ঢেঁকী
- Sahitya Chorcha
- Jan 18, 2021
- 1 min read
আজুককাৰ দিনৰ এডাল শুকান নাহৰৰ কাঠ। বৰঘৰৰ পিছ বাৰাণ্ডাৰ এচুকত দীঘল দি পৰি আছিল যুগ যুগ ধৰি , মৰমতে নাম থৈছিল “ঢেঁকী” আইতাৰ দুভৰিৰ স্পৰ্শত তই সাৰ পাই উঠিছিলি, খদমদম লাগিছিল তোৰ বুকু। এদিন মোৰ আইৰ ভৰিৰ কলাফুলো লৰিছিল লাজ লাজ কৈ, ঘামত তিতিছিল সৰ্বশৰীৰ। আইৰ কুমলীয়া বোৱাৰীৰ জেতুকাবুলিয়া লিহিৰি আঙুলিবোৰে তোৰ বুকুৰ গাৰিশালিৰ খুবুলিতে নিতৌ সপোন আঁকিছিল আপোনপাহৰা হৈ। কাঠ এডাল হৈ পৰি ৰোৱা ভাবনাতেই নে ককা আইতাৰ মৰমৰ তাগিদাতেই তই আজিও নিতাল মাৰি শুই থাক লাগী এলাগী হৈ, বিচাৰ কৰা নাই কোনো মান অভিমান নাই কোনো যান্ত্ৰনাৰ ভাগৰ কেৱল দুভৰিৰ স্পৰ্শই আনে তোৰ যৌৱন জীৱনৰ।
Comments