আলয
- Jan 8, 2021
- 1 min read
আপোন ঘৰত আই পিতাৰ ম ই এটি জীযা সপোন এতিয়াও আপোন ঘৰত আকাশৰ বুকুত উৰি ফুৰা মিঠা মিঠা সপোনবোৰ টোপা টোপে সৰি পৰে আলযৰ পদূলিত। সেউজীয়া দুবৰি বনৰ দলিচাত শেলুৱৈ ধৰা সপোনবোৰ দুচকুত জোনাকী পৰুৱা হৈ আগচি ধৰে। আই পিতাৰ কেঁচা ঘামৰ গোন্ধে। বৈ আহে আবেগৰ প্ৰেমৰ নিজৰা। এতিয়াও কিয বাৰু ৰৈ থাকে আপোন ঘৰৰ শাৰদীয খিৰিকি মুখত আই পিতাই মুখ জিলমিল কৰে কোমল ৰদত।




Comments