top of page

সপোন

মোৰ দুটি ওঁঠত শিপা মেলে হাজাৰ সপোনৰ হাঁহি।

প্ৰতি দিনে বাটকুৰি বাই মোৰ মনৰ মাজত অযুঁত সপোন।

নিশা আহে, পুৱা যায়, নিসঙ্গ হৃদয়ৰ উচুপনী বোৰ।

এটি উকমুকনি্য়ে বাৰে বাৰে ভূমুকি মাৰে দুৱাৰ দলিত।

সেয়েহে বেলি লহিয়াবৰ পৰত নীৰৱে উচুপি উঠে মোৰ চিত।

এটি অন্ধকাৰ নিশা বন্ধ কোঠাত কেনেকৈ নীৰৱে পাৰ হয় সপোনবোৰ।

পুৱা আকৌ চকুমেলি দেখোঁ মোৰ মনৰ মাজতে লুকাই থকা এখন ন -পৃথিৱী।

ঐশ্বৰ্য বিভুতিৰে ৰং তুলিকালৈ আকৌ আঁকো সাতৰঙি এখন ছবি! যি ছবিৰে চুব পাৰোঁ নিলিম আকাশ।

নিশা আহে, পুৱা যায়, ৰৈ যায় মন গহনত দিঘলীয়া সপোনেৰে জীপাল কৰা এখনি সুৱৰ্ণ দলিচা।

#SahityaChorcha #swapna #hopun #axomiyakobita #assamesekobita

0 views0 comments

Related Posts

See All
bottom of page