top of page

চিতা

  • Sahitya Chorcha
  • Jan 6, 2021
  • 1 min read

দুৰ্নীতিৰ চিতাত সততা মানৱীয়তা নিৰপেক্ষতা আজি ক’লা ধোঁৱা হৈ উৰিছে

স্বাধীনতাৰ পিছতো এক নিৰ্ভীক ভেজাল চৰিত্ৰই আলেঙে আলেঙে অভিনয় কৰিছে

সভ্যতাৰ বগা ঘোঁৰা পবিত্ৰ স্থান বিচাৰি বোকাত বাগৰি পৰিছে

মানৱতাৰ সেউজীয়া পাতবোৰ সৰাপাত হৈ ভূমিত ভূ-লুন্ঠিত হৈছে

নিৰপেক্ষতাৰ বীজবোৰ সাৰৰ অভাৱত অংকুৰিত হ’বলৈ পাহৰিছে

তথাপিও হেঁপাহ বাৰিষাৰ ধলত মলিনতাবোৰ বৈ গৈ সাগৰত পোত খাওক।

স্নিগ্ধ জোনাকৰ পোহৰত শান্তিৰ চৰাইজাক শুকুলা ডাৱৰ হৈ আকাশত উৰক।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page