top of page

মুখা

  • Sahitya Chorcha
  • Jun 26, 2021
  • 1 min read

এখন মুখা… সেই মুখাৰ আঁৰত থাকে কেইবাখনো মুখা নেদেখা মুখ,অচিনা মুখা দিনক ৰাতি, ৰাতিক দিন কৰিব পৰা মুখা, সঁচাৰ সূৰ্যক মিছাৰে সোপা দিব পৰা মুখা, শক্তিশালী,বেপৰোৱা মুখা।

দিনৰ পোহৰত এখন মুখা, ৰাতিৰ আন্ধাৰত সলাই আন এখন মুখা, মুখাৰ আঁৰৰ মুখ… সযতনে ভণ্ডামীবোৰ লুকুৱাই ৰখা মুখ পোহৰত ভদ্ৰতাৰ মুখাখন পিন্ধি আওঁৰাই সভ্যতাৰ বাণী, ৰাতি সিয়ে হৈ পৰে ধৰ্ষণকাৰী অসভ্য,বৰ্বৰ,নিশাচৰ প্ৰাণী।

পুনৰ আন এখন মুখা গুণ্ডাগিৰিৰ সভ্য সমাজৰ অসভ্য সেনানী। আৰু আছে মুখাৰ আঁৰৰ বহু কাহিনী এয়া মাথো আৰম্ভণি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page