top of page

ঘৃণা

মোক এখন কাপোৰ দিবানে? নহ’লে তোমালোকেই লাজ পাবাযে।

মইটো গমেই পোৱা নাই ৰাতিটো কেনেকৈ পুৱাল।

ৰাষ্টাৰ ভতুৱা কুকুৰটোৱে ভৰি এখনত চেলেকিলে চেচাঁ লাগিহে সাৰ পালো।

যোৱাটো নিশা মোৰ দেহটো এজাক ৰাং কুকুৰে কুৰুকি কুৰুকি খালে।

মোক এখন কাপোৰ দিবানে? নহ’ল মোৰ উদং দেহটো কেনেকৈ চাবা তোমালোকে!

মোৰ দেহৰ কাপোৰবোৰ এখন এখনকৈ সৰি পৰিছিল সিহঁতৰ হাতৰ আঁচোৰত ।

ছে: ইমান গোন্ধাইছে ঠাই টুকুৰা জাৱৰ পেলোৱা ঠাই চাগে আমিবোৰো জাৱৰেই নেকি! ইয়াতে পেলাই থৈ গৈছে।

আমাৰ মূল্য মাথো ৰাতিটোৰ বাবেহে পিছত পেলনীয়া জাৱৰ।

মইও আঁকৰিজনী কি যে ভাবি আছো।

ঘৃণা কৰিছা নেকি মোক কৰা ঘৃণা কৰা এতিয়াহে কৰিছে ৰাতিলৈ পুনৰ বুকুৰ মাজত সাৱটি নল’বা জানো ম ৰ মে ৰে।

#assamesekobita #axomiyakobita #ghrina #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page