top of page

শৈশৱ

জীৱনৰ আটাইতকৈ সোণোৱালী দিনবোৰেই হ’ল শৈশৱ। যিটো সময়ত জীৱনে বুজি নাপায় জীৱনৰ অগা-ভেটা।

যিটো সময়ত জীৱনটোৱে সকলোতে বিচাৰি পায় প্ৰফুল্ল ,প্ৰমোদ, মমতা আৰু সৰলতা।

জীৱনৰ যিটো সময়ত নাথাকে কোনো চিন্তাৰ ধাৰা , নাথাকে কোনো কুটিল মানসিকতা , নাথাকে কোনো জাতি-বৰ্ণ-ধৰ্মৰ ঠেক মানসিকতা , নাথাকে কোনো হিংসা ,বিদ্বেষ আৰু কপটতা ।

থাকে মাথো মৰমৰ এক বিশাল মহাসাগৰ, সৰলতা ভৰা কল্পনাৰ ৰাজ্য, মাক-দেউতাৰ নিস্বাৰ্থ মৰম আৰু ভালপোৱা। শৈশৱৰ সেই দিনবোৰৰ কথা ভাবিলে মনটো প্ৰফুল্লিত হৈ পৰে মুখৰ পৰা অজানিতে ওলাই আহে এক হাঁহি। শৈশৱ পাৰ হ’লেই জীৱনৰ পৰা হেৰাই যায় জীৱনৰ সৰলতাবোৰ জীৱনৰ নিস্বাৰ্থ আনন্দবোৰ জীৱনলৈ নামি পৰে এক অঘোষিত যুদ্ধ য’ত স্থান নাই কোনো পৰাজয়তাৰ। সময়ৰ সোঁতত আগবাঢ়ি গৈছোঁ জীৱনৰ লগত যুদ্ধ কৰি কৰি তথাপিও মনৰ খপৰাত আজিও সজীৱ কৰি ৰাখিছোঁ সোণোৱালী শৈশৱৰ সেই ৰঙীণ মুহূৰ্তবোৰ।

0 views0 comments

Related Posts

See All

留言


bottom of page