top of page

কপৌ

  • Sahitya Chorcha
  • Jan 5, 2021
  • 1 min read

আনন্দিত সকলো সাধু-সন্ত, সময় এয়া শেষৰ বসন্ত। সকলোৱে বজাব ঢোল, যাব দুখ বেথা ভুল; ফুলিব গছত কপৌ ফুল। ঔষধি গুনেৰে পৰিপূৰ্ণ, ৰাজ্যিক ফুলৰূপে আমাৰ কপৌ চিহ্ন। জগতে জানে, সমৃদ্ধিৰ জোৱাৰ কপৌৰ সুবাসেহে আনে। আপোনজনক সম্বোধি, মৰমৰ চেনাই ঐ! নাচনীয়ে কপৌ আনিব কয়। বিহুৱতীৰ খোপাত বিৰাজমান, কপৌ অসমীয়া বিহুৰ মান। গীতত মাথোঁ পৰিভাষা চেনেহৰ, আজন্ম প্ৰতীক কপৌ প্ৰেমৰ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page