহাৰা মাতৃহাৰা শিশুৰ হৃদয়ৰ আৰ্তনাদ কলিজাৰে সৰকি গৈছে তপত হুমুনিয়াহৰ শব্দ আপোনহাৰা কত চিনাকি জনৰ! কৰ্মহীন বহুজনৰ আকুতি বুকুৰ দুচকুৰে তেজ হৈ সৰি পৰি ধূসৰ হৈছে পৃথিৱী! অশান্ত হৈছে মন-প্ৰাণ ৰুৰুৱাই জ্বলিছে কলিজাত তামসীৰ অশান্ত প্ৰহৰৰ নিদ্ৰাবিহীন নাগৰিকৰ অন্তহীন হাহাকাৰ! ক’ত হেৰাই যায় ৰ’দৰ আঁচলত কঢ়িয়াই ফুৰা আশাৰ মহঙা ভোগজৰা!

  • মইনা তোমাৰ

    জোতা আছে মোজা আছে আৰু আছে টুপি, ঠান্ডাত ঘূৰি ফুৰি কিয় আছা কঁপি? ৰুটি আছে ভাজি আছে আৰু আছে মিট (মাংস), এই খিনি খাই লৈ গোৱা এটি গীত ৷ মোনা আছে কিতাপ আছে আৰু আছে কলম, তাকে লৈ পঢ়াশালিলৈ যোৱা নকৰিবা পলম ৷ মা আছে দেউতা আছে ভাত আছে গৰম, পঢ়াশালিলৈ সদায় যাবা মাৰে কৰিব মৰম ৷ ডাঙৰৰ কথা শুনিবা শিক্ষাগুৰুক কৰিবা সেৱা, ভাই-ভনীক মৰম কৰিবা খাব পাবা চেৱা ৷ সময়ৰ কাম সময়ত কৰিবা নকৰিবা চৰম, মা-দেউতাক সেৱা কৰিলে পায় আচল ধৰম ৷ #assamesekobita #axomiyakobita #moinatumar #SahityaChorcha

  • হীৰুদা

    কবিতাৰ সৌৰভ বিচাৰি সুগন্ধি পখিলাৰ ৰঙেৰে ফাকু খেলি বিলাইছিলা না না ৰঙৰ আবিৰ। শব্দৰ মৌসনা মাতেৰে গায় গ’লা মানৱতাৰ জয় গান। সময়ৰ স’তে উৰি উৰি কেৱল নি:স্ব জনতাৰ হৃদয় জুৰাই গ’লা। শীৰ্ণ শৰীৰ এমোকোৰা হাঁহি আৰু দীপ্ত চকুৰ আভাৰে প্ৰতিভাত কৰিলা অসমীয়া সাহিত্যৰ বিশাল ভঁৰাল। গজাঁলি মেলা তোমাৰ শব্দৰ শইচৰে জীপাল হওঁক কবিতাৰ পথাৰ।। #assamesekobita #axomiyakobita #Hiruda #SahityaChorcha

  • লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি

    সন্ধিয়া চৌকাত জুইকুৰা লগোৱাৰ লগে লগেই চোনু আৰু মুনো আইতাকৰ কাষ পালেহি। আইতা, আজি বহুত দিন আপুনি আমাক সাধু কোৱা নাই। আজি সাধু এটা কওঁক না আইতা…..! আইতাকৰ ভৰিখনত ধৰি জোকাৰি দিলে মুনোৱে। : উসঃ…! ৰাম তহঁতৰ পৰা আৰু উপায় নাই । শুন তেতিয়াহ’লে…. এখন দেশত এজন বৰ ধনী সদাগৰ আছিল । সদাগৰৰ দুজনী ঘৈণীয়েক আছিল । ডাঙৰজনী ঘৈণীয়েকৰ নাম আছিল তৰা আৰু সৰুজনীৰ নাম আছিল তগৰ। সদাগৰে প্ৰথমতে তৰাক বৰ মৰম কৰিছিল কিন্তু বিয়া কৰাই অনাৰ চাৰি পাঁচ বছৰৰ পাছতো সন্তানৰ মুখ দেখা নাছিল । সেয়ে সদাগৰ বৰ চিন্তাত পৰিছিল। এদিন সদাগৰ চহৰলৈ ওলাই যাওঁতে এজনী বৰ মৰমলগা ছোৱালী লগ পাইছিল , আৰু সেইজনীয়ে আছিল তগৰ। কথা বতৰা পতাৰ পাছত তগৰলৈ সদাগৰৰ বৰ মৰম উপজিল সেয়ে সদাগৰে তগৰৰ ঘৰৰ মানুহৰ লগত কথা পাতি তগৰক বিয়া পাতিলে। : তাৰ পাছত কি হ’ল আইতা…? প্ৰশ্ন কৰিলে চোনুৱে : বিয়াৰ পাছত সদাগৰে তৰা তগৰক সমানেই মৰম কৰিছিল। কিন্তু লাহে লাহে তগৰৰ প্ৰতি সদাগৰৰ মৰম বাঢ়িবলৈ ধৰিলে। : কিয় আইতা….? টপৰাই প্ৰশ্ন কৰিলে মুনোৱে : তেতিয়া তগৰ মাক হ’বলৈ ওলাইছিল। সেয়ে সদাগৰে তগৰক বেছিকৈ মৰম কৰিছিল। কিছুদিন পাছত তগৰে এটা ল’ৰা সন্তান জন্ম দিলে। সদাগৰ আনন্দত আত্মহাৰা হ’ল। কিন্তু সদাগৰৰ আনন্দ দেখি তৰাৰ বৰ খং উঠিছিল। ভিতৰি ভিতৰি তগৰৰ প্ৰতিও খং উঠিছিল। লাহে লাহে তগৰৰ ল’ৰাটো ডাঙৰ হৈছিল। সদাগৰে মৰমতে তাৰ নাম থৈছিল ধনবৰ। এদিন সদাগৰ বহুত দূৰত ফুৰিবলৈ গৈছিল। তেতিয়া ঘৰত আছিল তৰা, তগৰ আৰু ধনবৰ। তৰাই মনে মনে ভাবিবলৈ ধৰিলে তগৰক নাইবা ধনবৰক যদি শেষ কৰি দিব পৰা যায়, তেতিয়া সদাগৰে তৰাক আগৰ দৰে মৰম কৰিব। কুবুদ্ধিটো মনলৈ অহাৰ লগে লগেই তৰাই তগৰ আৰু ধনবৰক শেষ কৰি পেলোৱাৰ পৰিকল্পনা কৰিলে। : আইতা…! তৰাই ধনবৰক মাৰি পেলালে নেকি….! আইতাকৰ হাতখন জোকাৰি জোকাৰি প্ৰশ্ন কৰিলে চুনুৱে। : তহঁতে যদি এইদৰে মোক প্ৰশ্ন কৰি থাক । মই সাধু কম কেনেকৈ….! সাধুতো কৈ শেষ নোহোৱালৈকে তহঁতে মোক একো প্ৰশ্ন নকৰিবি….! : হ’ব আইতা । বৰ নম্ৰকৈ কলে চুনুৱে। : তাৰ পাছত তৰাই হাটলৈ গৈ বিহ অলপ কিনি আনি পাকঘৰৰ টেকেলীএটাত লুকুৱাই থলে। ইটো সিটো কাম কৰি থাকোঁতে তৰাই কথাটো পাহৰি থাকিলে। পাছদিনা ৰাতিপুৱা ঘৰৰ গৰুজনী গাখীৰ ক্ষীৰাই আনি বিহ থোৱা ঘটটোতে গাখীৰখিনি দৈ হ’বৰ বাবে থৈ দিলে। দুদিনমান পাছত টেকেলিটোৰ পৰা দৈ অলপ উলিয়াই মনে মনে পাকঘৰৰ চুকতে বহি তৰাই খাই দিলে। খাই দিয়া কিছু সময় পাছত তৰাৰ গাটো বেয়া হ’বলৈ ধৰিলে। বিচনাতে চটফটাই থকা দেখি কি নো হৈছে বুলি তগৰে জুমি চালে। কেকাই গেঠাই বিচনাত পৰি থকা দেখি তগৰৰ বৰ হাঁহি উঠিল। যিদিনাই ঘৰত কাম বেছিকৈ ওলাই সেইদিনাই তৰাই বেমাৰ হোৱাৰ অভিনয় কৰে। সেয়ে তগৰু নিজৰ ৰূমতে সোমাই থাকিল। যেতিয়া একো মাত বোল নোহোৱা হ’ল তেতিয়া তগৰে ভয়তে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তগৰৰ চিঞৰ শুনি ওচৰ চুবুৰীয়া সকলো গোট খালে। ঠিক সেইখিনি সময়তে বেপাৰীজন সদাগৰৰ পদূলিয়ে পাৰ হৈ গৈছিল। চোতালত মানুহ দেখি কিনো হৈছে বুলি বেপাৰীজন সদাগৰৰ ঘৰলৈ সোমাই আহিল আৰু তৰা মাত বোল নোহোৱাকৈ শুই থকা দেখি বেপাৰীজনে সঁচা কথাটো সকলোৱে আগত কৈ দিলে। সঁচা কথাটো শুনাৰ পিছত সকলোৰে তৰালৈ খং উঠিল আৰু সকলো ঘৰা ঘৰি গুচি গ’ল। : তাৰমানে তৰা মৰি থাকিল নেকি আইতা…? প্ৰশ্ন কৰিলে চুনুৱে। : বিহ মিহলৈ হৈ থকা দৈ খাই তৰা মৰি থাকিল । এতিয়া তহঁতে মোক সাঁধুটোৰ পৰা কি শিকিলি ক’ৱ লাগে। : কেতিয়াও কাকো অনিষ্ট কৰাৰ কথা চিন্তা কৰিব নালাগে । চুনু আৰু মুনো দুয়োটাই একেলগে ক’লে। : তাৰমানে তহঁতে বুজি পালি । সেইকাৰণে কয় লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি। #SahityaChorcha #Axomiyagolpa #Assamesegolpa #lukoloibulihulputinijeimorefuti #Assamesekahani

