top of page

জোন

  • Apr 24, 2021
  • 1 min read

জোন— নীলিম আকাশলৈ উৰা মাৰে মোৰ মন! মোৰ আশা ভৰা কাৰেঙত তুমি হ’বা মোৰ সোণ।

জোন— তুমি পুৱতি নিশা ধ্ৰুৱ তৰা হৈ উজ্বলিৱা মন আকাশত, তোমাৰ উদ্দিপ্ত পোহৰত শুকুলা  ডাৱৰ ফালি, বিচাৰি যাম মই নিভাজ হৃদয়ৰ, আজন্ম প্ৰেমিক জন।

জোন— তোমাৰ উদ্দিপ্ত পোহৰত মোৰ আশা ভৰা কাৰেঙত সাজিম এখনি আমি দুয়ো তৰা ফুলৰ বাগিচা।

জোন— তাতে দুয়ো বহিম, নাচিম নৃত্য নতুন ভংঙ্গীৰে দুভৰিৰ নূপুৰ বজাই, ব্যাকুল হৃদয়খন লৈ, প্ৰেমত মচগুল হৈ।

জোন— তোমাৰ উদ্দিপ্ত পোহৰত মোৰ আশা ভৰা কাৰেঙত তুমি হ’বা মোৰ সোণ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page