top of page

মৰম

মৰম মৰম তুমি গুচি যোৱাৰে পৰা মই হৈ পৰিলোঁ বৰ অকলশৰীয়া জীয়াই থকাৰ হেঁপাহকন নোহোৱা হ’ল, তুমি নোহোৱাৰে পৰা। জানানে মৰম এনে এটি ক্ষণ নাই য’ত মই নকৰোঁ তোমাক স্মৰণ, মোক অকলশৰীয়া কৰি তুমি কিয় গ’লাগৈ গুচি। হাতত হাত থৈ খোজ দিম একেলগে কৈ, তুমি মোক জীৱনৰ আধাবাটতে এৰি থৈ গ’লাগৈ কোনো অচিন দেশলৈ বিলিন হ’লা দূৰ দিগন্তত। জানানে মৰম, দাপোনত যেতিয়া নিজকে চাওঁ, সেন্দুৰ বিহীন উঁকা কপাঁলখনে মোক বৰকৈ কন্দুৱাই মৰম জানানে মৰম, তুমি যে আগতে কৈছিলা, ৰঙীন সাজে মোক জিলিকাই তুলে বুলি এতিয়া তুমি যোৱাৰে পৰা শুভ্ৰ বগা সাজে হ’ল মোৰ একমাত্ৰ সাজ। এই বগা সাজজোৰে মোক বাৰুকৈয়ে বিন্ধে মৰম। এই সাজে মোক পলে পলে অনুভৱ কৰায় তুমি যে আৰু নাই মৰম। কেতিয়াবা দেখো সপোনত তোমাক মই যে কিমান আনন্দ পাওঁ শব্দৰে বুজাব নোৱাৰো সাৰ পোৱাৰ বহু পৰলৈ মোৰ এনে লাগে যেন তুমি মোৰ লগতেই আছা, কিন্তু কিন্তু যেতিয়া নিজৰ চেতনা ঘূৰাই পাওঁ মোৰ বগা সাজজোৰে আৰু উঁকা কপাঁলখনে কয় তুমি আৰু নাই মৰম তুমি নাই। তোমাক হেৰুৱাৰ বেদনাই বুকু ফাটি যায় মৰম, বুকু ফাটি যায়। তুমিটো নাজানা মৰম, তুমি বিহীন এই জীৱৰ কিমান যান্ত্ৰনাদায়ক। মই আজিও বান্ধ খাই আছো সংসাৰৰ মেৰপাকত মৰম। কিয় গ’লাগৈ মৰম তুমি মোক অকলশৰীয়া কৰি।

0 views0 comments

Related Posts

See All

Comments


bottom of page