top of page

মা

মোক বেয়া নাপাবিঅ’ মা। মই বৰ নিৰুপায়। তোক আনি মই মোৰ লগতো ৰাখিব নোৱাৰোঁ। এতিয়া যে মই সম্পুর্ণ ৰূপে পৰৰ অধীন মা। বিয়াৰ ইমান বছৰৰ পিছতো মই এইখন ঘৰৰ মানুহৰ মনবোৰ বুজিবকে নোৱাৰিলোঁ।পলকতে ভাল, পলকতে বেয়া। তোক আনিবলৈ মন যোৱা স্বত্বেও মই তোক আনিব নোৱাৰোঁ মা। ৰাতি ভাত পানী খাই বিচনাত পৰিলে এপৰলৈ টোপনি নাহে।বাৰে বাৰে তোৰ সেই সহজ সৰল মুখখনিয়ে মোক বৰকৈ আমনি কৰে। তোৰ বুকুৰ উমাল মৰম বোৰে মোক বৰকৈ অসহায় কৰি তোলে মা। কিন্তু মই যে নিৰুপায়! কাৰন মই এতিয়া তোৰ নহয়, এতিয়া যে মই আনৰ।

মই নিজেও মোৰ নহয় অ’ মা! জীয়েক ৰূপাৰ চিঠিখনৰ কথা বোৰে যেন মাকৰ হৃদয় খনত এপাত শেলে বিন্ধাদিহে বিন্ধি গ’ল। দুই চকুৰে সৰসৰকৈ চকুপানী নিগৰি আহিল। চাদৰৰ আচলেৰে চকুপানী মচি জীয়েক লৈ লিখিলে ….. তই চিন্তা নকৰিবি আইজনী।মোৰ কোনো অসুবিধা হোৱা নাই। মোৰ কথা বৰকৈ চিন্তা কৰি নাথাকিবি অ’। এতিয়া সেই খনেই তোৰ আচল ঘৰ। শাহু শহুৰক অবহেলা নকৰিবি। তোৰ আচল মা দেউতাৰ তেওঁলোকহে। আৰু জোৱাই কষ্ট পাব লগা কোনো কামেই তই নকৰিবি অ’ আই। মিছাতে অনাহক চিন্তা কৰি ঘৰখনৰ শান্তি বিঘ্নিত নকৰিবি।

(সচাকৈয়ে তেনেকুৱা মাতৃৰ হৃদয়ৰ দৰে সকলো শাহুবোৰৰও যদি হ’লহেতেন!)

0 views0 comments

Related Posts

See All

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page