  • অনুভৱ

    ১ মধুৰ সময় বুলি নাই মোৰ মুখত হাঁহি শেষ প্ৰয়াস কৰিছো পামনে আবেলিৰ বেলি। ২ প্ৰাচীৰ খন জোকাৰি দিছে দুৱাৰ খন জপাই দিয়া। ক’ত পাবা নিৰ্মল বতাহ দিয়া নিয়াৰ হিচাপ নিকাচত। ৩ জীয়াই থকাৰ প্ৰেৰণাত যন্ত্ৰনা সহ্য কৰিব পাৰি। আশাৰে জীয়াই থাকিব পাৰি কিন্তু মৃত্যু ভাবি পাৰ কৰিব নোৱাৰি। ৪ মানৱতাৰ জয় গান গোৱা মানুহবোৰ বৰ স্বাৰ্থপৰ। মানৱতাৰ মৃত্যুত তেওঁলোকে চকুপানী নোটোকে। তেওলোকে কান্দে মানুহৰ মৃত্যুত। মানৱতা শেষ নকৰিবা বন্ধু। মানৱতাৰ মৃত্যু হলে আৰু নোপজে মানৱতা। #assamesekobita #axomiyakobita #Onubhav #SahityaChorcha

  • কৃষ্ণচূড়াঁৰ

    এই শুনানা কথা এটা তোমাৰ দুকান পাতি ৷ তোমাৰ ভালপোৱা পৰাই বেছিকৈ পৰিলো কবিতাৰ প্ৰেমত ৷৷ মোৰ আকোৰগোঁজ মনোভাৱৰ ভুৰভুণীক দিয়া জোকাৰি ৷ ওফোন্দ পাতি থকা দুগালত ধৰি ঘোপাকৈ চাই দিয়া মোহাৰি৷৷ তোমাৰ মনৰ পছন্দৰে আনি যে দিছিলা গুলপীয়া শাৰীখন৷ গোলাপৰ ফুলেৰে অংকন কৰি থোৱা আছিল আচঁলখন৷৷ পিন্ধিছিলো অতি হেপাঁহেৰে মেৰিয়াই দেহত সৰস্বতীৰ পূজাত৷ নিজকে অতিব সুন্দৰী দেখিছিলো সেইদিনা আইনাৰ আগত৷৷ পৰেনে মনত তোমাৰ কলেজৰ কেম্পাচৰ কৃষ্ণচূড়া জোপালৈ৷ বহিছিলোঁ শীতল বতাহচাটিত তল সৰা কৃষ্ণচূড়াৰ ফুলৰ মাজত৷৷ গুলপীয়া শাৰীখনে উতলা কৰিছিল বুলি কৈছিলা তোমাৰ বুকুত৷ লাজতে মৰহি গৈছিলোঁ গুলপীয়া কৰি মোৰ দুগালক তোমাৰে হৃদয়ত৷৷ শুধিছিলো মই লাজ, লাজ কৈ তুমি বাৰু মোৰ অৱিহনে আনক দেখা নে ধুনীয়া৷ কেতিয়াবা দেখো দুচকু জপাই অতিব সুন্দৰীক কাক, জানানে মাথোঁ তোমাক৷ আসঃ চকুহালি জপাই দিছিলোঁ এক আনাবিল সুখত তোমাৰ প্ৰেমৰ সুভাসত ৷৷ #assamesekobita #axomiyakobita #krishnasurar #SahityaChorcha

