top of page

মা

  • Sahitya Chorcha
  • Jan 4, 2021
  • 1 min read

যাৰ বাবে মই সৃষ্টিকৰ্ত্তাৰ সৃষ্টি মানৱৰ ৰূপ লৈ এই ধৰাত উমলিছোঁ তেৱেঁ মোৰ বন্দিত মৰমৰ মা। ‌২ যাৰ বাবে মই বিশ্ব ভুৱনৰ পঞ্চতত্ত্বৰ ৰূপ অগ্নি,জল,বায়ু,ধৰা,আকাশৰ সৌন্দৰ্য্যক ভোগ কৰিব পাৰিছোঁ তেৱেঁ মোৰ বন্দিত মৰমৰ মা। যাৰ বাবে মই প্ৰতিটো ঋতুৰ প্ৰতিটো ক্ষণ দৰ্শন কৰিছোঁ তেৱেঁ মোৰ বন্দিত মৰমৰ মা। যাৰ বাবে মই পোহৰ এন্ধাৰৰ হৃদয়গ্ৰাহী ৰূপ পূৰ্ণিমা-আঁউসী উপভোগ কৰিলোঁ তেৱেঁ মোৰ বন্দিত মৰমৰ মা। যাৰ বাবে মই এই বসুধাৰ মায়াপী মানৱৰ লগত জীৱনৰ ত্ৰিছ টি বসন্ত ওমলিলোঁ তেৱেঁ মোৰ বন্দিত মৰমৰ মা। যাৰ বাবে মই মোৰ জীৱনৰ শৈশৱ, কৈশোৰ আৰু যৌৱনতাক হৃদয়ঙ্গম কৰিলোঁ তেৱেঁ মোৰ বন্দিত মৰমৰ মা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page