top of page

বিহু

বিহু আহিলেই অসমীয়াৰ মন থৌকি বাথৌ যেন হয়। বিহুয়ে অসমীয়াৰ মনত সকলো দুখ ভাগৰ পাহৰাই আনন্দ আনে।বিহু উৎসৱটি চহা কৃষকৰ পৰাই উৎপত্তি উৎসৱ। প্ৰতিটো বিহুয়ে কৃষি লগত সম্পৰ্ক। চহা কৃষকে আহাৰ,শাওন মাহত মূৰত জাপি কান্ধত নাঙল হাতত এচাৰি লৈ পথাৰত গৈ গৰু হালেৰে কঢ়াই চহ কৰি ভূঁই ৰুই খেতি কৰে। তেতিয়া পথাৰত লহপহিয়াকৈ বাঢ়ি গোটেই পথাৰখন সেউজীয়া হয়,কৃষকৰ মনত অপাৰ আনন্দ।তাৰ পাছতেই ধান বোৰ গে ধৰে আৰু ঠোক মেলে।ধানবোৰ আদৰিবলে জেষ্ঠ বিহু কাতি বিহু উদযাপন কৰে।

খেতি পথাৰত চাকি বাতি জ্বলাই আৰু চিলিঙী পুতি থয়।যাতে খেতিত পৰাপোক পতংগবোৰ চৰাই ধৰি খাই খেতি দৰা ৰক্ষা পৰে।কাতি বিহুৰ পিচত ধান বোৰ পকিব ধৰে।আঘোণৰ পৰা অলপ অলপকৈ ধান কাটিবলৈ ধৰে।পুহ মাহত ধান কটা আৰু মৰনা ফুৰোৱা খেৰ‌ চপোৱা,ভৰাঁলত ধান ভৰোৱা কাম শেষ কৰিয়ে মাঘ বিহুৰ খৰি গোটাই ।সকলো দ্ৰব ঘৰত উভয় নদী হয়। সকলোৱে আনন্দৰে এখাজ খাই।এইদৰে ভোগ কৰে বাবেই মাঘবিহুক ভোগালী বিহু বোলে।ধান চপাই অনাৰ পৰাই পথাৰ বোৰ উদং হৈ পৰে।ফাগুন আগমনৰ লগে লগে পছোৱা,বামালি আদি বলিবলৈ আৰম্ভ হয়। মাটিত চিৰাল ফাট মেলে।গছ বোৰৰ পাত সৰে।লঠঙা গছত কুঁহপাত মেলাবলৈ বৰষুণ প্ৰয়োজন।ফাগুনৰ শেষৰ ফালে বৰষুণ আহে আৰু গছত কুঁহপাত মেলে।চৌদিশে প্ৰকৃতি ৰূপ সলনি হয়।প্ৰকৃতি যৌৱনা হয়।

সেই আনন্দৰে বহাগ বিহু।গতিকে ই বহাগ বিহুত ঢোল পেপাঁৰ মাতত ৰোগীও ৰৈ থাকিব নোৱাৰে।ডেকা বুঢ়া সকলোৰে গা পিৰ পিৰনি উঠে।সেইয়ে বহাগ বিহুক ৰঙালী বিহু বোলা হয়।

0 views0 comments

Kommentare


bottom of page