  • কোমল প্ৰকৃতিৰ বেদনা

    নিৰ্মল কোমল প্ৰকৃতিৰ ওপৰত এখন সম্পূৰ্ণ আকাশ, উদিত সূৰুযৰ পোহৰ আছিল কিন্তু ৰ’দ নাহিল। নীলাবোৰ ডাৱৰেৰে ঢাক খাই থাকিল। বৰষুণত তিতাৰ হেঁপাহত আকাশলৈ চাই ভাগৰি পৰিল; ৰ’দ বৰষুণৰ অভাৱত সেউজীয়াবোৰ হালধীয়া হ’ল। প্ৰকৃতিৰ বুকুত শিল গজিল! শিল খহটা আৰু শুকান হৈ পৰিল। আবেলি সময়ত পশ্চিম আকাশৰ পৰা বৰষুণ আহিব বিচাৰিছে। বতাহে উৰুৱাই নিনিলে, বৰষুণৰ বহল বক্ষত তিতি বেদনাবোৰ যাব বৈ। #assamesekobita #axomiyakobita #kumalprakritirbedona #SahityaChorcha

  • জীৱন যুদ্ধ

    মোক জীয়াই থাকিবলৈ দিয়া! শৰীৰটোৰ ভিতৰত এটা বিৰল মন গঢ়িছো! যাৰ আকাশ চুবৰ মন, যত সৃষ্টিৰ অবিৰল যত্ন প্ৰতিক্ষণ! নাভাঙিবা মোৰ সপোনবোৰ, যি মোৰ ক্ষুদ্ৰ স্বাৰ্থত নহয় সমাজ সংস্কাৰৰ এক অভিনৱ উদাহৰণ হৈ ৰব! জীয়াই থাকিবলৈ দিয়াচোন মোক, দেখুৱাম মানুহে মানুহক উচ্চাকাংক্ষী কৰাত আগুৱাই লৈ যোৱাৰ পথ! মোৰ আশা সীমাহীন আকাংক্ষাও যে ইমান; তোমাৰ স্বাৰ্থপৰ মনে নোৱাৰিব কেতিয়াও কৰিব ম্লান! সৰুতে শিকিছিলো আকাশ চুবৰ সপোন দেখিবলৈ; ডাঙৰ হৈ দেখিলো এনেবোৰ কথা সমাজৰ চুকে- কুণেহে পৰি ৰ’ল! নিঃকিন হৃদয়বোৰৰ দূষিত প্ৰৱাহে মোৰ বাৰে বাৰে কলিজা খান্দি নিলে! ৰৈ গ’ল মাথো মানৱৰূপি দ্ৰাকুলাৰ হৃদয়হীনতাৰ ক্ষমতাৰে গঠিত আইন কিছুমান! নালাগে মোক এনে জীৱন য’ত মোৰ মুক্ত মনৰ, মুক্ত হৃদয়ক কলুষিত কৰাৰ অহৰহ প্ৰয়াস চলে! আকৌ আহিম মই ঘুৰি ..; নতুন শক্তি গোটেই আনিম , দ্ৰাকুলাৰো তেজ পিইম , ক্ষমা নকৰিম মই কাৰো ..! চাৰখাৰ কৰি যাম ..! নতুন সপোনবোৰক উৎসাহ যোগাম ..! নিদিম কাৰো আৰু পুনৰাবৃত্তি হবলৈ!! #assamesekobita #axomiyakobita #jibonjuddha #SahityaChorcha

  • বিষাদ মন

    নালাগে নিবিচাৰোঁ তোমাৰ আঁছতিয়া সপোন দুচকুত সাঁচি ৰাখিম শোকৰ চকুলোঁ। বতাহত উৰি যাব….. সংগোপনে হুমুনিয়াহ হৃদয়তে সাঁচি ৰাখিম আশাৰ বতৰা। মোৰ সুক্ষ্ম মনক নকৰিবা আলাই- আথানি নহ’লে প্ৰদিপৰ শলিতা নুমাই হৃদয়ত নামি আহিব যন্ত্ৰণাৰ এন্ধাৰ। চৰ্ত ৰাখি… তোমাৰ আঁছতিয়া সপোনেৰে বান্ধি নাৰাখিবা মোক… ডেউকা ভঙা পক্ষীৰ দৰে ভাঙি যাব আকৌ বুকুৰ আলয়। #assamesekobita #assamesepoem #bixhadmon #SahityaChorcha

bottom of page