top of page

সপোন

  • Jan 25, 2021
  • 1 min read

মোৰ দুটি ওঁঠত শিপা মেলে হাজাৰ সপোনৰ হাঁহি।

প্ৰতি দিনে বাটকুৰি বাই মোৰ মনৰ মাজত অযুঁত সপোন।

নিশা আহে, পুৱা যায়, নিসঙ্গ হৃদয়ৰ উচুপনী বোৰ।

এটি উকমুকনি্য়ে বাৰে বাৰে ভূমুকি মাৰে দুৱাৰ দলিত।

সেয়েহে বেলি লহিয়াবৰ পৰত নীৰৱে উচুপি উঠে মোৰ চিত।

এটি অন্ধকাৰ নিশা বন্ধ কোঠাত কেনেকৈ নীৰৱে পাৰ হয় সপোনবোৰ।

পুৱা আকৌ চকুমেলি দেখোঁ মোৰ মনৰ মাজতে লুকাই থকা এখন ন -পৃথিৱী।

ঐশ্বৰ্য বিভুতিৰে ৰং তুলিকালৈ আকৌ আঁকো সাতৰঙি এখন ছবি! যি ছবিৰে চুব পাৰোঁ নিলিম আকাশ।

নিশা আহে, পুৱা যায়, ৰৈ যায় মন গহনত দিঘলীয়া সপোনেৰে জীপাল কৰা এখনি সুৱৰ্ণ দলিচা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page