কবি
- Jan 29, 2021
- 1 min read
কবি তুমি শ্বাশ্বত, তুমি শুদ্ধ তোমাৰ অন্তৰ বগা তোমাৰ মন স্বচ্ছ, তুমি মৰম আকলুৱা তোমাৰ অন্তৰ প্ৰেমৰ মদিৰাৰে ভৰা তুমি পাতল গুলপীয়া মনৰ পাতল বেঙুনীয়া ৰঙৰ তাত আন্ধাৰৰ চিটিকণি পৰিবলৈ নিদিবা সাৱধান হ’বা৷ তুমি স্পষ্টবাদিতা তুমি পোহৰৰ দেউৰি জ্ঞানৰ অনুসন্ধানী তুমি তুমি অল্পভাষী তুমিয়েই ঈশ্বৰৰ আৰ্শীবাদৰ গৰাকী অনুসন্ধিৎসু মন তোমাৰ তুমি বাৰু বিছাৰিবানো কি? তুমি এৰি দিছা লোভ মোহ সকলো৷ ফুৰিছা কবিতাৰ সুগন্ধি বিছাৰি৷ হে কবি তুমি মহান তুমি মহান৷




Comments